পোষ্ট কৰা হৈছে:
02 NOV 2026 9:37AM by PIB Guwahati
নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত সুৰক্ষিত ভগৱান শাক্যমুনি বুদ্ধৰ পৱিত্ৰ অৱশেষ (অস্থি ধাতু) সমূহ ৩১ অক্টোবৰত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীপেমা খাণ্ডুৱে টাৱাঙত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। ইয়াৰ লগে লগে অৰুণাচল প্ৰদেশত ভাৰতৰ বৌদ্ধ ঐতিহ্যৰ গুৰুত্বপূৰ্ণ প্ৰদৰ্শনীৰ শুভাৰম্ভ হয়। কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী শ্ৰীগজেন্দ্ৰ সিং শ্বেখাৱট, বৌদ্ধ ভিক্ষুসকল, ধাৰ্মিক নেতাসকল আৰু ভক্তসকলৰ উপস্থিতিত ঐতিহাসিক গাদেন নামগ্যাল লহাতছে (টাৱাং মঠ)-ত এই পৱিত্ৰ অৱশেষসমূহক পৰম্পৰাগত ধাৰ্মিক আদৰণি জনোৱা হয়।

ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়, অৰুণাচল প্ৰদেশ চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘ আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ যৌথ উদ্যোগত এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনীয়ে বৌদ্ধ বিশ্বাসৰ তিনিটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ - টাৱাং, বমডিলা আৰু নামচাইত ভক্ত আৰু এই পৱিত্ৰ অৱশেষৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ সুবৰ্ণ সুযোগ প্ৰদান কৰিব।
টাৱাঙৰ উদ্বোধনী কাৰ্যসূচীত কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, শ্ৰদ্ধেয় বৌদ্ধ ভিক্ষুসকল, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ প্ৰতিনিধিসকল, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভক্তসকল উপস্থিত থাকে।

এই উপলক্ষে প্ৰেৰণ কৰা নিজৰ বাৰ্তাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশত ভগৱান বুদ্ধৰ পৱিত্ৰ অৱশেষৰ প্ৰদৰ্শনীক লৈ সন্তোষ প্ৰকাশ কৰে আৰু ইয়াক অপৰিসীম আধ্যাত্মিক তথা সাংস্কৃতিক তাৎপৰ্যপূৰ্ণ অনুষ্ঠান বুলি অভিহিত কৰে। এশতকৈও অধিক বছৰৰ পাছত পৱিত্ৰ পিপ্ৰাহৱা অৱশেষসমূহ নিজৰ গৃহলৈ ঘূৰি অহাৰ এই ক্ষণক গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত বুলি উল্লেখ কৰি তেওঁ আস্থা প্ৰকাশ কৰে যে, এই প্ৰদৰ্শনে ভাৰতৰ সমৃদ্ধ বৌদ্ধ ঐতিহ্য আৰু ভগৱান বুদ্ধৰ চিৰন্তন শিক্ষাক জনসাধাৰণৰ মাজত অধিক বিস্তৃত তথা আদৰণীয় কৰি তুলিব।
এই প্ৰদৰ্শনীৰ বিশেষ আধ্যাত্মিক গুৰুত্ব আছে কাৰণ ই তিব্বতী বৌদ্ধ পৰম্পৰাৰ গুৰুত্বপূৰ্ণ উৎসৱ 'লহাবাব দুচেন'ৰ সৈতে মিলি পৰিছে, যিয়ে ভগৱান বুদ্ধৰ স্বৰ্গলোকৰ পৰা মৰ্ত্যলৈ অৱতৰণক স্মৰণ কৰায়।

পৱিত্ৰ অৱশেষসমূহ উত্তৰ প্ৰদেশৰ পিপ্ৰাহৱাৰ পৰা সংগ্ৰহ কৰা হৈছে, যি প্ৰাচীন কপিলাবাস্তু আৰু ভগৱান বুদ্ধৰ শাক্য পৰম্পৰাৰ সৈতে জড়িত প্ৰত্নতাত্ত্বিক স্থান। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত সংৰক্ষিত এই অৱশেষসমূহে বৌদ্ধ সম্প্ৰদায়ৰ বাবে অপৰিসীম ঐতিহাসিক, প্ৰত্নতাত্ত্বিক আৰু আধ্যাত্মিক গুৰুত্ব বহন কৰে।
"Unearthing the Sacred Piprahwa : The Story of the Holy Buddha Relics and Their Discovery" শীৰ্ষক বিশেষ প্ৰদৰ্শনীত পিপ্ৰাহৱাৰ প্ৰত্নতাত্ত্বিক আৱিষ্কাৰৰ ইতিহাস, পৱিত্ৰ অৱশেষ পূজা-অৰ্চনাৰ তাৎপৰ্য আৰু ইয়াৰ ঐতিহ্য ভাৰতলৈ প্ৰত্যাৱৰ্তনকে ধৰি সমগ্ৰ যাত্ৰাক তুলি ধৰা হ’ব।
ইপিনে, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘই অৰুণাচল প্ৰদেশ চৰকাৰৰ সহযোগিতাত অহা ২ নৱেম্বৰ ২০২৬ তাৰিখে টাৱাঙৰ কালাৱাংপো কনভেনচন হলত 'Buddhism : Dissemination in the Himalayan Region and Beyond' শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিব।
নিৰ্ধাৰিত সময়সূচী অনুসৰি, এই পৱিত্ৰ অৱশেষৰ প্ৰদৰ্শনী ১ ৰ পৰা ৭ নৱেম্বৰলৈ টাৱাং মঠত, ৮ ৰ পৰা ১৩ নৱেম্বৰলৈ বমডিলাৰ টিজিএল মঠত (নিম্ন গোম্পা) আৰু ১৪ ৰ পৰা ২০ নৱেম্বৰ ২০২৬ লৈ নামচাইৰ গোল্ডেন পেগোডাত অনুষ্ঠিত হ'ব। ইয়াৰ পাছত ২১ নৱেম্বৰ ২০২৬ তাৰিখে পৱিত্ৰ অৱশেষসমূহ পুনৰ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ ঘূৰাই অনা হ’ব।

এই প্ৰদৰ্শনীয়ে ভগৱান বুদ্ধৰ চিৰন্তন শিক্ষা - শান্তি, কৰুণা, অহিংসা আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰ কৰাৰ লগতে ভাৰতৰ বৌদ্ধ ঐতিহ্যক উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ কাষ চপাই অনাৰ গুৰুত্বপূৰ্ণ পদক্ষেপক প্ৰতিনিধিত্ব কৰিছে।
এনে পদক্ষেপৰ জৰিয়তে ভাৰত চৰকাৰে দেশৰ সমৃদ্ধ বৌদ্ধ ঐতিহ্য ৰক্ষা, প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ লগতে সমগ্ৰ বিশ্বৰ বৌদ্ধ সম্প্ৰদায়সমূহৰ সৈতে ভাৰতৰ ঐতিহাসিক আৰু আধ্যাত্মিক সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিবলৈ নিৰৱচ্ছিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে।

M Annadurai/KDD