বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে জয়পুৰত উদ্বোধন কৰিলে বাণিজ্য ভৱন আৰু উদ্যোগ ভৱন

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সকলো বিভাগ আৰু সংশ্লিষ্ট কাৰ্যালয় একেটা চৌহদতে লাভ কৰা জয়পুৰ হ’ল দেশৰ প্ৰথমখন চহৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ সমগ্ৰ দেশৰ ৪৬ টা সংস্থাক একেটা স্থানতে সংস্থাপিত কৰিবলৈ আহ্বান জনালে শ্ৰী গোৱেলে

একে স্থানত সংস্থাপনৰ জৰিয়তে ৰপ্তানি, বিনিয়োগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ তথা ব্যৱসায়িক সুবিধা প্ৰদানৰ বাবে ‘ৱান-ষ্টপ কেন্দ্ৰ’ গঢ়ি তোলা হ’ব

নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ প্ৰতি প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰিলে শ্ৰী পীয়ূষ গোৱেলে; নাগৰিকক সেৱা আগবঢ়োৱাটোৱেই চৰকাৰৰ সৰ্বপ্ৰধান দায়িত্ব বুলি মন্তব্য

পোষ্ট কৰা হৈছে: 04 NOV 2026 5:47PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে আজি জয়পুৰত ভাৰ্চুৱেল মাধ্যমেৰে বাণিজ্য ভৱন আৰু উদ্যোগ ভৱন উদ্বোধন কৰে। ইয়াৰ লগে লগে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয় আৰু ইয়াৰ সৈতে জড়িত তথা সংশ্লিষ্ট সংস্থাসমূহৰ কাৰ্যালয়সমূহক একেটা চৌহদতে সংস্থাপিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। জয়পুৰেই হ’ল এই সকলোবোৰ কাৰ্যালয় একেখন ছাদৰ তললৈ অনা প্ৰথমখন চহৰ তথা প্ৰথমখন ৰাজ্যৰ ৰাজধানী।

বাণিজ্য বিভাগ আৰু উদ্যোগ তথা আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগক (ডিপিআইআইটি) এই পদক্ষেপৰ বাবে অভিনন্দন জনাই শ্ৰী গোৱেলে কয় যে এই প্ৰকল্পটোৱে সমগ্ৰ দেশতে, বিশেষকৈ প্ৰতিখন ৰাজ্যৰ ৰাজধানীত এই ধাৰণাটো কাৰ্যকৰী কৰাৰ দিশত দ্ৰুত পদক্ষেপৰ সূচনা কৰিব লাগে। তেওঁ উল্লেখ কৰে যে এই কেন্দ্ৰসমূহে উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক সহায় কৰাৰ বাবে মূল কেন্দ্ৰ হিচাপে কাম কৰিব আৰু ৰপ্তানি, বিনিয়োগ তথা আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰৰ সৈতে জড়িত কাৰ্যকলাপৰ বাবে একমাত্ৰ ঠিকনা (ৱান-ষ্টপ কেন্দ্ৰ) হিচাপে সেৱা আগবঢ়াব। লগতে এইসমূহে ব্যৱসায় আৰু উদ্যোগসমূহক ‘বিকশিত ভাৰত ২০৪৭’ৰ দিশত তেওঁলোকৰ যাত্ৰাত সহযোগ কৰিব।

এই পদক্ষেপটো সমগ্ৰ পৰিৱেশতন্ত্ৰৰ  সামূহিক প্ৰতিশ্ৰুতি হৈ পৰিব লাগিব বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী গোৱেলে চৰকাৰী কাৰ্যালয়, অংশীদাৰ, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি, ৰপ্তানিকাৰক, আমদানিকাৰক, বিনিয়োগকাৰী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সক্ৰিয় অংশগ্ৰহণৰ আহ্বান জনায়। তেওঁ কয় যে ইয়াৰ উদ্দেশ্য কেৱল প্ৰশাসনিক একত্ৰীকৰণতে সীমাবদ্ধ নাথাকি সেৱা প্ৰদান ব্যৱস্থাক ৰূপান্তৰিত কৰা, প্ৰক্ৰিয়াসমূহ সৰল কৰা আৰু ব্যৱসায় কৰাটো অধিক সহজ কৰি তোলা তথা দেশৰ আইনসমূহ পালন কৰাটো সুচল কৰালৈকে সম্প্ৰসাৰিত হ’ব লাগিব।

মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে যে অনুজ্ঞাপত্ৰ আৰু অনুমতিৰ বাবে কৰা আৱেদন, স্কোমেট অনুমোদন আৰু অন্যান্য সেৱাসমূহকে ধৰি সকলো প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অনলাইনলৈ স্থানান্তৰ কৰিব লাগে। তেওঁ সমগ্ৰ দেশৰ বৈদেশিক বাণিজ্য সঞ্চালকালয়ৰ (ডিজিএফটি) আঞ্চলিক কৰ্তৃপক্ষসমূহৰ (আৰএ) পুৰণি তথ্য আৰু নথিপত্ৰৰ ডিজিটেলাইজেচনসহ প্ৰয়োজনীয় সকলো ডিজিটেলাইজেচন সম্পূৰ্ণ কৰাৰ সময়সীমা ২০২৭ চনৰ ৩১ মাৰ্চ নিৰ্ধাৰণ কৰে। ২০২৭ চনৰ ১ এপ্ৰিলৰ পৰা এই সেৱাসমূহৰ বাবে কোনো ব্যক্তিয়ে শাৰীৰিকভাৱে কোনো কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাইবা আশা কৰা উচিত নহ’ব।

তেওঁ কয় যে য’ত মূল নথিপত্ৰৰ শাৰীৰিক পৰীক্ষণৰ প্ৰয়োজন হয়, তাত নথিপত্ৰসমূহ পৰীক্ষা আৰু আপলোড কৰাৰ সুবিধার্থে এটা সৰু কাউণ্টাৰৰ ব্যৱস্থা কৰিব পৰা যাব। প্ৰয়োজন অনুসৰি একেসময়তে নথিপত্ৰ পৰীক্ষণ আৰু আপলোড কৰিবলৈ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত কম্পিউটাৰো স্থাপন কৰিব পাৰি। মন্ত্ৰীগৰাকীয়ে স্ব-প্ৰমাণীকৰণ আৰু অংশীদাৰসকলৰ ওপৰত অধিক বিশ্বাস ৰখাত উৎসাহ যোগায় আৰু কয় যে চৰকাৰে নাগৰিক তথা ব্যৱসায়সমূহৰ প্ৰতি নিজৰ আস্থা প্ৰদৰ্শন কৰা উচিত।

শ্ৰী গোৱেলে প্ৰক্ৰিয়া, ফৰ্মেট আৰু প্ৰ-পত্ৰসমূহ সৰলীকৰণ কৰিবলৈকো আহ্বান জনায় আৰু ব্যৱসায়িক প্ৰতিষ্ঠান তথা নাগৰিকসকলৰ বাবে উন্নত ফলাফল প্ৰদান কৰিবলৈ সংস্থাগত ভিন্নতা আঁতৰাই ঐক্যবদ্ধভাৱে কাম কৰিবলৈ বিভাগসমূহক অনুৰোধ কৰে। তেওঁ কয় যে এই পদক্ষেপৰ উদ্দেশ্যসমূহ সাধন কৰিবলৈ দুয়োটা বিভাগ আৰু মন্ত্ৰালয়ৰ অধীনস্থ বিভিন্ন সংস্থাসমূহৰ মাজত উন্নত সমন্বয় অপৰিহাৰ্য হ’ব।

মন্ত্ৰীগৰাকীয়ে জনায় যে বৰ্তমান মন্ত্ৰালয়ৰ প্ৰায় ৫০০টা কাৰ্যালয় আৰু ৪৬টা সংস্থা আছে। মুম্বাইৰ ইচিজিচিৰ বৃহৎ কাৰ্যালয়ৰ দৰে অতি বৃহৎ চৌহদসমূহ, যিবোৰে স্বতন্ত্ৰভাৱে কাম কৰি থাকিব, সেইবোৰক বাদ দি আন কাৰ্যালয়সমূহক একেটা চৌহদত সংস্থাপনৰ ব্যৱস্থাৰ অধীনলৈ অনা হ’ব। তেওঁ স্পষ্ট কৰি দিয়ে যে একেটা চৌহদত সংস্থাপিত কেন্দ্ৰসমূহে কেৱল তাত ভৌতিকভাৱে থকা সংস্থাসমূহৰ বাবেহে সেৱা প্ৰদান নকৰিব, বৰঞ্চ মন্ত্ৰালয়ৰ অধীনস্থ আটাইকেইটা ৪৬টা সংস্থা আৰু বিভিন্ন বিভাগৰ সেৱাসমূহকো সুচল কৰি তুলিব।

তেওঁ কয় যে কোনো এটা নিৰ্দিষ্ট সংস্থাৰ বিষয়া একে চৌহদত থকা কাৰ্যালয়ত ভৌতিকভাৱে উপস্থিত নাথাকিলেও লোকসকলক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে তেওঁলোকৰ সৈতে মত বিনিময় কৰিবলৈ উৎসাহিত কৰা হ’ব। সেই অনুসৰি শ্ৰী গোৱেলে নিৰ্দেশ দিয়ে যে প্ৰতিটো একে চৌহদত সংস্থাপিত কাৰ্যালয়তে পৰ্যাপ্ত ভিডিঅ’ কনফাৰেন্সৰ সুবিধা প্ৰদান কৰিব লাগিব আৰু কাৰ্যালয়ৰ আকাৰ তথা প্ৰয়োজনীয়তা অনুসৰি সেইবোৰ দুটা বা তিনিটা কাউণ্টাৰলৈ সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা থাকিব লাগিব।

মন্ত্ৰীগৰাকীয়ে কয় যে এই কেন্দ্ৰসমূহে ক্ৰমান্বয়ে সুবিধা প্ৰদান আৰু প্ৰসাৰমূলক কাৰ্যালয় হিচাপে কাম কৰা উচিত। বিনিয়োগ আৰু বৈদেশিক বাণিজ্যৰ প্ৰসাৰ ঘটোৱা, পথপ্ৰদৰ্শন বিচৰা লোকসকলক সহায় কৰা, ভাৰতলৈ বিনিয়োগ আকৰ্ষণ কৰা, দেশত মূলধনী ব্যয়ক উৎসাহিত কৰা আৰু ৰপ্তানিৰ প্ৰসাৰ কৰাটোৱেই হ’ব এইবোৰৰ ভূমিকা। তেওঁ স্পষ্ট কৰে যে এইবোৰৰ উদ্দেশ্য কেৱল অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ মাজতে সীমিত থকা উচিত নহয়।

শ্ৰী গোৱেলে কয় যে কাৰ্যালয়সমূহৰ সহ-সংস্থাপন, ডিজিটেলাইজেচন আৰু ফেইচলেইচ পৰীক্ষণৰ শুভাৰম্ভই স্বচ্ছতা, দায়বদ্ধতা আৰু জনসাধাৰণৰ আস্থা বৃদ্ধি কৰিব। প্ৰতিখন ৰাজ্যতে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ এনে একত্ৰিত উপস্থিতিয়ে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অংশীদাৰসকলক এই আশ্বাস দিব যে তেওঁলোকে এটা স্থানৰ পৰাই সকলো সহায় আৰু মাৰ্গদৰ্শন লাভ কৰিব পাৰিব।

আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু গোলকীয় ভূ-ৰাজনৈতিক পৰিস্থিতিৰ যথেষ্ট অনিশ্চয়তা আৰু অস্থিৰতাৰ মাজত কাৰ্যক্ষম সেৱা প্ৰদানৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সময় অতি মূল্যবান আৰু সফলতাৰ বাবে প্ৰতিযোগিতামূলক সক্ষমতা অপৰিহাৰ্য। তেওঁ বিষয়াসকলক প্ৰতিটো কাৰ্যালয়ৰ কাৰ্যপ্ৰণালী সহায়ক, সহযোগিতামূলক, বন্ধুত্বপূৰ্ণ আৰু হিতৈষী হোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে কাৰ্যালয়সমূহক একেখন ছাদৰ তললৈ আনিলে ইয়াৰ কাম-কাজত নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বজাই ৰখাতো সহায়ক হ’ব।

সমগ্ৰ দেশত চলি থকা কাম-কাজত আকস্মিকভাৱে চকু ৰাখিব পৰাকৈ প্ৰতিটো কাৰ্যালয়তে নতুন দিল্লীৰ বাণিজ্য ভৱনত থকা কেন্দ্ৰীয় চাৰ্ভাৰৰ সৈতে সংযোজিত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। তেওঁ স্পষ্ট কৰে যে ইয়াৰ উদ্দেশ্য অহৰহ নিৰীক্ষণ কৰা নহয়, বৰঞ্চ কাম-কাজৰ তদাৰক কৰিবলৈ আৰু চুৰি তথা তেনেধৰণৰ ঘটনাৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ সময়ে সময়ে পৰীক্ষা কৰাহে।

তেওঁ লগতে নিৰ্দেশ দিয়ে যে কাৰ্যালয়সমূহৰ কাম-কাজ চলাবলৈ প্ৰয়োজনীয় সকলো যাৱতীয় অনুমোদন থাকিব লাগিব, যাৰ ভিতৰত অগ্নিনিৰ্বাপক বাহিনীৰ অনুমোদন আৰু দোকান তথা প্ৰতিষ্ঠান আইনৰ অধীনস্থ অনুমোদনসমূহো অন্তৰ্ভুক্ত। কৰ্মক্ষেত্ৰৰ সুবিধাসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে প্ৰতিটো কাৰ্যালয়তে পুৰুষ আৰু মহিলাৰ বাবে উচ্চমানৰ শৌচাগাৰ থাকিব লাগিব, লগতে সৰু কাৰ্যালয়সমূহত প্ৰযোজ্য হ’লে সকলো লিংগৰ বাবে সুবিধা থাকিব লাগিব। সকলো কাৰ্যালয়তে দিব্যাংগ ব্যক্তিৰ বাবে ব্যৱহাৰযোগ্য শৌচাগাৰো থাকিব লাগিব। তেওঁ কয় যে এই সুবিধাসমূহৰ মান অন্ততঃ নতুন দিল্লীৰ বাণিজ্য ভৱনৰ সমপৰ্যায়ৰ হ’ব লাগিব আৰু সম্ভৱ হ’লে তাতকৈও উন্নত হ’ব লাগিব; লগতে তেওঁ এই উদ্দেশ্যৰ বাবে পৰ্যাপ্ত সম্পদ আবণ্টন কৰিবলৈ নিৰ্দেশ দিয়ে।

