নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

২০৪৭ চনৰ ভিতৰত উপকূলীয় সাগৰীয় পথ আৰু জলপথৰ সামগ্ৰী কঢ়িওৱা অংশীদাৰিত্ব দুগুণলৈ বৃদ্ধি কৰি ১২ শতাংশ কৰাৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ সৰ্বানন্দ সোনোৱালৰ

ওড়িশা চৰকাৰৰ পাৰাদীপ বন্দৰে ১,৫০০ কোটি টকা ব্যয়েৰে পুৰী আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল বিকশিত কৰিবঃ সৰ্বানন্দ সোনোৱাল

উপকূলীয় সামগ্ৰী পৰিবহণ প্ৰসাৰ আঁচনি আৰু ক্ৰুজ ভাৰত মিছনে ৫,৬০,০০০তকৈ অধিক নিয়োগ সৃষ্টি কৰিব আৰু ১৬ নিযুত টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন ৰাহি কৰিব বুলি আশা কৰা হৈছে

ভাৰতৰ সামুদ্ৰিক খণ্ডত ব্যাপক পৰিবৰ্তন পৰিলক্ষিত হৈছেঃ পুৰীত অনুষ্ঠিত পৰামৰ্শদাতা সমিতিৰ বৈঠকত সোনোৱাল

পোষ্ট কৰা হৈছে: 03 NOV 2026 8:04PM by PIB Guwahati

ওড়িশাৰ পুৰীত অনুষ্ঠিত এখন পৰামৰ্শদাতা সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে চৰকাৰে ২০৪৭ চনৰ ভিতৰত ভাৰতৰ মালবাহী পৰিবহণত উপকূলীয় আৰু আভ্যন্তৰীণ জলপথৰ জাহাজ পৰিবহণৰ অংশীদাৰিত্ব দুগুণ বৃদ্ধি কৰি ৬ৰ পৰা ১২ শতাংশ কৰাৰ লগতে আন দুটা প্ৰস্তাৱিত পদক্ষেপ উপকূলীয় সামগ্ৰী পৰিবহণ প্ৰসাৰ আঁচনি আৰু ক্ৰুজ ভাৰত মিছনৰ জৰিয়তে ২০২৯ চনৰ ভিতৰত ১ নিযুত ক্ৰুজ যাত্ৰীক আকৰ্ষিত কৰিবলৈ কাম কৰি আছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে লগতে ঘোষণা কৰে যে ওড়িশা চৰকাৰৰ অংশীদাৰিত্বত পাৰাদীপ বন্দৰ কৰ্তৃপক্ষই (পিপিএ) পুৰী আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল বিকশাই তুলিব। ১,৫০০ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো ৰূপায়ণ কৰাৰ সম্ভাৱনা আছে।

সোনোৱালে উপকূলীয় আৰু ক্ৰুজ পৰিবহণ শক্তিশালী কৰা সন্দৰ্ভত মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। এমঅ’পিএছডব্লিউৰ ৰাজ্য মন্ত্ৰী শান্তনু ঠাকুৰ আৰু আঠগৰাকী সাংসদ এই বৈঠকত উপস্থিত থাকে। মন্ত্ৰালয়ৰ সচিবে উপকূলীয় আৰু ক্ৰুজ পৰিবহণৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বৰ্ণনা কৰি বিষয়টো উত্থাপন কৰে।

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত যোৱা ১২ বছৰত ভাৰতৰ সামুদ্ৰিক খণ্ডত ব্যাপক পৰিবৰ্তন পৰিলক্ষিত হৈছে’, সোনোৱালে কয়।

ভাৰতত দীৰ্ঘ দূৰত্বত মালবাহী সামগ্ৰী অধিক বাধাহীনভাৱে স্থানান্তৰ কৰাৰ প্ৰাকৃতিক সুবিধাৰ ১১,০০০ কিলোমিটাৰতকৈও অধিক (৬,৮০০ মাইল) উপকূলীয় অঞ্চল আছে। ভাৰতীয় বন্দৰসমূহত উপকূলীয় সামগ্ৰী যোৱা ১২ বছৰত ৭৪ নিযুত মেট্ৰিক টনৰ পৰা ১৭৭ নিযুত মেট্ৰিক টনলৈ বৃদ্ধি পাইছে, যি হৈছে প্ৰায় ১৪০ শতাংশ বৃদ্ধি।

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমাৰ উপকূলীয় অঞ্চল আৰু নদীসমূহক বিকাশৰ ইঞ্জিনলৈ ৰূপান্তৰিত কৰা হৈছে। উপকূলীয় সামগ্ৰী পৰিবহণ প্ৰসাৰ আঁচনি আৰু ক্ৰুজ ভাৰত মিছনে সাগৰীয় পথেৰে অধিক সামগ্ৰী স্থানান্তৰ কৰাৰ লগতে আমাৰ উপকূলসমূহলৈ অধিক পৰ্যটক আকৰ্ষিত কৰিব, কৰ্মসংস্থাপন সৃষ্টি কৰিব আৰু পৰিবেশ সুৰক্ষিত কৰিব’, সৰ্বানন্দ সোনোৱালে কয়।

২০২৬-২৭ বাজেটত ঘোষণা কৰা উপকূলীয় সামগ্ৰী পৰিবহণ প্ৰসাৰ আঁচনিখনে জাহাজ, ৰে’ল আৰু পথৰ দৰে একাধিক পৰিবহণৰ জৰিয়তে সামগ্ৰী পৰিবহণ কৰা কাৰ্গো মালিক, উপকূলীয় জাহাজ পৰিচালক আৰু মাল্টিমডেল পৰিবহণ অপাৰেটৰসকলক উদগনি যোগাব।

সাগৰীয় ক্ৰুজৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে, সোনোৱালে কয়। ২০১৩-১৪ চনৰ তুলনাত ভেছেল কল (জাহাজ এখনে যাত্ৰা পথত কোনো বন্দৰত সামগ্ৰী উঠোৱা-নমোৱা কৰিবলৈ বা ইন্ধন লোৱাৰ বাবে কিছু সময়ৰ কাৰণে ৰোৱা বা অৱতৰণ কৰা কাৰ্য) ২.১ গুণ আৰু যাত্ৰীৰ যাতায়াত ৫.৫ গুণ বৃদ্ধি হৈ ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতে ২১২ ভেছেল কল আৰু ৪,৬২,৬৬১ মহাসাগৰীয় ক্ৰুজ যাত্ৰীৰে অভিলেখ গঢ়িছে। ২০২৪ চনৰ ছেপ্টেম্বৰত আৰম্ভ কৰা ক্ৰুজ ভাৰত মিছনে ২০২৯ চনৰ মাৰ্চৰ ভিতৰত ১০ লাখ ক্ৰুজ যাত্ৰী আৰু ৪,০০,০০০ নিযুক্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ইতিমধ্যে ১৬ টা ৰাষ্ট্ৰীয় জলপথত ২০ টা নদী ক্ৰুজ চাৰ্কিট চলি আছে আৰু পৰ্য্যায়ক্ৰমে উন্নয়নৰ বাবে ৫১ টা চিনাক্ত কৰা হৈছে। সোনোৱালে কয় যে ১৪৩ খন ৰিভাৰ ক্ৰুজ টাৰ্মিনেল আৰু অৱতৰণ পইণ্ট কাৰ্যক্ষম হৈ আছে। সোনোৱালে কয় যে দুয়োটা উদ্যমে একেলগে ৫,৬০,০০০তকৈ অধিক নিয়োগ সৃষ্টি কৰাৰ লগতে ১৬ নিযুত মেট্ৰিক টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন ৰাহি কৰিব বুলি আশা কৰা হৈছে।

সোনোৱালে ওড়িশাত আনুমানিক ১৩,০০০ কোটি টকাতকৈ অধিক ব্যয়সাপেক্ষ ৫ নম্বৰ ৰাষ্ট্ৰীয় জলপথৰ উন্নয়নৰ ওপৰত আলোকপাত কৰে। এই জলপথৰ উদ্দেশ্য হৈছে তালচেৰ আৰু কলিংগ নগৰকে ধৰি ৰাজ্যখনৰ ঔদ্যোগিক আৰু খনন কেন্দ্ৰসমূহক পূব উপকূলৰ বন্দৰৰ সৈতে সংযোগ কৰা।

সাংসদসকলে সামুদ্ৰিক খণ্ডৰ বিকাশৰ বাবে চৰকাৰৰ প্ৰয়াসৰ প্ৰশংসা কৰে আৰু দেশৰ বিভিন্ন প্ৰান্তত সামুদ্ৰিক আন্তঃগাঁথনি সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়।

‘মই সাংসদসকলৰ মূল্যৱান অন্তৰ্দৃষ্টি আৰু পৰামৰ্শৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিয়ে এই যাত্ৰাক সাকাৰ ৰূপ দিয়াত সহায় কৰিব’, সোনোৱালে কয়। ‘প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীৰ নেতৃত্বত আমি বিকশিত ভাৰতৰ বাবে প্ৰতিযোগিতামূলক, বহনক্ষম আৰু সমৃদ্ধিশালী সামুদ্ৰিক পৰিবেশতন্ত্ৰৰ দিশত নিৰন্তৰভাৱে আগবাঢ়িছোঁ।’

 

 

***

MI/Indu/NB


(ৰিলিজ আই ডি : 2332435) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: Bengali , Odia , English , Urdu , हिन्दी