প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজস্থানৰ ঝুনঝুনুত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পিএমএনআৰএফৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 02 NOV 2026 2:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ঝুনঝুনুত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

ৰাজস্থানৰ ঝুনঝুনুত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰওৱাৰ খবৰ পাই মৰ্মাহত। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।

প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi

 

***

MJPS/SS/VJ/NB


(ৰিলিজ আই ডি : 2331532) অতিথি কক্ষ : 9