শ্ৰী গোৱেলে এই কথাটোতো গুৰুত্ব দিয়ে যে য’তেই সম্ভৱ আচবাব আৰু সা-সঁজুলিসমূহ ‘মডুলাৰ’ হ’ব লাগে আৰু আচবাব, সঁজুলি, লাইটিং তথা পৰ্দাকে ধৰি সকলো ক্ৰয় একেবাৰে অপৰিহাৰ্য নহ’লে ঘৰুৱা বা স্বদেশী হ’ব লাগে।

মন্ত্ৰীগৰাকীয়ে সময়সীমা আৰু অধিক হ্ৰাস কৰাৰ আৰু য’তেই সম্ভৱ তাত স্বতঃসিদ্ধ অনুমোদন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সম্ভাৱনাসমূহ পৰীক্ষা কৰিবলৈ বিষয়াসকলক আহ্বান জনায়। তেওঁ বিভিন্ন অঞ্চলৰ অংশীদাৰসকলৰ সৈতে নিয়মীয়াকৈ ভিডিঅ’ কনফাৰেন্স বা হাইব্ৰিড বৈঠক অনুষ্ঠিত কৰিবলৈ সচিব, অতিৰিক্ত সচিব আৰু যুটীয়া সচিবসকলক অনুৰোধ জনায়। মন্ত্ৰালয়ৰ কাৰ্যালয়সমূহৰ পৰা সেৱা আৰু ফলাফল লাভ কৰাটো জনসাধাৰণৰ বাবে অধিক সহজ কৰি তুলিবলৈ আৰু নথিপত্ৰৰ কাম হ্ৰাস কৰিবলৈ অহৰহ উপায় চিনাক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

শ্ৰী গোৱেলে কয় যে এই পদক্ষেপে দুয়োটা বিভাগৰ ভিতৰত আৰু বিভিন্ন আভ্যন্তৰীণ তথা বাহ্যিক অংশীদাৰসকলৰ মাজত দলীয় কাম-কাজ শক্তিশালী কৰিব, মন্ত্ৰালয়ৰ বিভিন্ন শাখাৰ মাজত সমন্বয় উন্নত কৰিব আৰু সামগ্ৰিকভাৱে কাৰ্যক্ষমতা বৃদ্ধি কৰিব। ই মন্ত্ৰালয়টোক অধিক সমসাময়িক আৰু আধুনিক হৈ উঠাত সহায় কৰিব আৰু ‘বিকশিত ভাৰত ২০৪৭’ৰ দিশত আগবঢ়া যাত্ৰাত নিজৰ ভূমিকা পালনৰ বাবে সাজু কৰি তুলিব।

কেইবাখনো নতুন বাণিজ্য চুক্তি আৰু নতুন বজাৰ মুকলি হোৱাৰ প্ৰেক্ষাপটত মন্ত্ৰালয়ৰ সম্প্ৰসাৰিত দায়িত্বসমূহৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বমঞ্চত ভাৰতে সাহসী, আত্মবিশ্বাসী আৰু অপ্ৰতিৰোধ্য অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০৪৭ চনৰ ভিতৰত ভাৰতক ৩০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ বাবে সাজু হোৱাৰ প্ৰয়োজনীয়তাত তেওঁ গুৰুত্ব আৰোপ কৰে।

ভাৰতৰ জনসাধাৰণ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক সেৱা আগবঢ়োৱাটোৱেই মন্ত্ৰালয়ৰ মূল দায়িত্ব বুলি পুনৰ উল্লেখ কৰি শ্ৰী গোৱেলে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব দিয়াৰ দৰে নাগৰিকেই হৈছে ভগৱান স্বৰূপ আৰু সেই ভাবেৰেই নাগৰিকক সেৱা আগবঢ়োৱাটো চৰকাৰৰ দায়িত্ব।

 

 

***

Abhishek Dayal/ Abhijith Narayanan/ Ishita Biswas/MM


(ৰিলিজ আই ডি : 2332825) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Gujarati