পোষ্ট কৰা হৈছে:
02 NOV 2026 4:33PM by PIB Guwahati
৩২ বছৰ বয়সত তামিলনাডুৰ ৰাণীপেট জিলাৰ গৱেষক পবিত্ৰন এছ (নাম সলনি কৰা হৈছে) এ পি.এইচ.ডি. সম্পূৰ্ণ কৰি শক্তিশালী শৈক্ষিক আৰু পেছাদাৰী কেৰিয়াৰ গঢ়াৰ আশা কৰিছিল। তেওঁৰ প্ৰতিষ্ঠানত অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় ফেল'শ্বিপ (NFSC) আঁচনিৰ অধীনত ফেল'শ্বিপ লাভ কৰা প্ৰথম ছাত্ৰ হিচাপে তেওঁ কিছু প্ৰাৰম্ভিক প্ৰশাসনিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ইয়াৰ ভিতৰত ফেল'শ্বিপ সম্পৰ্কীয় আনুষ্ঠানিকতাসমূহ প্ৰক্ৰিয়াকৰণৰ সুবিধাৰ বাবে প্ৰাতিষ্ঠানিক পৰ্যায়ত Maker আৰু Checker ID সৃষ্টি কৰাটোও আছিল।
NFSC আঁচনিয়ে তেওঁক শৈক্ষিক যাত্ৰা অব্যাহত ৰাখিবলৈ সময়মতে আৰ্থিক সহায় প্ৰদান কৰিছিল। তেওঁৰ ফেল'শ্বিপ সহায় ২০২৩ চনৰ মাৰ্চ মাহত আৰম্ভ হৈছিল আৰু ইয়াত ফেল'শ্বিপ সহায়, ঘৰ ভাড়া ভাট্টা (HRA) আৰু আকস্মিক সাহায্য অন্তৰ্ভুক্ত আছিল। আঁচনিখনৰ অধীনত তেওঁক ৫ লাখ টকা প্ৰদান কৰা হৈছে।
আৰ্থিক সহায়ে উচ্চ শিক্ষাৰ সময়ত গৱেষকজনে সন্মুখীন হোৱা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান সমাধানত সহায় কৰিছিল। তেওঁ কয় যে এই সহায় পি.এইচ.ডি. কৰাৰ ক্ষেত্ৰত অতি সহায়ক আছিল আৰু লগতে তেওঁৰ পৰিয়ালৰ আৰ্থিক স্থিৰতাতো অৰিহণা যোগাইছিল। আৰ্থিক চিন্তা লাঘৱ কৰি ফেল'শ্বিপে তেওঁক অধিক আত্মবিশ্বাসেৰে শৈক্ষিক লক্ষ্যৰ দিশত কাম কৰি যাবলৈ সক্ষম কৰিছিল।
আঁচনিখনৰ অধীনৰ সহায়ে তেওঁৰ পেছাদাৰী যাত্ৰাতো ইতিবাচক প্ৰভাৱ পেলাইছে। পবিত্ৰন বৰ্তমান পূৰ্ণকালীনভাৱে কৰ্মৰত আৰু তেওঁ স্বীকাৰ কৰে যে NFSC ফেল'শ্বিপে তেওঁৰ কেৰিয়াৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ আঁচনিখনক তেওঁৰ পেছাদাৰী দায়িত্বৰ লগতে শৈক্ষিক কাম-কাজ চলাই নিবলৈ প্ৰয়োজনীয় সহায় প্ৰদান কৰা বুলি কৃতিত্ব দিয়ে।
পবিত্ৰনৰ বাবে NFSC আঁচনি কেৱল আৰ্থিক সহায়তকৈয়ো বহু বেছি। ডক্টৰেট শিক্ষাৰ সাধনাত ই প্ৰোৎসাহনৰ অৰ্থপূৰ্ণ উৎস হৈ পৰিছে, তেওঁৰ পৰিয়ালৰ আৰ্থিক স্থিৰতা শক্তিশালী কৰিছে আৰু তেওঁৰ কেৰিয়াৰ বিকাশত অৰিহণা যোগাইছে। তেওঁৰ অভিজ্ঞতাই উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আৰু নিজৰ আকাংক্ষাৰ দিশত কাম কৰিবলৈ গৱেষকসকলক সক্ষম কৰাত লক্ষ্যভিত্তিক শৈক্ষিক সহায়ৰ ভূমিকাক প্ৰতিফলিত কৰে।

***
SS-160-TAR/KV/GA/RK