মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
azadi ka amrit mahotsav

সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে ২ নৱেম্বৰ ২০২৬ তাৰিখে ছিকিমৰ গেংটক আৰু মাংগান জিলা ভ্ৰমণ কৰিব

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (PMMSY)-ৰ অধীনত ৩৭৫ লাখ টকা ব্যয়সাপেক্ষ প্ৰকল্পৰ উদ্বোধন কৰা হ’ব

পোষ্ট কৰা হৈছে: 01 NOV 2026 11:46AM by PIB Guwahati

মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিঙে ২-৩ নৱেম্বৰ ২০২৬ তাৰিখে ছিকিমৰ গেংটক আৰু মাংগান জিলা ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মীনপালন উন্নয়নৰ বিভিন্ন পদক্ষেপসমূহ পৰ্যালোচনা, জৈৱিক মীন পালনৰ বাবে মানক পৰিচালন পদ্ধতি (Standard Operating Procedure – SOP) মুকলি কৰিব।প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (PMMSY)-ৰ অধীনত ৩৭৫ লাখ টকা ব্যয়সাপেক্ষ প্ৰকল্পৰ উদ্বোধন আৰু মীন পালকসকলৰ সৈতে মত-বিনিময়ো কৰিব। এই ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাত উত্তৰ-পূৰ্বাঞ্চললৈ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ নিয়মীয়া ভ্ৰমণৰ বাবে স্থাপন কৰা  সুসংগঠিত ব্যৱস্থাৰ অংশ। ইয়াৰ উদ্দেশ্য হৈছে উন্নয়নমূলক কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰা আৰু ক্ষেত্ৰ পৰ্যায়ৰ পৰা প্ৰত্যক্ষ মতামত লাভ কৰা। ইয়াৰ উপৰি, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মীন পালকসকলৰ মাজত কিষাণ ক্ৰেডিট কাৰ্ড (Kisan Credit Cards) বিতৰণ আৰু মুখ্যমন্ত্ৰী মৎস্য উৎপাদন যোজনা (MMMUY)-ৰ অধীনত মীন পালকসকলক চেক বিতৰণ কৰিব।

এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মাংগশিলাৰ জীৱন্ত মাছ বিক্ৰী কেন্দ্ৰ (Live Fish Vending Centre) পৰিদৰ্শন কৰাৰ সময়ত মীন পালক সমবায় সমিতিৰ সৈতে মত-বিনিময় কৰিব। ইয়াৰ জৰিয়তে মাছৰ বিপণন আৰু সমবায়মূলক কাৰ্যকলাপৰ ক্ষেত্ৰত থকা ক্ষেত্ৰ পৰ্যায়ৰ প্ৰয়োজনীয়তাসমূহৰ বুজ লব। তদুপৰি, মন্ত্ৰীগৰাকীয়ে DAC, মাংগানত মীনপালন উন্নয়ন আৰু প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (PMMSY)-ৰ অধীনত ৰূপায়িত  বিভিন্ন পদক্ষেপসমূহ পৰ্যালোচনা কৰি এই আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত থকা সমস্যাসমূহৰ সম্পৰ্কে মীনপালন খণ্ডৰ সংশ্লিষ্ট অংশীদাৰসকলৰ পৰা মতামত গ্ৰহণ কৰিব। এই মত-বিনিময় আৰু পৰ্যালোচনাসমূহে ছিকিমত মীনপালন খণ্ডৰ উন্নয়নৰ প্ৰয়োজনীয়তাসমূহ মূল্যায়ন কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।বিশেষকৈ দুৰ্গম আৰু ভৌগোলিকভাৱে প্ৰত্যাহ্বানপূৰ্ণ অঞ্চলসমূহৰ ক্ষেত্ৰত ই অধিক ফলপ্ৰসূ হব।

এই ভ্ৰমণত ছিকিম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল, মাংগান জিলা প্ৰশাসন, ভাৰত চৰকাৰৰ মীনপালন বিভাগ, সংশ্লিষ্ট লাইন মন্ত্ৰালয়সমূহ, মীনপালন খণ্ডৰ ICAR প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধি, মীন পালকসকল, মীনপালন সমবায় সমিতিসমূহ আৰু মীনপালক উৎপাদক সংগঠনসমূহৰ (Fish Farmer Producer Organisations) প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিব।

প্ৰচুৰ অলৱণাক্ত পানীৰ সম্পদ, বৈচিত্ৰ্যপূৰ্ণ জলজ পৰিৱেশতন্ত্ৰ আৰু সমৃদ্ধ জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধ উত্তৰ-পূৰ্বাঞ্চলত বহনক্ষম আৰু উচ্চ-মূল্যৰ মীনপালন তথা জলজ কৃষি (Aquaculture) বিকাশৰ যথেষ্ট সম্ভাৱনা আছে।প্ৰমাণীকৰণ, শক্তিশালী অনুসৰণযোগ্যতা (Traceability), উৎপাদন একত্ৰীকৰণ (Aggregation), প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজনৰ জৰিয়তে এই অন্তৰ্নিহিত সুবিধাসমূহৰ সদব্যৱহাৰ কৰাৰ লগতে বিশ্বব্যাপী ৰপ্তানি বজাৰৰ প্ৰয়োজনীয়তাসমূহৰ সৈতে সামঞ্জস্য স্থাপন কৰিলে অঞ্চলটোৰ ৰপ্তানি-প্ৰস্তুতি অধিক শক্তিশালী কৰিব পৰা যাব। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলক প্ৰমাণীকৃত জৈৱিক আৰু উন্নতমানৰ মীনজাত সামগ্ৰীৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা বৃদ্ধি পাব।
ইয়াৰ ফলত দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ সুযোগ বৃদ্ধি পোৱাৰ লগতে মীন পালকসকলে উৎপাদিত সামগ্ৰীৰ অধিক মূল্য লাভ কৰিব আৰু সমগ্ৰ মীনপালন মূল্য শৃংখলৰ সৈতে জড়িত লোকসকলৰ জীৱিকা অধিক শক্তিশালী হ’ব।

চৰকাৰে মীনপালন মূল্য শৃংখলৰ সমন্বিত উন্নয়নৰ বাবে ক্লাষ্টাৰভিত্তিক পদ্ধতি গ্ৰহণ কৰিছে। এই পদ্ধতিৰ অধীনত নিৰ্দিষ্ট ভৌগোলিক অঞ্চলসমূহৰ ভিতৰত উৎপাদন, প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন আৰু বিপণনক একত্ৰিত কৰা হৈছে। প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (PMMSY)-ৰ অধীনত সমগ্ৰ দেশত মুঠ ৩৪টা মীনপালন উৎপাদন আৰু প্ৰক্ৰিয়াকৰণ ক্লাষ্টাৰ জাননীভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ছিকিম আৰু মেঘালয়ৰ জৈৱিক মীনপালন ক্লাষ্টাৰো অন্তৰ্ভুক্ত আছে। এই পদ্ধতিয়ে উৎপাদন একত্ৰীকৰণ, মূল্য সংযোজন আৰু অধিক শক্তিশালী বজাৰ সংযোগৰ বাবে  সুসংগঠিত কাৰ্যপ্ৰণালী প্ৰদান কৰে। ইয়াৰ ফলত বিশেষ বৈশিষ্ট্যসম্পন্ন আৰু উচ্চ-মূল্যৰ মীনজাত সামগ্ৰীয়ে উন্নত বজাৰ প্ৰৱেশাধিকাৰ লাভ কৰাৰ লগতে মাছ পালকসকলে উৎপাদিত সামগ্ৰীৰ অধিক মূল্য লাভ কৰাৰ সুযোগ লাভ কৰিব।

এই ভ্ৰমণে ছিকিম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত  আধুনিক, বহনক্ষম আৰু বজাৰমুখী মীনপালন পৰিৱেশতন্ত্ৰৰ বিকাশত উচ্চ গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আন্তঃগাঁথনি উন্নয়ন, জৈৱিক মীনপালন, প্ৰমাণীকৰণ আৰু অনুসৰণযোগ্যতা (Traceability), মূল্য সংযোজন তথা অধিক শক্তিশালী বজাৰ সংযোগক একত্ৰিত কৰাৰ জৰিয়তে গ্ৰহণ কৰা এই পদক্ষেপসমূহে মীন পালকসকলৰ আয় বৃদ্ধি, জীৱিকাৰ সুযোগ সম্প্ৰসাৰণ আৰু উন্নতমানৰ দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত অধিক প্ৰৱেশাধিকাৰ লাভ কৰাত সহায় কৰিব।

 

***

 

JP/SD


(ৰিলিজ আই ডি : 2331372) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Tamil