পোষ্ট কৰা হৈছে:
01 NOV 2026 12:49PM by PIB Guwahati
তামিলনাডু দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে কয় যে তামিলনাডুৰ পৰিশ্ৰমী আৰু উদ্যমী জনসাধাৰণে ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।উৎপাদন উদ্যোগ, মটৰগাড়ী, বস্ত্ৰশিল্পৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰনিকছ, মহাকাশ প্ৰযুক্তি, স্বাস্থ্যসেৱা আৰু উদীয়মান উদ্যোগলৈকে বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন, দক্ষতা আৰু ঔদ্যোগিক উৎকৰ্ষৰ জৰিয়তে ৰাজ্যখনে নিজৰ স্বকীয় পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “তামিলনাডুৰ জনসাধাৰণে নিজৰ সাংস্কৃতিক পৰিচয় আৰু পৰম্পৰাক লৈ অপৰিসীম গৌৰৱ অনুভৱ কৰে। তামিল সংস্কৃতিয়ে আমাৰ দেশৰ সভ্যতাৰ যাত্ৰাক অসংখ্য ধৰণে সমৃদ্ধ কৰি আহিছে।”
প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা বাৰ্তাত এনেদৰে কয়—
“তামিলনাডু দিৱসৰ এই বিশেষ উপলক্ষ্যত ৰাজ্যখনৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ!
তামিলনাডুৰ পৰিশ্ৰমী আৰু উদ্যমী জনসাধাৰণে ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। উৎপাদন উদ্যোগ, মটৰগাড়ী, বস্ত্ৰশিল্পৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰনিকছ, মহাকাশ প্ৰযুক্তি, স্বাস্থ্যসেৱা আৰু উদীয়মান উদ্যোগলৈকে বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন, দক্ষতা আৰু ঔদ্যোগিক উৎকৰ্ষৰ জৰিয়তে ৰাজ্যখনে নিজৰ স্বকীয় পৰিচয় প্ৰতিষ্ঠা কৰিছে।
তামিলনাডুৰ জনসাধাৰণে নিজৰ সাংস্কৃতিক পৰিচয় আৰু পৰম্পৰাক লৈ অপৰিসীম গৌৰৱ অনুভৱ কৰে। তামিল সংস্কৃতিয়ে আমাৰ দেশৰ সভ্যতাৰ যাত্ৰাক অসংখ্য ধৰণে সমৃদ্ধ কৰি আহিছে।
আগন্তুক দিনবোৰে তামিলনাডুৰ প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ সুখ, সফলতা আৰু নতুন নতুন সুযোগ কঢ়িয়াই আনক।”
****
MJPS/SS/VJ/DM