কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

১২ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ নতুন দিল্লীত ভাৰতে আয়োজন কৰিব আই চি এ আৰ-চি জি আই এ আৰ বিজ্ঞান আৰু অংশীদাৰিত্ব সপ্তাহ ২০২৭; ৫,০০০ তকৈও অধিক প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰাৰ আশা

চি জি আই এ আৰ বিজ্ঞান আৰু অংশীদাৰিত্ব সপ্তাহ ২০২৭ ৰ জৰিয়তে প্ৰদৰ্শিত হ’ব ভাৰতৰ কৃষি পৰিৱৰ্তন আৰু গোলকীয় গৱেষণা অংশীদাৰিত্ব

ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ ভিত্তিত ভাৰতত সমন্বয়ৰ দিশে চি জি আই এ আৰ আৰু আই চি এ আৰ-ৰ কাম কাজঃ ড° এম এল জাট

উন্নয়নশীল দেশসমূহৰ মাজৰ সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে গ্ল’বেল চাউথৰ সৈতে কৃষি উদ্ভাৱনৰ বিনিময় কৰিব ভাৰতেঃ ড° এম এল জাট

ভাৰত-চি জি আই এ আৰ অংশীদাৰিত্বই বিজ্ঞান আৰু প্ৰযুক্তিৰ ৰূপান্তৰকাৰী শক্তি প্ৰদৰ্শন কৰিছেঃ ড° ইছমাহানে ইলোৱাফি

বিজ্ঞান, প্ৰযুক্তি আৰু আন্তৰ্জাতিক অংশীদাৰিত্বই সলনি কৰিছে ভাৰতৰ কৃষি ক্ষেত্ৰৰ দৃশ্যপটঃ ড° হিমাংশু পাঠক

পোষ্ট কৰা হৈছে: 30 OCT 2026 2:29PM by PIB Guwahati

চি জি আই এ আৰ আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদে (আই চি এ আৰ) নতুন দিল্লীত ২০২৭ চনৰ ১২ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ চি জি আই এ আৰ বিজ্ঞান আৰু অংশীদাৰিত্ব সপ্তাহৰ আয়োজন কৰা হ’ব বুলি আজি ঘোষণা কৰিছে।ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ কৃষি গৱেষণা আৰু শিক্ষা বিভাগৰ (ডি এ আৰ ই) আই চি এ আৰ তথা চি জি আই এ আৰ-এ এই অনুষ্ঠানৰ আয়োজন কৰিছে ।

 এই অনুষ্ঠানটোৰ জৰিয়তে সমগ্ৰ বিশ্বৰ গৱেষক, কৃষক, চৰকাৰ, ষ্টাৰ্টআপ আৰু ব্যৱসায়সমূহে নতুন দিল্লীত একত্ৰিত হোৱাৰ সুযোগ পাব। একেলগে, তেওঁলোকে  ইতিমধ্যে কৃষকৰ ওচৰ চপা উদ্ভাৱনসমূহৰ উপলব্ধতাৰ পৰিসৰ অধিক ব্যাপক কৰিবলৈ প্ৰয়োজন হোৱা বিভিন্ন দিশ আলোচনা কৰিব।

এই অনুষ্ঠানটোৰ আয়োজনৰ বাবে ভাৰত এখন সুযোগ্য দেশ। আই চি এ আৰ-এ বিশ্বৰ অন্যতম বৃহৎ ৰাষ্ট্ৰীয় কৃষি গৱেষণা প্ৰণালীৰ নেতৃত্ব দিয়াৰ লগতে ইয়াৰ বিজ্ঞানীসকলে ৫০ বছৰতকৈও অধিক সময় ধৰি চি জি আই এ আৰৰ সৈতে কাম কৰি আহিছে। দহটা চি জি আই এ আৰ গৱেষণা কেন্দ্ৰই এতিয়া ভাৰতত শস্য, পানী, পশুধন, মাছ, পুষ্টি আৰু নীতি সন্দৰ্ভত কাম কৰে।

ভাৰতৰ কৃষি বিজ্ঞানেও ইয়াৰ পৰিধি অতিক্ৰম কৰিছে। আই চি আৰ আই এছ এটি-ৰ দ্বাৰা সংৰক্ষিত আৰু বিনিময় হোৱা ভাৰতৰ এবিধ চীনাবাদামে এতিয়া মালাৱী, উগাণ্ডা, মোজাম্বিক আৰু জাম্বিয়াত খেতি কৰা প্ৰকাৰসমূহৰ প্ৰগতিত অৰিহণা যোগাইছিল। কৃষি খণ্ডত দক্ষিণ-দক্ষিণ সহযোগিতাৰ বাবে হায়দৰাবাদত অৱস্থিত উৎকৃষ্টতাৰ কেন্দ্ৰটোৱে এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দেশসমূহৰ মাজত প্ৰমাণিত কৃষি উদ্ভাৱনসমূহ ভগাবলৈ লৈছে।

ডি এ আৰ ই-ৰ সচিব তথা আই চি এ আৰ-ৰ সঞ্চালক প্ৰধান ড° এম এল জাটে পাঁচ দশকৰো অধিক সময় ধৰি দেশত কৃষি গৱেষণা আৰু উন্নয়ন শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ভাৰত আৰু চি জি আই এ আৰ-ৰ মাজত দীৰ্ঘদিনীয়া অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰে ।

তেওঁ উল্লেখ কৰে যে শতাধিক দেশত কাম কৰা ১৫ টা গৱেষণা কেন্দ্ৰৰে গঠিত আন্তঃৰাষ্ট্ৰীয় কৃষি গৱেষণা অংশীদাৰী চি জি আই এ আৰ-এ বিশ্ব কৃষিৰ অগ্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। বিশেষকৈ আই চি এ আৰ-ৰ জৰিয়তে ভাৰতৰ সৈতে ইয়াৰ সহযোগিতাই শস্যৰ উন্নতি, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা, খাদ্য সুৰক্ষা আৰু কৃষি উৎপাদনশীলতাৰ গুৰুত্বপূৰ্ণ উন্নয়নত সহায় কৰিছে।

সেউজ বিপ্লৱৰ পিছৰে পৰা ভাৰতৰ কৃষি পৰিৱৰ্তনৰ কথা উল্লেখ কৰি ড° জাটে চি আই এম এম ৱাই টি, আই আৰ আৰ আই আৰু আই চি আৰ আই এছ এ টি সহ আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানসমূহৰ সহযোগিতাই  ভাৰতৰ খাদ্য উৎপাদন ক্ষমতা শক্তিশালী কৰাত অৰিহণা যোগোৱা সন্দৰ্ভত আলোকপাত কৰে। আমদানিৰ ওপৰত নিৰ্ভৰশীল খাদ্যৰ অভাৱ থকা দেশৰ পৰা ভাৰত এখন প্ৰধান খাদ্য উৎপাদনকাৰী আৰু ৰপ্তানি কৰা দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে।

তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে চি জি আই এ আৰ বিজ্ঞান আৰু অংশীদাৰিত্ব সপ্তাহ ২০২৭-এ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰাৰ লগতে বৈজ্ঞানিক জ্ঞান, প্ৰযুক্তি আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ বিনিময়ৰ সুবিধা প্ৰদান কৰিব।

 

ড০ জাটে উল্লেখ কৰে যে ভাৰতৰ অগ্ৰাধিকাৰ হ'ব দক্ষিণ-দক্ষিণ সহযোগিতা বৃদ্ধি কৰা আৰু গ্ল’বেল চাউথ, বিশেষকৈ আফ্ৰিকীয় দেশসমূহৰ সৈতে নিজৰ সফল কৃষি উদ্ভাৱনসমূহ বিনিময় কৰা। তেওঁ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে যথেষ্ট সুযোগ প্ৰদান কৰা ক্ষেত্ৰ হিচাপে জলবায়ু-স্থিতিস্থাপক কৃষি, ডিজিটেল কৃষি আৰু এগ্ৰিষ্টেক, কৃষি যান্ত্ৰিকীকৰণ, বজ্ৰা, প্ৰাকৃতিক কৃষি আৰু বহনক্ষম কৃষি পদ্ধতিত ভাৰতৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে।

তেওঁ লগতে উল্লেখ কৰে যে এই অনুষ্ঠানত জলবায়ু স্থিতিস্থাপকতা, জল ব্যৱস্থাপনা, মাটিৰ স্বাস্থ্য, ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব, ষ্টাৰ্টআপ, যুৱ আৰু মহিলাৰ অংশগ্ৰহণ, আৰু কৃষি বিজ্ঞান তথা উদ্ভাৱনৰ যোগাযোগত সংবাদ মাধ্যমৰ ভূমিকাকে ধৰি কৃষি-খাদ্য মূল্য শৃংখলত শেহতীয়া অগ্ৰাধিকাৰৰ ওপৰত আলোচনা কৰা হ’ব।

চি জি আই এ আৰ-ৰ কাৰ্যবাহী পৰিচালন সঞ্চালক ড° ইছমাহানে ইলুৱাফিয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই অনুষ্ঠানটোৱে দীৰ্ঘদিনীয়া অংশীদাৰিত্বৰ সাফল্য উদযাপন কৰাৰ লগতে পৰৱৰ্তী ৫০ বছৰৰ কৃষি সহযোগিতাৰ বাবে এক অগ্ৰগামী কাৰ্য্যসূচী বিকশিত কৰিব।  শক্তিশালী ৰাষ্ট্ৰীয় বিজ্ঞানৰ ব্যাপ্তিৰ পৰিসৰ ভাৰতে প্ৰদৰ্শন কৰা বুলি তেওঁ উল্লেখ কৰে । ভাৰতৰ বীজ আৰু জ্ঞানে ইতিমধ্যে আফ্ৰিকা আৰু এছিয়াৰ কৃষকসকলক সহায় কৰিছে। এপ্ৰিল মাহত সেই বিনিময়ৰ  ভিত্তিত আমি আগবাঢ়িব বিচাৰো তথা বিজ্ঞানৰ ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰিব বিচাৰো বুলি তেওঁ লগতে কয়।

তেওঁ মানৱ কল্যাণৰ উন্নতি আৰু খাদ্য প্ৰণালী শক্তিশালী কৰাৰ ক্ষেত্ৰত বিজ্ঞান আৰু বিজ্ঞানীসকলৰ অৱদানক স্বীকৃতি দিয়াৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। ২০২৫ চনৰ এপ্ৰিল মাহত কেনিয়াৰ নাইৰোবিত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ সফল প্ৰথম সংস্কৰণৰ কথা উল্লেখ কৰি তেওঁ বিশ্বাস প্ৰকাশ কৰে যে ভাৰত সংস্কৰণে আন্তৰ্জাতিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰিব তথা শেহতীয়া কৃষি প্ৰত্যাহ্বানৰ সমাধানৰ বাবে সকলো পক্ষক  একত্ৰিত কৰিব।

আই চি আৰ আই এছ এ টি-ৰ সঞ্চালক প্ৰধান ড° হিমাংশু পাঠকে কয়, "খাদ্যৰ অভাৱ থকা দেশ এখনৰ পৰা খাদ্য উৎপাদন আৰু ৰপ্তানি কৰা দেশ এখনলৈ ভাৰতৰ কৃষি যাত্ৰাই বিজ্ঞান, প্ৰযুক্তি আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ পৰিৱৰ্তনশীল শক্তিক প্ৰতিফলিত কৰে। চি জি আই এ আৰ বিজ্ঞান আৰু অংশীদাৰিত্ব সপ্তাহ ২০২৭-ৰ জৰিয়তে, আমি ভাৰতৰ কৃষি সাফল্যসমূহ প্ৰদৰ্শন কৰা, বিশ্বৰ সৈতে আমাৰ উদ্ভাৱনসমূহ বিনিময় কৰা আৰু কৃষি তথা খাদ্য ব্যৱস্থাৰ শেহতীয়া প্ৰত্যাহ্বানসমূহৰ বাবে সহ-সমাধান সৃষ্টি কৰিবলৈ আন্তৰ্জাতিক অগ্ৰগতিৰ পৰা শিকাৰ লক্ষ্য লৈছো। "

২০২৫ চনৰ এপ্ৰিলত কেনিয়াৰ নাইৰোবিত অনুষ্ঠিত হোৱা প্ৰথম চি জি আই এ আৰ বিজ্ঞান সপ্তাহত  চি জি আই এ আৰ-এ ইয়াৰ বৰ্তমানৰ গৱেষণা পৰ্টফোলিও মুকলি কৰিছিল। নতুন দিল্লী সংস্কৰণত বিজ্ঞানৰ পৰা প্ৰভাৱলৈ আগবঢ়াৰ দিশসমূহৰ লগতে অংশীদাৰিত্বই  উন্নয়নশীল দেশসমূহৰ মাজৰ সহযোগিতা ত্বৰান্বিত কৰা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ’ব। ২০৪৭ চনৰ বাবে ভাৰতৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত কৃষি গৱেষণা আৰু উদ্ভাৱনে  অৰিহণা যোগাব পৰা দিশসমূহো ইয়াত অন্বেষণ কৰা হ’ব।

পৰৱৰ্তী কেইমাহমানৰ ভিতৰত কাৰ্যসূচী আৰু বক্তাসকলৰ নাম ঘোষণা কৰা হ’ব।

 

 

*****

 

SS/MS/DD


(ৰিলিজ আই ডি : 2330529) অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati