ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

কুৰুক্ষেত্ৰত স্বামী শ্ৰদ্ধানন্দ জীৰ বলিদান শতাব্দী সমাৰোহত ভাৰতৰ ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

স্বামী শ্ৰদ্ধানন্দ জীৰ জীৱন আৰু ত্যাগ সকলোৰে বাবে প্ৰেৰণাৰ উৎস: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

পোষ্ট কৰা হৈছে: 01 NOV 2026 6:10PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (১ নৱেম্বৰ, ২০২৬) হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ গুৰুকুলত স্বামী শ্ৰদ্ধানন্দ জীৰ বলিদান শতাব্দী সমাৰোহত অংশগ্ৰহণ কৰে ।

এই উপলক্ষে ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে স্বামী শ্ৰদ্ধানন্দ জীৰ শ্বহীদ হোৱাৰ এশ বছৰীয়া জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুন্সীৰামৰ পৰা মহাত্মা মুন্সীৰাম আৰু শেষত স্বামী শ্ৰদ্ধানন্দলৈ তেওঁৰ জীৱনৰ গতিপথ গভীৰভাৱে প্ৰেৰণাদায়ক বুলি তেওঁ অভিহিত কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে যে স্বামী শ্ৰদ্ধানন্দ জীয়ে বেদৰ সেৱা আৰু সমাজৰ উন্নতিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ জীৱন আৰু ত্যাগ আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে স্বামী শ্ৰদ্ধানন্দ জী সামাজিক ঐক্যৰ প্ৰবল সমৰ্থক আছিল। দিল্লীৰ জামা মছজিদৰ মঞ্চৰ পৰা দিয়া এটা ভাষণত তেওঁ পাৰস্পৰিক সদিচ্ছা আৰু জাতীয় ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰিছিল।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অস্পৃশ্যতাৰ কলংক নিৰ্মূল আৰু দলিতসকলৰ উন্নয়ন ভাৰতৰ প্ৰগতিৰ বাবে আটাইতকৈ অপৰিহাৰ্য পদক্ষেপ বুলি স্বামী শ্ৰদ্ধানন্দ জীয়ে বিশ্বাস কৰিছিল। তেওঁৰ দৃষ্টিত অস্পৃশ্যতাৰ কু-অনুশীলন বৈদিক পৰম্পৰাৰ মূল নীতিৰ বিপৰীত।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে স্বামী শ্ৰদ্ধানন্দ জীয়ে শিক্ষাৰ গুৰুকুল ব্যৱস্থা পুনৰুজ্জীৱিত আৰু শক্তিশালী কৰি তুলিলে। ইয়াৰ ফলত ভাৰতীয় শিক্ষা আৰু সংস্কৃতিলৈ নতুন সজ্জীৱনী আহিল। আৰ্য সমাজৰ প্ৰতিষ্ঠাপক মহৰ্ষি দয়ানন্দ সৰস্বতীৰ পোষকতা কৰা শিক্ষাৰ প্ৰাচীন আৰ্য ব্যৱস্থাৰ পুনৰুজ্জীৱিতকৰণৰ বাবে তেওঁ অক্লান্ত প্ৰচেষ্টা চলাইছিল।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে স্বামী শ্ৰদ্ধানন্দ জীৰ শ্বহীদ শতবৰ্ষই তেওঁৰ প্ৰেৰণাদায়ক জীৱন, তেওঁৰ শৈক্ষিক আৰু সামাজিক দৰ্শন তথা দেশৰ বাবে তেওঁৰ নিষ্ঠা আৰু ত্যাগৰ পৰা শিক্ষা লোৱাৰ সুযোগ হিচাপে কাম কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, আমি ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগবঢ়াৰ পৰিপ্ৰেক্ষিতত আমাৰ নাগৰিকসকলে আধুনিক জ্ঞান, বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন আৰু উদ্যমিতাক আঁকোৱালি লোৱাৰ সমান্তৰালভাৱে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যক লৈ গৌৰৱ কৰাটো অতি গুৰুত্বপূৰ্ণ। স্বামী শ্ৰদ্ধানন্দ জীৰ জীৱনৰ পৰা প্ৰেৰণা লাভ কৰি আমাৰ দেশৰ যুৱক-যুৱতীসকলে এখন শিক্ষিত, স্বাৱলম্বী, সংহতিপূৰ্ণ আৰু সবল ভাৰত গঢ়ি তোলাত অৰিহণা যোগাব বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে।

Please click here to see the President’s Speech

***

MJPS/SS/PRK/HS


(ৰিলিজ আই ডি : 2333013) অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Gujarati , Tamil , Malayalam