পোষ্ট কৰা হৈছে:
30 OCT 2026 5:14PM by PIB Guwahati
প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী সঞ্জয় শেঠে ২০২৬ চনৰ ৩০ অক্টোবৰত নতুন দিল্লীৰ মানেকশ্ব চেণ্টাৰত চেন্টাৰ ফৰ জইণ্ট ৱাৰফেয়াৰ ষ্টাডিজৰ (চেঞ্জ’জ) সহযোগিতাত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’) ৰ দ্বাৰা আয়োজিত বিশ্ব-২০২৬ (ভি আই এছ ভি-২০২৬: দৃষ্টিভংগী, উদ্ভাৱন, সমন্বয়, মূল্যবোধ) উদ্বোধন কৰে। "প্ৰতিৰক্ষা ক্ষমতা প্ৰদৰ্শন, গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰা" শীৰ্ষক বিষয়বস্তুৰ এই অনুষ্ঠানত "অংশীদাৰ ৰাষ্ট্ৰসমূহৰ বাবে ডি আৰ ডি অ’ প্ৰতিৰক্ষা সমাধানঃ প্ৰযুক্তিৰ পৰা কৌশলগত অংশীদাৰিত্বলৈ" শীৰ্ষক এক আলোচনাচক্ৰ অনুষ্ঠিত হয়।
সমাৱেশত সম্বোধন কৰি প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী সঞ্জয় শেঠে ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্য শক্তিশালী কৰা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সম্প্ৰসাৰণৰ পথ প্ৰদৰ্শক নীতি হিচাপে ভি আই এছ ভি-ৰ চাৰিটা স্তম্ভঃ দৃষ্টিভংগী, উদ্ভাৱন, সমন্বয় আৰু মূল্যবোধৰ ওপৰত আলোকপাত কৰে। দৃষ্টিভংগীয়ে ভৱিষ্যতৰ প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাৰ পূৰ্বানুমানৰ বাবে নিৰ্দেশনা প্ৰদান কৰে; উদ্ভাৱনে গৱেষণা কাৰ্যকৰী প্ৰযুক্তি আৰু সমাধানলৈ ৰূপান্তৰিত কৰে; সমন্বয়ে সশস্ত্ৰ বাহিনী, গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক একত্ৰিত কৰে আৰু বিশ্বাস, পাৰস্পৰিক সন্মান তথা দায়িত্বৰ ক্ষেত্ৰত প্ৰমূল্যবোৰে সহযোগিতা স্থাপন কৰে। তেওঁ ২০৪৭ চনৰ বিকশিত ভাৰতৰ দিশত দেশৰ যাত্ৰাৰ অংশ হিচাপে প্ৰযুক্তিগতভাৱে উন্নত আৰু আত্মনিৰ্ভৰশীল প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ থলুৱা গৱেষণা, ডিজাইন, উন্নয়ন আৰু উৎপাদন ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ ভাৰতৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰি উল্লেখ কৰে যে প্ৰযুক্তিগত আত্মনিৰ্ভৰশীলতাই ভাৰতক আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বত অধিক অৰ্থপূৰ্ণ অৱদান আগবঢ়াব পাৰিব।
উদ্ভাৱন সন্দৰ্ভত ভাষণ দি প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী সঞ্জয় শেঠে শেহতীয়া প্ৰতিৰক্ষা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ গৱেষণা আৰু প্ৰযুক্তিগত অগ্ৰগতিসমূহক ফলপ্ৰসূ সমাধানলৈ ৰূপান্তৰিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ ভাৰতৰ থলুৱা প্ৰতিৰক্ষা সামৰ্থ্য শক্তিশালী কৰাত ডি আৰ ডি অ’ৰ অৱদানক স্বীকাৰ কৰে আৰু উন্নত প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিকাশত ভাৰতীয় বিজ্ঞানী, অভিযন্তা আৰু উদ্যোগৰ বৰ্ধিত ভূমিকাৰ ওপৰত আলোকপাত কৰে।
প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ মাজত ভাৰতৰ প্ৰতিৰক্ষা সমাধানৰ বিষয়ে অধিক সজাগতা সৃষ্টি কৰা আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে আৰবী, স্পেনিছ আৰু ফৰাচী ভাষাত ডি আৰ ডি অ'-ৰ সামগ্ৰীৰ নাম সম্বলিত এক বিদেশী ভাষাৰ সংকলন উন্মোচন কৰে।
প্ৰতিৰক্ষা সচিব তথা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব আৰু ডি আৰ ডি অ’-ৰ অধ্যক্ষ শ্ৰী ৰাজেশ কুমাৰ সিঙে ভাৰতৰ প্ৰতিৰক্ষা প্ৰস্তুতি আৰু আন্তৰ্জাতিক সম্পৰ্ক শক্তিশালী কৰিবলৈ প্ৰযুক্তিগত সামৰ্থ্য, ঔদ্যোগিক সামৰ্থ্য আৰু প্ৰতিষ্ঠানিক অংশীদাৰিত্ব একত্ৰিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
প্ৰতিৰক্ষা উৎপাদন বিভাগৰ সচিব শ্ৰী সঞ্জীৱ কুমাৰে ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন ক্ষমতাৰ সম্প্ৰসাৰণ আৰু পৰম্পৰাগত ক্ৰেতা-বিক্ৰেতাৰ সম্পৰ্কৰ বাহিৰেও যৌথ বিকাশ, সহ-উৎপাদন আৰু উৎপাদন অংশীদাৰিত্বৰ দিশত আগবাঢ়ি যোৱাৰ সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে অৱগত কৰে যে বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া এৰ’ইণ্ডিয়া ২০২৭ ৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগীসকলক উচ্চ পৰ্যায়ৰ আনুষ্ঠানিক আমন্ত্ৰণ জনোৱা হৈছে, যিয়ে ভাৰতৰ বৰ্ধিত এৰ’স্পেচ আৰু প্ৰতিৰক্ষা ক্ষমতা প্ৰদৰ্শন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গভীৰ কৰাৰ আন এক সুযোগ প্ৰদান কৰে।
বৈদেশিক সচিব শ্ৰী বিক্ৰম মিশ্ৰীয়ে এক বিকশিত ভূ-ৰাজনৈতিক আৰু প্ৰযুক্তিগত পৰিৱেশত প্ৰতিৰক্ষা কূটনীতিৰ পৰিৱৰ্তনশীল প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত কৌশলগত স্বায়ত্তশাসন, বহু-সংহতি, বিশ্বাস আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই কাৰ্যসূচীত প্ৰতিৰক্ষা উৎপাদন বিভাগ, ডি আৰ ডি অ’, চেঞ্জ’জ, এছ আই ডি এম, ভাৰতীয় উদ্যোগ আৰু প্ৰতিৰক্ষা সহযোগীৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি ‘যুটীয়া সহযোগিতা আৰু অংশীদাৰিত্বৰ পথ’ সন্দৰ্ভত এক মত বিনিময়মূলক আলোচনাও অনুষ্ঠিত কৰা হয়।এই আলোচনাই দৃষ্টিভংগীৰ আদান-প্ৰদান, অংশীদাৰ-দেশৰ প্ৰয়োজনীয়তা বুজি পোৱা আৰু প্ৰতিৰক্ষা ৰপ্তানি, কাৰিকৰী বিনিময়, সামগ্ৰী অভিযোজন, সহ-উন্নয়ন, সহ-উৎপাদন আৰু ঔদ্যোগিক সহযোগিতাৰ সম্ভাৱ্য সুযোগ অন্বেষণৰ বাবে এক মঞ্চ প্ৰদান কৰে।
ভি আই এছ ভি-২০২৬-এ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক ভাৰতৰ থলুৱা প্ৰতিৰক্ষা গৱেষণা, উন্নয়ন আৰু উৎপাদন ক্ষমতাৰ সৈতে নিজকে পৰিচিত কৰিবলৈ আৰু সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহ অন্বেষণ কৰিবলৈ প্ৰাসংগিক অংশীদাৰসকলৰ সৈতে জড়িত হ'বলৈ এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে। এই অনুষ্ঠানটোৱে বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ সৈতে বিশ্বাসযোগ্য, দীৰ্ঘম্যাদী আৰু পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্ব গঢ়ি তোলাৰ লগতে ইয়াৰ আত্মনিৰ্ভৰশীল প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।
ভি আই এছ ভি-২০২৬-ত প্ৰতিৰক্ষা মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, আই ডি এছ-ৰ মুখ্য কাৰ্যালয়, সশস্ত্ৰ বাহিনী, ডি আৰ ডি অ’, ছ’চাইটি অৱ ইণ্ডিয়ান ডিফেন্স মেনুফেক্সাৰ্ছ (এছ আই ডি এম), শিক্ষা জগত আৰু ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বন্ধুত্বপূৰ্ণ দেশসমূহৰ প্ৰতিৰক্ষা সহযোগী আৰু বৈদেশিক কূটনৈতিক অভিযানৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

*******
VK/SR/PK/SWAMI/DD