প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

উদ্বেগজনক নিৰাপত্তাজনক পৰিৱেশৰ মাজত শক্তিশালী সামুদ্ৰিক পাৰস্পৰিক নিৰ্ভৰশীলতাৰ বাবে যোগান শৃংখলৰ বৈচিত্ৰ্যকৰণ আৰু অধিক আঞ্চলিক সহযোগিতা অপৰিহাৰ্য: ভাৰত-প্ৰশান্ত মহাসাগৰীয় আঞ্চলিক বৈঠক ২০২৬-ত প্ৰতিৰক্ষা মন্ত্ৰী

“কিছুমান পক্ষ আৰু ৰাষ্ট্ৰই নিজৰ সংকীৰ্ণ একপক্ষীয় লাভালাভৰ বাবে মহাসাগৰসমূহৰ গুৰুত্বক শোষণ কৰিবলৈ বিচাৰে; আন্তঃসংযোগী বিশ্বৰ দুৰ্বলতাৰ উত্তৰ নিহিত আছে সহনশীলতা গঢ়ি তোলাৰ মাজত”

উদীয়মান ভাবুকিৰ সৈতে সামুদ্ৰিক নিৰাপত্তাৰ বিকাশ হ’ব লাগিব; উদীয়মান প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰাটো সময়ৰ আহ্বান, মন্তব্য শ্ৰী ৰাজনাথ সিঙৰ

“প্ৰযুক্তি ৰাষ্ট্ৰসমূহৰ মাজত বৈষম্যৰ আন এটা উৎস হ’ব নালাগে; কিছুসংখ্যকে লাভ পালে সামূহিক সহনশীলতা অৰ্জন কৰিব নোৱাৰি”

“অৰ্থনৈতিক বিকাশ আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধতা একেলগে আগবাঢ়িব লাগিব; মহাসাগৰসমূহক সম্পদৰ সীমাহীন উৎস বুলি গণ্য কৰিব নোৱাৰি”

“ভাৰতৰ বিকশিত ভাৰত যাত্ৰাৰ প্ৰধান চালিকা শক্তি হ’ব সামুদ্ৰিক খণ্ড; চৰকাৰে বিস্তৃত সামুদ্ৰিক পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ প্ৰয়াস চলাইছে”

পোষ্ট কৰা হৈছে: 04 NOV 2026 5:53PM by PIB Guwahati

বিশ্বব্যাপী সামুদ্ৰিক নিৰাপত্তাজনক পৰিৱেশত বৃদ্ধি পোৱা উদ্বেগৰ মাজতে যোগান শৃংখলৰ বৈচিত্ৰ্যকৰণ, নিৰ্ভৰযোগ্য সামুদ্ৰিক আন্তঃগাঁথনি, উন্নত সামুদ্ৰিক সজাগতা আৰু অধিক সহযোগিতাৰ লগতে বিঘিনিসমূহৰ আগতীয়াকৈ অনুমান কৰা, প্ৰতিহত কৰা আৰু পুনৰুদ্ধাৰ কৰাৰ ক্ষমতাৰ জৰিয়তে আঞ্চলিক অংশীদাৰসকলৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতাক অধিক সুৰক্ষিত আৰু সহনশীল কৰি তুলিবলৈ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আহ্বান জনায়। ২০২৬ চনৰ ৪ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় নৌসেনাৰ বাৰ্ষিক শীৰ্ষ পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় কৌশলগত সন্মিলন ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় আঞ্চলিক সংলাপ’ত (আইপিআৰডি) স্মাৰক ভাষণ প্ৰদান কৰি তেওঁ এই কথা কয়।

মহাসাগৰসমূহক ৰাষ্ট্ৰ আৰু সভ্যতাৰ মাজত প্ৰাচীৰৰ পৰিৱৰ্তে সেতু বুলি অভিহিত কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে জীৱিকা নিৰ্বাহ তথা সামগ্ৰী, জ্ঞান আৰু সংস্কৃতিৰ আদান-প্ৰদান সুচল কৰাত এইবোৰৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে এই সাৰ্বজনীন নিৰ্ভৰশীলতাৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় অৱগত হোৱা সত্ত্বেও কিছুমান পক্ষ আৰু ৰাষ্ট্ৰই নিজৰ সংকীৰ্ণ একপক্ষীয় লাভালাভৰ বাবে মহাসাগৰসমূহৰ গুৰুত্বক শোষণ কৰিবলৈ বিচাৰে। “উদ্দেশ্যপ্ৰণোদিত বাণিজ্যিক বিঘিনিৰ বাবে গোলকীয় সামুদ্ৰিক নিৰাপত্তা পৰিৱেশ উদ্বিগ্ন হৈ পৰিছে। আমি নৌ পৰিবহণৰ স্বাধীনতাক প্ৰত্যাহ্বান জনোৱা আৰু সংকীৰ্ণ সামুদ্ৰিক জলপথসমূহক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ স্পষ্ট উদাহৰণ প্ৰত্যক্ষ কৰিছোঁ। সামুদ্ৰিক ক্ষেত্ৰত এই বৰ্ধিত অস্থিৰতাই  বহল আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ ওপৰত গভীৰ ছাঁ পেলাইছে,” তেওঁ লগতে কয়।

শ্ৰী ৰাজনাথ সিঙে দৃঢ়তাৰে কয় যে আন্তঃসংযোগী বিশ্বৰ দুৰ্বলতাৰ উত্তৰ সহনশীলতা গঢ়ি তোলাৰ মাজতে নিহিত হৈ আছে। তেওঁ কয় যে প্ৰতিটো বিঘিনিৰ প্ৰতিক্ৰিয়া হিচাপে গোলকীকৰণক পৰিত্যাগ কৰিব নোৱাৰি, বা মানৱ প্ৰগতিত সহায় কৰা সামুদ্ৰিক পথসমূহকো বন্ধ কৰি দিব নোৱাৰি। তেওঁ আলোকপাত কৰে যে পাৰস্পৰিক নিৰ্ভৰশীলতাক অধিক নিৰাপদ কৰি তোলাটোহে আমাৰ মূল উদ্দেশ্য হ’ব লাগিব।

সামুদ্ৰিক নিৰাপত্তাৰ ক্ৰমবৰ্ধমান প্ৰকৃতিৰ ওপৰত আলোকপাত কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰত্যাহ্বান কেৱল পৰম্পৰাগত সামৰিক কাৰ্যকলাপৰ পৰাই নহয়, বৰঞ্চ জলদস্যুতা, চোৰাং সৰবৰাহ, অবৈধ মৎস চিকাৰ, চাইবাৰ আক্ৰমণ আৰু প্ৰাকৃতিক দুৰ্যোগৰ দৰে অপৰম্পৰাগত ভাবুকিৰ পৰাও আহিব পাৰে। পৰিৱৰ্তিত সামুদ্ৰিক পৰিস্থিতিৰ সৈতে সামুদ্ৰিক নিৰাপত্তাৰ বিকাশ সাধন হোৱাৰ প্ৰয়োজনীয়তাত তেওঁ গুৰুত্ব আৰোপ কৰে। “কৃত্ৰিম বুদ্ধিমত্তাই তথ্য বিশ্লেষণৰ পদ্ধতি সলনি কৰি তুলিছে, আনহাতে স্বয়ংক্ৰিয় ব্যৱস্থাসমূহে নিৰীক্ষণ আৰু কাৰ্যকলাপৰ সম্ভাৱনাক সম্প্ৰসাৰিত কৰিছে। নতুন চেন্সৰসমূহে মহাসাগৰ নিৰীক্ষণৰ ক্ষেত্ৰত আমাৰ সক্ষমতাক উন্নত কৰি তুলিছে। পদাৰ্থ বিজ্ঞান, জৈৱ প্ৰযুক্তি আৰু তথ্য বিশ্লেষণৰ অগ্ৰগতিয়ে গৱেষণা তথা প্ৰয়োগৰ নতুন পথ মুকলি কৰিছে। এই বিকাশসমূহৰ সামুদ্ৰিক নিৰাপত্তা আৰু অৰ্থনৈতিক কাৰ্যকলাপত গভীৰ প্ৰভাৱ আছে। কিন্তু কেৱল প্ৰযুক্তিয়েই ইয়াৰ একমাত্ৰ সমাধান নহয়। তাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল—প্ৰকৃত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আমি প্ৰযুক্তিক কেনেদৰে ব্যৱহাৰ কৰোঁ,” তেওঁ এইদৰে কয়।

শ্ৰী ৰাজনাথ সিঙে এই কথাটোতো গুৰুত্ব আৰোপ কৰে যে প্ৰযুক্তি ৰাষ্ট্ৰসমূহৰ মাজত বৈষম্যৰ আন এটা উৎস হ’ব নালাগে, কিয়নো ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোত ভিন্ন পৰ্যায়ৰ প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সক্ষমতাৰ দেশ অন্তৰ্ভুক্ত হৈ আছে। “কিছুমান দেশৰ হাতত উন্নত গৱেষণা আন্তঃগাঁথনি আছে। আন কিছুমানে এই পৰিৱৰ্তনত পূৰ্ণ পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় প্ৰতিষ্ঠানিক আৰু মানৱ সম্পদ এতিয়াও গঢ়ি তুলিছে। প্ৰযুক্তিগত প্ৰগতিয়ে যদি কেৱল সীমিত সংখ্যক দেশকহে লাভান্বিত কৰে, তেন্তে আমাৰ অঞ্চলটোৰ বাবে প্ৰয়োজনীয় সামূহিক সহনশীলতা আমি অৰ্জন কৰিব নোৱাৰিম,” তেওঁ কয়।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে গৱেষণা, শিক্ষা, উদ্ভাৱন আৰু সক্ষমতা বিকাশৰ ক্ষেত্ৰত সহযোগিতাক প্ৰসাৰিত কৰিবলৈ আহ্বান জনাই কয় যে এখন দেশৰ শক্তিশালী বৈজ্ঞানিক সক্ষমতাই সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তা আৰু সমৃদ্ধিত অৰিহণা যোগাব পাৰে। সৰু সৰু সামুদ্ৰিক ৰাষ্ট্ৰ আৰু উন্নয়নশীল দেশসমূহৰ বাবে ইয়াক বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি তেওঁ কয় যে আটাইতকৈ উপযোগী প্ৰযুক্তিটো নিশ্চিতভাৱে আটাইতকৈ ব্যয়বহুল বা অত্যাধুনিক নহ’লেও হয়; ই এনেকুৱা এটা হ’ব লাগে যিয়ে প্ৰকৃত সমস্যাৰ সমাধান কৰে।

শ্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দিশে অগ্ৰসৰ হোৱাৰ লগে লগে দেশখনৰ ৰাষ্ট্ৰীয় ৰূপান্তৰত সামুদ্ৰিক ক্ষেত্ৰখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে বন্দৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাত বিনিয়োগ, সাগৰমালাৰ অধীনত বন্দৰভিত্তিক উন্নয়ন, উপকূলীয় অৰ্থনৈতিক কাৰ্যকলাপৰ প্ৰসাৰ আৰু সামুদ্ৰিক ঔদ্যোগিক ভেটি শক্তিশালী কৰাৰ জৰিয়তে বিস্তৃত সামুদ্ৰিক পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে চলোৱা প্ৰচেষ্টাত তেওঁ আলোকপাত কৰে। প্ৰযুক্তি, উদ্ভাৱন, গৱেষণা, শিক্ষা আৰু দক্ষতাত গুৰুত্ব আৰোপ কৰি তেওঁ ‘মেৰিটাইম অমৃত কাল ভিজন ২০৪৭’ক এই ৰূপান্তৰৰ ৰাষ্ট্ৰীয় খচৰা বুলি অভিহিত কৰে।

অৰ্থনৈতিক বিকাশ আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধতা একেলগে আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে উল্লেখ কৰে যে মহাসাগৰসমূহক সম্পদৰ সীমাহীন উৎস হিচাপে গণ্য কৰিব নোৱাৰি। তেওঁ সামুদ্ৰিক পৰিৱেশতন্ত্ৰৰ সুৰক্ষা, মহাসাগৰৰ সম্পদৰ দায়িত্বশীল ব্যৱহাৰ আৰু উন্নয়নমূলক প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দুত উপকূলীয় সম্প্ৰদায়সমূহৰ স্বাৰ্থ ৰখাৰ পোষকতা কৰে। “ৰাষ্ট্ৰীয় সমৃদ্ধি আৰু পাৰিৱেশিক দায়বদ্ধতা ইটোৱে সিটোৰ প্ৰতিদ্বন্দ্বী উদ্দেশ্য নহয়। বৰঞ্চ এইবোৰে এটা আনটোৰ পৰিপূৰক হিচাপে কাম কৰিব লাগিব,” তেওঁ কয়।

এখন মুক্ত, অন্তৰ্ভুক্তিমূলক আৰু নিয়মভিত্তিক সামুদ্ৰিক ব্যৱস্থাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰি শ্ৰী ৰাজনাথ সিঙে ‘মহাসাগৰ’ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে। এই দৃষ্টিভংগীয়ে ৰাষ্ট্ৰসমূহৰ মাজত নিৰাপত্তা আৰু সমৃদ্ধিৰ পাৰস্পৰিক আন্তঃসংযোগী প্ৰকৃতিক স্বীকাৰ কৰে আৰু কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সামুদ্ৰিক ভৱিষ্যৎ কোনো এখন দেশে অকলে গঢ়িব নোৱাৰে। ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰা ‘ইণ্ডো-পেচিফিক অ’চেনছ ইনিচিয়েটিভ’কো তেওঁ সাতটা আন্তঃসংযোগী ক্ষেত্ৰত সামুদ্ৰিক সহযোগিতা আগবঢ়াই নিয়াৰ  ব্যৱহাৰিক কাৰ্যপ্ৰণালী বুলি অভিহিত কৰে।

আঞ্চলিক সহযোগিতাক ফলপ্ৰসূ ৰূপত পৰিণত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে আইপিআৰডিৰ অংশগ্ৰহণকাৰীসকলক কেৱল প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰাত আবদ্ধ নাথাকি ব্যৱহাৰিক কাৰ্যপন্থাত গুৰুত্ব দিবলৈ আহ্বান জনায়। তেওঁ শক্তিশালী বৈজ্ঞানিক নেটৱৰ্ক, যৌথ গৱেষণা, বিশ্ববিদ্যালয় আৰু সামুদ্ৰিক প্ৰতিষ্ঠানসমূহৰ মাজত আদান-প্ৰদান, আৰু উমৈহতীয়া প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সুলভ প্ৰযুক্তিগত সমাধান বিকাশৰ পোষকতা কৰে। আইপিআৰডিৰ আলোচনাসমূহে নিশ্চিত ফলাফল দিব লাগিব বুলি জোৰ দি তেওঁ কয় যে এই আলোচনাৰ পৰা ওলোৱা ধাৰণাসমূহ অংশীদাৰিত্ব, প্ৰকল্প আৰু পৰিমাপযোগ্য ফলাফললৈ ৰূপান্তৰিত হ’ব লাগিব।

“ভাৰত-প্ৰশান্ত মহাসাগৰৰ ভৱিষ্যত কেৱল প্ৰযুক্তিয়েই গঢ়ি তুলিব নোৱাৰে। আমি সেই প্ৰযুক্তি কেনে বিজ্ঞতাৰে ব্যৱহাৰ কৰোঁ, আমি কেনে ধৰণৰ অংশীদাৰিত্ব গঢ়ি তোলোঁ আৰু ৰাষ্ট্ৰসমূহৰ মাজত কেনেধৰণৰ বিশ্বাস স্থাপন কৰোঁ—তাৰ দ্বাৰাহে ই নিৰূপিত হ’ব,” এই সামূহিক প্ৰচেষ্টাত অৰিহণা যোগাবলৈ ভাৰত সাজু বুলি পুনৰ উল্লেখ কৰি শ্ৰী ৰাজনাথ সিঙে কয়।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই আলোচনাসমূহে অৰ্থপূৰ্ণ আলোচনা আৰু ব্যৱহাৰিক সহযোগিতাৰ বাট দেখুৱাব। তেওঁ “উমৈহতীয়া প্ৰত্যাহ্বানৰ পৰা উমৈহতীয়া বুজাবুজিলৈ, উমৈহতীয়া বুজাবুজিৰ পৰা উমৈহতীয়া জ্ঞানলৈ, আৰু উমৈহতীয়া জ্ঞানৰ পৰা উমৈহতীয়া সহনশীলতা তথা উমৈহতীয়া সমৃদ্ধিলৈ” অগ্ৰসৰ হ’বলৈ আহ্বান জনাই ভাষণৰ সামৰণি মাৰে।

নৌসেনা প্ৰধান (চিএনএছ) এডমিৰেল কৃষ্ণ স্বামীনাথনে নিজৰ ভাষণত মহাসাগৰসমূহৰ আন্তঃসংযোগী প্ৰকৃতি আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বৈজ্ঞানিক জ্ঞান, গৱেষণা আন্তঃগাঁথনি তথা প্ৰযুক্তিগত সক্ষমতাৰ অসমান বিতৰণৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে সামুদ্ৰিক সহযোগিতা কেৱল সা-সঁজুলি ক্ৰয় কৰাৰ মাজতে সীমিত নাথাকি বহনক্ষম সক্ষমতা গঢ়ি তোলাৰ দিশলৈ সম্প্ৰসাৰিত হ’ব লাগিব, যাতে অংশীদাৰ ৰাষ্ট্ৰসমূহে প্ৰযুক্তিসমূহ পৰিচালনা, ৰক্ষণাবেক্ষণ, অভিযোজন আৰু উন্নত কৰিবলৈ সক্ষম হয়।

সামুদ্ৰিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ  ব্যাপক আৰু অধিক সমন্বিত দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি চিএনএছে মহাসাগৰ বিজ্ঞান আৰু গৱেষণাত অধিক সামূহিক বিনিয়োগ, বৈজ্ঞানিক তথ্য তথা প্ৰযুক্তিৰ বৰ্ধিত আদান-প্ৰদান, আৰু যৌথ বৈজ্ঞানিক অভিযানসহ সহযোগিতামূলক গৱেষণা পদক্ষেপৰ আহ্বান জনায়। তেওঁ বিশ্বাস, স্বচ্ছতা আৰু অন্তৰ্ভুক্তিমূলক মহাসাগৰীয় শাসন ব্যৱস্থাৰ জৰিয়তে বিদ্যমান আঞ্চলিক প্ৰতিষ্ঠান আৰু ব্যৱস্থাসমূহ শক্তিশালী কৰাৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে।

চিএনএছে কয় যে আইপিআৰডি-২০২৬-য়ে অংশীদাৰিত্বপূৰ্ণ সামুদ্ৰিক স্বাৰ্থসমূহক ব্যৱহাৰিক ফলাফললৈ ৰূপান্তৰিত কৰিবলৈ আৰু সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিজ্ঞান, প্ৰযুক্তি তথা শৈক্ষিক সহযোগিতাক শক্তিশালী কৰাৰ বাবে সুদৃঢ়, দূৰদৰ্শী পৰামৰ্শ প্ৰদান কৰাত  গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে।

উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল সেনাধ্যক্ষ জেনেৰেল ধীৰাজ শেঠ, বিমান বাহিনীৰ প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল আশুতোষ দীক্ষিত, আৰু প্ৰাক্তন চিএনএছ তথা এনএমএফৰ অধ্যক্ষ এডমিৰেল দিনেশ কে ত্ৰিপাঠী (অৱসৰপ্ৰাপ্ত)।

ভাৰতীয় নৌসেনাই নেচনেল মেৰিটাইম ফাউণ্ডেচনৰ (এনএমএফ) সহযোগত আয়োজন কৰা তিনিদিনীয়া আইপিআৰডি ২০২৬ কাৰ্যসূচী ২০২৬ চনৰ ৩ নৱেম্বৰত আৰম্ভ হয়। আলোচনাৰ দ্বিতীয় দিনটো আঞ্চলিক সামুদ্ৰিক সহনশীলতাৰ দুটা ঘনিষ্ঠভাৱে সংযুক্ত বিষয়ত কেন্দ্ৰীভূত আছিল: সাগৰীয় কাৰ্যকলাপৰ উন্নত অংশীদাৰিত্বমূলক বুজাবুজি আৰু পাৰিৱেশিক পৰিৱৰ্তনৰ আগতীয়াকৈ অনুমান কৰা তথা তাৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে  শক্তিশালী বৈজ্ঞানিক সক্ষমতা।

এই দিনটোত  মন্ত্ৰী পৰ্যায়ৰ অধিবেশন অনুষ্ঠিত হয়, য’ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা ভূ-বিজ্ঞান দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ড০ জীতেন্দ্ৰ সিঙে বিশেষ ভাষণ প্ৰদান কৰে। তেওঁ ‘অল্টাৰনেটিভ হাল ফৰ্মছ ফৰ দ্য ফিউচাৰ ইণ্ডিয়ান নেভী’ শীৰ্ষক এখন এনএমএফৰ প্ৰকাশনো উন্মোচন কৰে।

আইপিআৰডি ২০২৬-ৰ মূল বিষয়বস্তুটোলৈ নৌসেনাৰ দৃষ্টিভংগী সংযোজন কৰি ‘পাৰ্ছপেক্টিভছ ফ্ৰম দ্য ফ্লেগ ব্ৰিজ’ শীৰ্ষক  মত বিনিময় অধিৱেশন অনুষ্ঠিত হয়। ইয়াত এনএমএফৰ সঞ্চালক প্ৰধান ভাইচ এডমিৰেল প্ৰদীপ চৌহানৰ সভাপতিত্ব প্ৰাক্তন ভাৰতীয় নৌসেনা প্ৰধান এডমিৰেল আৰ কে ধৱন, এডমিৰেল সুনীল লাম্বা, এডমিৰেল কৰমবীৰ সিং আৰু এডমিৰেল দিনেশ কে ত্ৰিপাঠীৰ লগতে শ্ৰীলংকা নৌসেনাৰ প্ৰাক্তন কমাণ্ডাৰ এডমিৰেল জয়ন্ত পেৰেৰা  আলোচনাত মিলিত হয়। এই অধিৱেশনখনে সামুদ্ৰিক কৌশল, প্ৰযুক্তিগত পৰিৱৰ্তন আৰু আঞ্চলিক সহযোগিতাৰ মাজৰ সম্পৰ্কত অতি মূল্যৱান দৃষ্টিভংগী আগবঢ়ায়, য’ত বিশেষভাৱে বৰ্তমান ভাৰতীয় নৌসেনাৰ অধ্যক্ষতাত চলি থকা ভাৰত মহাসাগৰীয় নৌসেনা আলোচনা চক্ৰৰ (আইঅ’এনএছ) অধীনস্থ নৌ সহযোগিতাক সামৰি লোৱা হয়।

ইয়াৰ উপৰি, ভাৰতীয় নৌসেনাৰ কমোডৰ অভিনৱ বাৰ্ৱেৰ সঞ্চালনাত ‘অ’চেনোগ্ৰাফিক ছায়েন্স এণ্ড ক্লাইমেট ৰেজিলিয়েন্স’ শীৰ্ষক  অধিৱেশন অনুষ্ঠিত হয়। এই অধিৱেশনত বক্তাসকলে মৰিচাছ আৰু ছেচেলছৰ দৰে ভাৰত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰসমূহত জলবায়ু সহনশীলতাৰ বাবে সহযোগিতামূলক সামুদ্ৰিক নেটৱৰ্কত বিশেষ গুৰুত্ব আৰোপ কৰি আঞ্চলিক প্ৰস্তুতিৰ বৈজ্ঞানিক ভেটিৰ বিষয়ে আলোচনা কৰে। মহাসাগৰ বিজ্ঞানক নীতিলৈ ৰূপান্তৰিত কৰা আৰু মহাসাগৰীয় তথ্যৰ পাৰস্পৰিক আদান-প্ৰদান—যাৰ ভিতৰত গৱেষণা জাহাজ, নিৰীক্ষণ নেটৱৰ্ক, পূৰ্বাভাস সক্ষমতা আৰু উপযুক্ত তথ্য আদান-প্ৰদান ব্যৱস্থাৰ সৈতে জড়িত সহযোগিতা অন্তৰ্ভুক্ত—সেই দিশসমূহতো এই অধিৱেশনত আলোচনা কৰা হয়।

আইপিআৰডি ২০২৬-ৰ দ্বিতীয় দিনাৰ মন্ত্ৰী পৰ্যায়ৰ অধিৱেশন দুখনে সন্মিলনখনক কৌশলগত নিৰ্দেশনা প্ৰদান কৰে আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সামুদ্ৰিক নিৰাপত্তাজনিত উদ্বেগসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতামূলক দৃষ্টিভংগীৰ  সামগ্ৰিক ৰূপ দাঙি ধৰে।

 

 

VK/VM/Savvy/MM


(ৰিলিজ আই ডি : 2332826) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Tamil , Malayalam