বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশেষ অভিযান ৬-ৰ অধীনত বিত্তীয় সেৱা বিভাগৰ উল্লেখযোগ্য সফলতা: প্ৰায় ৭ লাখ বৰ্গফুট এলেকাৰ কাৰ্যালয়ৰ স্থান মুকলি কৰাৰ লগতে পেলনীয়া সামগ্ৰী নিষ্কাশনৰ পৰা ৪.১২ কোটি টকা ৰাজহ আহৰণ

দেশজুৰি স্বচ্ছতা আৰু কাৰ্যদক্ষতাৰ প্ৰতি থকা দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিছে এই অভিযানে

১.২০ লাখৰো অধিক স্থানত স্বচ্ছতা অভিযান: নিৰ্ধাৰিত লক্ষ্যৰ ১৩৪ শতাংশ সফলতা অৰ্জন

পোষ্ট কৰা হৈছে: 30 OCT 2026 4:50PM by PIB Guwahati

বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ বিত্তীয় সেৱা বিভাগ (ডি  এফ এছ)-এ দেশজুৰি থকা ইয়াৰ বিভিন্ন সংস্থা, ক্ষেত্ৰীয় কাৰ্যালয় আৰু স্বায়ত্তশাসিত সংস্থাসমূহৰ সহযোগত স্বচ্ছতা আৰু বাকী থকা বিষয়সমূহ নিষ্পত্তিৰ বাবে চলি থকা বিশেষ অভিযান ৬-ৰ সময়ছোৱাত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে।

 

বিত্তীয় সেৱা বিভাগৰ সচিবে বিভাগটোৰ বিভিন্ন শাখা পৰিদৰ্শন কৰি অভিযানৰ অধীনত গ্ৰহণ কৰা কাৰ্যকলাপ, স্বচ্ছতা অভিযান আৰু কাৰ্যালয়ৰ স্থানৰ ব্যৱস্থাপনাৰ পদক্ষেপসমূহৰ বিস্তৃত পৰ্যালোচনা কৰে।

 

ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক উদ্যমেৰে ৰূপায়ণ কৰা এই অভিযানত বিভাগটোৱে ৰাজহুৱা খণ্ডৰ বেংক, ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী, ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান, নিয়ন্ত্ৰক সংস্থা, আঞ্চলিক গ্ৰামীণ বেংক আৰু ঋণ পুনৰুদ্ধাৰ ন্যায়াধিকৰণ তথা ঋণ পুনৰুদ্ধাৰ আপীল ন্যায়াধিকৰণসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰে। অভিযানৰ মূল লক্ষ্যসমূহৰ ভিতৰত আছিল স্বচ্ছতাৰ ধাৰাবাহিক অনুশীলন, মূল্যৱান কাৰ্যালয়ৰ স্থান মুকলি কৰা, কাৰ্যালয়ৰ সৌন্দৰ্যবৰ্ধন আৰু পেলনীয়া সামগ্ৰী তথা ই-আৱৰ্জনাৰ দক্ষতাপূৰ্ণ নিষ্কাশন।

 

পুনৰাৱৰ্তনশীল অৰ্থনীতি আৰু পেলনীয়া সামগ্ৰীৰ সৃষ্টিশীল পুনৰ্ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেইবাটাও ৰাজহুৱা খণ্ডৰ বেংকে বিশেষধৰণৰ ‘আৱৰ্জনাৰ পৰা শিল্পকৰ্ম’ প্ৰকল্প গ্ৰহণ কৰে। পেলনীয়া প্লাষ্টিকৰ সামগ্ৰী, পুৰণি তথা ব্যৱহাৰৰ অনুপযোগী হাৰ্ডৱেৰ আৰু অকামিলা হৈ পৰা ইলেক্ট্ৰনিক সামগ্ৰী পুনৰ ব্যৱহাৰ কৰি ঘৰৰ বাহিৰত আৰু ভিতৰত ব্যৱহাৰ কৰিব পৰা বহা বেঞ্চ, মজবুত চকী, বিভিন্ন সামগ্ৰী ৰাখিব পৰা ট্ৰে’, জাবৰৰ টেমা, কাৰ্যালয়ৰ সৌন্দৰ্যবৰ্ধক ভাস্কৰ্য আদি ব্যৱহাৰিক আৰু নান্দনিক সামগ্ৰী প্ৰস্তুত কৰা হয়।

 

ইয়াৰ উপৰি, চাইবাৰ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজহুৱা খণ্ডৰ বেংক আৰু আঞ্চলিক গ্ৰামীণ বেংকসমূহে সামাজিক মাধ্যমৰ বিভিন্ন মঞ্চত ভিডিঅ' আৰু স্থিৰ চিত্ৰভিত্তিক সমল প্ৰকাশ কৰে। এই শিক্ষামূলক পোষ্টসমূহৰ জৰিয়তে চাইবাৰ সম্পৰ্কীয় প্ৰৱঞ্চনা ৰোধ কৰাৰ বাবে সুৰক্ষামূলক পৰামৰ্শ আৰু ব্যৱহাৰিক পদ্ধতিসমূহ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা হয়। বিশেষ অভিযান ৬-ৰ সময়ছোৱাত ভাৰতীয় ষ্টেট বেংকে চাইবাৰ সুৰক্ষাৰ সন্দৰ্ভত এখন ই-বুকো প্ৰকাশ কৰে।

 

বিত্তীয় সেৱা বিভাগ আৰু ইয়াৰ অধীনস্থ সংস্থাসমূহৰ উল্লেখযোগ্য সফলতাসমূহ:

 

১. স্বচ্ছতা অভিযানৰ অধীনত সামৰি লোৱা স্থান/পৰিষ্কাৰ কৰা কাৰ্যালয়ৰ সংখ্যা: ১,২০,৭৫০।

 

২. মুকলি কৰা কাৰ্যালয়ৰ স্থান: ৬,৯৯,২০১ বৰ্গফুট।

 

৩. পেলনীয়া সামগ্ৰী নিষ্কাশনৰ পৰা আহৰণ কৰা ৰাজহৰ পৰিমান: ৪,১২,৫৮,৯৮৭ টকা।

 

৪. নিষ্পত্তি কৰা ৰাজহুৱা অভিযোগৰ সংখ্যা: ৩১,৩২৭।

 

৫. নিষ্পত্তি কৰা ৰাজহুৱা অভিযোগ-সম্পৰ্কীয় আপীলৰ সংখ্যা: ৩,৫৬৪টা।

 

বিত্তীয় সেৱা বিভাগ আৰু ইয়াৰ অধীনস্থ সংস্থাসমূহে কাৰ্যালয়ৰ উন্নত পৰিৱেশ, ডিজিটেল সুৰক্ষা আৰু জনসাধাৰণক ক্ষিপ্ৰতাৰে সেৱা প্ৰদানৰ ব্যৱস্থাক প্ৰতিষ্ঠানিক অভ্যাস হিচাপে অব্যাহত ৰখাৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰিছে।

 

এই পদক্ষেপৰ অংশ হিচাপে বিভিন্ন সংস্থাৰ গ্ৰাহক, কৰ্মচাৰী, জ্যেষ্ঠ বিষয়ববীয়া আৰু মুৰব্বীসকলেও অভিযানৰ সময়ছোৱাত সম্পন্ন হোৱা উল্লেখযোগ্য কাম-কাজৰ বিষয়ে সামাজিক মাধ্যমৰ বিভিন্ন মঞ্চত নিজৰ নিজৰ মতামত প্ৰকাশ কৰে।

 

 

চিত্ৰত: বিত্তীয় সেৱা বিভাগৰ সচিব শ্ৰী সঞ্জয় লোহিয়াই বিশেষ অভিযান ৬-ৰ অধীনত বিভাগটোৰ এটা শাখা পৰিদৰ্শন কৰি কাম-কাজসমূহ পৰ্যালোচনা কৰাৰ মুহূৰ্ত।

***

 

KT/AD/UD


(ৰিলিজ আই ডি : 2330704) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil