প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

অমীমাংসিত বিষয়সমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে ৬.০ বিশেষ অভিযান আৰম্ভ ডি আৰ ডি অ’ৰ

পোষ্ট কৰা হৈছে: 29 OCT 2026 4:13PM by PIB Guwahati

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডি আৰ ডি অ’) ইয়াৰ মুখ্য কাৰ্যালয়, গৱেষণাগাৰ আৰু প্ৰতিষ্ঠানসমূহত অমীমাংসিত  হৈ থকা বিষয়সমূহৰ নিষ্পত্তিৰ বাবে বিশেষ প্ৰচাৰ অভিযান (এছ চি ডি পি এম ৬.০) আৰম্ভ কৰিছে। প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগ (ডি এ আৰ পি জি) ৰ দ্বাৰা সমন্বিত এই প্ৰচাৰ অভিযানে বকেয়া পৰিস্থিতি হ্ৰাস কৰা, ৰাজহুৱা অভিযোগ নিষ্পত্তি ত্বৰান্বিত কৰা, ৰেকৰ্ডসমূহ ডিজিটেলাইজ কৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা উন্নত কৰা আৰু কৰ্মক্ষেত্ৰ অনুকূল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ডি আৰ ডি অ’ই অমীমাংসিত ৰাজহুৱা অভিযোগ, সংসদীয় আশ্বাস আৰু আন্তঃমন্ত্রণালয়ৰ প্ৰসংগসমূহ নিষ্পত্তি কৰাৰ ১০০ শতাংশ লক্ষ্যত উপনীত হৈছে। নথিপত্ৰ সংৰক্ষণৰ সময়সূচী অনুসৰি নিষ্কাশনৰ বাবে চিহ্নিত প্ৰায় ২০,০০০ ফাইল নিষ্পত্তি কৰা হৈছে আৰু কুটি লোৱা কাগজসমূহ পুনৰ ব্যৱহাৰৰ বাবে খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (কে ভি আই চি) প্ৰেৰণ কৰা হৈছে। প্ৰশাসনিক স্বচ্ছতা বৃদ্ধিৰ বাবে প্ৰায় ৫ লাখ ঐতিহাসিক পৃষ্ঠা আৰু নথিপত্ৰ ডিজিটেল কৰা হৈছে।

ডি আৰ ডি অ’ প্ৰাংগন, আৱাসিক প্ৰাংগন আৰু গৱেষণা পৰীক্ষা পৰিসৰসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্থান অনুকূলকৰণ অভিযান অব্যাহত থকা অব্যৱহৃত সঁজুলি, অপ্ৰয়োজনীয় আচবাব আৰু পেলনীয়া সামগ্ৰী পৰিষ্কাৰ কৰা হৈছে। এই সমূহৰ পৰিৱেশ অনুকূল নিষ্পত্তিৰ ফলত ৩৫ লাখ টকাৰ ৰাজহ সৃষ্টি হৈছে।

 

***

VK/Kamlesh/DD


(ৰিলিজ আই ডি : 2330306) অতিথি কক্ষ : 21
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil