প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুনে মেট্ৰ’ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

পোষ্ট কৰা হৈছে: 03 NOV 2026 2:29PM by PIB Guwahati

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মা জী, মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নাবিচ জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ মনোহৰ লাল জী, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে জী, শ্ৰীমতী সুনেত্ৰা অজিত পাৱাৰ জী, অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, অন্যান্য জনপ্ৰতিনিধি আৰু পুনেৰ মোৰ মৰমৰ ভাই-ভনীসকল!

 

দীপাৱলী একেবাৰে কাষ চাপিছেহি, প্ৰথমতে আপোনালোক সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

 

বন্ধুসকল, জীৱনত যেতিয়া কোনো নতুন সুবিধা সংযোজিত হয়, তেতিয়া উৎসৱৰ আনন্দ আৰু অধিক বৃদ্ধি পায়। আজি পুনেবাসীৰ বাবে তেনে এক আনন্দদায়ক সুযোগ উপস্থিত হৈছে। মই আনন্দিত যে আজি পুনে মেট্ৰ’ৰ আন এক লাইনৰ শুভ উদ্বোধন কৰা হৈছে। ১০ বছৰ পূৰ্বে মই পুনেত প্ৰথম পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপনৰ সুযোগ পাইছিলোঁ। এতিয়া হিজৱাড়ীৰ পৰা শিৱাজীনগৰলৈ মেট্ৰ’ সেৱা আৰম্ভ হোৱাৰ ফলত পুনেৰ এক বৃহৎ আইটি হাবে উন্নত সংযোগ লাভ কৰিব। আজি যিটো নতুন লাইনৰ কাম আৰম্ভ হ’ল, তাৰ দ্বাৰা পুনেৰ পুৰণি আৰু নতুন অঞ্চলসমূহৰ মাজৰ সংযোগ অধিক শক্তিশালী হ’ব। মই পুনে আৰু মহাৰাষ্ট্ৰৰ বাকী সকলো লোকলৈকে অনেক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল, পুনে চহৰখনে সদায় এনে কিছুমান চিন্তা-চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আহিছে, যিয়ে দেশ আৰু সমাজলৈ এক নতুন দিশ প্ৰদান কৰিছে। আজি পুনে বিকশিত ভাৰতৰ নতুন শক্তিকো সঠিক দিশ প্ৰদান কৰিছে। আইটি, অটোম’বাইল, ফাৰ্মা, ষ্টাৰ্টআপ, উদ্ভাৱনৰ পৰা আৰম্ভ কৰি নিৰ্মাণ কাৰ্যলৈকে পুনে দেশৰ যুৱক-যুৱতীসকলৰ বাবে সপোন আৰু সংকল্পৰ এক প্ৰধান স্থান। এনে পৰিস্থিতিত ইয়াত শক্তিশালী হৈ উঠা মেট্ৰ’ সংযোগে পুনে চহৰৰ বিকাশক এক নতুন গতি প্ৰদান কৰিবলৈ আগবাঢ়িছে।

 

