সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ গুৱাহাটীত ৮ দিনীয়া শিল্প সমাগম মেলা ২০২৬ৰ সফল সামৰণি

মেলাই পৰম্পৰাগত কলা-কুশলীসকলৰ সবলীকৰণৰ লগতে থলুৱা শিল্পকলাৰ প্ৰচাৰ আৰু জীৱিকাৰ সুযোগ বৃদ্ধি কৰে

মেলাৰ অন্তিম দিনা অত্যধিক লোকৰ সমাগম, ভাৰত-টিউলিপ উদ্যম, উৎসর্গীকৃত মন্ত্ৰালয় পেভিলিয়ন আৰু সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন

পোষ্ট কৰা হৈছে: 29 OCT 2026 7:55PM by PIB Guwahati

অসমৰ ৰাজধানী মহানগৰ গুৱাহাটীৰ খানাপাৰাস্থিত ফাৰ্ম গেটত আয়োজিত আঠদিনীয়া শিল্প সমাগম মেলা ২০২৬ৰ সফল সামৰণি পৰিছে। মেলাখনে দৰ্শনাৰ্থী, স্থানীয় জনসাধাৰণ আৰু অংশগ্ৰহণকাৰী কলা-কুশলীসকলৰ পৰা ব্যাপক প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে আয়োজন কৰা এই মেলাই পৰম্পৰাগত শিল্পীসকলক তেওঁলোকৰ ঐতিহ্য প্ৰদৰ্শনৰ লগতে গ্ৰাহকৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰা আৰু তেওঁলোকৰ আৰ্থ-সামাজিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিবলৈ এখন বিশেষ মঞ্চ প্ৰদান কৰে।

কৰ্ণাটকৰ মহীশূৰত ১৯ অক্টোবৰত উদ্বোধনী সংস্কৰণৰ সফল সমাপ্তিৰ পিছত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে গুৱাহাটী সংস্কৰণ হৈছে শিল্প সমাগম শৃংখলাৰ দ্বিতীয়টো কাৰ্যসূচী।

মন্ত্ৰালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰামতে আঠদিনীয়া এই কাৰ্যসূচীয়ে সফলতাৰে উদ্যমশীলতা বৃদ্ধি কৰা, বজাৰৰ পৰিসৰ সম্প্ৰসাৰণ কৰা আৰু অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাফাই মিত্ৰ আৰু অধিসূচনামুক্ত জনজাতিকে ধৰি নিৰ্দিষ্ট গোটৰ কলা-কুশলীসকলৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ প্ৰদান কৰে।

৩১ গৰাকী মহিলাকে ধৰি মুঠ ৭৫ গৰাকী কলা-কুশলীয়ে গুৱাহাটীৰ মেলাত অংশগ্ৰহণ কৰি প্ৰায় ৪০ বিধ ভিন্ন প্ৰকাৰৰ হস্ততাঁত আৰু হস্তশিল্প সামগ্ৰী দৰ্শনাৰ্থীসকলৰ আগত প্ৰদৰ্শন কৰে।

এই প্ৰদৰ্শনীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আঞ্চলিক কাৰুশিল্পৰ লগতে সমগ্ৰ দেশৰ পৰম্পৰাগত কলাৰ লগতে অসমীয়া মেখেলা চাদৰ, বেত আৰু বাঁহ শিল্প, ব্লক-প্ৰিন্টৰ কাপোৰ, এম্ব্ৰইডাৰী, ছামৰাৰ কাৰুশিল্প আৰু হাতো বোৱা কাপোৰ অন্তৰ্ভুক্ত আছিল।

গ্ৰাহকসকলৰ সৈতে প্ৰত্যক্ষ বাৰ্তালাপে শিল্পীসকলক সম্ভাব্য ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলাৰ লগতে মূল্যৱান বজাৰ প্ৰতিক্ৰিয়া লাভ কৰিবলৈ আৰু প্ৰত্যক্ষ বিক্ৰীৰ উপাৰ্জন বৃদ্ধি কৰাৰ পৰিবেশ গঢ়ি তোলে ।

মেলাৰ অন্য় এক আকৰ্ষণ আছিল সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সচিব শ্ৰী সুধাংশ পণ্টৰ উপস্থিতি। তেওঁৰ সৈতে এনএছএফডিচি (ৰাষ্ট্ৰীয় অনুসূচিত জাতি বিত্ত আৰু উন্নয়ন নিগম)ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰী প্ৰভাত ত্যাগী আৰু তিনি এপেক্স নিগমৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

 

বিপণী আৰু মন্ত্ৰালয়ৰ পেভিলিয়ন পৰিদৰ্শন কৰি শ্ৰী পণ্টে কলা-কুশলীসকলৰ দক্ষতা আৰু বজাৰৰ সুযোগসমূহৰ বিষয়ে কলা-কুশলীসকলৰ সৈতে মত বিনিময় কৰে।

তেওঁ কয় যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে, যিয়ে ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰ দ্বাৰা পৰিচালিত হৈ কলা-কুশলীসকলৰ বাবে পৰম্পৰাগত কাৰুশিল্পক বহনক্ষম অৰ্থনৈতিক স্বাধীনতালৈ ৰূপান্তৰিত কৰাৰ পথ প্ৰশস্ত কৰে।

এই মেলাৰ মূল কেন্দ্ৰবিন্দু আছিল ভাৰত-টিউলিপ (পৰম্পৰাগত শিল্পীৰ উন্নয়ন জীৱিকা কাৰ্যসূচী)ৰ প্ৰচাৰ, যিয়ে প্ৰত্যক্ষ বিপণী আৰু ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে শিল্পীসকলৰ বাবে বজাৰ প্ৰৱেশাধিকাৰৰ সুবিধা প্ৰদান কৰে। পৰম্পৰাগত দক্ষতাক আধুনিক উপভোক্তা চেনেলৰ সৈতে সংযোগ কৰি এই কাৰ্যসূচীয়ে বজাৰৰ সংযোগ শক্তিশালী কৰাৰ লগতে শিল্পীসকলক তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাত সহায় কৰে।

মন্ত্ৰালয়ৰ তিনিটা ৰাষ্ট্ৰীয় নিগম, যেনে- ৰাষ্ট্ৰীয় অনুসূচিত জাতি বিত্ত আৰু উন্নয়ন নিগম (এনএছএফডিচি), ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী বিত্ত আৰু উন্নয়ন নিগম (এনবিচিএফডিচি) আৰু ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী বিত্ত আৰু উন্নয়ন নিগম (এনএছকেএফডিচি)ৰ দ্বাৰা পৰিচালিত কল্যাণ, বিত্তীয় সাহায্য, আৰু দক্ষতা বিকাশ আঁচনিসমূহৰ বিষয়ে দৰ্শনাৰ্থীসকলক অৱগত কৰিবলৈ আন্তঃসক্রিয় এলইডি প্ৰদৰ্শনৰ জৰিয়তে মন্ত্ৰালয়ৰ সমৰ্পিত পেভিলিয়নে জনসাধাৰণৰ মাজত যোগাযোগৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে কাম কৰে।

উত্তৰ-পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰা পৰম্পৰাগত সংগীত আৰু লোকনৃত্যৰ সৈতে প্ৰতিদিনৰ সাংস্কৃতিক কাৰ্যসূচীয়ে মেলাৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি কৰে। নিৰ্দিষ্ট স্থানৰ বাহিৰেও ৰাজহুৱা অংশগ্ৰহণ বিস্তাৰ কৰিবলৈ এই সাংস্কৃতিক কাৰ্যসূচীসমূহ আঠ দিন ধৰি সজীৱ সম্প্ৰচাৰ কৰা হৈছিল।

মন্ত্ৰালয়ৰ বিষয়াগৰাকীয়ে কয় যে জনসাধাৰণৰ উৎসাহপূৰ্ণ সঁহাৰি আৰু অংশগ্ৰহণকাৰী শিল্পীসকলৰ বাবে বাণিজ্যিক ফলাফলে প্ৰত্যক্ষ বজাৰ প্ৰৱেশাধিকাৰ, জনসাধাৰণৰ সজাগতা আৰু সাংস্কৃতিক প্ৰচাৰৰ সংমিশ্ৰণৰ ফলপ্ৰসূতা প্ৰদৰ্শন কৰে। শিল্প সমাগম মেলাৰ দৰে পদক্ষেপৰ জৰিয়তে অবহেলিত লোকসকলৰ সবলীকৰণ তথা দেশৰ সমৃদ্ধ হস্ততাঁত আৰু হস্তশিল্প ঐতিহ্য সংৰক্ষণৰ বাবে মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিবদ্ধতাক আগবঢ়াই নিছে।

 

 

****

PR-202-TAR/KV/GA/RK/NB


(ৰিলিজ আই ডি : 2330376) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: Urdu , English , हिन्दी , Tamil