গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত অখিল বিশ্ব গায়ত্ৰী পৰিৱাৰৰ উদ্যোগত আয়োজিত ‘শতাব্দী সমাৰোহ ২০২৬’ত ভাষণ প্ৰদান কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে

গায়ত্ৰী পৰিয়ালৰ ‘শতাব্দী সমাৰোহ ২০২৬’ হৈছে অখণ্ড জ্যোতিৰ ১০০ বছৰ, পৰম বন্দনীয়া মাতাজীৰ জন্মৰ ১০০ বছৰ আৰু পূজ্য আচাৰ্যৰ সাধনাৰ পৱিত্ৰ ত্ৰিবেণী সংগম।

এগছি প্ৰদীপ জ্বলাবলৈ এটা শিখাই যথেষ্ট, কিন্তু সেই শিখা নিৰৱচ্ছিন্নভাৱে ১০০ বছৰ ধৰি জ্বলাই ৰাখিবলৈ তপস্যা, ত্যাগ আৰু দৃঢ় সংকল্পৰ প্ৰয়োজন। তেতিয়াহে সেই জ্যোতিয়ে কোটি কোটি আত্মাক জাগ্ৰত কৰিব পাৰে, যি কাম গায়ত্ৰী পৰিয়ালে কৰি দেখুৱাইছে।

যিদৰে ১০০ সংখ্যাটোক পূৰ্ণতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়, ঠিক তেনেদৰে এই বছৰটো ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিক যাত্ৰাৰ বাবেও পূৰ্ণতাৰ বছৰ।

বন্দনীয়া মাতাজীয়ে নিজে তপস্যা কৰি আনৰ বাবে পথ আলোকিত কৰিছিল, ঠিক এগছি প্ৰদীপৰ দৰেই।

তেওঁৰ ত্যাগ আৰু সেৱাৰ মনোভাবেই গায়ত্ৰী পৰিয়ালৰ মূল আদৰ্শ।

গায়ত্ৰী মন্ত্ৰক জনসাধাৰণৰ মাজলৈ লৈ গৈ পণ্ডিত শ্ৰীৰাম শৰ্মা আচাৰ্যই আগবঢ়োৱা মহান সেৱা ভাৰতীয় সংস্কৃতিৰ প্ৰতি ঋষি-মুনি তথা যুগস্ৰষ্টাসকলে আগবঢ়োৱা অৱদানৰ দৰেই গভীৰ আৰু তাৎপৰ্যপূৰ্ণ।

গায়ত্ৰী মন্ত্ৰৰ প্ৰতি মানুহৰ মনত বিশ্বাসৰ ভাব জগাই তুলি গুৰুদেৱে ভাৰতীয় আধ্যাত্মিকতা আৰু আধ্যাত্মিক শক্তিক পৰৱৰ্তী ১০০ বছৰৰ বাবে নৱ জীৱন প্ৰদান কৰিছে।

১০০ বছৰ পূৰ্বে প্ৰজ্বলিত হোৱা সেই জ্যোতি আজি মানৱ কল্যাণৰ প্ৰতীক হিচাপে পৰিগণিত হোৱাৰ লগতে ১০০খনতকৈও অধিক দেশৰ ১৫ কোটিৰো অধিক পৰিয়ালৰ মাজলৈ বিস্তাৰ লাভ কৰিছে।

গায়ত্ৰী মন্ত্ৰ কেৱল ধৰ্মীয় আচাৰ-অনুষ্ঠান নহয়; ই এটা সম্পূৰ্ণ ৰূপান্তৰৰ পথ।

গায়ত্ৰী মন্ত্ৰৰ ২৪টা আখৰৰ সৈতে আমাৰ ২৪টা শুভ শক্তিৰ সম্পৰ্ক আছে।

এই শক্তিসমূহ জাগ্ৰত হ’লে আমাৰ ভিতৰত থকা অশুভ প্ৰৱণতাসমূহ দমন হয় আৰু শুভ শক্তিসমূহৰ বিকাশ ঘটে।
যিগৰাকী ব্যক্তিৰ মাজত এই ২৪টা শুভ গুণৰ বিকাশ ঘটে, তেওঁৰ বাবে মুক্তিৰ পথ স্বয়ংক্ৰিয়ভাৱে মুকলি হয়।

পোষ্ট কৰা হৈছে: 01 NOV 2026 9:46PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত অখিল বিশ্ব গায়ত্ৰী পৰিৱাৰৰ  উদ্যোগত আয়োজিত ‘শতাব্দী সমাৰোহ ২০২৬’ত ভাষণ প্ৰদান কৰে। অখিল বিশ্ব গায়ত্ৰী পৰিৱাৰৰ পৰম বন্দনীয়া মাতাজীৰ জন্মৰ ১০০ বছৰ আৰু অখণ্ড জ্যোতিৰ আৱিৰ্ভাৱৰ ১০০ বছৰ পূৰ্তি উপলক্ষে  এই ‘শতাব্দী  সমাৰোহ ২০২৬’ৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী দুৰ্গাদাস উইকে, গায়ত্ৰী পৰিয়ালৰ দলনায়ক ড° চিন্ময় পাণ্ডিয়া আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজিৰ দিনটো হৈছে বিশ্বাস, সেৱা আৰু সংকল্পৰ দিন। পৰম বন্দনীয়া মাতা ভাগৱতী দেৱী শৰ্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন, গায়ত্ৰী পৰিয়ালৰ মূল আদৰ্শ অনুসৰি সেৱা আগবঢ়োৱা আৰু মহৰ্ষি অৰবিন্দ তথা স্বামী বিবেকানন্দৰ সপোনৰ ভাৰত নিৰ্মাণৰ সংকল্পৰে আমি আজি ইয়াত সমৱেত হৈছোঁ।

শ্ৰী শ্বাহে কয় যে অখণ্ড জ্যোতিৰ আৱিৰ্ভাৱৰ ১০০ বছৰ, বন্দনীয়া মাতাজীৰ জন্মৰ ১০০ বছৰ আৰু পূজ্য গুৰুদেৱ পণ্ডিত শ্ৰীৰাম শৰ্মা আচাৰ্যৰ সাধনাৰ ১০০ বছৰ—এই তিনিওটা  পৱিত্ৰ ধাৰাৰ সংগম এই বছৰতে ঘটিছে।

তেওঁ কয় যে ১০০ সংখ্যাটোক পূৰ্ণতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। সেই দৃষ্টিকোণৰ পৰা এই বছৰটো ভাৰতীয় সংস্কৃতি আৰু ভাৰতৰ আধ্যাত্মিক যাত্ৰাৰ বাবেও  পূৰ্ণতাৰ বছৰ।

শ্ৰী অমিত শ্বাহে কয় যে পূজ্য মাতাজীয়ে নিজে তপস্যা কৰি আনৰ বাবে পথ আলোকিত কৰিছিল। ১০০ বছৰ পূৰ্বে প্ৰজ্বলিত হোৱা সেই জ্যোতি আজি ১০০খনতকৈও অধিক দেশৰ ১৫ কোটিৰো অধিক পৰিয়ালৰ মাজত অগণন লোকৰ কল্যাণৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ জানুৱাৰীত হৰিদ্বাৰত অনুষ্ঠিত চাৰিদিনীয়া সন্মিলনত সমগ্ৰ গায়ত্ৰী পৰিয়াল একত্ৰিত হৈ এই জ্যোতিৰ সংকল্পৰ সৈতে নিজকে একাত্ম কৰিছিল। আজি সেই একেটা যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়ত দুটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত হৈছে।

ইয়াৰে প্ৰথমটো হৈছে ‘দীপ মহাযজ্ঞ’, যিয়ে ত্যাগ, সহযোগিতা আৰু সমৰ্পণৰ প্ৰতীক বহন কৰে। প্ৰতিটো প্ৰজ্বলিত বন্তিয়েই এই সংকল্পৰ প্ৰতীক যে আমি আমাৰ শক্তি সমাজ, আধ্যাত্মিকতা আৰু ৰাষ্ট্ৰৰ সেৱাত নিয়োজিত কৰিম।কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে নিজৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁ বিশ্বাস কৰে যে গায়ত্ৰী মন্ত্ৰ হৈছে সম্পূৰ্ণ ৰূপান্তৰৰ পথ। এয়া কেৱল কোনো ধৰ্মীয় বা আধ্যাত্মিক আচাৰ-অনুষ্ঠান নহয়।এই মন্ত্ৰৰ মাজত নিহিত হৈ থকা ইতিবাচক শক্তিক অনুভৱ কৰি আৰু মন, শৰীৰ তথা আত্মাক সেই শক্তিৰ উপলব্ধি কৰিবলৈ সক্ষম কৰিলে, আমাৰ ভিতৰত নিহিত থকা সত্ত্বগুণৰ পূৰ্ণ বিকাশ সাধনৰ  মহান পথ হৈ পৰে।

শ্ৰী শ্বাহে কয় যে গায়ত্ৰী মন্ত্ৰৰ ২৪টা আখৰৰ সৈতে আমাৰ ২৪টা শুভ শক্তিৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। গায়ত্ৰী মন্ত্ৰৰ ২৪টা আখৰক আধাৰ হিচাপে লৈ আৰু গুৰুৰ পৰা ইয়াৰ শুদ্ধ উচ্চাৰণৰ সংস্কাৰ গ্ৰহণ কৰি যদি আমি নিজৰ ভিতৰত থকা ২৪টা শুভ শক্তি জাগ্ৰত কৰিব পাৰোঁ, তেন্তে আমাৰ মাজত নিহিত অশুভ শক্তিসমূহ দমন হ’ব আৰু শুভ শক্তিসমূহৰ বিকাশ ঘটিব।

তেওঁ কয় যে এই ২৪টা শুভ শক্তি ২৪ প্ৰকাৰৰ গুণৰ সৈতে জড়িত। সেইবোৰৰ ভিতৰত আছে দূৰদৰ্শিতা, সংযম, তপস্যা, সাহস, বিবেক, বুদ্ধিমত্তা, সুৰক্ষা, উৎপাদন, সেৱা, জীৱনীশক্তি, প্ৰেম, বীৰত্ব আৰু একাগ্ৰতাকে ধৰি অন্যান্য গুণ।তেওঁ কয় যে যিগৰাকী ব্যক্তিৰ মাজত এই ২৪টা শুভ গুণৰ বিকাশ ঘটে, তেওঁৰ বাবে মোক্ষ লাভৰ পথ স্বয়ংক্ৰিয়ভাৱে মুকলি হয় আৰু ভগৱানে তেওঁক সেই পথত আগুৱাই নিয়ে।

শ্ৰী অমিত শ্বাহে কয় যে গায়ত্ৰী মন্ত্ৰক জনসাধাৰণৰ মাজলৈ লৈ গৈ পণ্ডিতজীয়ে যি গভীৰ সেৱা আগবঢ়াইছে, সেয়া ভাৰতীয় সংস্কৃতি, আমাৰ আধ্যাত্মিক চেতনা আৰু বিশ্বৰ সত্ত্বগুণৰ বিকাশৰ বাবে ভাৰতৰ বহু ঋষি, সাধক আৰু যুগস্ৰষ্টাই আগবঢ়োৱা অৱদানৰ দৰেই গভীৰ।

তেওঁ কয় যে পণ্ডিত শ্ৰীৰাম শৰ্মা আচাৰ্য আমাৰ আধ্যাত্মিক জগতৰ এগৰাকী চিকিৎসকৰ দৰে। তেওঁৰ মতে, গায়ত্ৰী মন্ত্ৰৰ জপে ২৪ প্ৰকাৰৰ শুভ শক্তি জাগ্ৰত কৰে।

নাভিৰ পৰা মুখলৈকে সঠিকভাৱে মন্ত্ৰটো উচ্চাৰণ কৰিলে এই ২৪টা শক্তিকেন্দ্ৰ সক্ৰিয় হৈ উঠে আৰু সেইবোৰৰ পৰা নিৰ্গত হোৱা আভ্যন্তৰীণ ৰসায়নিক নিঃসৰণে ২৪টা শুভ শক্তিৰ বিকাশ ঘটায়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বহু যুৱক-যুৱতী গায়ত্ৰী মন্ত্ৰৰ পৰা উপকৃত হৈছে। তেওঁলোকৰ ইতিবাচক চিন্তা, সাহস আৰু স্মৃতিশক্তি বৃদ্ধি পাইছে, বিশ্লেষণ ক্ষমতা অধিক তীক্ষ্ণ হৈছে আৰু সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ্যও উন্নত হৈছে।

তেওঁ কয় যে গুৰুদেৱে এই শিক্ষা ১৫ কোটি পৰিয়ালৰ মাজলৈ লৈ গৈছিল আৰু সমগ্ৰ বিশ্বৰ ১৫ কোটি পৰিয়ালক সামৰি লোৱাটো কোনো সৰু কথা নহয়।

গায়ত্ৰী মন্ত্ৰৰ প্ৰতি বিশ্বাসৰ সৃষ্টি কৰি আৰু ইয়াৰ শুদ্ধ উচ্চাৰণৰ পৰম্পৰা প্ৰতিষ্ঠা কৰি তেওঁ কেৱল ব্যক্তিৰ জীৱন উন্নত কৰাই নহয়, ভাৰতীয় আধ্যাত্মিকতা আৰু আধ্যাত্মিক শক্তিকো পৰৱৰ্তী ১০০ বছৰৰ বাবে নতুন জীৱন প্ৰদান কৰিছে।

তেওঁ কয় যে গুৰুদেৱে আৰম্ভ কৰা এই ঐশ্বৰিক সংস্কৃতিৰ দিগ্বিজয়ৰ আহ্বান আমি নিৰন্তৰ পুনৰ উচ্চাৰণ কৰি যাব লাগিব, ইয়াক অধিক বিস্তাৰ কৰিব লাগিব আৰু নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব লাগিব।

শ্ৰী অমিত শ্বাহে কয় যে গায়ত্ৰী পৰিয়ালৰ জৰিয়তে এটা আন্দোলনৰ উত্থান ঘটিছে আৰু ইয়াক আগুৱাই নিয়াটো আমাৰ সকলোৰে পৱিত্ৰ কৰ্তব্য।এই কৰ্তব্য হৈছে সমগ্ৰ বিশ্বৰ শুভ শক্তিসমূহক একত্ৰিত কৰা আৰু বিশ্বক সৎ তথা ন্যায়ৰ পথত পৰিচালিত কৰা।

জীৱনৰ শেষ মুহূৰ্তলৈকে আমি এই কাম অব্যাহত ৰাখিব লাগিব।

 

****

RK/RR/PR/PS/DM


(ৰিলিজ আই ডি : 2331413) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी