পোষ্ট কৰা হৈছে:
30 OCT 2026 10:35AM by PIB Guwahati
কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশ চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘ (আই বি চি) আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সহযোগত অহা ৩১ অক্টোবৰৰ পৰা ২১ নৱেম্বৰলৈ অৰুণাচল প্ৰদেশত শাক্যমুনি বুদ্ধৰ পৱিত্ৰ অৱশেষৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই প্ৰদৰ্শনী বৌদ্ধ ধৰ্ম আৰু ঐতিহ্যৰ তিনিটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ—টাৱাং, বমডিলা আৰু নামছাইত অনুষ্ঠিত হ’ব। ইয়াৰ জৰিয়তে ভক্ত আৰু ৰাইজে পৱিত্ৰ অৱশেষসমূহৰ সন্মুখত শ্ৰদ্ধা নিবেদনৰ সুযোগ লাভ কৰিব।
কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে অহা ৩১ অক্টোবৰত ঐতিহাসিক গাডেন নামগ্যাল লাটছে (টাৱাং মঠ)ত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। এই কাৰ্যসূচীত অৰুণাচল প্ৰদেশ চৰকাৰৰ বিশিষ্ট প্ৰতিনিধি, বৌদ্ধ সংঘৰ সন্মানীয় সদস্য, বৌদ্ধ ধৰ্মীয় প্ৰতিষ্ঠানৰ প্ৰতিনিধি, ভক্ত আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব।
পৱিত্ৰ অৱশেষসমূহৰ গভীৰ আধ্যাত্মিক তাৎপৰ্য আৰু ভাৰতৰ বৌদ্ধ সাংস্কৃতিক পৰিমণ্ডলত অৰুণাচল প্ৰদেশৰ স্বকীয় স্থানৰ স্বীকৃতিস্বৰূপে এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে দেশৰ বৌদ্ধ ঐতিহ্যৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ লগতে ভাৰত আৰু বিদেশৰ বৌদ্ধ সম্প্ৰদায়সমূহৰ মাজত সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰি অহা প্ৰতিশ্ৰুতিও প্ৰতিফলিত হৈছে।

আনুষ্ঠানিক যাত্ৰা আৰু টাৱাঙত অনুষ্ঠান উদ্বোধন
সম্প্ৰতি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত সংৰক্ষিত পৱিত্ৰ অৱশেষসমূহে চলিত বৰ্ষৰ ৩০ অক্টোবৰৰ নিশা সংগ্ৰহালয়ত ধৰ্মীয় ৰীতি-নীতিৰে পৱিত্ৰ যাত্ৰা আৰম্ভ কৰিব। ইয়াৰ পিছত অৱশেষসমূহ পৰৱৰ্তী পৰিবহণৰ বাবে পালাম বায়ুসেনা ঘাটিলৈ নিয়া হ’ব।
প্ৰস্তাৱিত যাত্ৰাসূচী অনুসৰি, ৩১ অক্টোবৰৰ পুৱতি নিশা ভাৰতীয় বায়ুসেনাৰ এখন বিশেষ বিমানেৰে অৱশেষসমূহ পালামৰ পৰা কঢ়িয়াই আনি গুৱাহাটীৰ বৰঝাৰ বায়ুসেনা ঘাটিত উপস্থিত হোৱাৰ কথা। তাৰ পিছত হেলিকপ্টাৰেৰে অৱশেষসমূহ টাৱাঙলৈ নিয়া হ’ব।
টাৱাঙত উপস্থিত হোৱাৰ পিছত উপযুক্ত ধৰ্মীয় ৰীতি-নীতি আৰু শ্ৰদ্ধাৰে পৱিত্ৰ অৱশেষসমূহক আদৰণি জনোৱা হ’ব। তাৰ পিছত টাৱাং মঠলৈ নি স্থাপন কৰা হ’ব আৰু ৩১ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা ১১.৩০ বজাৰ ভিতৰত উদ্বোধনী অনুষ্ঠান সম্পন্ন হ’ব।
পৰৱৰ্তী সময়ত ১ নৱেম্বৰত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুক মুখ্য অতিথি হিচাপে লৈ আন এটা উদ্বোধনী অনুষ্ঠানৰ লগতে সংশ্লিষ্ট প্ৰদৰ্শনী আৰু বিশেষ প্ৰদৰ্শনী মুকলি কৰা হ’ব।
তিব্বতীয় বৌদ্ধ পৰম্পৰাৰ গুৰুত্বপূৰ্ণ উৎসৱ লহাবাব ডুচেনৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।উল্লেখযোগ্য যে, এই উৎসৱ ভগৱান বুদ্ধৰ স্বৰ্গলোকৰ পৰা পৃথিৱীলৈ অৱতৰণৰ স্মৃতিত পালন কৰা হয়। সেয়েহে এই প্ৰদৰ্শনীয়ে ধৰ্মীয় আচাৰ-অনুষ্ঠান, সাংস্কৃতিক ঐতিহ্য আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে আধ্যাত্মিকভাৱে তাৎপৰ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
পৱিত্ৰ অৱশেষসমূহৰ পৰিবহণ আৰু স্থাপনৰ ক্ষেত্ৰত সেইবোৰৰ পৱিত্ৰতা, নিৰাপত্তা আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়, ভাৰতীয় বায়ুসেনা, অৰুণাচল প্ৰদেশ চৰকাৰ, ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু অন্যান্য সংশ্লিষ্ট সংস্থাৰ সৈতে সমন্বয় ৰক্ষা কৰিছে।

প্ৰদৰ্শনীৰ সময়সূচী: টাৱাং, বমডিলা আৰু নামছাই
অৱশেষসমূহ জনসাধাৰণৰ দৰ্শনৰ বাবে এনেধৰণে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’বঃ
|
৩১ অক্টোবৰ
|
গাডেন নামগ্যাল লাটছে, টাৱাং মঠ
|
আগমন, আনুষ্ঠানিক আদৰণি আৰু উদ্বোধনী অনুষ্ঠান
|
|
১-৭ নৱেম্বৰ
|
টাৱাং মঠ
|
জনসাধাৰণৰ দৰ্শন আৰু প্ৰদৰ্শনী
|
|
৮–১৩ নৱেম্বৰ
|
টি জি এল মঠ (নামনিৰ বৌদ্ধ বিহাৰ), বমডিলা
|
জনসাধাৰণৰ দৰ্শন আৰু প্ৰদৰ্শনী
|
|
১৪–২০ নৱেম্বৰ
|
গোল্ডেন পেগোডা, নামছাই
|
জনসাধাৰণৰ দৰ্শন আৰু প্ৰদৰ্শনী
|
|
২১ নৱেম্বৰ
|
নামছাই–তেজু–নতুন দিল্লী
|
আনুষ্ঠানিক বিদায় আৰু পৱিত্ৰ অৱেশষসমূহৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ প্ৰত্যাৱৰ্তন
|
৮ নৱেম্বৰত পৱিত্ৰ অৱশেষসমূহ হেলিকপ্টাৰেৰে টাৱাঙৰ পৰা ৰূপালৈ নিয়াৰ পিছত স্থলপথেৰে বমডিলালৈ নিয়াৰ কথা। এই যাত্ৰাসূচীত উজনিৰ বৌদ্ধ বিহাৰত আনুষ্ঠানিক আদৰণিৰ পাছত নামিনৰ বৌদ্ধ বিহাৰত অৱশেষসমূহ স্থাপনৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। এই স্থানত বিয়লি ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত উদ্বোধনী অনুষ্ঠান সম্পন্ন হ’ব।
১৪ নৱেম্বৰত পৱিত্ৰ অৱশেষসমূহ স্থলপথেৰে বমডিলাৰ পৰা ৰূপালৈ আৰু তাৰ পিছত হেলিকপ্টাৰেৰে নামছাইৰ নালুং হেলিপেডলৈ নিয়া হ’ব। তাৰ পৰা গোল্ডেন পেগোডালৈ নি পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত স্থাপন আৰু উদ্বোধনী অনুষ্ঠান সম্পন্ন হোৱাৰ কথা।
নামছাইত জনসাধাৰণৰ দৰ্শনৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত ২১ নৱেম্বৰত তেজু বিমানবন্দৰ আৰু পালাম বায়ুসেনা ঘাটিৰ মাজেৰে পৱিত্ৰ অৱশেষসমূহ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ ওভতাই নিয়াৰ কথা।

পৰিবহণৰ সময় আৰু ব্যৱস্থাসমূহ উপযুক্ত পৰিস্থিতি, বতৰ আৰু নিৰাপত্তাজনিত কাৰকৰ ওপৰত নিৰ্ভৰশীল হ’ব।
পৱিত্ৰ পিপ্ৰাহৱা অৱশেষ: অসাধাৰণ প্ৰত্নতাত্ত্বিক আৰু আধ্যাত্মিক ঐতিহ্য
উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশলৈ আনিবলগীয়া পৱিত্ৰ অৱশেষসমূহ উত্তৰ প্ৰদেশৰ বৰ্তমানৰ সিদ্ধাৰ্থনগৰ জিলাৰ পিপ্ৰাহৱাৰ পৰা উদ্ধাৰ কৰা হৈছিল। এই প্ৰত্নতাত্ত্বিক স্থান প্ৰাচীন কপিলাবস্তু আৰু ভগৱান বুদ্ধৰ শাক্য পৰম্পৰাৰ সৈতে সম্পৰ্কিত।
বৌদ্ধ ধৰ্মৰ প্ৰত্নতাত্ত্বিক ইতিহাসত পিপ্ৰাহৱাৰ উল্লেখযোগ্য অস্তিত্ব আছে। ১৮৯৮ চনত উইলিয়াম ক্লেক্সটন পেপে নামৰ এগৰাকী ব্যক্তিয়ে এই স্থানত এটা বৌদ্ধ বিহাৰ খনন কৰাৰ সময়ত হাড়ৰ টুকুৰা আৰু মূল্যৱান সামগ্ৰী থকা ধাতুৰ পাত্ৰ উদ্ধাৰ কৰে। এই আৱিষ্কাৰে ইয়াৰ ঐতিহাসিক আৰু ধৰ্মীয় গুৰুত্বৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় মহলৰ দৃষ্টি আকৰ্ষণ কৰে।
পৰৱৰ্তী সময়ত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে ১৯৭১ চনৰ পৰা ১৯৭৭ চনৰ ভিতৰত প্ৰত্নতত্ত্ববিদ শ্ৰী কে. এম. শ্ৰীবাস্তৱৰ তত্ত্বাৱধানত অধিক খননকাৰ্য চলায়। গভীৰ স্তৰত চলোৱা খননকাৰ্যত প্ৰাচীন অস্থি-অৱশেষ থকা আন দুটা অৱশেষ-পাত্ৰ উদ্ধাৰ কৰা হয়, যিবোৰ পৰম্পৰাগতভাৱে ভগৱান বুদ্ধৰ সৈতে সম্পৰ্কিত বুলি গণ্য কৰা হয়।
ডাঙৰ পাত্ৰটোত ১২টা পৱিত্ৰ অস্থি-খণ্ড আৰু সৰু পাত্ৰটোত ১০টা অস্থি-খণ্ড আছিল। অৰ্থাৎ এই খননকাৰ্যত মুঠ ২২টা পৱিত্ৰ অৱশেষ উদ্ধাৰ কৰা হৈছিল। ইয়াৰে ২০টা নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত আৰু দুটা কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।
প্ৰাচীন অস্থি-জাতীয় সামগ্ৰীৰে গঠিত এই অৱশেষসমূহ অত্যন্ত বিৰল বুলি গণ্য কৰা হয় আৰু বৌদ্ধ সম্প্ৰদায়সমূহে গভীৰ ধৰ্মীয় শ্ৰদ্ধাৰেৰে এইসমূহক মান্যতা প্ৰদান কৰে। ইয়াৰ ঐতিহাসিক আৰু প্ৰত্নতাত্ত্বিক গুৰুত্বৰ লগতে অৱশেষ-পূজাৰ সুদীৰ্ঘ বৌদ্ধ পৰম্পৰাত নিহিত গভীৰ আধ্যাত্মিক তাৎপৰ্যও আছে।
কুশীনগৰত ভগৱান বুদ্ধৰ মহাপৰিনিৰ্বাণৰ পিছত তেওঁৰ দেহাৱশেষ বৌদ্ধ বিহাৰত সংৰক্ষণ কৰাৰ পৰম্পৰাৰ বিকাশ ঘটে আৰু ই বৌদ্ধ ধৰ্মীয় ভক্তিৰ গুৰুত্বপূৰ্ণ প্ৰকাশ হিচাপে পৰিগণিত হয়। কালক্ৰমত এই পৱিত্ৰ স্থানসমূহ তীৰ্থযাত্ৰা, ধৰ্মীয় শিক্ষা আৰু সাংস্কৃতিক আদান-প্ৰদানৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হয়।
বৰ্তমানৰ এই প্ৰদৰ্শনীয়ে ভক্তসকলক এই প্ৰাচীন আধ্যাত্মিক পৰম্পৰাৰ সৈতে সংযোগ স্থাপনৰ সুযোগ দিয়াৰ লগতে প্ৰত্নতাত্ত্বিক আৰু ধৰ্মীয় ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ প্ৰতি ভৱিষ্যৎ প্ৰজন্মৰ দৃষ্টি আকৰ্ষণ কৰিব।
অৰুণাচল প্ৰদেশ: বৌদ্ধ পৰম্পৰাৰ মিলনভূমি
ভাৰতৰ বৌদ্ধ সাংস্কৃতিক ভূগোলত অৰুণাচল প্ৰদেশৰ সুকীয়া স্থান আছে। ৰাজ্যখনৰ মঠ, ধৰ্মীয় প্ৰতিষ্ঠান আৰু সজীৱ পৰম্পৰাসমূহে বৃহত্তৰ হিমালয় অঞ্চল আৰু বৌদ্ধ এছিয়াৰ অন্যান্য প্ৰান্তৰ সৈতে থকা ঐতিহাসিক সম্পৰ্কৰ প্ৰতিফলন ঘটায়।
ৰাজ্যখনৰ পশ্চিম আৰু উত্তৰ অংশ, বিশেষকৈ টাৱাং আৰু পশ্চিম কামেং, হিমালয়ৰ মহাযান আৰু বজ্ৰযান বৌদ্ধ পৰম্পৰাৰ সৈতে বিশেষভাৱে জড়িত।
গাডেন নামগ্যাল লাটছে নামেৰেও পৰিচিত টাৱাং মঠ ধৰ্মীয় শিক্ষা, সাধনা আৰু সাংস্কৃতিক ধাৰাবাহিকতাৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ। একেদৰে বমডিলাৰ মঠসমূহেও অঞ্চলটোৰ আধ্যাত্মিক আৰু কলাত্মক পৰম্পৰাক জীয়াই ৰাখিছে।
আনহাতে, পূব অৰুণাচল প্ৰদেশৰ বিশেষকৈ নামছাই আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত টাই খামতি আৰু অন্যান্য বৌদ্ধ সম্প্ৰদায়ে অনুসৰণ কৰা থেৰবাদ বৌদ্ধ পৰম্পৰাই ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ বৌদ্ধ ঐতিহ্যৰ আন এটা গুৰুত্বপূৰ্ণ দিশক প্ৰতিনিধিত্ব কৰে।
সেয়েহে টাৱাং, বমডিলা আৰু নামছাইত আয়োজিত এই প্ৰদৰ্শনীয়ে বিভিন্ন বৌদ্ধ পৰম্পৰাক প্ৰতিনিধিত্ব কৰা সম্প্ৰদায়সমূহৰ কাষলৈ পৱিত্ৰ অৱশেষসমূহ কঢ়িয়াই লৈ যাব আৰু ৰাজ্যখনৰ বৌদ্ধ ঐতিহ্যৰ বৈচিত্ৰ্য তথা ইয়াৰ অন্তৰ্নিহিত উমৈহতীয়া আধ্যাত্মিক ভিত্তিৰ প্ৰতিফলন ঘটাব।
ধৰ্মীয় তাৎপৰ্যৰ উপৰি এই পদক্ষেপে অৰুণাচল প্ৰদেশৰ বৌদ্ধ ঐতিহ্য সন্দৰ্ভত সজাগতা বৃদ্ধি, সাংস্কৃতিক আদান-প্ৰদানৰ প্ৰসাৰ আৰু ভগৱান বুদ্ধৰ শিক্ষাৰ সৈতে জড়িত শান্তি, কৰুণা, অহিংসা আৰু সম্প্ৰীতিৰ সাৰ্বজনীন মূল্যবোধসমূহৰ প্ৰচাৰত সহায় কৰিব বুলি আশা কৰা হৈছে।
বৌদ্ধ ঐতিহ্যৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ ধাৰাবাহিক প্ৰতিশ্ৰুতি
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে দেশৰ বৌদ্ধ ঐতিহ্যৰ সংৰক্ষণ, সুৰক্ষা, প্ৰসাৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।
এই প্ৰচেষ্টাসমূহৰ ভিতৰত আছে বৌদ্ধ স্মৃতিসৌধ আৰু পৱিত্ৰ সামগ্ৰীৰ সংৰক্ষণ, তীৰ্থযাত্ৰাৰ আন্তঃগাঁথনিৰ উন্নয়ন, বৌদ্ধ বিদ্যাচৰ্চা আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰতি সমৰ্থন, গুৰুত্বপূৰ্ণ ঐতিহ্যসম্পদৰ পুনৰুদ্ধাৰ আৰু পৱিত্ৰ অৱশেষৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ আয়োজন।
কেন্দ্ৰীয় চৰকাৰৰ এই দৃষ্টিভংগীয়ে দেশৰ সভ্যতাগত ঐতিহ্য সংৰক্ষণৰ লগতে বিশ্বৰ বৌদ্ধ সম্প্ৰদায়সমূহৰ সৈতে ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ গুৰুত্বক আঙুলিয়াই দেখুৱাইছে।
শেহতীয়াকৈ ২০২৫ চনত পিপ্ৰাহৱাৰ ৰত্নসম্ভাৰ ভাৰতলৈ ওভতাই অনাটো এটা উল্লেখযোগ্য ঘটনা। ১৮৯৮ চনৰ ঐতিহাসিক আৱিষ্কাৰৰ সৈতে জড়িত এই ৰত্নসম্ভাৰ প্ৰায় ১২৭ বছৰৰ পাছত ভাৰতলৈ ঘূৰি অহাৰ ক্ষেত্ৰত প্ৰস্তাৱিত আন্তঃৰাষ্ট্ৰীয় নিলামৰ পৰিপ্ৰেক্ষিতত সাংস্কৃতিক মন্ত্ৰালয়ে গ্ৰহণ কৰা প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
এই মূল্যৱান সামগ্ৰীসমূহৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰাৰ লগতে পিপ্ৰাহৱাৰ ইতিহাস আৰু প্ৰাচীন বৌদ্ধ পৰম্পৰাৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ পুনৰ বৃদ্ধি কৰে।
কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপসমূহে “বিকাশ ভি, বিৰাসত ভি” নীতিৰো প্ৰতিফলন ঘটায়, য’ত উন্নয়ন আৰু ঐতিহ্য সংৰক্ষণৰ পৰিপূৰক গুৰুত্বৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী: ভাৰতৰ বৌদ্ধ সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণ
ভাৰতৰ পৱিত্ৰ বৌদ্ধ ঐতিহ্য আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আদান-প্ৰদান কৰাৰ সুদীৰ্ঘ পৰম্পৰা আছে। বিভিন্ন দেশত পৱিত্ৰ বৌদ্ধ অৱশেষৰ প্ৰদৰ্শনীৰ জৰিয়তে বিদেশৰ ভক্তসকলেও এই অৱশেষসমূহৰ দৰ্শন আৰু শ্ৰদ্ধা নিবেদনৰ সুযোগ লাভ কৰাৰ লগতে ঐতিহাসিক মিত্ৰতাৰ সম্পৰ্ক অধিক সুদৃঢ় হৈছে।
বিগত কেইবা দশকত শ্ৰীলংকা, মংগোলিয়া, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আৰু থাইলেণ্ডকে ধৰি কেইবাখনো দেশত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত এনে প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।
শেহতীয়া বছৰসমূহতো এনে পদক্ষেপে সাংস্কৃতিক কূটনীতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিছে।
২০২২ চনত মংগোলিয়াত অনুষ্ঠিত ভগৱান বুদ্ধৰ পৱিত্ৰ অৱশেষৰ প্ৰদৰ্শনীয়ে ভাৰত আৰু মংগোলিয়াৰ মাজৰ সুদীৰ্ঘ বৌদ্ধ সম্পৰ্কক পুনৰ দৃঢ় কৰে।
২০২৪ চনত ভগৱান বুদ্ধৰ পৱিত্ৰ অৱশেষৰ লগতে তেওঁৰ দুগৰাকী প্ৰধান শিষ্য অৰহৎ সাৰিপুত্ত আৰু অৰহৎ মহামোগ্গল্লানৰ অৱশেষ থাইলেণ্ডৰ বেংকক, চিয়াং মাই, উবন ৰাটচাথানি আৰু ক্ৰাবিলৈ নিয়া হৈছিল। এই প্ৰদৰ্শনীত লাখ লাখ ভক্তই অংশগ্ৰহণ কৰিছিল।
২০২৫ চনত ৱেছাক উদযাপনৰ সময়ত ভগৱান বুদ্ধৰ পৱিত্ৰ অৱেশষ ভিয়েটনামলৈ নিয়া হৈছিল, য’ত ব্যাপক জনসমাগম হৈছিল। ইয়াৰ উপৰি ৰাছিয়াৰ কাল্মিকিয়া আৰু ভূটানতো প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল, যাৰ ফলত এই অঞ্চলসমূহৰ বৌদ্ধ সম্প্ৰদায়ৰ সৈতে ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় হয়।
২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত পৱিত্ৰ দেৱনিমৰি অৱশেষ শ্ৰীলংকালৈ নি জনসাধাৰণৰ দৰ্শনৰ বাবে প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ চিৰস্থায়ী বৌদ্ধ সম্পৰ্কৰ প্ৰতিফলন ঘটে।
২০২৬ চনৰ মে’ মাহত লাডাখত অনুষ্ঠিত ভগৱান বুদ্ধৰ পৱিত্ৰ অৱশেষৰ প্ৰদৰ্শনীয়ে হিমালয় অঞ্চলৰ ভক্ত আৰু বৌদ্ধ মঠসমূহৰ বাবে সামূহিক প্ৰাৰ্থনা আৰু শ্ৰদ্ধা নিবেদনৰ গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰে।
ইয়াৰ পিছত ২০২৬ চনৰ মে’-জুন মাহত সাঁচীৰ অৰহৎ সাৰিপুত্ত আৰু অৰহৎ মহামোগ্গল্লানৰ পৱিত্ৰ অৱশেষ বিশেষ প্ৰদৰ্শনীৰ বাবে মংগোলিয়াৰ উলানবাটাৰৰ গান্দান তেগচেনলিং মঠলৈ নিয়া হৈছিল।
এই পদক্ষেপসমূহে পাৰস্পৰিক শ্ৰদ্ধা, সাংস্কৃতিক বুজাবুজি আৰু আধ্যাত্মিক ভাতৃত্ববোধৰ মনোভাৱেৰে ভাৰতৰ বৌদ্ধ ঐতিহ্য বিশ্বৰ আন স্থানৰ সৈতে আদান-প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ঘটায়।
অৰুণাচল প্ৰদেশত আয়োজিত এই প্ৰদৰ্শনী এই ধাৰাবাহিক প্ৰচেষ্টাৰ আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত সংৰক্ষিত পৱিত্ৰ ঐতিহ্যক ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ হিমালয় অঞ্চলৰ বৌদ্ধ সম্প্ৰদায়ৰ অধিক কাষ চপাই নিয়া হ’ব।
বিশেষ প্ৰদৰ্শনী: “পৱিত্ৰ পিপ্ৰাহৱাৰ উন্মোচন”
এই প্ৰদৰ্শনীৰ গুৰুত্বপূৰ্ণ সহযোগী কাৰ্যসূচী হিচাপে আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘই “পৱিত্ৰ পিপ্ৰাহৱাৰ উন্মোচন: ভগৱান বুদ্ধৰ পৱিত্ৰ অৱশেষ আৰু সেইসমূহৰ আৱিষ্কাৰৰ কাহিনী” শীৰ্ষক এখন প্ৰদৰ্শনীৰ আয়োজন কৰিব। এই প্ৰদৰ্শনী টাৱাং, বমডিলা আৰু নামছাইত অনুষ্ঠিত হ’ব।
প্ৰদৰ্শনীখনত বৌদ্ধ ধৰ্মত অৱশেষ-পূজাৰ ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য দাঙি ধৰা হ’ব। ইয়াত সিদ্ধাৰ্থ গৌতমৰ জীৱন আৰু শিক্ষাৰ পৰা আৰম্ভ কৰি তেওঁৰ মহাপৰিনিৰ্বাণৰ পাছত পৱিত্ৰ অৱশেষ সমূহ বৌদ্ধ বিহাৰত সংৰক্ষণ কৰাৰ পৰম্পৰাৰ বিকাশলৈ বিভিন্ন দিশক সামৰি লোৱা হ’ব।
ইয়াত পিপ্ৰাহৱাৰ প্ৰত্নতাত্ত্বিক আৱিষ্কাৰসমূহৰ ইতিহাসো দাঙি ধৰা হ’ব। ইয়াৰ ভিতৰত ১৮৯৮ চনত উইলিয়াম ক্লেক্সটন পেপেৰ নেতৃত্বত হোৱা খননকাৰ্য আৰু পৰৱৰ্তী সময়ত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে চলোৱা অনুসন্ধানসমূহো অন্তৰ্ভুক্ত থাকিব।
প্ৰদৰ্শনীখনত পিপ্ৰাহৱাৰ ৰত্নসম্ভাৰৰ ঐতিহাসিক যাত্ৰা, পেপে পৰিয়ালৰ সংগ্ৰহৰ সৈতে ইয়াৰ সম্পৰ্ক, ২০২৫ চনত প্ৰস্তাৱিত আন্তঃৰাষ্ট্ৰীয় নিলাম আৰু পৰৱৰ্তী সময়ত সেইসমূহ ভাৰতলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়েও আলোকপাত কৰা হ’ব।
এই বৰ্ণনাৰ জৰিয়তে দৰ্শনাৰ্থীসকলে প্ৰত্নতাত্ত্বিক গৱেষণা, ধৰ্মীয় পৰম্পৰা, ঐতিহ্য সংৰক্ষণ আৰু সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ সামগ্ৰীৰ পুনৰুদ্ধাৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে জানিবলৈ পাৰিব।
বিশেষকৈ শিক্ষাৰ্থী, গৱেষক, যুৱ দৰ্শনাৰ্থী আৰু ভাৰতৰ বৌদ্ধ ইতিহাসৰ প্ৰতি আগ্ৰহী সাধাৰণ লোকসকলৰ বাবে এই প্ৰদৰ্শনীখন গুৰুত্বপূৰ্ণ শৈক্ষিক আৰু সাংস্কৃতিক কাৰ্যসূচী হিচাপে বিবেচিত হ’ব বুলি আশা কৰা হৈছে।
“বৌদ্ধ ধৰ্ম: হিমালয় অঞ্চল তথা ইয়াৰ বাহিৰৰ এলেকাত” শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন
আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘই অৰুণাচল প্ৰদেশ চৰকাৰৰ সহযোগত অহা ২ নৱেম্বৰত টাৱাঙৰ কালাৱাংপো সন্মিলন প্ৰেক্ষাগৃহত “বৌদ্ধ ধৰ্ম: হিমালয় অঞ্চল তথা ইয়াৰ বাহিৰৰ এলেকাত” শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰো আয়োজন কৰিব।
এই সন্মিলনত ভাৰত, নেপাল, শ্ৰীলংকা, ম্যানমাৰ, মালয়েছিয়া, ইণ্ডোনেছিয়া আৰু জাৰ্মানীৰ সন্মানীয় বৌদ্ধ ভিক্ষু, বৌদ্ধ পণ্ডিত আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।
এই সন্মিলনে বৌদ্ধ শিক্ষাৰ ঐতিহাসিক প্ৰসাৰ, মঠসমূহৰ বিকাশ, বৌদ্ধ জ্ঞান-পৰম্পৰাৰ সংৰক্ষণ আৰু বৰ্তমান সময়ত বৌদ্ধ দৰ্শন তথা নৈতিক নীতিসমূহৰ প্ৰাসংগিকতা সম্পৰ্কে বিদ্বৎ আলোচনাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব।
সন্মিলনৰ আলোচনাসমূহ তিনিটা বহল বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত হ’ব।
১. মহাপৰিনিৰ্বাণৰ পিছত বুদ্ধৰ ঐতিহ্যৰ ধাৰাবাহিকতা ৰক্ষা
এই বিষয়বস্তুৰ অধীনত ভগৱান বুদ্ধৰ মহাপৰিনিৰ্বাণৰ পাছৰ পৰ্যায়ৰ তেওঁৰ শিক্ষা আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানসমূহৰ ধাৰাবাহিকতা সন্দৰ্ভত আলোচনা কৰা হ’ব। ইয়াৰ ভিতৰত জীৱন্ত ঐতিহ্য হিচাপে চাৰি আৰ্য সত্য, সংৰক্ষণ আৰু বস্তুগত সংস্কৃতি, ধৰ্মীয় প্ৰতিষ্ঠানৰ বিকাশ, পৱিত্ৰ অৱশেষৰ প্ৰদৰ্শনীৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু উমৈহতীয়া সাংস্কৃতিক পৰম্পৰাত বৌদ্ধ ধৰ্মৰ অৱদান আদি বিষয় অন্তৰ্ভুক্ত থাকিব।
২. বৌদ্ধ ধৰ্মৰ ঐতিহাসিক আৰু তাত্ত্বিক ধাৰাবাহিকতা
এই বিষয়বস্তুৰ অধীনত বিশেষকৈ অৰুণাচল প্ৰদেশৰ প্ৰসংগত বৌদ্ধ ধৰ্মৰ গ্ৰন্থগত আৰু মঠীয় পৰম্পৰাৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হোৱা প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। ইয়াৰ উপৰি বৌদ্ধ ধৰ্মৰ বিভিন্ন সম্প্ৰদায়, উমৈহতীয়া তাত্ত্বিক ভিত্তি, ভাষা আৰু ব্যাখ্যা, শিক্ষাদানৰ পৰম্পৰা তথা কলা আৰু সাংস্কৃতিক প্ৰকাশৰ জৰিয়তে বৌদ্ধ চিন্তাধাৰাৰ সংৰক্ষণৰ বিষয়েও আলোচনা কৰা হ’ব।
৩. বৌদ্ধ ধৰ্ম আৰু উপযুক্ত জীৱিকা
তৃতীয় বিষয়বস্তুৰ অধীনত বৌদ্ধ ধৰ্মৰ নৈতিক শিক্ষাৰ বৰ্তমান সময়ত প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰা হ’ব। ইয়াৰ ভিতৰত নালন্দাৰ বৌদ্ধিক পৰম্পৰা আৰু আধুনিক শিক্ষাজগতৰ মাজৰ সম্পৰ্ক, সাংস্কৃতিক পৰ্যটন আৰু তীৰ্থযাত্ৰা, দক্ষতা বিকাশ, বহনক্ষম জীৱিকা তথা বৌদ্ধ ধৰ্ম, বিশ্বায়ন আৰু ভোগবাদৰ মাজৰ সম্পৰ্ক আদি বিষয়ক সামৰি লোৱা হ’ব।
এই সন্মিলনে অৰুণাচল প্ৰদেশৰ সজীৱ বৌদ্ধ ঐতিহ্যৰ কেন্দ্ৰ হিচাপে থকা গুৰুত্বক দাঙি ধৰিব, য’ত মঠীয় প্ৰতিষ্ঠান, সামূহিক আচাৰ-অনুষ্ঠান আৰু সাংস্কৃতিক বিনিময়ৰ জৰিয়তে বিভিন্ন বৌদ্ধ পৰম্পৰা বৰ্তমানলৈ সক্ৰিয় হৈ আছে।
ইয়াৰ লগতে শিক্ষা, বহনক্ষমতা, সাংস্কৃতিক সংৰক্ষণ আৰু শান্তিপূৰ্ণ সহাৱস্থান সম্পৰ্কীয় সমসাময়িক আলোচনাত বৌদ্ধ চিন্তাধাৰা আৰু নৈতিক নীতিসমূহে কেনেদৰে অৰিহণা যোগাব পাৰে, সেই বিষয়েও আলোচনা কৰাৰ পথ প্ৰশস্ত হ’ব।
প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বয় আৰু জনসাধাৰণৰ সুবিধাৰ ব্যৱস্থা
এই প্ৰদৰ্শনী সাংস্কৃতিক মন্ত্ৰালয়, অৰুণাচল প্ৰদেশ চৰকাৰ, ৰাষ্ট্ৰীয় সংগ্ৰহালয়, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘ আৰু অন্যান্য সংশ্লিষ্ট প্ৰতিষ্ঠানৰ সমন্বিত প্ৰচেষ্টাৰে অনুষ্ঠিত কৰা হৈছে।
নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ক মুখ্য সমন্বয়কাৰী সংস্থা হিচাপে দায়িত্ব দিয়া হৈছে। পৱিত্ৰ অৱশেষসমূহৰ কাৰিকৰী আৰু সংৰক্ষণ সম্পৰ্কীয় দিশ, যেনে সুৰক্ষিতভাৱে পৰিচালনা, পৰিবহণ, স্থাপন আৰু নিৰাপদে ওভতাই নিয়াৰ দায়িত্ব এই সংগ্ৰহালয়ৰ।
অৰুণাচল প্ৰদেশ চৰকাৰে সংশ্লিষ্ট স্থানসমূহত নিৰাপত্তা, আদৰণি, আন্তঃগাঁথনি, ভিৰ নিয়ন্ত্ৰণ, চিকিৎসা সুবিধা, অনাময় ব্যৱস্থা, স্থানীয় পৰিবহণ আৰু জনসাধাৰণৰ সুবিধাকে ধৰি প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ সমন্বয় সাধন কৰিছে।
আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘই ধৰ্মীয় সমন্বয়, সন্মানীয় বৌদ্ধ ভিক্ষুসকলৰ অংশগ্ৰহণ, সংশ্লিষ্ট সাংস্কৃতিক আৰু বিদ্বৎ কাৰ্যসূচী, পিপ্ৰাহৱাৰ প্ৰদৰ্শনী আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ ব্যৱস্থা কৰিছে।
অৰুণাচল প্ৰদেশৰ দুৰ্গম আৰু প্ৰত্যাহ্বানমূলক ভূ-প্ৰকৃতি তথা কাৰ্যকৰী প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পৱিত্ৰ অৱশেষসমূহৰ পৰিবহণৰ বাবে প্ৰয়োজনীয় বিমান আৰু হেলিকপ্টাৰ সেৱা আগবঢ়াবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু ভাৰতীয় বায়ুসেনাৰ সৈতে যোগাযোগ কৰা হৈছে।
প্ৰদৰ্শনী আৰু ইয়াৰ সৈতে জড়িত কাৰ্যসূচীসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ উদ্দেশ্যে সংশ্লিষ্ট সংস্থাসমূহৰ সহযোগত সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ আৰু জনসংযোগৰ ব্যৱস্থাও কৰা হৈছে।
ধৰ্মীয় পৱিত্ৰতা আৰু সংৰক্ষণৰ সৰ্বোচ্চ মান অক্ষুণ্ণ ৰখাৰ লগতে জনসাধাৰণে যাতে শৃংখলাবদ্ধ, সুৰক্ষিত আৰু মৰ্যাদাপূৰ্ণ পৰিৱেশত পৱিত্ৰ অৱশেষসমূহৰ দৰ্শন কৰিব পাৰে, তাৰ বাবে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে।
শান্তি, কৰুণা আৰু সম্প্ৰীতিৰ উমৈহতীয়া বাৰ্তা
অৰুণাচল প্ৰদেশত ভগৱান বুদ্ধৰ পৱিত্ৰ অৱশেষৰ প্ৰদৰ্শনী আধ্যাত্মিক চিন্তা-চৰ্চা, সাংস্কৃতিক অংশগ্ৰহণ আৰু ভাৰতৰ বৌদ্ধ ঐতিহ্য উদযাপনৰ গুৰুত্বপূৰ্ণ উপলক্ষ।
পৱিত্ৰ অৱশেষসমূহ টাৱাং, বমডিলা আৰু নামছাইলৈ নিয়াৰ জৰিয়তে বিভিন্ন বৌদ্ধ পৰম্পৰাৰ ভক্তসকলে জনসাধাৰণৰ বাবে মুকলি দৰ্শন আৰু শ্ৰদ্ধা নিবেদনৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব আৰু তেওঁলোকৰ উমৈহতীয়া আধ্যাত্মিক ঐতিহ্য পুনৰ দৃঢ় কৰিব পাৰিব।
ইয়াৰ সৈতে হ’বলগীয়া বিশেষ প্ৰদৰ্শনী আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনে ধৰ্মীয় ভক্তিৰ সৈতে ঐতিহাসিক বুজাবুজি, বিদ্বৎ চৰ্চা আৰু সাংস্কৃতিক বিনিময়ৰ সংযোগ স্থাপন কৰি এই অনুষ্ঠানৰ তাৎপৰ্য অধিক বৃদ্ধি কৰিব।
এই প্ৰদৰ্শনীয়ে ইয়াতকৈও ব্যাপক তাৎপৰ্য বহন কৰিছে। ভগৱান বুদ্ধৰ কৰুণা, অহিংসা, প্ৰজ্ঞা, সংযম আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ শিক্ষাই ক্ৰমাৎ পৰস্পৰ সংযুক্ত হৈ পৰা বৰ্তমানৰ বিশ্বত মানৱজাতিক মূল্যৱান পথ-নিৰ্দেশনা আগবঢ়াই আহিছে।
পৱিত্ৰ ঐতিহ্যৰ সংৰক্ষণ আৰু ইয়াৰ দায়িত্বশীল প্ৰসাৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে সাংস্কৃতিক বুজাবুজি সুদৃঢ় কৰা, জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্ক বৃদ্ধি কৰা আৰু ভগৱান বুদ্ধৰ সৈতে জড়িত শান্তি আৰু সম্প্ৰীতিৰ চিৰন্তন বাণী প্ৰচাৰৰ প্ৰয়াস কৰিছে।
অহা ২১ নৱেম্বৰত পৱিত্ৰ অৱশেষসমূহ আনুষ্ঠানিকভাৱে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ ঘূৰাই নিয়াৰ জৰিয়তে এই প্ৰদৰ্শনীৰ সামৰণি পৰিব।
***
M Annadurai/UD