বন্ধুসকল, পুনে মেট্ৰ’ৰ উদ্বোধন আৰু ইয়াৰ সম্প্ৰসাৰণে এই কথাই প্ৰমাণ কৰে যে বিকশিত ভাৰতৰ বাবে আমি কেনেকুৱা চহৰ নিৰ্মাণ কৰি আছোঁ। পূৰ্বতে কোনো চহৰৰ পৰিচয় তাৰ উদ্যোগসমূহৰ দ্বাৰা অথবা তাত পোৱা কোনো প্ৰসিদ্ধ খাদ্য-সামগ্ৰী বা ফল-শস্যৰ দ্বাৰা নিৰ্ধাৰিত হৈছিল। কিন্তু বৰ্তমান চহৰসমূহৰ পৰিচয়ৰ লগত আন দুটা মাপকাঠিও সংযোজিত হৈছে। প্ৰথমটো হ’ল চহৰখন কিমান প্ৰতিযোগিতামূলক আৰু দ্বিতীয়টো হ’ল তাৰ সহজ জীবনযাত্ৰাৰ স্তৰ কিমান? মেট্ৰ’ প্ৰকল্পই যিকোনো চহৰকে এই দুয়োটা মাপকাঠিতে অধিক উন্নত কৰি তুলিছে। পুনে মেট্ৰ’ যিমান পৰিমাণে সম্প্ৰসাৰিত হৈছে, তাৰ দ্বাৰা সময়ো ৰাহি হৈছে আৰু পুনেবাসীয়ে অধিক সুবিধা লাভ কৰিছে। আমি সকলোৱেই জানো যে যেতিয়া কোনো চহৰৰ সময় ৰাহি হয়, তেতিয়া সেই চহৰৰ উৎপাদনশীলতা বৃদ্ধি পায়। যেতিয়া চহৰৰ উৎপাদনশীলতা বৃদ্ধি পায়, তেতিয়া দেশৰ অৰ্থনীতিত গতি আহে। আৰু যেতিয়া অৰ্থনীতিৰ বিকাশ ঘটে, তেতিয়া দৰিদ্ৰ আৰু মধ্যবিত্ত উভয় শ্ৰেণীয়েই তাৰ সুফল লাভ কৰে।

 

বন্ধুসকল, আজিৰ দিনটো জনকল্যাণমুখী আৰু সক্ৰিয় সুশাসনৰো এক উৎকৃষ্ট উদাহৰণ। আমাৰ দেশত প্ৰথমখন মেট্ৰ’ ১৯৮৪ চনত চলিছিল। তাৰ পিছৰ ৩০ বছৰত মাত্ৰ দুশ আঠচল্লিশ কিলোমিটাৰ মেট্ৰ’ লাইনহে নিৰ্মাণ কৰা হৈছিল, অৰ্থাৎ মাত্ৰ ২৪৮ কিলোমিটাৰ। ২০১৪ চনলৈকে দেশৰ মাত্ৰ ৫খন চহৰতহে মেট্ৰ’ চলিছিল। যদি সেই পুৰণি মানসিকতাই কাম কৰি থাকিলহেঁতেন, পুৰণি চৰকাৰখনেই থাকিলহেঁতেন আৰু পুৰণি কাৰ্যসংস্কৃতিয়েই অব্যাহত থাকিলহেঁতেন, তেন্তে পুনেত মেট্ৰ’ পাবলৈ আৰু কেইবা দশক লাগিলহেঁতেন। কিন্তু ২০১৪ চনত দেশৰ জনতাই যেতিয়া এনডিএক সেৱাৰ সুযোগ প্ৰদান কৰিলে, আমি এটা সংকল্প লৈ আগবাঢ়িছিলোঁ। সেই সংকল্পটো আছিল চহৰত বাস কৰা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে সহজ জীবনযাত্ৰা আৰু সুচল যাতায়াত ব্যৱস্থা, যাৰ পৰিণতি আমি আজি নিজেই প্রত্যক্ষ কৰিছোঁ। বিগত ১২ বছৰত দেশৰ মেট্ৰ’ পৰিবহণ ব্যৱস্থাৰ সম্পূর্ণ ৰূপান্তৰ ঘটিছে। ২০১৪ চনত য’ত মাত্ৰ দুশ আঠচল্লিশ কিলোমিটাৰ মেট্ৰ’ পথ আছিল, বৰ্তমান সেয়া বৃদ্ধি পাই প্ৰায় ১২০০ কিলোমিটাৰ হৈছেহি। ২০১৪ চনত য’ত মাত্ৰ ৫খন চহৰতহে মেট্ৰ’ চলিছিল, বৰ্তমান দেশৰ ২৬খন চহৰত মেট্ৰ’ চলা আৰম্ভ হৈছে। এতিয়া প্ৰতিদিনে মেট্ৰ’ত এক কোটিতকৈ অধিক লোকে যাত্ৰা কৰিছে। বৰ্তমান ভাৰতীয় মেট্ৰ’ নেটৱৰ্কক বিশ্বৰ শীৰ্ষ তিনিখন মেট্ৰ’ নেটৱৰ্কৰ অন্যতম বুলি গণ্য কৰা হয়।

 

বন্ধুসকল, দেশৰ বাকী প্ৰান্তৰ দৰেই মহাৰাষ্ট্ৰৰ অৱস্থাও একেই আছিল। ২০১৪ চনত যেতিয়া প্ৰথমবাৰলৈ এনডিএৰ ডাবল ইঞ্জিন চৰকাৰ গঠিত হৈছিল, তেতিয়া মহাৰাষ্ট্ৰত মাত্ৰ ১০-১১ কিলোমিটাৰ মেট্ৰ’ লাইনহে কাৰ্যক্ষম আছিল। বৰ্তমান মহাৰাষ্ট্ৰত প্ৰায় পোন্ধৰশ কিলোমিটাৰ জোৰা মেট্ৰ’ লাইন সেৱাত নিয়োজিত হৈ আছে। ইয়াৰোপৰি ৬৮০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ মেট্ৰ’ লাইনৰ কাম চলি আছে। বৰ্তমান কেৱল মেট্ৰ’ আন্তঃগাঁথনিৰ ওপৰতে মহাৰাষ্ট্ৰত আঢ়ৈ লাখ কোটি টকাতকৈ অধিক বিনিয়োগ কৰা হৈছে। এই ধনৰাশিয়ে শ্ৰমিকৰ পকেট চহকী কৰিছে, ইঞ্জিনীয়াৰসকলক ৰোজগাৰ প্ৰদান কৰিছে। এই ধনে দোকান-নগৰ আৰু কাৰখানাসমূহত কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে।

 

বন্ধুসকল, এই মেট্ৰ’ প্ৰকল্পটো আন এক কাৰণতো বিশেষ তাৎপৰ্যপূৰ্ণ। এই মেট্ৰ’ লাইনটো পিপিপি  মডেলৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ ই চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ যুটীয়া প্ৰচেষ্টাৰে নিৰ্মিত হৈছে। এয়া হৈছে বিকাশৰ এক এনে আদৰ্শ, যাৰ সফলতাই দেশৰ প্ৰগতিৰ গতিবেগ আৰু অধিক ত্বৰান্বিত কৰিব।

 

বন্ধুসকল, আজি বিকশিত ভাৰত নিৰ্মাণৰ বাবে ভাৰতৰ প্ৰতিগৰাকী নাগৰিক, ভাৰতৰ প্ৰতিজন যুৱক-যুৱতী আৰু পুত্ৰ-কন্যা সম্পূৰ্ণ শক্তিৰে ব্ৰতী হৈছে। আজি প্ৰতিজন লোকেই আত্মবিশ্বাসেৰে ক’বলৈ সমৰ্থ হৈছে— আমি এইটো কৰিমেই, আমি এইটো কৰিমেই। এই আৱেগ সমগ্ৰ দেশজুৰি বিয়পি পৰিছে। বিগত ১২ বছৰত দেশৰ শক্তি, গাঁৱৰ পথ, ঘাইপথ-এক্সপ্ৰেছৱে, নতুন ৰে’ল লাইনৰ বৈদ্যুতিকীকৰণ, দীঘল সুৰংগ পথ, সুউচ্চ দলং আদি নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন আঁচনি আৰু নতুন নতুন প্ৰকল্প সফলভাৱে ৰূপায়িত কৰা হৈছে। এতিয়া অহা কেইবছৰমানত ইয়াৰ লগতে দেশে নিজৰ শক্তি চহৰসমূহক বিশ্বৰ শ্ৰেষ্ঠ চহৰসমূহৰ অন্যতম হিচাপে গঢ়ি তোলাৰ কামত নিয়োগ কৰিব।

 

