ৰেল মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬ চনৰ অক্টোবৰত ভাৰতীয় ৰে’লৱেৰ সামগ্ৰী পৰিবহণৰ পৰিমাণ ১৪৫.০৭ নিযুত টন

২০২৫ চনৰ অক্টোবৰৰ তুলনাত ২০২৬ চনৰ অক্টোবৰত খাদ্য শস্য পৰিবহণ ২৬.৩ শতাংশ, ঘৰুৱা কয়লা ১৬ শতাংশ, অন্যান্য সামগ্ৰী ১১ শতাংশ আৰু ঘৰুৱা কণ্টেইনাৰ পৰিবহণ ৬.৩ শতাংশ বৃদ্ধি

২০২৬ চনৰ অক্টোবৰত বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহলৈ কয়লাৰ যোগান ১৯.৫ শতাংশ বৃদ্ধি

২০২৬ চনৰ এপ্ৰিলৰ পৰা অক্টোবৰৰ ভিতৰত সামগ্ৰী পৰিবহণৰ পৰিমাণ ৯৭৮.৭৮ নিযুত টনলৈ বৃদ্ধি, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাৰ পৰিমাণ অতিক্ৰম

পোষ্ট কৰা হৈছে: 04 NOV 2026 11:30AM by PIB Guwahati

২০২৬ চনৰ অক্টোবৰতো ভাৰতীয় ৰে’লৱেই নিজৰ শক্তিশালী কাৰ্যদক্ষতা অব্যাহত ৰাখি সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত উল্লেখযোগ্য বৃদ্ধি পঞ্জীয়ন কৰিছে। অধিক পৰিমাণৰ সামগ্ৰী পৰিবহণ আৰু ইয়াৰ ফলত বৃদ্ধি পোৱা ৰাজহে অৰ্থনৈতিক বিকাশত সহায় কৰাৰ লগতে দেশৰ পৰিবহণ আৰু লজিষ্টিক খণ্ড শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰে’লৱেৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

সামগ্ৰী পৰিবহণত উল্লেখযোগ্য বৃদ্ধি

ভাৰতীয় ৰে’লৱেই অক্টোবৰত  সৰ্বাধিক পৰিমাণৰ সামগ্ৰী পৰিবহণৰ অভিলেখ গঢ়িছে। মাহটোত মুঠ ১৪৫.০৭ নিযুত টন সামগ্ৰী পৰিবহণ কৰা হয়। ইয়াৰ বিপৰীতে ২০২৫ চনৰ অক্টোবৰত এই পৰিমাণ আছিল ১৩৩.৯৩ নিযুত টন। অৰ্থাৎ সামগ্ৰী পৰিবহণৰ পৰিমাণ ৮.৩২ শতাংশ বৃদ্ধি পাইছে।

মাহটোত কেইবাবিধো গুৰুত্বপূৰ্ণ সামগ্ৰীৰ পৰিবহণৰ ক্ষেত্ৰত উৎসাহজনক বৃদ্ধি পৰিলক্ষিত হৈছে। খাদ্যশস্যৰ পৰিবহণ ২৬.৩ শতাংশ, ঘৰুৱা কয়লা ১৬ শতাংশ, অন্যান্য সামগ্ৰী ১১ শতাংশ, ক্লিংকাৰ ১০.৪ শতাংশ, ঘৰুৱা কণ্টেইনাৰ ৬.৩ শতাংশ, লো-আকৰিক ৫ শতাংশ, খনিজ তেল ১.৯ শতাংশ আৰু প্ৰস্তুত তীখাৰ পৰিবহণ ০.৫ শতাংশ বৃদ্ধি পাইছে।

বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ভাৰতীয় ৰে’লৱেই ঘৰুৱা কয়লা পৰিবহণৰ পৰিমাণ বৃদ্ধি কৰিছে। ২০২৬ চনৰ অক্টোবৰত প্ৰতিদিনে গড়ে ৪৬৯.৮টা ৰে’ল ৰেকৰ জৰিয়তে কয়লা যোগান ধৰা হয়। ইয়াৰ বিপৰীতে যোৱা বছৰৰ একে মাহত প্ৰতিদিনে গড়ে ৩৯৩.২টা ৰে’ল ৰেকৰ জৰিয়তে কয়লা পৰিবহণ কৰা হৈছিল। ইয়াৰ ফলত কয়লা পৰিবহণৰ ক্ষেত্ৰত ১৯.৫ শতাংশ বৃদ্ধি পঞ্জীয়ন হৈছে।

২০২৬ চনৰ অক্টোবৰৰ এই সফলতাই ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম সাতটা মাহ অৰ্থাৎ এপ্ৰিলৰ পৰা অক্টোবৰৰ সময়ছোৱাত লাভ কৰা বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিছে। এই সময়ছোৱাত ভাৰতীয় ৰে’লৱেই ৯৭৮.৭৮ নিযুত টন সামগ্ৰী পৰিবহণ কৰে। যোৱা বছৰৰ একে সময়ছোৱাত এই পৰিমাণ আছিল ৯৩৫.১০ নিযুত টন। অৰ্থাৎ সামগ্ৰী পৰিবহণৰ পৰিমাণ ৪.৬৭ শতাংশ বৃদ্ধি পাইছে।

যাত্ৰীবাহী ৰে’লৰ যাত্ৰী পৰিবহণতো বৃদ্ধি অব্যাহত

২০২৬ চনৰ অক্টোবৰত যাত্ৰীবাহী ৰে’লৰ যাত্ৰী পৰিবহণৰ ক্ষেত্ৰতো স্থিৰ বৃদ্ধি পৰিলক্ষিত হৈছে। মাহটোত ভাৰতীয় ৰে’লেৰে ৬৪.৭২ কোটি যাত্ৰীয়ে যাতায়াত কৰে। যোৱা বছৰৰ একে মাহত এই পৰিমাণ আছিল ৬৩.৫২ কোটি।

২০২৬ চনৰ এপ্ৰিলৰ পৰা অক্টোবৰৰ সময়ছোৱাত ভাৰতীয় ৰে’লেৰে মুঠ ৪৪৩.৮ কোটি যাত্ৰীয়ে যাতায়াত কৰে। ইয়াৰ বিপৰীতে যোৱা বছৰৰ একে সময়ছোৱাত যাত্ৰীৰ সংখ্যা আছিল ৪৩১.৪ কোটি। উপনগৰীয় ৰে’ল সেৱাৰ বাহিৰৰ যাত্ৰী পৰিবহণ খণ্ডত ৪.২ শতাংশ বৃদ্ধি হোৱাৰ বিপৰীতে উপনগৰীয় ৰে’ল সেৱাৰ ক্ষেত্ৰত ১.৭ শতাংশ বৃদ্ধি পঞ্জীয়ন হৈছে।

সামগ্ৰী পৰিবহণৰ এই বৃদ্ধিয়ে দেশৰ পৰিবহণ ব্যৱস্থা শক্তিশালী কৰা আৰু ভাৰতৰ অৰ্থনৈতিক বিকাশত সহায় কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰে’লৱেৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। পৰিবহণ ক্ষমতা বৃদ্ধি আৰু কাৰ্যকৰী দক্ষতাৰ উন্নয়নৰ জৰিয়তে ভাৰতীয় ৰে’লৱেই নিজৰ পৰিবহণ নেটৱৰ্ক অধিক উন্নত কৰি আহিছে।

 

*****

     Dharmendra Tewari/ Dr. Nayan Solanki/ Vanshita Jaiswal/PB


(ৰিলিজ আই ডি : 2332425) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil , Kannada