পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত ‘অভিযোজনমূলক কৌশলৰ জৰিয়তে উপকূলীয় স্থিতিস্থাপকতা বৃদ্ধি’ শীৰ্ষক ৰাষ্ট্ৰীয় কৰ্মশালা উদ্বোধন

পোষ্ট কৰা হৈছে: 29 OCT 2026 5:56PM by PIB Guwahati

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ২০২৬ চনৰ ২৯-৩০ অক্টোবৰত নতুন দিল্লীত ‘অভিযোজনমূলক কৌশলৰ জৰিয়তে উপকূলীয় স্থিতিস্থাপকতা বৃদ্ধি’ শীৰ্ষক এক ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিছে। এইকৰ্মশালাখন 'সেউজ জলবায়ু পুঁজি' প্ৰকল্প— 'ভাৰতৰ উপকূলীয় সম্প্ৰদায়সমূহৰ জলবায়ু স্থিতিস্থাপকতা বৃদ্ধি' ( জি চি এফ-ই চি আৰ আই চি চি)ৰ অধীনত আয়োজন কৰা হৈছে।  এই প্ৰকল্পটোৱে গুৰুত্বপূৰ্ণ উপকূলীয় পৰিস্থিতিতন্ত্ৰসমূহ যেনে— মেনগ্ৰোভ (এবিধ উপকূলীয় উদ্ভিদ), উপকূলীয় জলপৃষ্ঠ, সাগৰীয় ঘাঁহ, লুণীয়া জলাহভূমি আৰু প্ৰবাল প্ৰাচীৰসমূহৰ পুনৰুদ্ধাৰৰ লগতে অতিশয় স্পৰ্শকাতৰ অঞ্চলত বসবাস কৰা সম্প্ৰদায়সমূহৰ জীৱিকা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উদ্বোধনী অধিৱেশনত সম্বোধন কৰি  পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ সচিব শ্ৰী নৰেন্দ্ৰ ভূছানে গুৰুত্ব আৰোপ কৰি কয় যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ প্ৰতি উপকূলীয় স্থিতিস্থাপকতা গঢ়ি তোলাৰ লগতে জীৱিকা সুৰক্ষিত কৰাটো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্ধাৰণ কৰা বিকশিত ভাৰত ২০৪৭ দৃষ্টিভংগীত উপনীত হোৱাৰ দিশত ভাৰতৰ বাবে অপৰিহাৰ্য। তেওঁ উপকূলীয় অঞ্চলসমূহত জলবায়ুৰ বিপদাশংকাৰ মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু জৈৱ বৈচিত্ৰ্য, জীৱিকা  তথা উপকূলীয় সুৰক্ষাৰ বাবে জলাহভূমি, সাগৰীয় ঘাঁহ, নিমখৰ জলাশয় আৰু প্ৰবাল প্ৰাচীৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

সচিবগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতে উপকূলীয় পৰিৱৰ্তন মূল্যায়ন, বিপদাশংকা-ৰেখা বিন্যাস, উপকূলীয় দুৰ্বলতা মূল্যায়ন আৰু পৰিৱেশ তন্ত্ৰৰ তথ্যৰ জৰিয়তে উপকূলীয় পৰিকল্পনাৰ বাবে বৈজ্ঞানিক ভেটি যথেষ্ট শক্তিশালী কৰিছে। পৰৱৰ্তী কামটো হৈছে এই প্ৰমাণবোৰ প্ৰতিবেদন আৰু মানচিত্ৰৰ পৰা ৰাজ্য, জিলা আৰু স্থানীয় পৰ্যায়ত প্ৰকৃত পৰিকল্পনা, আন্তঃগাঁথনি আৰু বিনিয়োগৰ সিদ্ধান্তলৈ যোৱাটো নিশ্চিত কৰা বুলি তেওঁ কয়। শ্ৰী ভূছানে অৱগত কৰে যে ৰাষ্ট্ৰীয় উপকূলীয় অভিযানে জি চি এফ-ই চি আৰ আই চি চি প্ৰকল্পৰ ফলাফলৰ ওপৰত উপকূলীয় স্থিতিস্থাপকতা আৰু অভিযোজিত হস্তক্ষেপ নিৰ্মাণৰ বাবে ভিত্তি হিচাপে কাম কৰিব।

পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ জ্যেষ্ঠ অৰ্থনৈতিক উপদেষ্টা শ্ৰীমতী ৰাজশ্ৰী ৰায়ে উপকূলীয় স্থিতিস্থাপকতা শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ দৃষ্টিভংগী, বিজ্ঞান, ৰূপায়ণৰ অভিজ্ঞতা আৰু বিত্তীয় দৃষ্টিভংগী একত্ৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আদৰণি ভাষণ প্ৰদান কৰে। অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু উৰিষ্যা ৰাজ্যত জি চি এফ-ই চি আৰ আই চি চি-ৰ অধীনত হোৱা অগ্ৰগতি আৰু প্ৰতিলিপি/উত্থানৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰা হয়। জি চি এফ-ই চি আৰ আই চি চি প্ৰকল্পৰ ‘জলবায়ু চেম্পিয়ন’ আৰ্হিটোত বেছিভাগ উপকূলীয় অঞ্চলৰ মহিলা (ই চি আৰ আই চি চি দিদি) জড়িত হৈ আছে, যি জলবায়ু পৰিৱৰ্তনৰ কাৰ্যৰ কাৰিকৰী জ্ঞানক স্থানীয় সম্প্ৰদায়ৰ মাজলৈ সৰল ভাষাত অনুবাদ কৰাৰ কামত নিয়োজিত। এই আৰ্হিটোক পুনৰাবৃত্তিৰ বাবে সম্ভাৱনাময় ৰূপে প্ৰদৰ্শন কৰা হৈছে।পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী তনভি গাৰ্গে উপকূলীয়/ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগিতাত উপকূলীয় স্থিতিস্থাপকতা আৰু জলবায়ু অভিযোজন শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উপকূলীয় অভিযানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইউ এন ডি পি ইণ্ডিয়াৰ আবাসিক প্ৰতিনিধি ড° এঞ্জেলা লুচিগিয়ে উল্লেখ কৰে যে উপকূলীয় পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰে জীৱিকাৰ হস্তক্ষেপ, মহিলাৰ সবলীকৰণ আৰু তেওঁলোকৰ উদ্যোগৰ বিকাশক সমৰ্থন কৰি তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰমাণিত সৰ্বশ্ৰেষ্ঠ অনুশীলন আৰু পৰিৱৰ্তনমূলক দৃষ্টিভংগীৰ মূলসুঁতিত জ্ঞানৰ আদান-প্ৰদানৰ গুৰুত্ব আৰু উপকূলীয় স্থিতিস্থাপকতা বৃদ্ধিৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে ব্যৱহাৰিক, পৰিসৰযোগ্য সমাধান চলোৱাৰ ক্ষেত্ৰত দ্য নেচাৰ কনজাৰভেন্সি ইণ্ডিয়া (টি এন চি) ৰ অন্তৱৰ্তীকালীন পৰিচালন সঞ্চালক ড° সুশীল ছাইগালে আলোকপাত কৰে।

 

এই কৰ্মশালাত পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন আৰু সংশ্লিষ্ট মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া, ইউ এন ডি পি আৰু টি এন চি-ৰ জ্যেষ্ঠ প্ৰতিনিধি, উপকূলীয় অঞ্চল ব্যৱস্থাপনা কৰ্তৃপক্ষ, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বন বিভাগ, প্ৰধান গৱেষণা প্ৰতিষ্ঠান, বেচৰকাৰী সংস্থা, বিত্তীয় প্ৰতিষ্ঠান আৰু জনহিতকৰ সংগঠনসমূহৰ প্ৰতিনিধিসহ প্ৰায় ১৫০ গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ লয়।

 

বৰ্তমানৰ ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্যসূচী ৰূপৰেখা, ৰাজ্যৰ অগ্ৰাধিকাৰ আৰু ৰূপায়ণৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি তথা প্ৰধানমন্ত্ৰীৰ জল বিপ্লৱ আৰু ভাৰতৰ পতাকাৰ নীলা চক্ৰৰ  প্ৰতীকেৰে  মহাসাগৰ অৰ্থনীতিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি কৰ্মশালাৰ পৰামৰ্শসমূহে ভাৰতত অভিযোজিত উপকূলীয় স্থিতিস্থাপকতাৰ বাবে ব্যাপক নীতি-নিৰ্দেশনা প্ৰস্তুত কৰাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

***

VM/DD


(ৰিলিজ আই ডি : 2330309) অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil