পোষ্ট কৰা হৈছে:
02 NOV 2026 6:39AM by PIB Guwahati
কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে(ওৰফে লালন সিং) ২০২৬ চনৰ ২-৩ নৱেম্বৰত ছিকিমৰ গেংটক আৰু মাংগান জিলা ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুগ্ধ উন্নয়নৰ আঁচনিসমূহৰ পৰ্যালোচনা আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচীৰ (এন পি ডি ডি)ৰ অধীনত ছিকিম দুগ্ধ সংঘৰ বাবে এটা মাইক্ৰ’ বায়'লজী পৰীক্ষাগাৰ উদ্বোধন কৰিব। তেওঁ শ্বেত বিপ্লৱ ২.০ৰ অধীনত ৫৭খন নতুন দুগ্ধ সমবায় সমিতি (ডি চি এছ) স্থাপনৰ কামো আৰম্ভ কৰিব। ইয়াৰ লগতে তেওঁ নতুনকৈ পঞ্জীয়ন কৰা পাঁচটা ডি চি এছক পঞ্জীয়ন প্ৰমাণপত্ৰ প্ৰদান কৰিব।ইয়াৰ উপৰি উত্তৰ ছিকিমত ১৫টা নতুন ডি চি এছ গঠন কৰা হ'ব, যাৰ ফলত অধিক দুগ্ধ কৃষক সমবায় দুগ্ধ নেটৱৰ্কৰ অংশ হ'ব পাৰিব। গেংটক আৰু জোৰেথাঙত নিৰ্মিত চুৰপি চীজৰ বাবে এটা উদ্যোগো উদ্বোধন কৰা হ'ব।

সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰৰ ১০ হাজাৰ এফ অ’ পি আঁচনিৰ অধীনত ছিকিম দুগ্ধ সংঘৰ বাবে দুটা পশু খাদ্য তথা কৃষি উৎপাদক গোট আৰম্ভ কৰিব।তেওঁ জৈৱিক মৌ, নাইজাৰ বীজ মিশ্ৰিত পাউদাৰ আৰু মিলেট তথা বাকহুইটৰ মিঠাইকে ধৰি নতুন সামগ্ৰীৰ উৎপাদন উন্মোচন কৰিব। এইবোৰে উৎপাদিত সামগ্ৰীৰ বৈচিত্ৰ্য আৰু মূল্য সংযোজনৰ ক্ষেত্ৰখনত নতুন দিশ চিহ্ণিত কৰিব।
এই ভ্ৰমণত ছিকিম চৰকাৰ, মাংগান জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল, ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগ (ডি এ এইচ ডি)ৰ প্ৰতিনিধিসকল, সংশ্লিষ্ট মন্ত্ৰালয়, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ড (এন ডি ডি বি), দুগ্ধ কৃষক, দুগ্ধ সমবায় সমিতি আৰু দুগ্ধ কৃষক উৎপাদক সংগঠনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব।
২০২৪-২৫ বৰ্ষত প্ৰায় এহাজাৰ মেট্ৰিকটন দুগ্ধ উৎপাদন তথা প্ৰতিদিনে জনমূৰি প্ৰায় ৩৫২ গ্ৰাম গাখীৰৰ যোগানেৰে দুগ্ধ উৎপাদনৰ বিকাশত ছিকিমে পূৰ্বোত্তৰ ভাৰততে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰাজ্যখনৰ দুগ্ধ খণ্ডৰ বিকাশত সহায় কৰিবলৈ ২০১৪ চনৰ পৰা ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত ডি এ এইচ ডিয়ে(আৰ জি এম) ৭,০৯৩.৯৯ লাখ টকা মুকলি কৰি দিছে। তদুপৰি, থলুৱা ছিৰি নামৰ গৰুৰ প্ৰজাতিটোৰ বিকাশ আৰু সংৰক্ষণৰ বাবে ২,৭৬৩.৯২ লাখ টকাৰ এটা বিশেষ প্ৰকল্প অনুমোদন কৰা হৈছে।
ছিকিমত য়াকৰ বিকাশ আৰু সংৰক্ষণৰ বাবে ২০২৩-২৪ বৰ্ষত ১০০ লাখ টকা মুকলি কৰা হৈছিল। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত উচ্চ জেনেটিক মেৰিট য়াক (এম জি এইচ) ক্ৰয়ৰ বাবে ২০২৬-২৭ বিত্তীয় বৰ্ষত ১০০ লাখ টকা মুকলি কৰা হৈছে।
ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচীৰ অধীনত (এন পি ডি ডি) ডি এ এইচ ডি এয়ে মুঠ ৫৯.৬০ কোটি টকা ব্যয়ৰে ৯টা প্ৰকল্প অনুমোদন কৰিছে। ইয়াৰ ভিতৰত আছে ৫৪.৬১ কোটি টকাৰ কেন্দ্ৰীয় অংশ। ইয়াৰে ৫৩.৬১ কোটি টকা মুকলি কৰা হৈছে। আনহাতে ৫২.৬১ কোটি টকা ব্যৱহাৰ কৰা হৈছে।
ৰাষ্ট্ৰীয় পশুধন মিছন(এন এল এম)ৰ অধীনত ডি এ ডি এইচ এ ২০২০-২১ বিত্তীয় বৰ্ষত পশুখাদ্য উৎপাদনৰ বাবে ১,৯১৪.৩৯ লাখ টকা, পশুধন বীমাৰ বাবে ৫৩০.৬২ লাখ টকা গোধন আৰু গাহৰিৰ প্ৰজাতিৰ উন্নয়নৰ বাবে ৪০৮.৬৪ লাখ টকা আৰু প্ৰশিক্ষণ আৰু সম্প্ৰসাৰণ কাৰ্যকলাপৰ বাবে ৩৫৯.৪০ লাখ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰিছে।
মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে দুগ্ধ আৰু পশুপালন খণ্ডত ছিকিমৰ অৱদান আৰু ইয়াৰ গুৰুত্বৰ প্ৰতি ভাৰত চৰকাৰৰ স্বীকৃতিত গুৰুত্ব আৰোপ কৰিছে। চৰকাৰে গ্ৰহণ কৰা আন্তঃগাঁথনি আৰু উদ্যোগসমূহে কৃষক আৰু পশুধন পালকসকলৰ জীৱিকা শক্তিশালী, মূল্য সংযোজনৰ প্ৰচাৰ, যোগান শৃংখলা আন্তঃগাঁথনি উন্নত আৰু উপাৰ্জন সৃষ্টিৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। এই ব্যৱস্থাবোৰে প্ৰিমিয়াম আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰৱেশাধিকাৰ প্ৰদানেৰে স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰ উন্নত বজাৰ লাভ সহজ কৰি তুলিব। ইয়ে ৰাজ্যখনৰ দুগ্ধ আৰু পশুধন খণ্ডত বহনক্ষম বিকাশত অৰিহণা যোগাব।

***
JP /PK