পোষ্ট কৰা হৈছে:
05 NOV 2026 5:04PM by PIB Guwahati
টেলিকম ৰেগুলেটৰী অথৰিটী অব্ ইণ্ডিয়া (ট্ৰাই)এ সাধাৰণ টেলিকম উপভোক্তাসকলৰ অৱগতিৰ বাবে উত্তৰ-পূব এলএছএৰ অধীনত অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ কিছু অংশ আৰু ৰাষ্ট্ৰীয় ঘাইপথ (এনএইচ)-১৩ৰ চিলুক-তিনিআলিৰ পৰা তোহাংগামলৈকে ২০২৬ চনৰ ছেপ্টেম্বৰত চলোৱা ইণ্ডিপেণ্ডেণ্ট ড্ৰাইভ টেষ্ট (আইডিটি)ৰ ফলাফল প্ৰকাশ কৰিছে। এই ড্ৰাইভ টেষ্টৰ মূল উদ্দেশ্য হৈছে টেলিকম সেৱা প্ৰদানকাৰী (টিএছপি)সকলে যোগান ধৰা মোবাইল নেটৱৰ্ক সেৱা (ভইচ আৰু ডাটা উভয়ৰে) বাস্তৱ সময়ৰ গুণগত মান মূল্যায়ন আৰু পৰীক্ষা কৰা। এই আইডিটিৰ সময়ত ট্ৰায়ে টিএছপিসমূহৰ কভাৰেজ, কল ড্ৰপ ৰেট (চিডিআৰ), কল ছেটআপ ছাকচেছ ৰেট (চিএছএছআৰ), ডাটা ডাউনলোড (ডিএল) আৰু আপলোড (ইউএল) থ্ৰুপুট আদিৰ দৰে মূল কোৱালিটি অব্ ছাৰ্ভিচ (কিউঅ’এছ) মাপকাঠীসমূহৰ প্ৰদৰ্শন সংগ্ৰহ কৰে, যিবোৰ পৰৱৰ্তী সময়ত গ্ৰাহকসকলক অৱগত কৰিবলৈ আৰু টিএছপিসমূহক তেওঁলোকৰ সেৱা উন্নত কৰিবলৈ উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰকাশ কৰা হয়।
এই আইডিটিসমূহ চহৰ, হটস্পট, ৰাজহুৱা পৰিবহণ কেন্দ্ৰ আদি বিভিন্ন ব্যৱহাৰিক পৰিৱেশত সকলো টিএছপিৰ ভূ-স্তৰৰ মোবাইল নেটৱৰ্কৰ প্ৰদৰ্শন সংগ্ৰহ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। এই ধৰণৰ ড্ৰাইভ টেষ্টিঙত ২জি, ৩জি, ৪জি আৰু ৫জি নেটৱৰ্কত সকলো টিএছপিৰ ছিম কাৰ্ড ব্যৱহাৰ কৰি লাইভ ডাটা আৰু ভইচ চেছন স্থাপন কৰা হয়। একাধিক উন্নত মানৰ পৰীক্ষণ হেণ্ডছেট ব্যৱহাৰ কৰা হয় আৰু উন্নত ছফ্টৱেৰ ব্যৱস্থাৰ জৰিয়তে এই চেছনসমূহ বাস্তৱ সময়ত নিৰীক্ষণ তথা বিশ্লেষণ কৰা হয়।
ট্ৰায়ে ইয়াৰ নিয়োজিত সংস্থাৰ জৰিয়তে উত্তৰ-পূব এলএছএৰ অধীনত অৰুণাচল প্ৰদেশ ৰাজ্যত ২০২৬ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰৰ ভিতৰত নগৰীয়া পথ – ২৪৭.৩ কিলোমিটাৰ, হটস্পট স্থান – ১৩টা, ৱাক টেষ্ট – ১.২ কিলোমিটাৰ আৰু ঘাইপথ – ১৫৪.৮ কিলোমিটাৰ জুৰি ড্ৰাইভ টেষ্ট চলাইছিল। এই পৰীক্ষাসমূহ ট্ৰাইৰ কলকাতা আঞ্চলিক কাৰ্যালয়ৰ তত্ত্বাৱধানত সম্পন্ন কৰা হৈছিল। ড্ৰাইভ টেষ্ট প্ৰতিবেদনত দাঙি ধৰা পৰ্যবেক্ষণসমূহে ড্ৰাইভ টেষ্ট চলোৱাৰ দিন বা সময়ত পৰীক্ষাধীন এলেকা বা পথত টিএছপিসমূহৰ কাৰ্য্যক্ষমতা প্ৰতিফলিত কৰে।
ড্ৰাইভ টেষ্ট পথৰ মানচিত্ৰ: তলত দিয়া মানচিত্ৰখনে তাত প্ৰদৰ্শিত সংকেত অনুসৰি নগৰীয়া পথ, আন্তঃঅপাৰেটৰ কলিং, হটস্পট আৰু ৱাক টেষ্ট তথা ঘাইপথক সামৰি ড্ৰাইভ টেষ্ট পথসমূহৰ সামগ্ৰিক ৰূপৰেখা দাঙি ধৰিছে: -
পৰীক্ষা কৰা মূল মাপকাঠীসমূহ
১. কভাৰেজৰ ব্যৱধান: সংগ্ৰহ কৰা নমুনাৰ শতাংশ, য’ত নিৰ্ধাৰিত প্ৰযুক্তিৰ (২জি/ ৩জি/ ৪জি/ ৫জি) বাবে ন্যূনতম নিৰ্ধাৰিত সংকেত শক্তিতকৈ কম সংকেত শক্তি পৰিলক্ষিত হৈছিল।
২. ভইচ সেৱাসমূহ: কল ছেটআপ ছাকচেছ ৰেট (চিএছএছআৰ), কল ড্ৰপ ৰেট (ডিচিআৰ), কল ছেটআপৰ সময়, কল নিস্তব্ধতাৰ হাৰ, মাতৰ গুণগত মান (এমঅ’এছ)।
৩. কল নিস্তব্ধতাৰ ঘটনা: কলৰ সময়ত সংঘটিত হোৱা কল নিস্তব্ধতাৰ সংখ্যা।
৪. ডাটা সেৱাসমূহ: ডাউনল’ড/ আপল’ড থ্ৰুপুট, লেটেন্সি, জিটাৰ, পেকেট ড্ৰপ ৰেট
উত্তৰ-পূব এলএছএৰ অধীনত লোহিত জিলাৰ কিছু অংশ আৰু ৰাষ্ট্ৰীয় ঘাইপথ (এনএইচ)-১৩ৰ চিলুক-তিনিআলিৰ পৰা তোহাংগামলৈকে মূল মাপকাঠীসমূহত মোবাইল নেটৱৰ্কৰ সামগ্ৰিক প্ৰদৰ্শন তলত চমুকৈ উল্লেখ কৰা হ’ল: -
ক) কভাৰেজৰ ব্যৱধান (নগৰীয়া অঞ্চল): অটো-ছিলেকচন ম’ডত (৫জি/৪জি/৩জি/২জি) নগৰীয়া ড্ৰাইভ টেষ্ট পথত ভইচ পৰীক্ষাৰ সময়ত পৰ্যবেক্ষিত সংকেত শক্তি—সংগ্ৰহ কৰা মুঠ নমুনাৰ ভিতৰত দুৰ্বল সংকেত শক্তি থকা নমুনাৰ সংখ্যা অনুসৰি জোখা হৈছিল—এয়াৰটেলৰ বাবে আছিল ৮৩৯৩ / ৩৭৫৯৫, বিএছএনএলৰ বাবে ১৩৪৮১ / ৩১৪৮৩, আৰজেআইএলৰ বাবে ১০৭৫০ / ৩৭৯১২ আৰু ভিআইএলৰ বাবে ১৩৫৫৭ / ২২৪৮৭। কভাৰেজৰ ব্যৱধানৰ সবিশেষ সংলগ্ন মানচিত্ৰত প্ৰদান কৰা হৈছে।
কভাৰেজৰ ব্যৱধান (ঘাইপথ): অটো-ছিলেকচন ম’ডত (৫জি/৪জি/৩জি/২জি) ঘাইপথৰ পথত ভইচ পৰীক্ষাৰ সময়ত পৰ্যবেক্ষিত সংকেত শক্তি—সংগ্ৰহ কৰা মুঠ নমুনাৰ ভিতৰত দুৰ্বল সংকেত শক্তি থকা নমুনাৰ সংখ্যা অনুসৰি জোখা হৈছিল—এয়াৰটেলৰ বাবে আছিল ৩৫৪৭ / ১১১৪৯৩, বিএছএনএলৰ বাবে ৫৯৬২ / ৯৭৭৭, আৰজেআইএলৰ বাবে ৬২১৭ / ১৫১২৩ আৰু ভিআইএলৰ বাবে ৪৯৬৫ / ৬০২৭। কভাৰেজৰ ব্যৱধানৰ সবিশেষ সংলগ্ন মানচিত্ৰত প্ৰদান কৰা হৈছে।
খ) ড্ৰপ হোৱা কল (নগৰীয়া অঞ্চল): সফলতাৰে সংযোগ স্থাপন হোৱা কলসমূহৰ ভিতৰত ড্ৰপ হোৱা কলৰ সংখ্যা অনুসৰি জোখা কল ড্ৰপৰ সংখ্যা আছিল এয়াৰটেলৰ বাবে ১২/ ২৭১, বিএছএনএলৰ বাবে ১২/ ২০১, আৰজেআইএলৰ বাবে ১/ ২৭০ আৰু ভিআইএলৰ বাবে ১৭/ ১৫৭। কল ড্ৰপ হোৱা স্থানসমূহৰ সবিশেষ সংলগ্ন মানচিত্ৰত প্ৰদান কৰা হৈছে।
ড্ৰপ হোৱা কল (ঘাইপথ): সফলতাৰে সংযোগ স্থাপন হোৱা কলসমূহৰ ভিতৰত ড্ৰপ হোৱা কলৰ সংখ্যা অনুসৰি জোখা কল ড্ৰপৰ সংখ্যা আছিল এয়াৰটেলৰ বাবে ১২/ ৬২, বিএছএনএলৰ বাবে ১৫/ ৫০, আৰজেআইএলৰ বাবে ৭/ ৮১ আৰু ভিআইএলৰ বাবে ৮/ ৩২। কল ড্ৰপ হোৱা স্থানসমূহৰ সবিশেষ সংলগ্ন মানচিত্ৰত প্ৰদান কৰা হৈছে।
গ) কল নিস্তব্ধতাৰ ঘটনা (নগৰীয়া অঞ্চল): সংযোগ স্থাপন হোৱা মুঠ কলৰ ভিতৰত ৩ ছেকেণ্ডতকৈ অধিক সময়ৰ বাবে পৰ্যবেক্ষিত নিস্তব্ধতাৰ ঘটনাৰ মুঠ সংখ্যা অনুসৰি জোখা কল নিস্তব্ধতাৰ ঘটনা আছিল এয়াৰটেলৰ বাবে ৮/ ২৪৫, বিএছএনএলৰ বাবে ৬/ ১৫৯, আৰজেআইএলৰ বাবে ৪০/ ২৩৭ আৰু ভিআইএলৰ বাবে ২/ ৯৮। কল নিস্তব্ধতা সংঘটিত হোৱা স্থানসমূহৰ সবিশেষ সংলগ্ন মানচিত্ৰত প্ৰদান কৰা হৈছে।
কল নিস্তব্ধতাৰ ঘটনা (ঘাইপথ): সংযোগ স্থাপন হোৱা মুঠ কলৰ ভিতৰত ৩ ছেকেণ্ডতকৈ অধিক সময়ৰ বাবে পৰ্যবেক্ষিত নিস্তব্ধতাৰ ঘটনাৰ মুঠ সংখ্যা অনুসৰি জোখা কল নিস্তব্ধতাৰ ঘটনা আছিল এয়াৰটেলৰ বাবে ৪/ ৫৮, বিএছএনএলৰ বাবে ১/ ৩১, আৰজেআইএলৰ বাবে ১৪/ ৪৩ আৰু ভিআইএলৰ বাবে ০/ ৮। কল নিস্তব্ধতা সংঘটিত হোৱা স্থানসমূহৰ সবিশেষ সংলগ্ন মানচিত্ৰত প্ৰদান কৰা হৈছে।
