পোষ্ট কৰা হৈছে:
04 NOV 2026 3:46PM by PIB Guwahati
৪২ বছৰীয়া শ্ৰী ৰমেশ বাবু পাটিলৰ (নাম সলনি কৰা হৈছে) বাবে নমস্তে আঁচনিৰ অধীনত প্ৰদান কৰা পি পি পি ই কিটে সুৰক্ষিত আৰু অধিক মৰ্যাদাপূৰ্ণ কৰ্ম পৰিস্থিতিৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপক প্ৰতিনিধিত্ব কৰিছে।
তেওঁৰ যাত্ৰাই চাফাই কৰ্মীসকললৈ সুৰক্ষামূলক সঁজুলি আৰু বৃত্তিগত সুৰক্ষা সম্বন্ধীয় সহায় আগবঢ়োৱাৰ গুৰুত্বক প্ৰতিফলিত কৰে৷ ইয়াৰ লগতে ৰাজহুৱা স্বাস্থ্যৰ প্ৰতি তেওঁলোকৰ অৱদানক স্বীকৃতি দিয়া আৰু সুৰক্ষিত আৰু অধিক অন্তৰ্ভুক্তিমূলক চাফাই পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰাৰ আৱশ্যকতাকো প্ৰতিফলিত কৰে।
মহাৰাষ্ট্ৰৰ এজন চাফাই কৰ্মীয়ে আৱৰ্জনা, ধূলি, ক্ষতিকাৰক পদাৰ্থ আৰু অস্বাস্থ্যকৰ কৰ্ম পৰিস্থিতিৰ সংস্পৰ্শত কেইবাবছৰো ধৰি তেওঁৰ দায়িত্ব পালন কৰি আহিছে। পৰ্যাপ্ত ব্যক্তিগত সুৰক্ষা সঁজুলি (PPE) ৰ অভাৱে তেওঁক প্ৰায়েই ৰোগীয়া আৰু শাৰীৰিক অসুবিধাৰ সন্মুখীন কৰিছিল।
তেওঁৰ পৰিয়ালৰ প্ৰধান উপাৰ্জনকাৰী সদস্য হিচাপে তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় চিন্তাই তেওঁৰ কাম অব্যাহত ৰখা আৰু পৰিয়ালক ভৰণ-পোষণ দিয়াৰ ক্ষমতাৰ বাবেও প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। এই অসুবিধাসমূহৰ মাজতো তেওঁ সুৰক্ষিত, স্বাস্থ্যকৰ আৰু অধিক মৰ্যাদাপূৰ্ণ পৰিৱেশত কাম কৰিবলৈ ইচ্ছা কৰিছিল।
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ নমস্তে আঁচনিৰ জৰিয়তে তেওঁ বহুত সহায় লাভ কৰে। ২০২৫-২০২৬ বৰ্ষত তেওঁ গ্ল'ভছ, মাস্ক, সুৰক্ষা জোতা, ইউনিফৰ্ম আৰু অন্যান্য অপৰিহাৰ্য সুৰক্ষামূলক সামগ্ৰীৰে গঠিত এটা পি পি ই কিট লাভ কৰে। এই সহাায়ে তেওঁক উন্নত সুৰক্ষা আৰু উন্নত কৰ্মস্থলীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে চাফাইৰ কাম কৰিবলৈ সক্ষম কৰে।
সুৰক্ষামূলক সঁজুলি লাভ কৰাৰ ফলল শ্ৰী পাটিলে অধিক আত্মবিশ্বাস আৰু সুৰক্ষাৰ শক্তিশালী অনুভূতিৰ সৈতে তেওঁৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হয়। তেওঁৰ সামগ্ৰিক স্বাস্থ্যৰ অৱস্থা বহুত উন্নত হয়, আৰু অসুস্থতা হ্ৰাস পায়। এই সহায়ে তেওঁৰ কামৰ সৈতে জড়িত কিছুমান বৃত্তিগত বিপদৰ মোকাবিলা কৰাতো সহায় কৰে।
আজি শ্ৰী পাটিলে অধিক আত্মবিশ্বাস, সুৰক্ষা আৰু মৰ্যাদাৰ সৈতে তেওঁৰ চাফাইৰ দায়িত্ব পালন কৰি আছে। যদিও উপাৰ্জনত কোনো প্ৰত্যক্ষ পৰিৱৰ্তনৰ খবৰ পোৱা নাই, উন্নত স্বাস্থ্য আৰু কৰ্মস্থলীৰ সুৰক্ষাই তেওঁৰ কল্যাণ আৰু কাম অব্যাহত ৰখাৰ ক্ষমতাত ইতিবাচক অৰিহণা যোগাইছে।

*****
SS-165-TAR/KV/GA/RK