পোষ্ট কৰা হৈছে:
04 NOV 2026 7:08PM by PIB Guwahati
ইণ্ডিয়ান ইনষ্টিটিউট অব্ কৰ্প’ৰেট এফেয়াৰ্ছে (আইআইচিএ) তেলেংগানা চৰকাৰ আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ সহযোগত প্ৰতিষ্ঠিত স্বায়ত্তশাসিত প্ৰতিষ্ঠান, হায়দৰাবাদৰ ইণ্টাৰনেচনেল আৰ্বিট্ৰেচন এণ্ড মেডিয়েচন চেণ্টাৰৰ (আইএএমচি) সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। এই বুজাবুজি চুক্তিয়ে প্ৰাতিষ্ঠানিক সহযোগিতাক সুদৃঢ় কৰা আৰু মধ্যস্থতা, মীমাংসা, কৰ্পৰেট পৰিক্ৰমা তথা পাৰস্পৰিক স্বাৰ্থজড়িত আনুষংগিক ক্ষেত্ৰসমূহত পেছাদাৰী উৎকৃষ্টতাক প্ৰসাৰিত কৰাৰ দিশত তাৎপৰ্যপূৰ্ণ পদক্ষেপ ৰূপে চিহ্নিত কৰিছে।
আইআইচিএৰ সঞ্চালক প্ৰধান তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জ্ঞানেশ্বৰ কুমাৰ সিঙে আইএএমচিৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পঞ্জীয়ক শ্ৰী এ জে জৱাদক আদৰণি জনায় আৰু তেওঁলোকৰ উপস্থিতিতে আইআইচিএৰ মুখ্য প্ৰশাসনিক বিষয়া কৰ্ণেল আমনদীপ সিং পুৰী আৰু আইএএমচিৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পঞ্জীয়ক শ্ৰী এ জে জৱাদে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।
আইআইচিএৰ বিকল্প বিবাদ নিষ্পত্তিৰ উৎকৃষ্টতা কেন্দ্ৰৰ (চিইএডিআৰ) মুৰব্বী অধ্যাপক (ড০) নবীন সিৰোহীয়ে বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায় আৰু জ্ঞানৰ আদান-প্ৰদান, পেছাদাৰী বিকাশ তথা সহযোগিতামূলক পদক্ষেপসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰতিষ্ঠানিক অংশীদাৰিত্বৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।
নিজৰ মূল ভাষণত শ্ৰী জ্ঞানেশ্বৰ কুমাৰ সিঙে ‘বিকশিত ভাৰত@২০৪৭’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি নিৰ্দিষ্ট চমু আৰু দীৰ্ঘম্যাদী পাঠ্যক্ৰম, কৰ্মশালা, আলোচনা চক্ৰ আৰু অন্যান্য দক্ষতা বিকাশ কাৰ্যসূচীৰ বিশেষায়িত মধ্যস্থতাকাৰী, মীমাংসাকাৰী আৰু বিবাদ নিষ্পত্তি পেছাদাৰী দল গঢ়ি তুলিবলৈ আইআইচিএ আৰু আইএএমচিৰ মাজৰ সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
অৰ্থনৈতিক বিকাশ, মুঠ ঘৰুৱা উৎপাদন (জিডিপি) আৰু ৰপ্তানিৰ সৈতে থকা সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ এমএছএমই খণ্ডত মীমাংসাৰ গুৰুত্বত জোৰ দিয়ে আৰু দুয়োটা প্ৰতিষ্ঠানৰ দ্বাৰা খণ্ডভিত্তিক মনোযোগ অধিক গভীৰ কৰাৰ পৰিকল্পনা ব্যক্ত কৰে। ইয়াৰ উপৰি, ২০৪৭ চনৰ ভিতৰত হাৰিয়ানা ৰাজ্যৰ ‘এক ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি’ গঢ়াৰ লক্ষ্যত আঞ্চলিক সহযোগিতা আগবঢ়োৱাৰ কথা বিবেচনা কৰিব পাৰি, যিটো শক্তিশালী প্ৰতিষ্ঠানিক মীমাংসা তথা মধ্যস্থতা কেন্দ্ৰৰ দ্বাৰা সঞ্চালিত বিনিয়োগকাৰীৰ আস্থা অবিহনে সম্ভৱ নহ’বও পাৰে।
শ্ৰী এ জে জৱাদে তেওঁৰ বিশেষ ভাষণত ভাৰতত বিকল্প বিবাদ নিষ্পত্তি (এডিআৰ) পৰিৱেশতন্ত্ৰক অধিক সম্প্ৰসাৰিত আৰু শক্তিশালী কৰি তুলিব পৰা সুসংগঠিত কাৰ্যসূচী, যৌথ পদক্ষেপ আৰু নীতিমুখী গৱেষণা প্ৰস্তুত কৰিবলৈ পৰস্পৰৰ প্ৰতিষ্ঠানিক দক্ষতা তথা সম্পদৰ সদ্ব্যৱহাৰৰ অৰ্থে আইএএমচিয়ে আইআইচিএৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী বুলি উল্লেখ কৰে। তেওঁ কয় যে এই বুজাবুজি চুক্তিখনে সালিসী, মধ্যস্থতা আৰু বিবাদ নিষ্পত্তিৰ প্ৰশিক্ষণ তথা প্ৰতিষ্ঠানিক বিকাশৰ ক্ষেত্ৰত পেছাদাৰী উৎকৃষ্টতা বৃদ্ধি, উৎকৃষ্ট কাৰ্যপদ্ধতিৰ প্ৰসাৰ আৰু উদ্ভাৱনক উৎসাহিত কৰাৰ ব্যাপক দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখিছে।
স্কুল অব্ ফাইনেন্স এণ্ড মেনেজমেন্ট তথা বিকল্প বিবাদ নিষ্পত্তিৰ উৎকৃষ্টতা কেন্দ্ৰৰ মুৰব্বী অধ্যাপক (ড০) নবীন সিৰোহীৰ তত্ত্বাৱধানত বিকল্প বিবাদ নিষ্পত্তিৰ উৎকৃষ্টতা কেন্দ্ৰৰ (চিইএডিআৰ) দ্বাৰা এই বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানটো আয়োজন কৰা হৈছিল।
আইআইচিএ আৰু আইএএমচি হায়দৰাবাদ সম্পৰ্কে
ইণ্ডিয়ান ইনষ্টিটিউট অব্ কৰ্প’ৰেট এফেয়াৰ্ছ (আইআইচিএ) হৈছে ভাৰত চৰকাৰৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ স্বায়ত্তশাসিত প্ৰতিষ্ঠান। ই কৰ্প’ৰেট প্ৰশাসন, দেউলীয়া অৱস্থা, নিয়ন্ত্ৰণমূলক ব্যৱস্থা আৰু আনুষংগিক ক্ষেত্ৰকে ধৰি কৰ্প’ৰেট পৰিক্ৰমাৰ বিভিন্ন দিশত গৱেষণা, নীতিগত সহায়, সক্ষমতা বিকাশ আৰু পেছাদাৰী উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সম্পদ প্ৰতিষ্ঠান হিচাপে কাম কৰে।
হায়দৰাবাদৰ ইণ্টাৰনেচনেল আৰ্বিট্ৰেচন এণ্ড মেডিয়েচন চেণ্টাৰ (আইএএমচি) হৈছে মধ্যস্থতা, মীমাংসা আৰু অন্যান্য বিকল্প বিবাদ নিষ্পত্তি ব্যৱস্থাক প্ৰসাৰিত কৰাৰ বাবে সমৰ্পিত প্ৰাতিষ্ঠানিক মঞ্চ। ই বিকল্প বিবাদ নিষ্পত্তিৰ সুগমতা আৰু বিশেষজ্ঞতা বৃদ্ধিৰ দিশত কাম কৰে।

****
KT/ONP/MM