মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
azadi ka amrit mahotsav

ছোৰেং, ছিকিমঃ পি এম এম এছ ৱাইৰ অধীনত ভাৰতৰ প্ৰথমটো অধিসূচিত জৈৱিক মীন ক্লাষ্টাৰ; পূৰ্বোত্তৰত মীন পালনৰ জৈৱিক প্ৰমাণ-পত্ৰৰ বাবে মানক পৰিচালনা পদ্ধতি মুকলি কেন্দ্ৰীয় মন্ত্ৰীৰ

ছিকিমৰ বাবে পি এম এম এছ ৱাইৰ অধীনত ৩৭৫ লাখ টকাৰ মীনপালন প্ৰকল্প উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 02 NOV 2026 3:37PM by PIB Guwahati

মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিঙে ২০২৬ চনৰ ২ নৱেম্বৰত ছিকিমৰ মাংগান জিলা ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (পি এম এম এছ ৱাই)ৰ অধীনত মৎস্য উন্নয়নৰ আঁচনিৰ পৰ্যালোচনা কৰে। এই ভ্ৰমণ পূৰ্বোত্তৰত উন্নয়নমূলক আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণত সহায় আৰু ক্ষেত্ৰভিত্তিক মতামত লাভ কৰিবলৈ মানৱ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ পূৰ্বোত্তৰত ভ্ৰমণৰ বাবে গঠনমূলক ব্যৱস্থাৰ সৈতে সংগতি ৰাখি কৰা হৈছিল। এই ভ্ৰমণত ছিকিম চৰকাৰৰ মীন, পশুপালন তথা পশু চিকিৎসা আৰু দুগ্ধ উৎপাদন, কৃষি আৰু উদ্যানশস্য বিভাগৰ মন্ত্ৰী শ্ৰী পুৰণ কুমাৰ গুৰুং, ভাৰত চৰকাৰৰ মীনপালন বিভাগৰ সচিব ড০ অভিলাক্ষ লিখিৰ উপৰি ছিকিম চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়া, এন এফ বি ডি আই চি এ আৰ প্ৰতিষ্ঠান, মাছ কৃষক, মীন সমবায় আৰু অন্যান্য প্ৰাসংগিক মীনপালন অংশীদাৰসকলে অংশগ্ৰহণ কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পি এম এম এছ ৱাইৰ অধীনত সমৰ্থিত লাইভ ফিছ ভেণ্ডিং চেণ্টাৰ পৰিদৰ্শন কৰি কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে বুজ ল'বলৈ মৎস্যজীৱী সমবায় সমিতিৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰে। এই ভ্ৰমণ কালত মৎস্য উৎপাদন আৰু কৃষক ভিত্তিক প্ৰতিষ্ঠানসমূহৰ বাবে সমৰ্থন শক্তিশালী কৰি দুটা মৎস্য সমবায় সমিতিৰ ১৫জন মৎস্য কৃষকক মাছৰ খাদ্যও বিতৰণ কৰা হয়। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ জীৱিকাৰ বৈচিত্ৰ্য আৰু বজাৰৰ সুযোগত আলোকপাত কৰি দুগ্ধ আৰু পশুজাত সামগ্ৰী আৰু স্থানীয়ভাৱে উৎপাদিত জৈৱিক শাক-পাচলিৰ লগতে মাছ আলংকাৰিক মাছ আৰু মূল্য সংযোজন কৰা মাছৰ সামগ্ৰী প্ৰদৰ্শন কৰা বিপণীসমূহ পৰিদৰ্শন কৰে।

এই ভ্ৰমণকালতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূব অঞ্চলত মীন পালনৰ জৈৱিক প্ৰমাণপত্ৰৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ' পি) মুকলি কৰে আৰু প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (পি এম এছ এছ ৱাই)ৰ অধীনত ৩৭৫ লাখ মূল্যৰ গুৰুত্বপূৰ্ণ মীন আন্তঃগাঁথনি যেনে পোনা উৎপাদন, ফিড মিল, শীতল ভাণ্ডাৰৰ সুবিধা আৰু উৎপাদনসম্পৰ্কীয়  প্ৰযুক্তি যেনে বায়োফ্লক আৰু ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছীষ্টেমৰ অন্তৰ্ভুক্ত প্ৰকল্প উদ্বোধন কৰে। পি এম এম এছ ৱাইৰ অধীনত উদ্বোধন কৰা প্ৰকল্পসমূহে সমগ্ৰ মীন মূল্য শৃংখলাত গুৰুত্বপূৰ্ণ সংযোগ শক্তিশালী কৰিব। মৎস্য কৃষকসকলক প্ৰাতিষ্ঠানিক ঋণ লাভৰ সুবিধাৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড বিতৰণ কৰা হয়। আনহাতে মুখ্য মন্ত্ৰী মৎস্য উৎপাদন যোজনা (এম এম এম ইউ ৱাই)ৰ অধীনত পাঁচজন মৎস্য কৃষকক মীন ভিত্তিক জীৱিকাৰ বাবে বিত্তীয় সমৰ্থন অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে চেক প্ৰদান কৰা হৈছিল। ইয়াৰ ফলত মৎস্য কৃষক উপকৃত হয়।

চৰকাৰে নিৰ্ধাৰিত ভৌগোলিক ক্ষেত্ৰৰ ভিতৰত উৎপাদন, প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন আৰু বিপণনক একত্ৰিত কৰি মীন পালন মূল্য শৃংখলৰ সংহত বিকাশৰ বাবে ক্লাষ্টাৰ আধাৰিত দৃষ্টিভংগী গ্ৰহণ কৰি পি এম এম এছ ৱাইৰ অধীনত ছিকিম আৰু মেঘালয়ৰ জৈৱিক মীন ক্লাষ্টাৰকে ধৰি সমগ্ৰ দেশতে ৩৪টা মীন উৎপাদন আৰু প্ৰক্ৰিয়াকৰণ ক্লাষ্টাৰ চিহ্ণিত কৰা হৈছে। ছিকিমৰ ছোৰেং জিলা হৈছে প্ৰধানমন্ত্ৰী মৎস্যসম্পদ যোজনা (পি এম এছ ৱাই)ৰ অধীনত আৰম্ভ কৰা ভাৰতৰ প্ৰথমটো জৈৱিক মীন ক্লাষ্টাৰ। এই গোটটোৱে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ, এণ্টিবায়'টিক আৰু কীটনাশক ব্যৱহাৰ নকৰাকৈ পৰিৱেশগতভাৱে স্বাস্থ্যকৰ মাছ খেতিৰ লগতে আমুৰ কাৰ্প, ইণ্ডিয়ান মেজৰ কাৰ্প (আই এম চি) আৰু ট্ৰাউট পালনত বিশেষ গুৰুত্ব আৰোপ কৰে। ই ছিকিমৰ প্ৰতিষ্ঠিত জৈৱিক পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ লগতে মীন পালনৰ মূল্য শৃংখল শক্তিশালী কৰা, মাছ কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা আৰু জৈৱিক মাছ আৰু মৎস্যজাত সামগ্ৰীৰ বাবে প্ৰিমিয়াম ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সুযোগ সৃষ্টি কৰাৰ চেষ্টা কৰে।

উত্তৰ-পূব অঞ্চলত মীন পালনৰ জৈৱিক প্ৰমাণপত্ৰৰ বাবে এছ অ' পিয়ে জৈৱিক উৎপাদনৰ বাবে সুবিধাজনক আন্তঃগাঁথনি যুগুত কৰি সমগ্ৰ মূল্য শৃংখলাত সন্ধানযোগ্যতা সমৰ্থন কৰি এই পৰিৱেশ তন্ত্ৰক অধিক শক্তিশালী কৰিব। অধিক বিশ্বাসযোগ্য আৰু বজাৰমুখী জৈৱিক মীন পৰিৱেশ তন্ত্ৰ বিকশিত কৰি এই উদ্যোগটোৱে জৈৱিক মাছৰ সামগ্ৰীৰ স্থিতি বৃদ্ধি আৰু প্ৰিমিয়াম ঘৰুৱা আৰু ৰপ্তানি বজাৰত তেওঁলোকৰ প্ৰৱেশাধিকাৰক সমৰ্থন কৰিব।

ছিকিমে স্থানীয়ভাৱে উৎপাদিত ৰেইনবো ট্ৰাউটৰ প্ৰাতিষ্ঠানিক ক্ৰয়ৰ বাবে ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী (আই (আই টি বি পি)ৰ সৈতে এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰি বজাৰ সংযোগ শক্তিশালী কৰাৰ দিশত অগ্ৰণী পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্যোগটোৱে ট্ৰাউট কৃষকসকলৰ বাবে  সুস্থিৰ বজাৰ প্ৰদান কৰাৰ লগতে এই উচ্চ মূল্যৰ শীতল পানীৰ মাছৰ বাবে মূল্য শৃংখল শক্তিশালী কৰাৰ চেষ্টা কৰিছে। প্ৰস্তাৱিত ব্যৱস্থাটোত গুণগত মান, যোগান ক্ষমতা, মূল্য নিৰ্ধাৰণ, পৰিদৰ্শন আৰু যোগান সময়সূচীত গুৰুত্ব আৰোপ কৰি আই টি বি পিৰ প্ৰতিষ্ঠানসমূহত ট্ৰাউটৰ নিয়মীয়া যোগানৰ পৰিকল্পনা কৰা হৈছে।

ছিকিম ভ্ৰমণে কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিবোৰৰ একত্ৰীকৰণ আৰু মৎস্য কৃষক আৰু প্ৰতিষ্ঠানসমূহৰ সক্ৰিয় অংশগ্ৰহণৰ সৈতে উত্তৰ-পূব অঞ্চলত মীন পালনৰ ইতিবাচক উন্নয়নত চৰকাৰে প্ৰদান কৰা গুৰুত্বত আলোকপাত কৰিছিল। এই আঁচনিবোৰে অঞ্চলটোত অন্তৰ্ভুক্তিমূলক বিকাশৰ বৃহৎ উদ্দেশ্যত অৰিহণা যোগোৱাৰ লগতে অঞ্চলটোৰ মীনপালনৰ সম্ভাৱনাক কৃষকৰ অধিক উপাৰ্জন, শক্তিশালী স্থানীয় উদ্যোগ আৰু বহনক্ষম অৰ্থনৈতিক সুযোগলৈ ৰূপান্তৰিত কৰিব বুলি আশা কৰা হৈছে।

JP/PK


(ৰিলিজ আই ডি : 2331851) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Nepali , Bengali , Bengali-TR