পোষ্ট কৰা হৈছে:
29 OCT 2026 4:50PM by PIB Guwahati
ভাৰতীয় নৌসেনাৰ জাহাজ ত্ৰিশূলে ভূমধ্য সাগৰত চলি থকা পৰিভ্ৰমণ কাৰ্য্যসূচীৰ অংশ হিচাপে ২০২৬ চনৰ ২৮ অক্টোবৰত ইটালীৰ চিভিটাভেচিয়াত বন্দৰ ভ্ৰমণ সমাপ্ত কৰে।এই বন্দৰ ভ্ৰমণৰ সময়চোৱাত পেচাদাৰী মত বিনিময়, পৰস্পৰৰ-ডেক ভ্ৰমণ আৰু সাংস্কৃতিক বিনিময়ৰ জৰিয়তে ভাৰতীয় নৌবাহিনী আৰু ইটালীয় নৌবাহিনীৰ মাজত সামুদ্ৰিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সুযোগ মুকলি হয়।
এই বন্দৰ ভ্ৰমণৰ সময়চোৱাত আই এন এছ ত্ৰিশূল-এ ইটালীৰ পক্ষৰ সৈতে কেইবাটাও পেছাদাৰী আৰু সাংস্কৃতিক মত বিনিময় কৰে। দৰ্শনাৰ্থীৰ বাবেও মুকলি থকা জাহাজখন বৃহৎ সংখ্যক আগ্ৰহী ভাৰতীয় প্ৰৱাসী লোক আৰু স্থানীয় জনসাধাৰণে পৰিদৰ্শন কৰে।
পেচাদাৰী মত বিনিময়ৰ অংশ হিচাপে আই এন এছ ত্ৰিশূলৰ কমাণ্ডিং অফিচাৰে ইটালীৰ নৌবাহিনীৰ ফ্ৰিট কমাণ্ডাৰক সাক্ষাৎ কৰে। জাহাজখনৰ কৰ্মচাৰীসকলে চিভিটাভেচিয়াত ইটালীৰ নৌবাহিনীৰ বিমান বাহক আই টি এছ কেভাৰো পৰিদৰ্শন কৰে। এই সম্পৰ্কসমূহে দুয়োটা নৌসেনাবাহিনীৰ মাজত পেচাদাৰী মত বিনিময় আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰ সুযোগ প্ৰদান কৰে।
ইটালীত থকা ভাৰতৰ ৰাষ্ট্ৰদূত শ্ৰীযুত বাণী ৰাও আৰু ইটালীৰ নৌসেনাৰ ফ্লীট কমাণ্ডাৰ তথা চিংকনাভ (চি আই এন চি এন এ ভি)-ৰ ভাইচ এডমিৰেল অৰেলিঅ’ ডি কেৰোলিছে আই এন এছ ত্ৰিশূল ভ্ৰমণ কৰি জাহাজখনৰ কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে জাহাজখনত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত চিভিটাভেচিয়াৰ মেয়ৰ, ইটালীৰ নৌবাহিনী আৰু উপকূলৰক্ষী বাহিনীৰ জ্যেষ্ঠ বিষয়া, ১৩ খন দেশৰ প্ৰতিৰক্ষা দূত, অসামৰিক গণ্যমান্য ব্যক্তি আৰু ভাৰতীয় প্ৰবাসী সদস্যসকল একত্ৰিত হয়। এই সাংস্কৃতিক কাৰ্যসূচীয়ে নৌসেনাৰ প্ৰতিনিধি, কূটনৈতিক বিষয়া আৰু সমাজৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিসকলৰ মাজত পাৰস্পৰিক বাৰ্তালাপৰ এক সুন্দৰ মঞ্চ প্ৰদান কৰে। ইয়াৰ লগতে, বন্দৰ ভ্ৰমণৰ সময়ছোৱাত চলি থকা পেছাদাৰী সম্পৰ্ক আৰু দ্বিপাক্ষিক সংযোগক এই অনুষ্ঠানে অধিক শক্তিশালী কৰি তোলে।
এই বন্দৰ ভ্ৰমণৰ সময়চোৱাত ভাৰত আৰু ইটালীৰ মাজত দীৰ্ঘস্থায়ী সামুদ্ৰিক অংশীদাৰিত্ব আৰু পাৰস্পৰিক বুজাবুজি তথা পেছাদাৰী সম্পৰ্ক গঢ়ি তোলাত নিৰন্তৰ নৌবাহিনীৰ অংশগ্ৰহণৰ গুৰুত্ব প্ৰতিফলিত হয়। আই এন এছ ত্ৰিশূল এতিয়া ভূমধ্য সাগৰত পৰৱৰ্তী কাৰ্য্যসূচীৰ বাবে আগবাঢ়িছে।
_20261029165135_7d41fd.jpeg)
_20261029165150_d48477.jpeg)
_20261029165238_c8adc7.jpeg)
***
VM/AS/DD