পোষ্ট কৰা হৈছে:
01 NOV 2026 4:30PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে আজি চণ্ডীগড় আৰক্ষীৰ প্ৰতিষ্ঠাৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু চণ্ডীগড় আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান ( President’s Colour) প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত পঞ্জাবৰ ৰাজ্যপাল তথা চণ্ডীগড়ৰ প্ৰশাসক গুলাব চান্দ কাটাৰিয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে আজি চণ্ডীগড় আৰক্ষীক প্ৰদান কৰা ৰাষ্ট্ৰপতিৰ নিচান হৈছে বাহিনীটোৰ ছটা দশকজোৰা সেৱা, নিষ্ঠা আৰু সংবেদনশীলতাৰ স্বীকৃতি। তেওঁ কয় যে কৰ্তব্য পালন কৰি থাকোঁতে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰাটো প্ৰতিগৰাকী শ্বহীদৰ বাবে গৌৰৱৰ বিষয় আৰু তেওঁলোকৰ সৈতে জড়িত সংগঠনটোৰ বাবেও ই এক গৌৰৱৰ বিষয়। অমিত শ্বাহে কয় যে ১৯৬৬ চনৰ পৰা আজিলৈকে চণ্ডীগড় আৰক্ষীয়ে এই ব্যতিক্ৰমী চহৰখনৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে নিৰন্তৰভাৱে অক্লান্ত পৰিশ্ৰম কৰি আহিছে আৰু ইয়াৰ জৰিয়তে ইতিহাসত গৌৰৱোজ্জ্বল অধ্যায়ৰ সূচনা কৰিছে।
অমিত শ্বাহে কয় যে আজি চণ্ডীগড় আৰক্ষীত ১৪১খন নতুন বাহন সংযোজন কৰা হৈছে। ইয়াৰ ফলত তাৎক্ষণিক সঁহাৰি প্ৰদান, ব্যাপক টহলদাৰী, চলাচলৰ সক্ষমতা, প্ৰযুক্তি আৰু আধুনিক আৰক্ষী ব্যৱস্থা অধিক শক্তিশালী হ’ব।
তেওঁ কয় যে বৰ্তমান সঁহাৰি প্ৰদানৰ সময়ৰ ক্ষেত্ৰত চণ্ডীগড় আৰক্ষী দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে আৰু ১৪১খন নতুন বাহন সংযোজনৰ ফলত ই দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কোনো এটা আৰক্ষী বাহিনীক ১৫ বছৰতকৈ অধিক সময়ৰ সেৱাৰ স্বীকৃতি হিচাপে ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰা হয়। এই ক্ষেত্ৰত বাহিনীটোৰ বিষয়া-জোৱানসকলৰ অনুশাসন আৰু নিষ্ঠাৰ দিশটোও বিবেচনা কৰা হয়।
তেওঁ কয় যে বিগত ৬০ বছৰত চণ্ডীগড় আৰক্ষীয়ে সমগ্ৰ দেশৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দিশত সফলতাৰে কাম কৰি আহিছে আৰু উত্তৰ ভাৰতৰ কেন্দ্ৰস্থলত গুৰুত্বপূৰ্ণ বাহিনী হিচাপে নিজৰ দায়িত্ব পালন কৰি আহিছে।
অমিত শ্বাহে কয় যে শিৱালিক পৰ্বতমালাৰ পাদদেশত অৱস্থিত চণ্ডীগড়ক ভাৰতৰ অন্যতম পৰিকল্পিত চহৰ হিচাপে গণ্য কৰা হয়। কিন্তু দেশত যেতিয়া সন্ত্ৰাসবাদী কাৰ্য- কলাপ তীব্ৰ হৈছিল, তেতিয়া চণ্ডীগড়ো ইয়াৰ পৰা ৰক্ষা পোৱা নাছিল।
সেই সময়ছোৱাত চণ্ডীগড় আৰক্ষীয়ে অসাধাৰণ সাহস আৰু বীৰত্বৰ পৰিচয় দিছিল। সাহসিকতা, সেৱা আৰু সুশাসনৰ মনোভাবেৰে কেৱল চণ্ডীগড়কে নহয়, সমগ্ৰ অঞ্চলটোক সন্ত্ৰাসবাদৰ পৰা সুৰক্ষিত কৰাৰ বাবে কাম কৰিছিল।
অমিত শ্বাহে কয় যে ১৯৬৬ চনৰ ১ নৱেম্বৰত চণ্ডীগড়ক কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে গঠন কৰা হৈছিল আৰু দুয়োখন ৰাজ্যৰ উমৈহতীয়া ৰাজধানী হিচাপে নিৰ্ধাৰণ কৰা হৈছিল।
হাৰিয়ানা আৰক্ষী আৰু পঞ্জাব আৰক্ষীৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি চণ্ডীগড় আৰক্ষীয়ে তিনিখন চহৰক সামৰি লোৱা অঞ্চলটোৰ নিৰাপত্তা আৰু আইন-শৃংখলা ব্যৱস্থা ফলপ্ৰসূভাৱে পৰিচালনা কৰি আহিছে। তেওঁ কয় যে ৬,০০০ৰো অধিক বিষয়া-জোৱানেৰে গঠিত চণ্ডীগড় আৰক্ষীৰ অপৰাধ শাখা, অভিযান কোষ, নিৰাপত্তা শাখা, যান-বাহন আৰক্ষী আৰু আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ অধীনস্থ গোটসমূহে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি সমগ্ৰ দেশৰ বাবে আদৰ্শ স্থাপন কৰিছে।
শ্বাহে কয় যে এসময়ত ‘তাৰিখৰ পিছত তাৰিখ’ৰ বাবে কুখ্যাত হৈ পৰা ন্যায় ব্যৱস্থাক চণ্ডীগড়ে নতুন ৰূপ প্ৰদান কৰিছে। বৰ্তমান ইয়াত দোষী সাব্যস্ত কৰাৰ হাৰ ৮৫ শতাংশলৈ বৃদ্ধি পাইছে আৰু গোচৰ নিষ্পত্তিৰ গড় সময় মাত্ৰ ১৪০ দিনলৈ হ্ৰাস পাইছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে দেশত আৰক্ষীৰ কাম-কাজ মূলতঃ সন্ত্ৰাসবাদ, নিচাযুক্ত দ্ৰব্য, চাইবাৰ অপৰাধৰ মোকাবিলা আৰু আইন-শৃংখলা বজাই ৰখাত কেন্দ্ৰীভূত হৈ আহিছে।কিন্তু নাগৰিকসকলৰ বাবে আৰক্ষীৰ সেৱা সহজলভ্য কৰি তোলাটোও আৰক্ষীৰ গুৰুত্বপূৰ্ণ দায়িত্ব।
তেওঁ কয় যে বিট আৰক্ষী এপ আৰু এই আৰ্হিৰ জৰিয়তে চণ্ডীগড় আৰক্ষীয়ে তৃণমূল পৰ্যায়ত উৎকৃষ্ট ব্যৱস্থা সফলতাৰে ৰূপায়ণ কৰিছে। ইয়াৰ ফলত নাগৰিকসকলে নিজৰ প্ৰয়োজনীয় সেৱাৰ বাবে থানালৈ যাবলগীয়া নহয়।
অমিত শ্বাহে কয় যে জনেপ্ৰতি বাহনৰ সংখ্যাৰ ক্ষেত্ৰত চণ্ডীগড় দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে। তথাপি চহৰখনত যান-জঁটৰ সমস্যাই দেখা নিদিয়ে।
অমিত শ্বাহে কয় যে চণ্ডীগড় আৰক্ষীৰ দ্ৰুত সঁহাৰি প্ৰদানৰ ব্যৱস্থা (কিউ আৰ টি)ৰ সময়সীমা ১০ মিনিট, আনহাতে কোনো স্থানত উপস্থিত হ’বলৈ আৰক্ষীক প্ৰয়োজন হোৱা গড় সময় মাত্ৰ ৪ মিনিট।
২০১৫ চনৰ পিছত বিট আৰক্ষী ব্যৱস্থা প্ৰৱৰ্তন কৰা দেশৰ প্ৰথমখন চহৰ আছিল চণ্ডীগড়।
তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়তে তিনিখন নতুন ফৌজদাৰী আইন প্ৰৱৰ্তন কৰিছিল। ইয়াৰ জৰিয়তে ব্ৰিটিছসকলে প্ৰণয়ন কৰা তিনিখন দণ্ডবিধিৰ পৰা দেশখনে আঁতৰি অহাৰ যাত্ৰা আৰম্ভ কৰিছিল।
শ্বাহে কয় যে এতিয়া যিহেতু আমি নিচামুক্ত ভাৰত গঢ়াৰ সংকল্প গ্ৰহণ কৰিছোঁ, সেয়েহে চণ্ডীগড় দেশৰ ভিতৰতে প্ৰথমখন নিচামুক্ত চহৰ হিচাপে পৰিগণিত হ’ব।
তেওঁ কয় যে নতুন ফৌজদাৰী আইন ৰূপায়ণৰ পিছত চণ্ডীগড় আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্য আৰু মনঃপ্ৰভাৱকাৰী পদাৰ্থ সম্পৰ্কীয় গোচৰসমূহত দোষী সাব্যস্ত কৰাৰ হাৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এই গোচৰসমূহত ৯৩ শতাংশ অভিযুক্তক দোষী সাব্যস্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
নিচাযুক্ত দ্ৰব্য আৰু অপৰাধী চক্ৰৰ বিৰুদ্ধে চলোৱা এই অভিযান চণ্ডীগড় আৰক্ষীৰ এক বৃহৎ সফলতা। তেওঁ কয় যে ২০২৪ চনৰ ৪ আগষ্টৰ পৰা বৰ্তমানলৈকে চণ্ডীগড়ত মুঠ ৮,২০৬খন এজাহাৰ (এফ আই আৰ) পঞ্জীয়ন কৰা হৈছে। ইয়াৰে ৭,৫৯০টা গোচৰত চণ্ডীগড় আৰক্ষীয়ে অনলাইনযোগে অভিযোগনামা দাখিল কৰিছে।
দোষী সাব্যস্ত কৰাৰ হাৰ উন্নত কৰি আৰক্ষীয়ে ৮৫ শতাংশ গোচৰত দোষী সাব্যস্ত কৰাটোও নিশ্চিত কৰিছে।অমিত শ্বাহে কয় যে এই ব্যৱস্থাই দেশৰ সকলো আৰক্ষী বাহিনীৰ বাবে আদৰ্শ হিচাপে কাম কৰিব। ইয়াৰ জৰিয়তে প্ৰমাণিত হৈছে যে নতুন ফৌজদাৰী আইনসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিলে ৮৫ শতাংশ অপৰাধীক দোষী সাব্যস্ত কৰাটো সম্ভৱ।
তেওঁ কয় যে পুৰণি আইনসমূহৰ বাবে আৰক্ষী সেৱাৰ প্ৰতি জনসাধাৰণৰ মাজত নেতিবাচক ধাৰণাৰ সৃষ্টি হৈছিল। সেই আইনসমূহৰ অধীনত বহু সময়ত মানুহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ন্যায় লাভৰ পৰা বঞ্চিত হৈ আহিছিল।
কিন্তু আজি ৮৫ শতাংশ দোষী সাব্যস্ত কৰাৰ হাৰেৰে চণ্ডীগড়ে অভিযুক্তক দোষী সাব্যস্ত কৰাৰ ক্ষেত্ৰত গড় সময় মাত্ৰ ১৪০ দিনলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত চৰকাৰে চণ্ডীগড়ক কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত পৰিচালিত ২,১৫২টা চিচিটিভি কেমেৰা প্ৰদান কৰিছে।
তেওঁ কয় যে সৰ্বভাৰতীয় আৰক্ষী কৰ্তব্য প্ৰতিযোগিতাত চণ্ডীগড় আৰক্ষীয়ে মুঠ ১৪৫টা পদক লাভ কৰিছে। ইয়াৰ ভিতৰত ৩৫টা সোণ, ৩৮টা ৰূপ আৰু ৭২টা ব্ৰঞ্জৰ পদক আছে।
অমিত শ্বাহে কয় যে চণ্ডীগড় আৰক্ষীয়ে নিজৰ বিষয়া-জোৱানসকলৰ কল্যাণমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰি আহিছে।
আৰক্ষী কৰ্মচাৰীৰ বিধৱা হোৱা ১৩০টা পৰিয়ালক প্ৰতিমাহে ৮,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।
ইয়াৰ উপৰি প্ৰায় ২.২৫ কোটি টকাৰ শৈক্ষিক আৰু ক্ৰীড়া জলপানিৰ ব্যৱস্থাও কৰা হৈছে।
তেওঁ লগতে কয় যে ২০২৬ চনত আৰক্ষী বাহিনীটোত ১৫৪খন নতুন বাহন সংযোজন কৰা হৈছে। আনহাতে, আৰক্ষী কৰ্মচাৰীসকলৰ বাবে আবাসৰ সন্তুষ্টিৰ হাৰ হৈছে ৪৮ শতাংশ।
*****
RK/RR/PR/PS/DM