পোষ্ট কৰা হৈছে:
05 NOV 2026 3:23PM by PIB Guwahati
ভাৰতীয় নৌসেনাৰ থলুৱা গাইডেড মিছাইল ষ্টেলথ ফ্ৰিগেট ইষ্টাৰ্ণ ফ্লীটৰ আই এন এছ সহয়াদ্ৰী বহুপক্ষীয় নৌসেনাৰ অনুশীলন মালাবাৰ ২০২৬ত অংশগ্ৰহণ কৰিবলৈ ৪ নৱেম্বৰত জাপানৰ যোকোছুকা নৌসেনা ঘাটিত উপস্থিত হয়।
ভাৰত আৰু জাপানৰ মাজত স্থায়ী কৌশলগত অংশীদাৰিত্ব আৰু ক্ৰমবৰ্ধমান সামুদ্ৰিক সহযোগিতাৰ প্ৰতিফলন ঘটাই জাহাজখনক জাপান সামুদ্ৰিক আত্মৰক্ষা বাহিনী (জে এম এছ ডি এফ)য়ে বিপুল আদৰণি জনায়। আদৰণী অনুষ্ঠানত যোকোছুকা জিলাৰ কমাণ্ডেণ্ট ভি এ ডি এম য়াগী কোজী আৰু ভাৰতীয় মিছনৰ উপ-মুখ্য শ্ৰী আৰ মধুশোধন উপস্থিত থাকে।
মালাবাৰ ২০২৬-এ ভাৰত, জাপান, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ নৌসেনাক একত্ৰিত কৰিছে, অংশগ্ৰহণকাৰী সামুদ্ৰিক বাহিনীসমূহৰ বাবে বন্দৰ আৰু সাগৰত ধাৰাবাহিকভাৱে নিয়োজিত হোৱাৰ জৰিয়তে কাৰ্যকৰী সমন্বয় বৃদ্ধি, আন্তঃকাৰ্যক্ষমতা শক্তিশালী আৰু পেছাদাৰী দক্ষতা বিনিময়ৰ সুযোগ প্ৰদান কৰে।
বন্দৰ পৰ্যায়ত পেছাদাৰী পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু সমন্বিত পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হ’ব, তাৰ পিছত সাগৰীয় পৰ্যায়ত আই এন এছ সহয়াদ্ৰী আৰু আমেৰিকা, অষ্ট্ৰেলিয়া আৰু জাপানৰ অংশগ্ৰহণকাৰী শাখাসমূহ জড়িত হ’ব। এই যোগাযোগসমূহে পাৰস্পৰিক বিশ্বাস, সহযোগিতাক আৰু অধিক শক্তিশালী কৰাৰ লগতে নিৰাপদ আৰু সুস্থিৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত অৰিহণা যোগাব।
মালাবাৰ ২০২৬ত আই এন এছ সহয়াদ্ৰীৰ অংশগ্ৰহণে মহাসাগৰ (মিউচুৱেল এণ্ড এডভান্সমেণ্ট ফৰ ছিকিঅ’ৰিটি এণ্ড গ্ৰ’থ এক্ৰছ ৰিজিঅ’নছ)ৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে, সামুদ্ৰিক অংশীদাৰিত্ব গঢ়ি তোলা আৰু অঞ্চলটোৰ একে মনৰ লোকৰ সৈতে সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাৰতীয় নৌসেনাৰ প্ৰতিশ্ৰুতিক পুনৰ ৰেখাংকিত কৰিলে।
(2)_20261105152408_b18567.jpeg)
*****
VM/SPS/US