পোষ্ট কৰা হৈছে:
03 NOV 2026 6:14PM by PIB Guwahati
ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ ব্যৱসায় বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিঙে ৩ নৱেম্বৰ ২০২৬ তাৰিখে ছিক্কিমৰ গেংটকত ছিক্কিম মিল্ক ইউনিয়ন (এছএমইউ)-ৰ দ্বাৰা আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত দুগ্ধ আন্তঃগাঁথনি শক্তিশালী কৰা, সমবায় নেটৱৰ্ক সম্প্ৰসাৰণ কৰা আৰু দুগ্ধ খণ্ডত মূল্য সংযোজন বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰা হয়।
মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নেচনেল প্ৰগ্ৰেম ফৰ ডেইৰী ডেভেলপমেণ্ট (এনপিডিডি)-ৰ অধীনত ছিক্কিম মিল্ক ইউনিয়নৰ মাইক্ৰ’বায়’লজী পৰীক্ষাগাৰ উদ্বোধন কৰে। এই ব্যৱস্থাৰ মূল লক্ষ্য আছিল অণুজীৱ পৰীক্ষণ আৰু গুণগত মান মূল্যায়ন শক্তিশালী কৰা, যাৰ ফলত দুগ্ধ খণ্ডত উন্নত মানদণ্ডৰ নিশ্চয়তা আৰু খাদ্য সুৰক্ষা বৃদ্ধি পাব। তেওঁ ছিক্কিম মিল্ক ইউনিয়নৰ দুগ্ধজাত সামগ্ৰী আৰু অন্যান্য পদক্ষেপসমূহ প্ৰদৰ্শন কৰা প্ৰদৰ্শনী ষ্টলসমূহো পৰিদৰ্শন কৰে।
ছিক্কিম মিল্ক ইউনিয়নৰ অধ্যক্ষৰ আদৰণি ভাষণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয় আৰু তাৰ পিছতে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী তথা অন্যান্য বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। কাৰ্ফেক্টাৰত থকা মাইক্ৰ’বায়’লজী পৰীক্ষাগাৰটোও ভাৰ্চুৱেলভাৱে উদ্বোধন কৰা হয়। পৰম্পৰাগত দুগ্ধজাত সামগ্ৰীৰ অনুসৰণযোগ্যতা শক্তিশালী কৰিবলৈ আৰু ইয়াৰ পৰিচয় তথা বজাৰযোগ্যতা প্ৰসাৰিত কৰিবলৈ ‘চুৰ্পী ট্ৰেচেবিলিটি’ পদক্ষেপৰ শুভাৰম্ভ কৰা হয়। মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৃষক উৎপাদক সংগঠনসমূহে (এফপিঅ’) প্ৰস্তুত কৰা ‘ফডাৰ প্লাছ’ সামগ্ৰীসমূহৰ শুভাৰম্ভ কাৰ্যসূচীও প্ৰত্যক্ষ কৰে, যিয়ে পশুধন খণ্ডত পশু খাদ্যৰ উপলব্ধতা, কৃষক গোটসমূহৰ গুৰুত্ব আৰু বৈচিত্ৰময় উপাৰ্জনৰ সুযোগসমূহ দাঙি ধৰিছে।
ছিক্কিমত সমবায় দুগ্ধ নেটৱৰ্ক অধিক শক্তিশালী কৰা আৰু তৃণমূল পৰ্যায়ত সংগঠিত দুগ্ধ প্ৰতিষ্ঠানসমূহৰ সম্প্ৰসাৰণ ঘটোৱাৰ দিশত আন এটা পদক্ষেপ হিচাপে নতুনকৈ গঠিত পাঁচখন দুগ্ধ সমবায় সমিতিক (ডিচিএছ) পঞ্জীয়ন প্ৰমাণপত্ৰ বিতৰণ কৰা হয়।
বিগত দশকত ছিক্কিমত গাখীৰ উৎপাদনত ৭৯% বৃদ্ধি
উপস্থিত ৰাইজক সম্বোধন কৰি মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুগ্ধ খণ্ডত লাভ কৰা উল্লেখনীয় অগ্ৰগতিৰ বাবে ছিক্কিম চৰকাৰ আৰু সংশ্লিষ্ট অংশীদাৰসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে দৈনিক গাখীৰৰ উৎপাদন ১.৩৭ লাখ লিটাৰৰ পৰা ৭৯% বৃদ্ধি পাই ২.৪৫ লাখ লিটাৰ হৈছেগৈ, আনহাতে দুগ্ধ সমবায় সমিতিৰ সংখ্যা ২০১৪-১৫ বৰ্ষৰ ৩৮৯ খনৰ পৰা ৮৮% বৃদ্ধি পাই ২০২৫-২৬ বৰ্ষত ৭৩৩ খন হৈছে। গ্ৰাহকলৈ দৈনিক যোগান ধৰা গাখীৰৰ পৰিমাণো ২৮,০০০ লিটাৰৰ পৰা দুগুণ বৃদ্ধি পাই ৫৬,০০০ লিটাৰ হৈছে।
দুগ্ধ খণ্ডৰ বিকাশ অধিক ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি তেওঁ এনডিডিবিক প্ৰচেষ্টা তীব্ৰতৰ কৰিবলৈ আৰু গাখীৰ উৎপাদন তথা ক্ৰয়ৰ ক্ষেত্ৰত ছিক্কিমক আত্মনিৰ্ভৰশীল কৰি তোলাত সহায় কৰিবলৈ অতিৰিক্ত মানৱ সম্পদ নিয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁ গাখীৰৰ গুণগত মান নিশ্চিত কৰা, অপমিশ্ৰণ ৰোধ কৰা আৰু কৃষকসকলৰ বাবে উচিত মূল্য সুৰক্ষিত কৰাৰ ক্ষেত্ৰত দুগ্ধ সমবায়সমূহৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে।
বাৰাণসীৰ উদাহৰণ দাঙি ধৰি তেওঁ উল্লেখ কৰে যে কেনেদৰে এনডিডিবিৰ হস্তক্ষেপৰ ফলত দৈনিক গাখীৰ সংগ্ৰহ ২০২২ চনৰ ১৪,০০০ লিটাৰৰ পৰা বৃদ্ধি পাই প্ৰায় ২.৫ লাখ লিটাৰ হৈছিল। কৃষকসকলে লাভ কৰা মূল্যও প্ৰতি লিটাৰত ২৮-৩০ টকাৰ পৰা ৪২ টকালৈ বৃদ্ধি পাইছিল, লগতে গোবৰ্ধন পদক্ষেপৰ অধীনত বায়’গেছ প্ৰকল্পত গোবৰ ব্যৱহাৰৰ জৰিয়তে অতিৰিক্ত উপাৰ্জনৰ সুযোগো সৃষ্টি হৈছিল।
স্থানীয় চিৰি গৰুৰ বাবে উৎকৃষ্টতা কেন্দ্ৰ
মাংগন ভ্ৰমণৰ প্ৰসংগ উল্লেখ কৰি মাননীয় মন্ত্ৰীগৰাকীয়ে কয় যে তাত স্থানীয় গৰুৱে দৈনিক গড়ে প্ৰায় তিনি লিটাৰ গাখীৰ দিয়ে। সেয়েহে তেওঁ ঘোষণা কৰে যে স্থানীয় চিৰি গৰুৰ সংৰক্ষণ আৰু বিকাশৰ বাবে এটা উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে পুঁজি অনুমোদন কৰিব। এই প্ৰস্তাৱিত কেন্দ্ৰটোৱে এই প্ৰজাতিৰ জিনীয় সম্ভাৱনা আৰু গাখীৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে আইভিএফকে ধৰি উন্নত প্ৰজনন প্ৰযুক্তিৰ প্ৰসাৰ ঘটাব। তেওঁ বিবেচনাৰ বাবে এটা আনুষ্ঠানিক প্ৰস্তাৱ দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।
মাংগান দুগ্ধ প্ৰকল্পৰ আধুনিকীকৰণ
মাননীয় মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে মিজোৰামত সফলতাৰে ৰূপায়ণ কৰা আৰ্হিৰ ভিত্তিত মাংগান জিলাৰ বৰ্তমানৰ দুগ্ধ সংসাধন প্ৰকল্পটোৰ সামগ্ৰিক আধুনিকীকৰণৰ বাবে এনডিডিবিয়ে বিত্তীয় সাহায্য প্ৰদান কৰিব আৰু এই দায়িত্বভাৰ গ্ৰহণ কৰিব।
ভাষণৰ সামৰণিত তেওঁ ছিক্কিমৰ দুগ্ধ আৰু কৃষি বিকাশৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে। তেওঁ কয় যে ৰাজ্যখনৰ অৰ্থনৈতিক অগ্ৰগতি উত্তৰ-পূৰ্বাঞ্চলক শক্তিশালী কৰা আৰু প্ৰধানমন্ত্ৰীৰ ‘আত্মনিৰ্ভৰ উত্তৰ-পূব’ৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ অপৰিহাৰ্য অংগ।

*************
JP/MM