পোষ্ট কৰা হৈছে:
04 NOV 2026 10:30PM by PIB Guwahati
ভাৰত-কানাডাৰ প্ৰতিৰক্ষা আলোচনাৰ উদ্বোধনী সংস্কৰণটো ভাৰ্চুৱেল পদ্ধতিৰে ৩ নৱেম্বৰত অনুষ্ঠিত হয়।সভাখনৰ সহ-অধ্যক্ষতা কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব (আন্তঃৰাষ্ট্ৰীয় সহযোগিতা) ড° অমিত টেলাং আৰু কানাডাৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিভাগৰ সহকাৰী উপমন্ত্ৰী (নীতি) মিষ্টাৰ স্কট মিলাৰে।
আলোচনাই নিজ নিজ প্ৰতিৰক্ষা নীতি আৰু কৌশলগত দৃষ্টিভংগীৰ সন্দৰ্ভত মতামত বিনিময় কৰাৰ লগতে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ পথসমূহ অন্বেষণৰো সুযোগ প্ৰদান কৰে। প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাই সামৰিক-কাৰিকৰী সহযোগিতা আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়নৰ সমান্তৰালভাৱে গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে, যিবোৰক অধিক সহযোগিতাৰ বাবে অগ্ৰাধিকাৰ ক্ষেত্ৰ হিচাপে চিনাক্ত কৰা হয়।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে চলিত বৰ্ষৰ ২ মাৰ্চত দুয়ো দেশৰ মাজত প্ৰতিৰক্ষা আৰু কৌশলগত সম্পৰ্ক বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্ত পুনৰ এই বৈঠকতে দৃঢ় কৰা হয়।
দুয়োপক্ষই অংশীদাৰিত্বক ব্যাপকভাৱে আগুৱাই নিবলৈ আৰু শক্তিশালী কৰাৰ বাবে বিশেষ যোগান ব্যৱস্থাৰ বিষয়েও আলোচনা কৰে। দুয়োপক্ষই আঞ্চলিক আৰু গোলকীয় বিষয়সমূহত দৃষ্টিভংগীৰ আদান-প্ৰদান কৰে। দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ বাবে আলোচনা আৰু প্ৰস্তাৱ আগবঢ়াই নিবলৈ উভয়পক্ই যোগাযোগ অব্যাহত ৰাখিবলৈ সন্মত হয়।
*****
VK/SR/US