ঘ) ডাটা ডাউনল’ড আৰু আপল’ড থ্ৰুপুট:
১. ডাটা ডাউনলোডৰ সামগ্ৰিক প্ৰদৰ্শন (নগৰীয়া অঞ্চল): গড় ডাউনল’ড স্পীড এয়াৰটেলৰ (৫জি/৪জি) বাবে ৬১.৭৫ এমবিপিএছ, বিএছএনএলৰ (৪জি/২জি) বাবে ২.২৭ এমবিপিএছ, আৰজেআইএলৰ (৫জি/৪জি) বাবে ১০৩.৪৯ এমবিপিএছ আৰু ভিআইএলৰ (৪জি/২জি) বাবে ১৮.২০ এমবিপিএছ পৰিলক্ষিত হৈছিল। ডাউনলোড থ্ৰুপুটৰ সবিশেষ সংলগ্ন মানচিত্ৰত প্ৰদান কৰা হৈছে।
ডাটা ডাউনলোডৰ সামগ্ৰিক প্ৰদৰ্শন (ঘাইপথ): গড় ডাউনলোড স্পীড এয়াৰটেলৰ (৫জি/৪জি) বাবে ৬১.৩৩ এমবিপিএছ, বিএছএনএলৰ (৪জি/২জি) বাবে ২.৩৪ এমবিপিএছ, আৰজেআইএলৰ (৫জি/৪জি) বাবে ৮৫.৮৪ এমবিপিএছ আৰু ভিআইএলৰ (৪জি/২জি) বাবে ৩২.৯৯ এমবিপিএছ পৰিলক্ষিত হৈছিল। ডাউনল’ড থ্ৰুপুটৰ সবিশেষ সংলগ্ন মানচিত্ৰত প্ৰদান কৰা হৈছে।
২. ডাটা আপলোডৰ সামগ্ৰিক প্ৰদৰ্শন (নগৰীয়া অঞ্চল): গড় আপল’ড স্পীড এয়াৰটেলৰ (৫জি/৪জি) বাবে ১২.৪০ এমবিপিএছ, বিএছএনএলৰ (৪জি/২জি) বাবে ৩.০৬ এমবিপিএছ, আৰজেআইএলৰ (৫জি/৪জি) বাবে ৭.০৮ এমবিপিএছ আৰু ভিআইএলৰ (৪জি/২জি) বাবে ৪.৮৪ এমবিপিএছ পৰিলক্ষিত হৈছিল। আপলোড থ্ৰুপুটৰ সবিশেষ সংলগ্ন মানচিত্ৰত প্ৰদান কৰা হৈছে।
ডাটা আপলোডৰ সামগ্ৰিক প্ৰদৰ্শন (ঘাইপথ): গড় আপলোড স্পীড এয়াৰটেলৰ (৫জি/৪জি) বাবে ১১.৬৫ এমবিপিএছ, বিএছএনএলৰ (৪জি/২জি) বাবে ২.২৯ এমবিপিএছ, আৰজেআইএলৰ (৫জি/৪জি) বাবে ৫.০২ এমবিপিএছ আৰু ভিআইএলৰ (৪জি/২জি) বাবে ৭.০৫ এমবিপিএছ পৰিলক্ষিত হৈছিল। আপল’ড থ্ৰুপুটৰ সবিশেষ সংলগ্ন মানচিত্ৰত প্ৰদান কৰা হৈছে।
সংলগ্ন মানচিত্ৰত থকা ৰঙা ফুটটোত (ৰেড ডট) ক্লিক কৰি কল ড্ৰপ আৰু কল নিস্তব্ধতা সংঘটিত হোৱা স্থানসমূহ চাব পাৰিব।
আইডিটিৰ সময়ত সামৰি লোৱা ড্ৰাইভ টেষ্ট পথ আৰু এলেকাৰ সবিশেষ তলত উল্লেখ কৰা ধৰণৰ: -
ক) নগৰীয়া অঞ্চল: নগৰীয়া ড্ৰাইভত সামৰি লোৱা এলেকাসমূহ হ’ল (১) চূণপুড়া, (২) নিউ হাতীডুবা, (৩) চোংখাম, (৪) খেৰেম, (৫) মেডো, (৬) লামলিয়াং, (৭) ব্ৰহ্মকুণ্ড, (৮) হাৱা কেম্প, (৯) ডেমৱে, (১০) তেলুলিয়াং নিউ, (১১) লোইলাং, (১২) লোহিতপুৰ, (১৩) ৪৩তম মাইল, (১৪) তেজুগাম।
২. হটস্পট: স্থিৰ ব্যৱহাৰকাৰীৰ অভিজ্ঞতা সংগ্ৰহ কৰা হটস্পট স্থানসমূহ হ’ল (১) এডিচি কাৰ্যালয় ডাম্বুক -ডাম্বুক আগা -ডাম্বুক, (২) ডাম্বুক জিএইচএছএছ -ডাম্বুক, (৩) ডাম্বুক পিএইচচি -ডাম্বুক, (৪) উপায়ুক্তৰ কাৰ্যালয় -তেজু, (৫) জিলা আৰু সত্ৰ ন্যায়ালয় –তেজু, (৬) জিলা সংগ্ৰহালয় আৰু সমূহীয়া সন্মিলন কেন্দ্ৰ - জুবিলী মাৰ্গ -তেজু, (৭) চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এনএইচ১৩ -তেজু, (৮) ইন্দিৰা গান্ধী চৰকাৰী মহাবিদ্যালয়- গেছ এজেন্সী ৰোড -তেজু, (৯) পৰশুৰাম কুণ্ড, (১০) ৱাক্ৰো আৰক্ষী থানা, (১১) পলিটেকনিক কলেজ –ৰোয়িং, (১২) চূণপুড়া প্ৰশাসনিক/পঞ্চায়ত এলেকা –জেকো, (১৩) তেজু মূল বজাৰ / ক্লক টাৱাৰ।
৩. ৱাক টেষ্ট: ২০২৬ চনৰ ১০ ছেপ্টেম্বৰত সম্পন্ন কৰা ৱাক টেষ্টৰ স্থানসমূহ হ’ল (১) ডেনিং কলেজ ফৰ টিচাৰ এডুকেশ্বন - তেজু, (২) জোনেল জেনেৰেল হস্পিটেল - তেজু।
ঘ) ঘাইপথ: (১) চিলুক হৈ এনএইচ-১৩ৰ কাষেৰে চিলুক-তিনিআলিৰ পৰা তোহাংগামলৈ, (২) ডাম্বুক, (৩) বমজিৰ, (৪) ৰোয়িং, (৫) আৱালী, (৬) আবংগো, (৭) কোৰনু, (৮) ভীষ্মকনগৰ, (৯) ডাংলেট, (১০) তেলুলিয়াং নিউ, (১১) ডেমৱে।
এই আইডিটি প্ৰতিবেদনৰ ফলাফলসমূহ নিজ নিজ দিশৰ পৰা প্ৰয়োজনীয় পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট টিএছপিসমূহৰ সৈতে ভাগ-বাটোৱাৰা কৰা হৈছে। আইডিটিৰ বিশদ প্ৰতিবেদন ট্ৰাইৰ ৱেবছাইট www.trai.gov.in-ত উপলব্ধ কৰা হৈছে। যিকোনো স্পষ্টীকৰণ বা অতিৰিক্ত তথ্যৰ বাবে adv.kolkata@trai.gov.in-লৈ ইমেইল প্ৰেৰণ কৰিব পাৰিব অথবা ট্ৰাইৰ কলকাতা আঞ্চলিক কাৰ্যালয়ৰ সৈতে +91-33-22361401 দূৰভাষ নম্বৰত যোগাযোগ কৰিব পাৰিব।
পৰিশিষ্ট চাবলৈ ইয়াত ক্লিক কৰক
*****
PSF/AR/MM