বন্ধুসকল, আমাৰ চহৰসমূহ কেৱল বাস কৰাৰ ঠাই নহয়; এয়া দেশৰ অর্থনৈতিক কাৰ্যকলাপৰো একোটা ডাঙৰ কেন্দ্ৰ। আমি দেশৰ শত শত সৰু চহৰকো একোটা বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব। এই দৃষ্টিভংগীৰে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ‘আৰ্বান চেলেঞ্জ ফাণ্ড’ অনুমোদন কৰা হৈছিল। এই পুঁজিৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক লাখ কোটি টকাৰ সাহায্য আগবঢ়াইছে। ইয়াৰ দ্বাৰা অহা কেইবছৰমানত দেশৰ চহৰসমূহত লাখ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰাৰ লক্ষ্য লোৱা হৈছে। মই স্থানীয় নিকায়সমূহ আৰু ব্যক্তিগত খণ্ডৰ সহকৰ্মীসকলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আমি সকলোৱেই মিছন মোডত কামত লাগিব লাগিব। মই দৃঢ় বিশ্বাসী যে মহাৰাষ্ট্ৰই এই ক্ষেত্ৰত নিজৰ ভূমিকা অধিক সম্প্ৰসাৰিত কৰিব।

 

বন্ধুসকল, বৰ্তমান আন দুটা কাৰণত সমগ্ৰ বিশ্বতে ভাৰতৰ ব্যাপক চৰ্চা চলিছে। প্ৰথমতে, ভাৰতে প্ৰতিকূল বৈশ্বিক পৰিস্থিতিৰ মাজতো বিশ্বৰ ভিতৰতে দ্ৰুততম বিকাশৰ গতি অব্যাহত ৰাহিছে। দ্বিতীয়তে, ভাৰতে মাত্ৰ ১০-১২ বছৰৰ ভিতৰতে ৫০ কোটি লোকক চৰম দাৰিদ্ৰ্যৰগ্ৰাসৰ পৰা উদ্ধাৰ কৰিছে। বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। দেশৰ কেইবাটাও প্ৰজন্ম দৰিদ্ৰতা দূৰ কৰাৰ কেৱল প্ৰতিশ্ৰুতি আৰু দাবীৰ মাজতেই ডাঙৰ হৈছিল। পূৰ্বতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ কেৱল শ্ল’গানতে সীমাবদ্ধ আছিল, কিন্তু আজিকালি ভাৰতে বাস্তৱ ক্ষেত্ৰতহে দৰিদ্ৰতাক পৰাস্ত কৰিছে।

 

বন্ধুসকল, বৰ্তমান ভাৰতখনেই হৈছে সেই দেশ, যিখন একেধাৰে দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি আৰু দ্ৰুতগতিত দৰিদ্ৰতা হ্ৰাস কৰা দেশো। এই দুয়োটা সিদ্ধি ইটোৱে সিটোৰ লগত ওতঃপ্রোতভাৱে জড়িত। ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে, ভাৰতৰ বাজেট বৃদ্ধি পাইছে, দেশবাসীক অধিক বিনিয়োগ প্ৰদান কৰা হৈছে। পূৰ্বতে যি ধন কেলেংকাৰী আৰু স্বজনতোষণৰ জৰিয়তে লিক হৈছিল, সেয়া এতিয়া পোনপটীয়াকৈ হিতাধিকাৰীৰ হাতত গৈ পৰিছেহি। যেতিয়া দেশৰ ৰাজভাণ্ডাৰৰ পইচা পথ, ৰে’ল, বিমান বন্দৰ, মেট্ৰ’ত খৰচ হয়, চৰকাৰে বিদ্যুৎ, পানী, গেছ পাইপলাইনৰ ওপৰত বিনিয়োগ বৃদ্ধি কৰে, তেতিয়া সাধাৰণ লোকৰ জীৱনো উন্নত হয় আৰু তেওঁলোকৰ বাবে কৰ্মসংস্থাপনৰ নতুন সুযোগো সৃষ্টি হয়।

 

