স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী জে পি নাড্ডাই ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্য পাঠ কৰোৱায়

পোষ্ট কৰা হৈছে: 31 OCT 2026 11:36AM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীৰ কৰ্তব্য ভৱন-১ত আয়োজিত এটা অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় তথা ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ বিষয়া-কৰ্মচাৰীসকলক ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্য পাঠ কৰোৱায়। ৰাষ্ট্ৰৰ সংহতি আৰু ঐক্য সাধনত চৰ্দাৰ বল্লভভাই পেটেলে আগবঢ়োৱা অৱদানৰ স্মৃতিত তেওঁৰ জন্ম বাৰ্ষিকী উপলক্ষে এই দিৱস পালন কৰা হয়। দেশৰ প্ৰতি তেওঁৰ অৱদান আজিও সকলোৰে বাবে চিৰন্তন প্ৰেৰণাৰ উৎস।

অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱ, ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ সাৰ দপ্তৰৰ সচিব শ্ৰী ৰজত কুমাৰ মিশ্ৰ, ৰসায়ন আৰু পেট্ৰ’ৰাসায়নিক দপ্তৰৰ সচিব শ্ৰী তেজবীৰ সিং, স্বাস্থ্য গৱেষণা বিভাগৰ সচিব তথা ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ)ৰ সঞ্চালক প্ৰধান ড০ ৰাজীৱ বেহেল, স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সঞ্চালকপ্ৰধান ড০ লৱনীশ জি কৃষ্ণ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ (এনে এইচ এ)ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী সুনীল কুমাৰ বাৰ্ণৱালৰ লগতে দুয়োটা মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।

শপথ অনুষ্ঠানৰ জৰিয়তে বিষয়া-কৰ্মচাৰীসকলে দেশৰ ঐক্য, অখণ্ডতা আৰু নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ সামূহিক দায়বদ্ধতা পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে। চৰ্দাৰ বল্লভভাই পেটেলৰ অৱদানক সন্মান জনাবলৈ আৰু ৰাষ্ট্ৰীয় একতা তথা সংহতিৰ গুৰুত্বক পুনৰ স্মৰণ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়।

এই দিৱস পালনৰ জৰিয়তে দেশৰ ঐক্য, অখণ্ডতা আৰু ৰাষ্ট্ৰীয় সংহতিৰ আদৰ্শৰ প্ৰতি দায়বদ্ধতা পুনৰ নৱীকৰণ কৰা হয়। এই আদৰ্শসমূহে এখন উন্নত আৰু ঐক্যবদ্ধ ভাৰত গঢ়াৰ দিশত দেশৰ যাত্ৰাক আজিও পথ প্ৰদৰ্শন কৰি আহিছে।

***

SR/UD


(ৰিলিজ আই ডি : 2330887) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil