পোষ্ট কৰা হৈছে:
02 NOV 2026 4:53PM by PIB Guwahati
কেন্দ্ৰীয় সংহত প্ৰতিৰক্ষা কৰ্মচাৰী (এইচ কিউ আই ডি এছ)ৰ উদ্যোগত চেণ্টাৰ ফৰ জইণ্ট ৱাৰফেয়াৰ ষ্টাডিজ (চি ই এন জে ও ডব্লিউ এছ)ৰ দ্বাৰা আয়োজিত "চাইবাৰ-ইনেবল্ড কগনিটিভ ৱাৰফেয়াৰ" শীৰ্ষক এখন দুদিনীয়া আলোচনাচক্ৰ ২ নৱেম্বৰত নতুন দিল্লীত আৰম্ভ হয়। এই আলোচনাচক্ৰৰ লক্ষ্য হৈছে চাইবাৰ অপাৰেচন, কৃত্ৰিম বুদ্ধিমত্তা (এ আই) তথ্যৰ প্ৰভাৱ আৰু মানৱ জ্ঞানৰ সংমিশ্ৰণৰ পৰা উদ্ভৱ হোৱা নতুন নতুন সুৰক্ষা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা। এই আলোচনাই বিশেষকৈ ভাৰতত নতুনকৈ দেখা দিয়া চাইবাৰ ভাবুকিৰ দৃশ্যপটত আলোকপাত কৰে।
আলোচনাবোৰত চাইবাৰ-সক্ষম কগনিটিভ ৱাৰফেয়াৰ আৰু ভাৰতত নতুনকৈ দেখা দিয়া ভাবুকিৰ দৃশ্যপট, এইবোৰৰ অংশীদাৰ, ভেক্টৰ আৰু তথ্য পৰিৱেশ সৃ্ষ্টি কৰা বিভিন্ন কাৰকৰ প্ৰভাৱ তথা কাৰ্য্যকলাপৰ নিৰ্মাণ প্ৰক্ৰিয়াত গুৰুত্ব আৰোপ কৰিছিল। আলোচনাবোৰে চাইবাৰ প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল অপপ্ৰয়োগৰ বৰ্ধিত হাৰৰ লগতে সামৰিক কৰ্মচাৰী, জ্যেষ্ঠ নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালক লক্ষ্য কৰাৰ বিষয়তো আলোকপাত কৰিছিল। আলোচনাবোৰে উদ্ভৱ হোৱা ভাবুকিৰ ব্যাপক বুজাপৰাৰ প্ৰয়োজনৰ লগতে সেইবোৰৰ মনস্তাত্ত্বিক, প্ৰতিষ্ঠানিক আৰু সামাজিক প্ৰভাৱসমূহক সামৰি ল’বলৈ তেওঁলোকৰ প্ৰযুক্তিগত মাত্ৰাৰ পৰিসৰৰ বাহিৰতো দৃষ্টিপাত কৰে।
এই আলোচনাচক্ৰখনে প্ৰবীণ সামৰিক নেতা, চৰকাৰী বিষয়া, ৰণনীতিগত বিশেষজ্ঞ, কূটনীতিবিদ, শিক্ষা জগতৰ প্ৰতিনিধি, প্ৰযুক্তি বিশেষজ্ঞ আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক এখন উমৈহতীয়া মঞ্চত সমবেত কৰে। অংশগ্ৰহণকাৰীসকলে চাইবাৰ-সক্ষম কগনিটিভ ৱাৰফেয়াৰৰ প্ৰত্যাহ্বান আৰু প্ৰভাৱৰ বিষয়ে বিস্তৃত আলোচনা কৰে।
উদ্বোধনী অধিৱেশনত উপস্থিত আছিল প্ৰতিৰক্ষা চাইবাৰ এজেন্সীৰ সঞ্চালক প্ৰধান ৰিয়াৰ এডমিৰেল সঞ্জয় সচদেৱা, চেঞ্জ'জৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল অশোক কুমাৰ(অৱসৰপ্ৰাপ্ত), ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা সমন্বয়ক শ্ৰী নবীন কুমাৰ সিং, নৌসেনাৰ ডেপুটী চীফ ভাইচ এডমিৰেল এ এন প্ৰমোদ আৰু ছিফ অৱ ডিফেঞ্চ ষ্টাফ কমিটিৰ (চি আই এছ চি) অধ্যক্ষ, সমন্বিত প্ৰতিৰক্ষা কৰ্মচাৰীৰ মুৰব্বী এয়াৰ মাৰ্শাল তেজিন্দৰ সিং।
SR/Ruchi/PK