পোষ্ট কৰা হৈছে:
29 OCT 2026 6:49PM by PIB Guwahati
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় শৈক্ষিক পৰিকল্পনা আৰু প্ৰশাসন প্ৰতিষ্ঠান (এন আই ই পি এ) ৰ নতুন শৈক্ষিক ভৱন আৰু মুখ্য প্ৰৱেশদ্বাৰ উদ্বোধন কৰে। তেওঁ কয় যে নতুন ভৱনটোৱে এন আই ই পি এ-ক ইয়াৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীসমূহৰ ৰূপায়ণ ত্বৰান্বিত কৰাত সহায় কৰাৰ লগতে ইয়াৰ শৈক্ষিক আৰু গৱেষণাৰ সামৰ্থ্য বৃদ্ধি কৰিব।

মন্ত্ৰীগৰাকীয়ে লগতে প্ৰাতিষ্ঠানিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, “সংস্কৃত প্ৰবাদ অনুসৰি 'শৰীৰমাদ্যম খালু ধৰ্ম সাধনম'- অৰ্থাৎ নিজৰ কৰ্তব্য পালনৰ বাবে এটা সুস্থ শৰীৰ অপৰিহাৰ্য। একেদৰে, গুৰুত্বপূৰ্ণ কাম কাৰ্যকৰীভাৱে সম্পন্ন কৰাৰ বাবে শক্তিশালী আন্তঃগাঁথনি অত্যাৱশ্যকীয়। আজি উৎসৰ্গা কৰা নতুন ভৱনটোৱে এন আই ই পি এ-ৰ কাৰ্য্যকলাপ সম্প্ৰসাৰণৰ ক্ষমতাক শক্তিশালী কৰিব। একে সময়তে, এই প্ৰচেষ্টাবোৰ ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। "

শ্ৰী যোশীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ ৰ ৰূপায়ণ নিৰীক্ষণ কৰা, ৰূপায়ণৰ প্ৰত্যাহ্বান চিনাক্ত কৰা আৰু সেইবোৰৰ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ ক্ষেত্ৰত এন আই ই পি এ-ৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁ এন ই পি ২০২০-ৰ অধীনত ধাৰণা কৰা অনুসৰি ভাটৌ বিদ্যাৰ পৰা ধাৰণাগত বুজাপৰালৈ পৰিৱৰ্তনৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে উচ্চ শিক্ষাৰ বাবে ৬০,০০০ কোটি টকাৰ সহজ ঋণ আৰু স্বয়ম তথা দীক্ষাৰ দৰে ডিজিটেল শিক্ষণ মঞ্চৰ সুবিধা প্ৰদান কৰা প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিৰ দৰে পদক্ষেপৰ কথা উল্লেখ কৰে । তেওঁ উল্লেখ কৰে যে স্বয়মে সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলৰ বাবে মানসম্পন্ন ডিজিটেল শিক্ষণ আৰু শৈক্ষিক সম্পদসমূহৰ উপলব্ধতা সম্প্ৰসাৰিত কৰিছে। তেওঁ বিশ্বৰ কল্যাণত অধিক অৰিহণা যোগাব পৰাৰ সামৰ্থৰে ভাৰতক সজ্জিত কৰিব পৰাকৈ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক প্ৰয়োজনীয়তা পূৰণৰ বাবে যুৱক-যুৱতীসকলক মানসম্পন্ন শিক্ষা আৰু প্ৰাসংগিক দক্ষতাৰে সজ্জিত কৰাৰ গুৰুত্বৰ কথা পুনৰ দোহাৰে।
এই অনুষ্ঠানত উচ্চ শিক্ষা বিভাগৰ সচিব শ্ৰীমতী দীপ্তি গৌৰ মুখাৰ্জী, এন আই ই পি এ-ৰ আচাৰ্য অধ্যাপক ৰমা শংকৰ ডুবে আৰু এন আই ই পি এ-ৰ উপাচাৰ্য অধ্যাপক শশীকলা ৱানজাৰী উপস্থিত আছিল ।


***
RRTN/AV/DD