পোষ্ট কৰা হৈছে:
04 NOV 2026 7:10PM by PIB Guwahati
সশস্ত্ৰ বাহিনী চিকিৎসা সেৱাই (এএফএমএছ) ২০২৬ চনৰ ২ ৰ পৰা ৪ নৱেম্বৰৰ ভিতৰত ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ ৰাইৰাংপুৰত ‘অপাৰেচন দৃষ্টি’ৰ দ্বাদশ সংস্কৰণ হিচাপে বৃহৎ বহুমুখী বিশেষজ্ঞ চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন কৰে। এই শিবিৰত ৪,০০০তকৈ অধিক ৰোগীক চিকিৎসা প্ৰদান কৰাৰ লগতে ৩৬৫ টা দৃষ্টি ঘূৰাই অনা চকুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। শিবিৰটোত বিনামূলীয়াকৈ বিস্তৃত বিশেষজ্ঞ চিকিৎসা সেৱা আগবঢ়োৱা হয়, যাৰ ফলত অঞ্চলটোৰ লোকসকলৰ বাবে উন্নত স্বাস্থ্যসেৱা অধিক সহজলভ্য হৈ পৰে।
২০২৬ চনৰ ৪ নৱেম্বৰত সশস্ত্ৰ বাহিনী চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শ্বাল সন্দীপ থাৰেজা শিবিৰলৈ যায় আৰু পৰামৰ্শ তথা অস্ত্ৰোপচাৰোত্তৰ যত্নত থকা ৰোগীসকলৰ সৈতে মত বিনিময় কৰে। লগতে তেওঁ চকুৰ অস্ত্ৰোপচাৰ কৰোৱা ৰোগীসকলক ঔষধৰ কিট বিতৰণ কৰে। ঘূৰ্ণীবতাহৰ বাবে সৃষ্টি হোৱা প্ৰতিকূল বতৰৰ মাজতো ৰোগীসকলক নিৰৱচ্ছিন্ন চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ নিষ্ঠা তথা দায়বদ্ধতাক তেওঁ শলাগ লয়।
এই শিবিৰটোত চক্ষু চিকিৎসা, হৃদৰোগ, বৃক্ক ৰোগ, চৰ্মৰোগ, দন্ত চিকিৎসা আৰু সাধাৰণ ঔষধ বিভাগৰ বিশেষজ্ঞসকলো সমৱেত হয়। শিবিৰলৈ অহা প্ৰতিগৰাকী ৰোগীকেই ঘটনাস্থলীতে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা হয়। এই পদক্ষেপে ৰোগীসকলক পৰীক্ষা-নিৰীক্ষা, নিদান আৰু চিকিৎসা লাভ কৰাৰ সুবিধা দিয়াৰ লগতে প্ৰয়োজন অনুসৰি উন্নত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থাও নিশ্চিত কৰে।
হৃদৰোগ বিভাগে ৪০০তকৈ অধিক ৰোগীক চিকিৎসা প্ৰদান কৰে, ২৯৮ টা ইচিজি আৰু ৪০৬ টা ইক’কাৰ্ডিগ্ৰাম সম্পন্ন কৰে আৰু এনজিঅ’গ্ৰাফী, চিটি এনজিঅ’গ্ৰাফী, ভাল্ভ ছাৰ্জাৰী, ডিভাইচ ইমপ্লাণ্টেচন তথা বেলুন পালমোনাৰী ভালভোটমিকে ধৰি উন্নত চিকিৎসাৰ প্ৰয়োজন থকা ২৯ গৰাকী ৰোগীক চিনাক্ত কৰে। বৃক্ক ৰোগ বিভাগে ৪০০তকৈ অধিক ৰোগীক চিকিৎসা আগবঢ়ায় আৰু ৩৪১ টা আল্ট্ৰাছাউণ্ড পৰীক্ষা সম্পন্ন কৰে, আনহাতে চৰ্মৰোগ বিভাগে ৫০০তকৈ অধিক ৰোগীক সেৱা আগবঢ়ায়। দন্ত চিকিৎসাৰ দলে ২২১ গৰাকী ৰোগীক চিকিৎসা কৰাৰ লগতে ১৯৮ টা প্ৰক্ৰিয়া সম্পন্ন কৰে আৰু সাধাৰণ ঔষধ বিভাগে ৩৩৯ গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে।
হিতাধিকাৰীসকলৰ ভিতৰত আছিল ৭৫ বছৰীয়া বিশ্বনাথ, যিয়ে চকুৰ পুৰণি আঘাতৰ পিছত জটিল চকুৰ ছানি পৰা সমস্যাত ভুগি আছিল। অস্ত্ৰোপচাৰৰ দলটোৱে ‘স্ক্লেৰেল-ফিক্সড ইণ্ট্ৰাঅকুলাৰ লেন্স’ৰ সৈতে সফলতাৰে ‘মেনুৱেল স্মল-ইনচিচন কেটাৰেক্ট ছাৰ্জাৰী’ সম্পন্ন কৰি তেওঁৰ দৃষ্টিশক্তি উন্নত হোৱাৰ সম্ভাৱনা ঘূৰাই আনে। আন এগৰাকী হিতাধিকাৰী আছিল ৬০ বছৰীয়া সোমবাৰী গোপ, যাৰ গঠনগতভাৱে সৰু চকুত গভীৰ ছানি পৰিছিল। শল্য চিকিৎসকসকলে কৰ্ণিয়াৰ সুৰক্ষা নিশ্চিত কৰি ‘পোষ্টেৰিয়ৰ চেম্বাৰ লেন্স’ৰ সৈতে ‘মেনুৱেল স্মল-ইনচিচন কেটাৰেক্ট ছাৰ্জাৰী’ সফলতাৰে সম্পন্ন কৰে।
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ গৃহভূমিত অনুষ্ঠিত এই শিবিৰটোৱে দেশৰ পিছপৰা অঞ্চলসমূহলৈ বিশেষ চকুৰ যত্ন আৰু উন্নত চিকিৎসা সেৱা সম্প্ৰসাৰণৰ এএফএমএছৰ পদক্ষেপ ‘অপাৰেচন দৃষ্টি’ৰ আন এটা তাৎপৰ্যপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰিছে। শিবিৰটোৰ সফল আয়োজনে মানৱীয় সেৱাৰ প্ৰতি সশস্ত্ৰ বাহিনী চিকিৎসা সেৱাৰ অটল প্ৰতিশ্ৰুতি আৰু ময়ূৰভঞ্জৰ ৰাইজৰ দুৱাৰডলিলৈ বিশেষ চিকিৎসা তথা দৃষ্টিৰ আশীৰ্বাদ কঢ়িয়াই আনি সকলোৰে বাবে মানসম্পন্ন স্বাস্থ্যসেৱা সুগম কৰি তোলাৰ সংকল্পক প্ৰতিফলিত কৰিছে।

******
SR/Ruchi/MM