পোষ্ট কৰা হৈছে:
31 OCT 2026 3:34PM by PIB Guwahati
ভাৰতীয় বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল এ পি সিং, পি ভি এছ এম, এ ভি এছ এম-এ চলিত বৰ্ষৰ ৩১ অক্টোবৰত ৪২ বছৰীয়া গৌৰৱোজ্জ্বল সেৱাৰ সামৰণি মাৰি ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ গ্ৰহণ কৰে।
যুঁজাৰু বিমানৰ এগৰাকী সুদক্ষ পাইলট তথা পৰীক্ষামূলক উৰণ বিশেষজ্ঞ হিচাপে ভাৰতীয় বায়ুসেনাৰ কাৰ্যকৰী সামৰ্থ্য, যুদ্ধৰ বাবে প্ৰস্তুতি আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত তেওঁ ইতিমধ্যে উল্লেখযোগ্য অৱদান আগবঢ়াবলৈ সমৰ্থ হৈছে। বায়ুসেনা প্ৰধান হিচাপে তেওঁৰ কাৰ্যকালত দৃঢ় নেতৃত্ব আৰু কাৰ্যকৰী প্ৰস্তুতিৰ প্ৰতি অটল মনোযোগ পৰিলক্ষিত হয়। বিশেষকৈ ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত ভাৰতীয় বায়ুসেনাই দেশৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ সেৱাত নিজৰ যুদ্ধ সক্ষমতা, অভিযানৰ নিখুঁত পৰিকল্পনা আৰু দৃঢ় সংকল্পৰ পৰিচয় দিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল অনস্বীকাৰ্য। তেওঁৰ নেতৃত্বই সকলো পৰ্যায়ৰ অভিযানতে দৃঢ়তাৰে সঁহাৰি জনোৱাৰ ক্ষেত্ৰত ভাৰতীয় বায়ুসেনাৰ সামৰ্থ্যক অধিক শক্তিশালী কৰি তুলিছিল।
কাৰ্যকৰী নেতৃত্বৰ উপৰি এয়াৰ চীফ মাৰ্শ্বেল এ পি সিং সামগ্ৰিকভাৱে কেউদিশৰ পৰা সংগঠনটোৰ বায়ুযোদ্ধাসকলৰ সৈতে তেওঁৰ গভীৰ আৰু আন্তৰিক সম্পৰ্কৰ বাবেও চিৰদিন স্মৰণীয় হৈ ৰ’ব। তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে তেওঁৰ মত-বিনিময়ে এই বিশ্বাসকে প্ৰতিফলিত কৰিছিল যে ভাৰতীয় বায়ুসেনাৰ প্ৰকৃত শক্তি ইয়াৰ কৰ্মীসকলৰ মাজতেই নিহিত হৈ আছে। কমাণ্ড শৃংখলাৰ অন্তিমজন বায়ু যোদ্ধাৰে বাৰ্তালাপ কৰাই হওক বা যুৱ বিষয়া, বিমানকৰ্মী আৰু কেডেটসকলৰ সৈতে মতবিনিময় কৰাই হওক, তেওঁ সদায় পেচাদাৰীত্ব, দায়বদ্ধতা, সততা তথা উদ্যোগ আৰু সেৱাৰ প্ৰতি গৌৰৱৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। যুৱ প্ৰজন্মৰ মনৰ সৈতে সংযোগ স্থাপন কৰা আৰু আত্মবিশ্বাস জগাই তোলাৰ তেওঁৰ ক্ষমতাই পৰৱৰ্তী প্ৰজন্মৰ বায়ু যোদ্ধা আৰু নেতাসকলক গঢ়ি তোলাৰ প্ৰতি থকা তেওঁৰ বিশ্বাসকে প্ৰতিফলিত কৰিছিল।
তেওঁৰ সমগ্ৰ কাৰ্যকালত প্ৰযুক্তিগতভাৱে সমৃদ্ধ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুত এটা ভাৰতীয় বায়ুসেনা বাহিনী গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ ভিতৰত অন্যতম হ’ল থলুৱা উৎপাদন, উদ্ভাৱন আৰু ক্ৰমাগতভাৱে আগবাঢ়ি অহা প্ৰযুক্তিৰ সংহতিৰ ওপৰত বিশেষ গুৰুত্ব। তেওঁৰ দূৰদৰ্শী চিন্তা আৰু নিৰ্দেশনাই সমৰ্থবান, বিশ্বাসযোগ্য আৰু যুদ্ধৰ বাবে সদাপ্ৰস্তুত বাহিনী গঢ়ি তোলাৰ দিশত সংগঠনটোৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে।
ভাৰতীয় বায়ুসেনাই এয়াৰ চীফ মাৰ্শ্বেল এ পি সিং আৰু শ্ৰীমতী সৰিতা সিংলৈ সমাগত দিনবোৰৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ দেখুৱাই থৈ যোৱা নেতৃত্বৰ ধাৰা, অভিযানৰ ক্ষেত্ৰত দৃঢ় সংকল্প আৰু বায়ুযোদ্ধাসকলৰ সৈতে গঢ়ি তোলা নিবিড় সম্পৰ্কই পৰৱৰ্তী প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি থাকিব।

***
JS/VK/GK/UD