বন্ধুসকল, দৰিদ্ৰ লোকৰ বাবে নিৰ্মিত ঘৰ, শৌচাগাৰ, প্ৰতিঘৰলৈ পানী, গেছ সংযোগ আদি মডেলে মানুহৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে আৰু তেওঁলোকৰ বহুমূলীয়া সময় ৰাহি কৰিছে। এই ৰাহি হোৱা সময়খিনি তেওঁলোকে নিজৰ পৰিয়ালৰ অতিৰিক্ত উপাৰ্জনৰ বাবে ব্যৱহাৰ কৰিছে।

 

বন্ধুসকল, যোৱা মাহতে আপোনালোক সকলোৰে আশীৰ্বাদত চৰকাৰৰ মুৰব্বী হিচাপে কাম কৰাৰ ২৫ বছৰ সম্পূৰ্ণ হ’ল। আমাৰ চৰকাৰৰ মন্ত্ৰ হৈছে—দৰিদ্ৰ লোকক সবলীকৰণ কৰা, তেতিয়া দৰিদ্ৰ লোকৰ মাজতো নিজৰ দৰিদ্ৰতাৰ পৰা ওলাই অহাৰ সাহস জন্মে। মোৰ স্পষ্টকৈ মনত আছে, যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলোঁ, তেতিয়াই এই চিন্তাৰে মই ‘দৰিদ্ৰ কল্যাণ মেলা’ৰ পৰম্পৰা আৰম্ভ কৰিছিলোঁ। এই মেলাসমূহত দৰিদ্ৰ কল্যাণৰ আঁচনিসমূহৰ বিতৰণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। দৰিদ্ৰ লোকসকলক মঞ্চটোলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁলোকে দৰিদ্ৰতাক পৰাস্ত কৰাৰ সংকল্প লৈছিল আৰু এক আত্মবিশ্বাস লৈ সেই অনুষ্ঠানৰ পৰা উভতি গৈছিল।

 

বন্ধুসকল, আজিকৈ ২৫ বছৰ পূৰ্বে মই যি কামৰ শুভাৰম্ভ কৰিছিলোঁ, সেয়া আজিলৈকে অবিৰতভাৱে চলি আহিছে। ইয়াকেই মই ‘ক্ষমতাৰ দ্বাৰা সবলীকৰণ’ বুলি কওঁ। ‘ক্ষমতাৰ দ্বাৰা সবলীকৰণে’ হৈছে আচল সুশাসন। অৰ্থাৎ এই পৰিৱৰ্তন হঠাতে আহি পৰা নাই। অতীতত চৰকাৰসমূহে শ্ল’গান দি দি ভাগৰি পৰিছিল। আমি প্ৰতিটো খোজতে সংযোগ স্থাপন কৰিছোঁ। প্ৰতিগৰাকী ব্যক্তিৰ সপোনক বাস্তৱৰ ৰূপ দিছোঁ। এয়া বহু বছৰৰ সুচিন্তিত আৰু পৰিকল্পিত প্ৰচেষ্টাৰ ফল। আৰু সেইবাবেই ৫০ কোটি ভাৰতীয়ই দৰিদ্ৰতাক পৰাস্ত কৰিবলৈ সমৰ্থ হৈছে।

 

বন্ধুসকল, যেতিয়া দৰিদ্ৰতা হ্ৰাস পায়, তাৰ লাভ কেৱল সেই পৰিয়ালসমূহেই নাপায় যিবিকে এই দুষ্টচক্ৰৰ পৰা মুক্ত হয়, বৰঞ্চ ইয়ে দেশৰ অৰ্থনীতিত এক নতুন প্ৰাণৰ সঞ্চাৰ কৰে। ই এক নতুন মধ্যবিত্ত শ্ৰেণীৰ জন্ম দিয়ে। এই নৱ-মধ্যবিত্ত শ্ৰেণীয়ে নতুন সপোন বুকুত বান্ধি আগবাঢ়ি আহে, যাৰ ক্ৰয় ক্ষমতাই বজাৰখনক গতিশীল কৰি তোলে। দোকানৰ পৰা আৰম্ভ কৰি কাৰখানালৈকে সকলোতে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হয়। অৰ্থাৎ ভাৰতত হ্ৰাস পোৱা দৰিদ্ৰতাই ভাৰতৰ অৰ্থনীতিক এক নতুন উচ্চতালৈ লৈ গৈছে।

 

বন্ধুসকল, বিকশিত ভাৰতৰ এই যাত্ৰাত আমাৰ কৃষক ভাই-ভনীসকলেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইবাবেই আমাৰ চৰকাৰে কৃষক ভনী-ভনীসকলক নিৰন্তৰ সবল কৰি তুলিছে। অৱশ্যে মহাৰাষ্ট্ৰত বতৰৰ প্ৰতিকূলতাৰ বাবে বহুতো কৃষক পৰিয়ালে বৰ্তমান কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। বিগত কেইবছৰমানত দেৱেন্দ্ৰ ফাড়নাবিচ জীৰ নেতৃত্বত জল সংৰক্ষণৰ দিশত বহু কাম কৰা হৈছে। কিন্তু এই প্ৰাকৃতিক দুৰ্যোগে এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। মই মহাৰাষ্ট্ৰৰ প্ৰতিজন কৃষক ভাই-ভনীক এই আশ্বাস দিছোঁ যে সংকটৰ এই সময়ছোৱাত এনডিএ চৰকাৰ সম্পূৰ্ণ সংবেদনশীলताৰে কৃষকসকলৰ কাষত থিয় দি আছে। মহাৰাষ্ট্ৰৰ খৰাং পৰিস্থিতিৰ বিষয়ে মই অৱগত। ৰাজ্য চৰকাৰে আগতীয়াকৈ আৰ্থিক সাহায্যও প্ৰদান কৰিছে। মই পিএম কিষাণৰ পুঁজিও জমা কৰি দিছোঁ। আপোনালোকে অলপো চিন্তা নকৰিব, আমি সকলোৱেই কৃষকসকলৰ কাষত আছো।

 

বন্ধুসকল, মই দেশবাসীৰ প্ৰতিও আহ্বান জনাম যে এয়া উৎসৱৰ সময়। আমি আমাৰ কৃষক ভাই-ভনীসকলক মনত ৰাখিব লাগিব। তেওঁলোকৰ ঘৰতো যাতে দীপাৱলীৰ আনন্দ অটুট থাকে, সেই কথাৰ প্ৰতি আমি নজৰ ৰাখিব লাগিব। আমাৰ খৰাং পীড়িত নাগৰিকসকল, কৃষক ভাই-ভনীসকল আৰু গাঁৱত বাস কৰা অন্যান্য লোকসকলৰ দুখ-যন্ত্ৰণা আমি পাহৰি গ’লে নচলিব, এয়া আমাৰ সামাজিক দায়িত্বতো পৰে। আমি সকলোৱেই মিলিহে এই দুৰ্যোগৰ মোকাবিলা কৰিম।

 

বন্ধুসকল, সলোৰে প্ৰচেষ্টা আৰু একত্ৰিত প্ৰচেষ্টাই হৈছে বিকশিত ভাৰতৰ প্ৰাণবায়ু। এই ভাৱনাৰে আমি দেশৰ বিকাশৰ কামত ব্ৰতী হৈ থাকিব লাগিব। পুনৰবাৰ, আপোনালোক সকলোলৈকে মেট্ৰ’ প্ৰকল্পসমূহৰ বাবে শুভকামনা যাঁচিলোঁ। আহিবলগীয়া উৎসৱসমূহৰ বাবে অনেক শুভকামনা জনালোঁ।

 

আপোনালোক সকলোলৈকে অশেষ ধন্যবাদ! পুনেবাসীয়ে মোৰ সৈতে সমস্বৰে, সম্পূৰ্ণ শক্তিৰে আৰু দুয়োখন হাত ওপৰলৈ তুলি কওক—

 ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

 

 

****

MJPS/SS/KP/DK/DB


(ৰিলিজ আই ডি : 2332143) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati