পোষ্ট কৰা হৈছে:
03 NOV 2026 5:49PM by PIB Guwahati
কেন্দ্ৰীয় সতৰ্কতা(ভিজিলেঞ্চ) আয়োগৰ নিৰ্দেশনা অনুসৰি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে ২০২৬ চনৰ ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ সতৰ্কতা সজাগতা সপ্তাহ ২০২৬ পালন কৰে। এইবাৰৰ মূল বিষয়বস্তু আছিল 'সমৃদ্ধিৰ বাবে সততা'। আয়োগৰ পৰামৰ্শ অনুসৰি মন্ত্ৰালয়ে ২০২৬ চনৰ ১৭ আগষ্টৰ পৰা ১৬ নৱেম্বৰলৈ তিনিমহীয়া প্ৰতিৰোধমূলক সতৰ্কতা অভিযানো ৰূপায়ণ কৰিছে। এই অভিযানত দীৰ্ঘদিন ধৰি অমীমাংসিত অভিযোগ আৰু গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা, দক্ষতা বিকাশ কাৰ্যসূচী, ডিজিটেল পদক্ষেপ আৰু চুক্তি ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
২০২৬ চনৰ ২৬ অক্টোবৰত নতুন দিল্লীৰ কৰ্তব্য ভৱন-৩ত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সচিব শ্ৰীভাৰত খেৰাই মন্ত্ৰালয়ৰ বিষয়া আৰু কৰ্মচাৰীসকলক সততা পালনৰ শপত বাক্য পাঠ কৰোৱাই সপ্তাহজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। হাইব্ৰিড পদ্ধতিৰে অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত মন্ত্ৰালয় আৰু ইয়াৰ অধীনস্থ সংস্থাসমূহৰ ৫০০ৰো অধিক বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি ৰাজহুৱা সেৱাত সততা, স্বচ্ছতা আৰু নৈতিকতাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰে।
এই কাৰ্যসূচীৰ অংশ হিচাপে ২০২৬ চনৰ ২৬ অক্টোবৰত মন্ত্ৰালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ বাবে কুইজ আৰু শ্ল'গান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাসমূহত উৎসাহজনক অংশগ্ৰহণ পৰিলক্ষিত হয়। চৰকাৰী দায়িত্ব পালনৰ ক্ষেত্ৰত সততা, স্বচ্ছতা, ন্যায়নিষ্ঠা আৰু নৈতিক আচৰণ সম্পৰ্কে সজাগতা সৃষ্টি কৰাই আছিল এই প্ৰতিযোগিতাসমূহৰ উদ্দেশ্য।
সপ্তাহজোৰা কাৰ্যসূচীৰ সামৰণী অনুষ্ঠান ২০২৬ চনৰ ৩০ অক্টোবৰত সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। হাইব্ৰিড মাধ্যমত অনুষ্ঠিত এই অনুষ্ঠানত মন্ত্ৰালয়, ইয়াৰ অধীনস্থ সংস্থা আৰু দেশৰ বিভিন্ন প্ৰান্তত থকা ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ৩০০ৰো অধিক বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ মুখ্য সতৰ্কতা বিষয়াই তিনিমহীয়া অভিযানৰ সময়ছোৱাত মন্ত্ৰালয়ে গ্ৰহণ কৰা প্ৰতিৰোধমূলক সতৰ্কতামূলক পদক্ষেপসমূহৰ বিষয়ত উপস্থাপন আগবঢ়ায়। ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সচিবে কুইজ আৰু শ্ল'গান লিখা প্ৰতিযোগিতাৰ বিজয়ীসকলক সম্বৰ্ধনা জনায় আৰু ‘সমৃদ্ধিৰ বাবে সততা’ শীৰ্ষক মূলমন্ত্ৰত প্ৰতিফলিত সততা, স্বচ্ছতা আৰু দায়বদ্ধতাৰ মূল্যবোধ নিজৰ কৰ্ম আৰু আচৰণত প্ৰতিফলিত কৰাৰ গুৰুত্বত আলোকপাত কৰে।
সতৰ্কতা আৰু নৈতিক আচৰণৰ বাৰ্তা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ২০২৬ চনৰ ৩০ অক্টোবৰত নতুন দিল্লীৰ কৰ্তব্য ভৱন-৩ত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এটা দলে বাটৰ নাট প্ৰদৰ্শন কৰে। 'সমৃদ্ধিৰ বাবে সততা' বিষয়বস্তুৰ আধাৰত প্ৰস্তুত কৰা এই নাটখনত দুৰ্নীতি প্ৰতিৰোধ আৰু নিৰ্মূলৰ ক্ষেত্ৰত আচৰণ বিধি মানি চলা, জ্ঞানৰ নিৰন্তৰ উন্নীতকৰণ আৰু হুইচল ব্ল'ৱাৰ ব্যৱস্থাৰ ফলপ্ৰসূ ব্যৱহাৰৰ গুৰুত্ব উপস্থাপন ধৰা হয়। বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ ৩০০ৰো অধিক বিষয়া-কৰ্মচাৰীয়ে এই বাটৰ নাট প্ৰদৰ্শন উপভোগ কৰে।
সতৰ্কতা সজাগতা সপ্তাহ ২০২৬ পালন আৰু অব্যাহত থকা প্ৰতিৰোধমূলক সতৰ্কতা অভিযানৰ জৰিয়তে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে শাসন ব্যৱস্থাত স্বচ্ছতা, দায়বদ্ধতা আৰু সততা শক্তিশালী কৰাৰ অংগীকাৰ দোহাৰে। এই সময়ছোৱাত গ্ৰহণ কৰা পদক্ষেপসমূহে নৈতিক আচৰণ আৰু প্ৰতিৰোধমূলক সতৰ্কতাৰ পৰিৱেশ গঢ়ি তুলি এখন স্বচ্ছ, দায়বদ্ধ আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱাৰ দিশত মন্ত্ৰালয়ৰ সংকল্পকে প্ৰতিফলিত কৰে।


Sunil Kumar Tiwari/KrDD