কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

কৃষি গৱেষণা আৰু শিক্ষা বিভাগ (‘ ডি এ আৰ ই) তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আই চি এছ আৰ)-এ বিশেষ অভিযান ৬.০ অধিক ত্বৰান্বিত কৰিছে:

প্ৰতিষ্ঠানসমূহত স্বচ্ছতা, বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা আৰু উন্নত কৰ্ম পৰিৱেশ গঢ়ি তোলাত গুৰুত্ব আৰোপ

পোষ্ট কৰা হৈছে: 31 OCT 2026 12:48PM by PIB Guwahati

কৃষি গৱেষণা আৰু শিক্ষা বিভাগ ( ডি এ আৰ ই) তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আই চি এছ আৰ)-এ বিশেষ অভিযান ৬.০ৰ অধীনত স্বচ্ছতা আৰু কাৰ্যালয়ৰ স্থানৰ উন্নয়ন, আৱৰ্জনাৰ পৃথকীকৰণ আৰু দায়িত্বশীল ব্যৱস্থাপনা, পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু কৰ্মচাৰী, কৃষক তথা স্থানীয় অংশীদাৰসকলৰ অংশগ্ৰহণেৰে সজাগতা সৃষ্টিৰ দৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

 

এই অভিযানৰ অধীনত নথি-পত্ৰৰ ব্যৱস্থাপনা, ডিজিটাইজেচন, গছপুলি ৰোপণ আৰু পৰিৱেশ-অনুকূল পদ্ধতি গ্ৰহণ, দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিষ্ঠানসমূহৰ সকলো শাখাতে স্বচ্ছতা অভিযান, নাগৰিক-কেন্দ্ৰিক পদক্ষেপ, পেলনীয়া সামগ্ৰীৰ নিষ্কাশন, ইলেক্ট্ৰনিক আৱৰ্জনা ব্যৱস্থাপনা আৰু কাৰ্যালয়ৰ স্থানৰ উন্নয়ন আদিও অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিষ্ঠানসমূহে নিজৰ চৌহদৰ ভিতৰে-বাহিৰে থকা অপৰিষ্কাৰ স্থানসমূহ ধাৰাবাহিকভাৱে চিনাক্ত কৰি সেইবোৰ পৰিষ্কাৰ কৰি তোলাৰ প্ৰচেষ্টা চলাই আহিছে। প্ৰতিষ্ঠানৰ চৌহদসমূহত বিষয়াসকলে স্বচ্ছতাৰ গুৰুত্ব সন্দৰ্ভত সকলোকে সজাগ কৰাৰ উদ্দেশ্যে সজাগতা শিবিৰো অনুষ্ঠিত কৰিছে।

 

কেইবাটাও প্ৰতিষ্ঠানৰ চৌহদত বিনামূলীয়া চিকিৎসা শিবিৰৰো আয়োজন কৰা হৈছে। স্বচ্ছতা কৰ্মীসকলক সম্বৰ্ধনা জনোৱাটোকো ধাৰাবাহিক কাৰ্যসূচী হিচাপে গ্ৰহণ কৰা হৈছে। কাৰ্যালয় চৌহদৰ ভিতৰে-বাহিৰে স্বচ্ছতা কাৰ্যসূচীত সকলো পৰ্যায়ৰ বিষয়াৰ অংশগ্ৰহণ প্ৰশংসনীয়। প্ৰতিষ্ঠানসমূহৰ কৃষিভূমি, পথাৰ আৰু চৌহদৰ চাৰিওফালৰ পথসমূহতো ব্যাপক পৰিষ্কৰণ অভিযান চলোৱা হৈছে।

 

সাধাৰণ আৱৰ্জনাৰ পৰা ধাতৱ আৰু প্লাষ্টিকজাতীয় আৱৰ্জনা পৃথককৈ ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ ফলত পৰিষ্কাৰ-পৰিচ্ছন্নতা, শৃংখলাবদ্ধতা আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত উন্নতি সাধন হৈছে। বিশেষকৈ কৰিডৰসমূহৰ পৰা অপ্ৰয়োজনীয় সামগ্ৰী আঁতৰাই সেইবোৰ পৰিপাটিকৈ সজাই তোলা হৈছে, যাৰ ফলত কৰ্ম পৰিৱেশ অধিক পৰিষ্কাৰ আৰু শৃংখলাবদ্ধ হৈ পৰিছে। স্বচ্ছতা বিশেষ অভিযান ৬.০-এ দায়িত্বশীল আৱৰ্জনা ব্যৱস্থাপনা আৰু কৰ্মস্থলীৰ চাৰিওফালে পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে।

 

***

SS/MS/UD


(ৰিলিজ আই ডি : 2330928) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil