স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

নেচনেল ডেণ্টেল কমিছন আইন, ২০২৩-ৰ অধীনত নিৰ্ধাৰিত নিয়ম অনুসৰি লটাৰী ড্ৰৰ জৰিয়তে নেচনেল ডেণ্টেল কমিছন আৰু ইয়াৰ স্বায়ত্তশাসিত ব’ৰ্ডসমূহৰ অংশকালীন সদস্য নিৰ্বাচন কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱে

ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰক প্ৰতিনিধিত্ব কৰা দহজন অংশকালীন সদস্য আৰু ৰাজ্যিক ডেণ্টেল পৰিষদসমূহক প্ৰতিনিধিত্ব কৰা নজন সদস্যক দুবছৰৰ কাৰ্যকালৰ বাবে নেচনেল ডেণ্টেল কমিছনলৈ নিৰ্বাচন; তিনিখন স্বায়ত্তশাসিত ব’ৰ্ডৰ দ্বিতীয় অংশকালীন সদস্যসকলকো নিৰ্বাচন

পোষ্ট কৰা হৈছে: 03 NOV 2026 6:17PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে নেচনেল ডেণ্টেল কমিছন আইন, ২০২৩ আৰু ইয়াৰ অধীনত প্ৰণয়ন কৰা নিয়ম অনুসৰি লটাৰী ড্ৰৰ জৰিয়তে নেচনেল ডেণ্টেল কমিছন (এনডিচি) আৰু ইয়াৰ তিনিখন স্বায়ত্তশাসিত ব’ৰ্ডৰ অংশকালীন সদস্য নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পন্ন কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱে এই নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।

দুবছৰীয়া কাৰ্যকালৰ বাবে কৰা এই নিযুক্তিৰ ভিতৰত ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰক প্ৰতিনিধিত্ব কৰা দহজন অংশকালীন সদস্য আৰু ৰাজ্যিক ডেণ্টেল পৰিষদসমূহক প্ৰতিনিধিত্ব কৰা নজন অংশকালীন সদস্য অন্তৰ্ভুক্ত। এই প্ৰক্ৰিয়াত আয়োগৰ তিনিখন স্বায়ত্তশাসিত ব’ৰ্ডৰ প্ৰতিখনৰে বাবে দ্বিতীয় অংশকালীন সদস্য নিৰ্বাচন কৰাটোও অন্তৰ্ভুক্ত আছিল।

ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰক প্ৰতিনিধিত্ব কৰা দহজন অংশকালীন সদস্য ছিকিম, ঝাৰখণ্ড, কেৰালা, উত্তৰাখণ্ড, মিজোৰাম, ৰাজস্থান, অৰুণাচল প্ৰদেশ, গুজৰাট, অন্ধ্ৰপ্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ পৰা নিৰ্বাচিত হৈছে।

ৰাজ্যিক ডেণ্টেল পৰিষদসমূহক প্ৰতিনিধিত্ব কৰা নজন অংশকালীন সদস্য নাগালেণ্ড, তামিলনাডু, মধ্যপ্ৰদেশ, মেঘালয়, কৰ্ণাটক, তেলেংগানা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু পুডুচেৰীৰ পৰা নিৰ্বাচিত হৈছে।

ইয়াৰ উপৰি, নেচনেল ডেণ্টেল কমিছন আইন, ২০২৩-ৰ ধাৰা ১৭(৫) অনুসৰি ৰাজ্যিক ডেণ্টেল পৰিষদসমূহক প্ৰতিনিধিত্ব কৰা নজন সদস্যৰ মাজৰ পৰাই নেচনেল ডেণ্টেল কমিছনৰ তিনিখন স্বায়ত্তশাসিত ব’ৰ্ডৰ প্ৰতিখনৰে বাবে দ্বিতীয় অংশকালীন সদস্য নিৰ্বাচন কৰা হৈছে। নিৰ্বাচিত সদস্যসকলৰ বিৱৰণ তলত দিয়া ধৰণৰ:

  • আণ্ডাৰ-গ্ৰেজুৱেট এণ্ড প’ষ্ট-গ্ৰেজুৱেট ডেণ্টেল এডুকেচন ব’ৰ্ড: তেলেংগানা
  • ডেণ্টেল এছেছমেণ্ট এণ্ড ৰেটিং ব’ৰ্ড: কৰ্ণাটক
  • এথিকছ এণ্ড ডেণ্টেল ৰেজিষ্ট্ৰেছন ব’ৰ্ড: মধ্যপ্ৰদেশ

লটাৰী ড্ৰ’ৰ জৰিয়তে অনুষ্ঠিত এই নিৰ্বাচন প্ৰক্ৰিয়াই আয়োগ আৰু ইয়াৰ স্বায়ত্তশাসিত ব’ৰ্ডসমূহত অংশকালীন সদস্য নিযুক্তিৰ বাবে নেচনেল ডেণ্টেল কমিছন আইন, ২০২৩-ৰ অধীনত নিৰ্ধাৰিত বিধিবদ্ধ নিয়মসমূহ অনুসৰণ কৰিছে।

এই প্ৰক্ৰিয়াৰ সময়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ডাঃ বিনোদ কোটোৱালৰ লগতে মন্ত্ৰালয়ৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।

নিৰ্বাচিত সদস্যসকলৰ সবিশেষ তথ্য সংলগ্নকত প্ৰদান কৰা হৈছে।

 

ক. ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰসমূহক প্ৰতিনিধিত্ব কৰা অংশকালীন সদস্যসকল

 

১. ছিকিম – ডাঃ কেছাং চোডেন ৰেচুং

 

২. ঝাৰখণ্ড – অধ্যক্ষ, ডেণ্টেল ইনষ্টিটিউট, ৰিমছ, ৰাঁচী

 

৩. কেৰালা – ডাঃ কান্নান ভাড়াক্কেপুৰায়িল

 

৪. উত্তৰাখণ্ড – ডাঃ কৃষ্ণ সিং নেগী

 

৫. মিজোৰাম – ব্ৰিগেডিয়াৰ ডাঃ অনিল কোহলী

 

৬. ৰাজস্থান – ডাঃ অঞ্জলি কাপুৰ

 

৭. অৰুণাচল প্ৰদেশ – ডাঃ তাগে তাম’

 

৮. গুজৰাট – ডাঃ ৰূপাল জে শ্বাহ

 

৯. অন্ধ্ৰপ্ৰদেশ – ডাঃ এম. জ্যোৎস্না

 

১০. জম্মু আৰু কাশ্মীৰ – অধ্যাপক (ডাঃ) পাৰৱীন আখতাৰ লোন

 

খ. ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ ডেণ্টেল পৰিষদসমূহক প্ৰতিনিধিত্ব কৰা অংশকালীন সদস্যসকল

 

১. নাগালেণ্ড – ডাঃ এইচ. হোটোখু চিছি

 

২. তামিলনাডু – ডাঃ এছ. এম. বালাজী

 

৩. মধ্যপ্ৰদেশ – ডাঃ চন্দ্ৰেশ কুমাৰ শুক্লা

 

৪. মেঘালয় – ডাঃ কিৰপাং পাছা

 

৫. কৰ্ণাটক – ডাঃ শিৱ চৰণ কে

 

৬. তেলেংগানা – ডাঃ ৰাজেশ ৰেড্ডী

 

৭. উত্তৰ প্ৰদেশ – ডাঃ কমলেশ্বৰ সিং

 

৮. বিহাৰ – ডাঃ মহম্মদ জেৰিয়াউৰ ৰহমান

 

৯. পুডুচেৰী – ডাঃ ভি অৰুণ প্ৰসাদ ৰাও

 

গ. স্বায়ত্তশাসিত ব’ৰ্ডসমূহৰ দ্বিতীয় অংশকালীন সদস্যসকল

১. আণ্ডাৰ-গ্ৰেজুৱেট এণ্ড প’ষ্ট-গ্ৰেজুৱেট ডেণ্টেল এডুকেচন ব’ৰ্ড: ডাঃ ৰাজেশ ৰেড্ডী (তেলেংগানা)

২. ডেণ্টেল এছেছমেণ্ট এণ্ড ৰেটিং ব’ৰ্ড: ডাঃ শিৱ চৰণ কে (কৰ্ণাটক)

৩. এথিকছ এণ্ড ডেণ্টেল ৰেজিষ্ট্ৰেছন ব’ৰ্ড: ডাঃ চন্দ্ৰেশ কুমাৰ শুক্লা (মধ্যপ্ৰদেশ)

 

*****

 

SR/MM


(ৰিলিজ আই ডি : 2332326) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी