বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

এনএলএমচিয়ে নতুন দিল্লীত এইচআইএল (ইণ্ডিয়া) লিমিটেডৰ ৫.১১৯ একৰ ভূমিখণ্ডৰ ই-নিলামৰ বাবে প্ৰাক্-বিড বৈঠকৰ আয়োজন কৰে

বিগত দুমাহত এনএলএমচিয়ে ৰাজহুৱাভাৱে বিজ্ঞাপন দিয়া এই তৃতীয়টো ই-নিলামে ৰাজহুৱা খণ্ডৰ অতিৰিক্ত ভূমি সম্পত্তি মুদ্ৰাকৰণৰ দিশত চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাক প্ৰতিফলিত কৰে

ৰোহটক ৰোডত কৌশলগতভাৱে অৱস্থিত এই ভূমিখণ্ডৰ সংৰক্ষিত মূল্য ₹৮২৯.৬৯ কোটি নিৰ্ধাৰণ কৰা হৈছে আৰু ই প্ৰযোজ্য টিঅ'ডি ব্যৱস্থাৰ অধীনত এফএছআই ৪০০-ৰ উন্নয়নমূলক সম্ভাৱনা প্ৰদান কৰে

পোষ্ট কৰা হৈছে: 03 NOV 2026 5:11PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ৰাজহুৱা উদ্যোগ বিভাগ (ডিপিই)ৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন নেচনেল লেণ্ড মনেটাইজেচন কৰ্প’ৰেচন (এনএলএমচি)য়ে আজি নতুন দিল্লীত এইচআইএল (ইণ্ডিয়া) লিমিটেডৰ মালিকানাধীন এক কৌশলগত স্থানত থকা ভূমিখণ্ডৰ প্ৰস্তাৱিত ই-নিলাম সন্দৰ্ভত এক প্ৰাক্-বিড বৈঠকৰ আয়োজন কৰে।

আগ্ৰহী নিবিদা আহ্বানকাৰীসকলক এই সম্পত্তিৰ অৱস্থান, মূল বৈশিষ্ট্য, উন্নয়নমূলক সম্ভাৱনা, প্ৰযোজ্য ভূমি-ব্যৱহাৰৰ নিয়ম, যোগ্যতাৰ চৰ্ত আৰু ই-নিলাম পৰিচালনাকাৰী নিয়ম আৰু চৰ্তসমূহৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যেই এই বৈঠকৰ আয়োজন কৰা হৈছিল। এনএলএমচি, এইচআইএল (ইণ্ডিয়া) লিমিটেড আৰু লেনদেন উপদেষ্টা চিবিআৰই ইণ্ডিয়াৰ প্ৰতিনিধিসকলে বৈঠকত অংশগ্ৰহণ কৰি সম্ভাব্য নিবিদাকাৰীসকলক এই সম্পত্তি আৰু নিবিদা প্ৰক্ৰিয়া সম্পৰ্কে বিশদ তথ্য প্ৰদান কৰে।

এই প্ৰাক্-বিড বৈঠকে সম্ভাব্য অংশগ্ৰহণকাৰীসকলক সংশ্লিষ্ট বিষয়াসকলৰ সৈতে মত বিনিময় কৰিবলৈ, অনুৰোধ প্ৰস্তাৱ (আৰএফপি) সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিবলৈ, কাৰিকৰী আৰু বিত্তীয় নিবিদা দাখিলৰ প্ৰয়োজনীয়তাসমূহ বুজি পাবলৈ আৰু ই-নিলামত সঠিক তথ্যসহকাৰে অংশগ্ৰহণৰ বাবে প্ৰয়োজনীয় তথ্য লাভ কৰিবলৈ এক মঞ্চ প্ৰদান কৰে।

দুমাহত এনএলএমচিৰ দ্বাৰা তৃতীয়টো ই-নিলাম: চৰকাৰৰ ভূমি মুদ্ৰাকৰণ কাৰ্যসূচীক ত্বৰান্বিতকৰণ

এইচআইএল (ইণ্ডিয়া) লিমিটেডৰ ভূমিখণ্ডৰ প্ৰস্তাৱিত মুদ্ৰাকৰণে বিগত দুমাহত এনএলএমচিয়ে ৰাজহুৱাভাৱে বিজ্ঞাপন দিয়া তৃতীয়টো ই-নিলাম হিচাপে চিহ্নিত হৈছে। ই কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ (চিপিএছই)ৰ অতিৰিক্ত আৰু অপ্ৰয়োজনীয় ভূমি তথা অন্যান্য অপ্ৰধান সম্পত্তিসমূহ মুদ্ৰাকৰণৰ গতি বৃদ্ধিৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাক প্ৰতিফলিত কৰে।

এই ধাৰাবাহিক ই-নিলামসমূহৰ জৰিয়তে এনএলএমচিয়ে ৰাজহুৱা খণ্ডৰ ভূমি সম্পত্তিসমূহ চিনাক্তকৰণ, সংৰচনা আৰু মুদ্ৰাকৰণত সুবিধা কৰি দিছে, যাৰ লক্ষ্য হৈছে স্বচ্ছ আৰু প্ৰতিযোগিতামূলক প্ৰক্ৰিয়াৰ দ্বাৰা সেইবোৰৰ অৰ্থনৈতিক মূল্য মুকলি কৰা আৰু ফলপ্ৰসূ ব্যৱহাৰ সম্ভৱ কৰি তোলা।

এই পদক্ষেপটো চৰকাৰৰ বহল পৰিসৰৰ সম্পত্তি মুদ্ৰাকৰণ কাৰ্যসূচীৰ সৈতে সংগতিপূৰ্ণ, যাৰ উদ্দেশ্য হৈছে বিদ্যমান ৰাজহুৱা সম্পত্তিৰ মূল্য মুকলি কৰা, ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক উৎসাহিত কৰা আৰু অধিক অৰ্থনৈতিক উন্নয়নৰ বাবে সম্পদ সৃষ্টি কৰাত সহায় কৰা।

এই উপলক্ষে ভাষণ দি নেচনেল লেণ্ড মনেটাইজেচন কৰ্প’ৰেশ্যন (এনএলএমচি)ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ৰোহন চান্দ ঠাকুৰে (আইএএছ) কয়, "ভাৰত চৰকাৰে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ অতিৰিক্ত আৰু অপ্ৰয়োজনীয় ভূমি সম্পত্তি মুদ্ৰাকৰণৰ বিষয়টোক যথেষ্ট অগ্ৰাধিকাৰ দিছে। বিগত দুমাহত এনএলএমচিয়ে ৰাজহুৱাভাৱে বিজ্ঞাপন দিয়া এই তৃতীয়টো ই-নিলামে আমাৰ এই অগ্ৰাধিকাৰক বাস্তৱ ফলাফললৈ ৰূপান্তৰিত কৰাৰ নিৰন্তৰ প্ৰচেষ্টাকে প্ৰতিফলিত কৰে। স্বচ্ছ, সুসংগঠিত আৰু প্ৰতিযোগিতামূলক প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজহুৱা সম্পত্তিৰ ফলপ্ৰসূ ব্যৱহাৰ সুনিশ্চিত কৰি ইয়াৰ অৰ্থনৈতিক মূল্য মুকলি কৰাটোৱেই আমাৰ মূল লক্ষ্য। এইচআইএলৰ ভূমিখণ্ডটোৰ কৌশলগত অৱস্থান আৰু উন্নয়নমূলক সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি যোগ্য অংশগ্ৰহণকাৰীসকলৰ বাবে ইয়াৰ ভৱিষ্যত ব্যৱহাৰৰ দিশসমূহ অন্বেষণ কৰাৰ এক উত্তম সুযোগ সৃষ্টি হৈছে। এই প্ৰাক্-বিড বৈঠকখনে নিবিদা প্ৰক্ৰিয়াত স্পষ্টতা, স্বচ্ছতা আৰু তথ্যভিত্তিক অংশগ্ৰহণ সুনিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কাম কৰিব।"

এইচআইএল (ইণ্ডিয়া) লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰী কুলদীপ সিঙে কয়, "সম্পূৰ্ণ বিক্ৰীৰ বাবে আগবঢ়োৱা এই ভূমিখণ্ড নতুন দিল্লীৰ ৰোহটক ৰোড, শিৱাজী মাৰ্গত কৌশলগতভাৱে অৱস্থিত আৰু ই এইচআইএল (ইণ্ডিয়া)ৰ এক গুৰুত্বপূৰ্ণ সম্পত্তি। প্ৰায় ৫.১১৯ একৰ জুৰি বিস্তৃত এই সম্পত্তিটোৱে নিৰ্ধাৰিত বিধিবদ্ধ চৰ্ত আৰু অনুমোদন সাপেক্ষে টিঅ’ডি ব্যৱস্থাৰ ভিত্তিত প্ৰযোজ্য এফএছআইৰ লগতে ৪০০ এফএছআইসহ যথেষ্ট উন্নয়নমূলক সম্ভাৱনা আগবঢ়ায়। এই মুদ্ৰাকৰণ পদক্ষেপৰ জৰিয়তে আমি সম্পত্তিটোৰ ফলপ্ৰসূ ব্যৱহাৰ সুনিশ্চিত কৰিবলৈ বিচৰাৰ লগতে সম্ভাব্য বিকাশকৰ্তা আৰু যোগ্য নিবিদাকাৰীসকলক ইয়াৰ ভৱিষ্যত উন্নয়নত অংশগ্ৰহণৰ এক সুযোগ প্ৰদান কৰিব বিচাৰিছোঁ। আমি আগ্ৰহী অংশগ্ৰহণকাৰীসকলক নিলামৰ নথিপত্ৰসমূহ পৰীক্ষা কৰিবলৈ আৰু এই প্ৰতিযোগিতামূলক নিবিদা প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।"

কৌশলগত অৱস্থান আৰু উন্নয়নৰ সম্ভাৱনা

সম্পূৰ্ণ বিক্ৰীৰ বাবে আগবঢ়োৱা এই ভূমিখণ্ডৰ পৰিমাণ প্ৰায় ৫.১১৯ একৰ আৰু ই নতুন দিল্লীৰ শিৱাজী মাৰ্গস্থিত ৰোহটক ৰোডৰ কাষৰ নজফগড় ঔদ্যোগিক এলেকাত অৱস্থিত। ৰোহটক ৰোডৰ কাষেৰে প্ৰায় ১৪০ মিটাৰ দীঘল সন্মুখভাগ থকা এই সম্পত্তিটোৱে এক বিশিষ্ট অৱস্থান লাভ কৰিছে, যিয়ে ৰাষ্ট্ৰীয় ৰাজধানীৰ প্ৰধান স্থানসমূহৰ সৈতে দৃষ্টিগোচৰতা আৰু সু-সংযোগ প্ৰদান কৰে।

ইয়াৰ উপৰি এই স্থানটোৱে দিল্লী মেট্ৰ’ৰ গ্ৰীণ লাইনৰ জৰিয়তে সংযোগৰ সুবিধা লাভ কৰিছে, যাৰ ফলত ৰাজহুৱা পৰিবহণৰ সুচল ব্যৱস্থা উপলব্ধ হৈছে। ইয়াৰ অৱস্থান, যাতায়াতৰ সুচলতা আৰু আশে-পাশে থকা নগৰীয়া আন্তঃগাঁথনিয়ে ইয়াক এক গুৰুত্বপূৰ্ণ সম্পত্তিত পৰিণত কৰিছে, য’ত প্ৰযোজ্য নিয়ম আৰু বিধিগত অনুমোদন সাপেক্ষে উপযুক্ত পুনৰ উন্নয়ন আৰু ভৱিষ্যত ব্যৱহাৰৰ সম্ভাৱনা আছে।

দিল্লী মাষ্টাৰ প্লেন ২০২১-ৰ প্ৰযোজ্য ব্যৱস্থা, প্ৰাসংগিক পুনৰ উন্নয়ন নীতি, বিধিগত প্ৰয়োজনীয়তা আৰু সক্ষম কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে এই সম্পত্তিটোত টিঅ’ডি ব্যৱস্থাৰ ভিত্তিত প্ৰযোজ্য এফএছআইৰ সৈতে ৪০০ পৰ্যন্ত এফএছআইৰ উন্নয়নমূলক সম্ভাৱনা নিৰ্ধাৰণ কৰা হৈছে। এই ভূমিখণ্ডৰ সংৰক্ষিত মূল্য ₹৮২৯.৬৯ কোটি স্থিৰ কৰা হৈছে।

মূল বৈশিষ্ট্যসমূহ আৰু নিলামৰ মাপকাঠী

বৈঠকত সম্ভাব্য নিবিদাকাৰীসকলক প্ৰস্তাৱিত ই-নিলামৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু অংশগ্ৰহণৰ চৰ্তসমূহ সম্পৰ্কে অৱগত কৰা হয়, য’ত অন্তৰ্ভুক্ত আছে:

  • সম্পত্তিৰ এলেকা: প্ৰায় ৫.১১৯ একৰ।
  • অৱস্থান: নজফগড় ঔদ্যোগিক এলেকা, ৰোহটক ৰোড, শিৱাজী মাৰ্গ, নতুন দিল্লী।
  • পথৰ সন্মুখভাগ: ৰোহটক ৰোডৰ কাষেৰে প্ৰায় ১৪০ মিটাৰ।
  • উন্নয়নমূলক সম্ভাৱনা: বিধিগত চৰ্ত আৰু অনুমোদন সাপেক্ষে প্ৰযোজ্য টিঅ’ডি ব্যৱস্থাৰ অধীনত এফএছআই ৪০০।
  • সংৰক্ষিত মূল্য: ₹৮২৯.৬৯ কোটি।
  • বিক্ৰীৰ ধৰণ: অনলাইন ই-নিলামৰ জৰিয়তে সম্পূৰ্ণ বিক্ৰী।
  • নিবিদাৰ মাপকাঠী: সৰ্বোচ্চ নিলাম মূল্য, প্ৰতি একৰত ₹১ কোটিৰ গুণিতকত নিবিদা আহ্বান।
  • কনচৰ্টিয়াম অংশগ্ৰহণ: অনুমতিপ্ৰাপ্ত, সৰ্বাধিক তিনিজন সদস্য থাকিব পাৰিব।
  • ইএমডি পৰিশোধ: আৰএফপিত নিৰ্ধাৰণ কৰা অনুসৰি বেংক গেৰাণ্টি অথবা এনইএফটি/আৰটিজিএছৰ জৰিয়তে।
  • ভূমিৰ ব্যৱহাৰ: ঔদ্যোগিক ব্যৱহাৰ, প্ৰযোজ্য নিয়ম আৰু অনুমোদন সাপেক্ষে ব্যৱহাৰ পৰিৱৰ্তনৰ অনুমতি আছে।
  • প্ৰযোজ্য নীতি: প্ৰযোজ্য অনুসৰি ট্ৰেনজিট-অৰিয়েণ্টেড ডেভেলপমেণ্ট (টিঅ’ডি) নীতি।

অংশগ্ৰহণকাৰীসকলক পঞ্জীয়ন প্ৰক্ৰিয়া, কাৰিকৰী নিবিদা দাখিল, যোগ্যতাৰ মাপকাঠী মানি চলা, আৰ্নেষ্ট মানী ডিপোজিট (ইএমডি) পৰিশোধ আৰু অনলাইন নিলামত অংশগ্ৰহণৰ বিষয়েও চমু ব্যাখ্যা প্ৰদান কৰা হয়। এই বৈঠকে লেনদেনৰ পদ্ধতিগত তথা কাৰিকৰী দিশসমূহ স্পষ্ট কৰাৰ লগতে নিৰ্ধাৰিত নিবিদা ব্যৱস্থাৰ সৈতে সম্ভাব্য নিবিদাকাৰীসকলক চিনাকি কৰাই দিয়াৰ এক সুযোগ প্ৰদান কৰে।

ৰাজহুৱা সম্পত্তি মুদ্ৰাকৰণক ত্বৰান্বিত কৰাত এনএলএমচিৰ ভূমিকা

নেচনেল লেণ্ড মনেটাইজেচন কৰ্প’ৰেচন (এনএলএমচি) হৈছে ভাৰত চৰকাৰৰ সম্পূৰ্ণ মালিকানাধীন এটা কোম্পানী, যিটো বিত্ত মন্ত্ৰালয়ৰ ৰাজহুৱা উদ্যোগ বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণত কাৰ্যনিৰ্বাহ কৰি আছে। কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ আৰু অন্যান্য চৰকাৰী সংস্থাসমূহৰ অতিৰিক্ত ভূমি তথা ভৱন সম্পত্তিৰ মুদ্ৰাকৰণ কাৰ্য সম্পন্ন আৰু সুচল কৰাৰ উদ্দেশ্যেই ইয়াক প্ৰতিষ্ঠা কৰা হৈছে।

এনএলএমচিয়ে সংশ্লিষ্ট চিপিএছই আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে সমন্বয় ৰাখি অতিৰিক্ত তথা অপ্ৰয়োজনীয় সম্পত্তিসমূহ চিনাক্ত কৰা, যাৱতীয় লেনদেনৰ পৰিকাঠামো তৈয়াৰ কৰা আৰু স্বচ্ছ তথা প্ৰতিযোগিতামূলক ব্যৱস্থাৰ জৰিয়তে সেইবোৰৰ মুদ্ৰাকৰণত সহায় কৰাৰ দিশত কাম কৰে।

এইচআইএল (ইণ্ডিয়া) লিমিটেডৰ প্ৰস্তাৱিত ভূমিখণ্ডৰ বিক্ৰীসহ অব্যাহত থকা এই ধাৰাবাহিক ই-নিলামসমূহে চৰকাৰৰ সম্পত্তি মুদ্ৰাকৰণ কাৰ্যসূচীৰ নিৰন্তৰ কাৰ্যকৰীকৰণকে প্ৰতিফলিত কৰিছে। এই পদক্ষেপসমূহৰ মূল উদ্দেশ্য হৈছে ৰাজহুৱা সম্পত্তিৰ প্ৰকৃত মূল্য মুকলি কৰা, দক্ষ সম্পত্তি ব্যৱস্থাপনা বৃদ্ধি কৰা আৰু সেইবোৰৰ ফলপ্ৰসূ ব্যৱহাৰত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক উৎসাহিত কৰা।

ই-নিলাম আৰু নিবিদা দাখিলৰ সবিশেষ

এই ই-নিলাম নিৰ্ধাৰিত এনএলএমচি ই-নিলাম পৰ্টেলৰ জৰিয়তে পৰিচালনা কৰা হৈছে।

আগ্ৰহী আৰু যোগ্য নিবিদাকাৰীসকলে তলত দিয়া পৰ্টেলৰ জৰিয়তে বিশদ অনুৰোধ প্ৰস্তাৱ (আৰএফপি), সম্পত্তিৰ সবিশেষ, যোগ্যতাৰ চৰ্ত, নিলামৰ নিয়ম আৰু অন্যান্য প্ৰাসংগিক নথিপত্ৰ লাভ কৰিব পাৰিব:

  • ই-নিলাম পৰ্টেল: https://nlmc.enivida.com
  • কাৰিকৰী নিবিদা দাখিলৰ অন্তিম তাৰিখ: ১৯ নৱেম্বৰ ২০২৬
  • সময়: দিনৰ ১৪:০০ বজা (দুপৰীয়া ২:০০ বজা)

সম্ভাব্য নিবিদাকাৰীসকলক আৰএফপি আৰু সকলো সংলগ্ন নথিপত্ৰ মনোযোগেৰে পৰীক্ষা কৰিবলৈ আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পঞ্জীয়ন তথা নিবিদা দাখিলৰ যাৱতীয় আনুষ্ঠানিকতাসমূহ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

এই প্ৰস্তাৱিত মুদ্ৰাকৰণৰ জৰিয়তে এনএলএমচি আৰু এইচআইএল (ইণ্ডিয়া) লিমিটেডে কৌশলগতভাৱে অৱস্থিত ৰাজহুৱা খণ্ডৰ এক ভূমি সম্পত্তিৰ সৰ্বোত্তম ব্যৱহাৰ সুনিশ্চিত কৰাৰ লগতে যোগ্য অংশগ্ৰহণকাৰীসকলক ইয়াৰ ভৱিষ্যত উন্নয়নত অংশ লোৱাৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে।

নেচনেল লেণ্ড মনেটাইজেচন কৰ্প’ৰেচন (এনএলএমচি) সম্পৰ্কে

নেচনেল লেণ্ড মনেটাইজেচন কৰ্প’ৰেচন (এনএলএমচি) হৈছে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ৰাজহুৱা উদ্যোগ বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন এক চৰকাৰী সংস্থা। কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ (চিপিএছই) আৰু অন্যান্য চৰকাৰী সংস্থাসমূহৰ অতিৰিক্ত ভূমি তথা ভৱন সম্পত্তিৰ মুদ্ৰাকৰণ কাৰ্য সম্পন্ন কৰাৰ লক্ষ্যৰে এনএলএমচি প্ৰতিষ্ঠা কৰা হৈছে। অতিৰিক্ত আৰু অপ্ৰয়োজনীয় ৰাজহুৱা সম্পত্তিসমূহ চিনাক্তকৰণ, সংগ্ৰহ আৰু মুদ্ৰাকৰণত সহায় আগবঢ়াই এই সংস্থাই চৰকাৰৰ সম্পত্তি মুদ্ৰাকৰণ কাৰ্যসূচীত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

অধিক তথ্যৰ বাবে:

নেচনেল লেণ্ড মনেটাইজেচন কৰ্প’ৰেচন (এনএলএমচি)

ৰাজহুৱা উদ্যোগ বিভাগ

বিত্ত মন্ত্ৰালয়, ভাৰত চৰকাৰ

ৱেবছাইট: https://nlmc.dpe.gov.in

ই-নিলাম পৰ্টেল: https://nlmc.enivida.com

****

KT/AD/MM


(ৰিলিজ আই ডি : 2332155) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Tamil