নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

জাহাজ নিৰ্মাণ যোগান শৃংখলৰ পৰা জাহাজ পুনৰ ব্যৱহাৰলৈকে বুছানত নিজৰ সামুদ্ৰিক অংশীদাৰিত্ব সম্প্ৰসাৰিত কৰিছে ভাৰতে

জাহাজ পুনৰ ব্যৱহাৰৰ বাবে ইউৰোপীয় ইউনিয়নৰ স্বীকৃতি বিচৰা ভাৰতৰ পদক্ষেপক চাইপ্ৰাছৰ সমৰ্থনৰ পাছত মেৰিনা হাজিমনোলিছৰ সৈতে দ্বিপাক্ষিক বৈঠক সৰ্বানন্দ সোনোৱালৰ

সেউজ জাহাজ পৰিবহনক উৎসাহিত কৰিবলৈ মেক-ইন-ইণ্ডিয়া এল.এন.জি./এল.পি.জি. কাৰ্গ' টেংক আৰু ক্ৰায়’জেনিক গাঁথনি নিৰ্মাণত কোৰিয়াৰ দক্ষতা কামত লগাবলৈ আলোচনাত নেতৃত্ব প্ৰদান সোনোৱালৰ

“ভাৰতৰ সামুদ্ৰিক ৰূপান্তৰণে শক্তিশালী বিনিয়োগ, উদ্ভাৱন আৰু ভাৰত-কোৰিয়াৰ স্থায়ী অংশীদাৰিত্বৰ বাবে অপৰিসীম সুযোগ প্ৰদান কৰিছে” : সৰ্বানন্দ সোনোৱাল

কোৰিয়াৰ সামুদ্ৰিক কোম্পানীসমূহৰ ভাৰতৰ ক্ৰমবৰ্ধমান জাহাজ নিৰ্মাণ, বন্দৰ আন্তঃগাঁথনি আৰু নৌ পৰিবহন খণ্ডৰ প্ৰতি আগ্ৰহ প্ৰকাশ

পোষ্ট কৰা হৈছে: 27 OCT 2026 8:23PM by PIB Guwahati

ভাৰতে ইয়াৰ জাহাজ নিৰ্মাণৰ উচ্চাকাংক্ষাৰ আঁৰত যোগান শৃংখল, বিত্ত, প্ৰযুক্তি আৰু বজাৰ গঢ়ি তোলাৰ বাবে কৰি থকা কামৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে দক্ষিণ কোৰিয়াৰ বুছানত দক্ষিণ কোৰিয়াৰ সামুদ্ৰিক প্ৰতিষ্ঠান, জাহাজ নিৰ্মাতা আৰু জাহাজ পৰিবহণ কোম্পানী আৰু চাইপ্ৰাছৰ জাহাজ পৰিবহণ উপ-মন্ত্ৰীৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।

 

এই আলোচনাত জাহাজ নিৰ্মাণত বিনিয়োগ, সামুদ্ৰিক সঁজুলি নিৰ্মাণ, সামুদ্ৰিক বিত্তীয় সাহায্য, বন্দৰ উন্নয়ন, জাহাজ পৰিবহণ, সেউজ প্ৰযুক্তি আৰু জাহাজৰ বহনক্ষম পুনৰ ব্যৱহাৰক সামৰি লোৱা হয়। চৰকাৰৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বব্যাপী প্ৰতিযোগিতামূলক জাহাজ নিৰ্মাণ, জাহাজ পৰিবহণ আৰু সামুদ্ৰিক সেৱাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়  যে -“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰৰ দূৰদৰ্শিতা আৰু নীতিগত পদক্ষেপৰ ফলত ভাৰতৰ জাহাজ নিৰ্মাণ ক্ষেত্ৰখন ক্ষিপ্ৰ উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে,”।

 

দিনটোৰ গুৰুত্বপূৰ্ণ দিশবোৰ

•          পুনৰ ব্যৱহাৰঃ যোগ্য জাহাজ-পুনৰ ব্যৱহাৰ য়াৰ্ডৰ ইউৰোপীয় ইউনিয়নৰ স্বীকৃতিৰ বাবে ভাৰতৰ প্ৰচেষ্টাক চাইপ্ৰাছৰ সমৰ্থন।

•          সেউজ জাহাজ পৰিবহণঃ কোৰিয়াৰ নিৰ্মাতা আৰু ভাৰতীয় য়াৰ্ডসমূহৰ এল পি জি আৰু এল এন জি কাৰ্গো টেংক, ক্ৰায়োজেনিক গাঁথনি আৰু বৃহৎ জাহাজ ব্লকৰ অংশীদাৰিত্ব অন্বেষণ।

•          বিত্তঃ কোৰিয়াৰ সামুদ্ৰিক বিত্ত যোগান ধৰোঁতাসকলক সামুদ্ৰিক উন্নয়ন পুঁজি (এম ডি এফ) আৰু সাগৰমালা বিত্ত নিগম (এছ এম এফ চি)ৰ সুযোগ সম্পৰ্কত উত্থাপন সোনোৱালৰ।

•          জাহাজ বহৰ আৰু বজাৰঃ কোৰিয়াৰ আগশাৰীৰ শ্বিপিং লাইনৰ ভাৰতৰ ফ্লেগিং, ভাৰতত নিৰ্মিত কণ্টেইনাৰ আৰু ৱাধৱন বন্দৰত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত সম্ভাৱনাসমূহৰ অন্বেষণ।

এক দ্বিপাক্ষিক বৈঠকত চাইপ্ৰাছৰ জাহাজ পৰিবহণ উপ-মন্ত্ৰী মেৰিনা হাজিমনোলিছে ভাৰতীয় যোগ্য জাহাজ-পুনৰ ব্যৱহাৰ সুবিধাৰ বাবে ইউৰোপীয় ইউনিয়ন (ই ই উ) স্বীকৃতি লাভৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ প্ৰতি তেওঁৰ দেশৰ সমৰ্থন পুনৰ নিশ্চিত কৰে।

দুয়োগৰাকী মন্ত্ৰীয়ে জাহাজ পৰিবহণ, জাহাজ নিৰ্মাণ, সামুদ্ৰিক বিনিয়োগ, নাবিক কল্যাণ আৰু সামুদ্ৰিক সেৱাৰ বিষয়েও আলোচনা কৰে। হাজিমনোলিছে কয় যে চাইপ্ৰাছৰ প্ৰায় ২৫ টা আগশাৰীৰ কোম্পানীয়ে নৱেম্বৰ মাহত শ্বিপিং, জাহাজ ব্যৱস্থাপনা, সামুদ্ৰিক প্ৰযুক্তি আৰু এই সম্পৰ্কীয় খণ্ডত অংশীদাৰিত্ব অন্বেষণ কৰিবলৈ ভাৰত ভ্ৰমণ কৰিব বুলি আশা কৰা হৈছে। দুয়ো পক্ষই ভাৰত-চাইপ্ৰাছৰ কৌশলগত অংশীদাৰিত্বক আদৰণি জনায় আৰু ইয়াক বাণিজ্যিক ফলাফললৈ ৰূপান্তৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

‘আমাৰ কৌশলগত অংশীদাৰিত্বক দৃঢ় আৰু পাৰস্পৰিকভাৱে লাভজনক সামুদ্ৰিক ফলাফললৈ ৰূপান্তৰ কৰিবলৈ মই আপোনালোকৰ সৈতে কাম কৰিবলৈ আগ্ৰহী’, সৰ্বানন্দ সোনোৱালে কয়।

চেজিন হেভি ইণ্ডাষ্ট্ৰীজৰ মুখ্য কাৰ্যবাহী বিষয়া কিম জিন-জঙৰ সৈতে অনুষ্ঠিত বৈঠকত বৃহৎ জাহাজ নিৰ্মাণ খণ্ড, এল পি জি আৰু এল এন জি কাৰ্গো টেংক, অতি কম তাপমাত্ৰাত গেছক তৰলীকৃত কৰি ৰখা ক্ৰায়োজেনিক গাঁথনি আৰু অন্যান্য বিশেষ সামুদ্ৰিক সঁজুলিৰ সম্ভাব্য উৎপাদন অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ভাৰতীয় প্ৰতিনিধিবৰ্গই নতুন জাহাজ নিৰ্মাণ ক্লাষ্টাৰৰ সুযোগ আৰু বৰ্তমানৰ য়াৰ্ডসমূহৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰে। সম্ভাৱনাৰ মূল্যায়নৰ বাবে মুকলি মনোভাৱ প্ৰকাশৰ পাছত কোচিন শ্বিপয়াৰ্ড লিমিটেডেও (চি এছ এল) চেজিনৰ সৈতে ব্লক ফেব্রিকেচন সম্পৰ্কত আলোচনা কৰে। ভাৰতৰ টেংক নিৰ্মাণ আৰু ক্ৰায়োজেনিক সামৰ্থ্যই দেশৰ জাহাজ নিৰ্মাণৰ ভেটি অধিক শক্তিশালী কৰিব।

 

কেন্দ্ৰীয় মন্ত্ৰী গৰকীয়ে কয় – “ ভাৰতৰ বৰ্ধিত সামুদ্ৰিক পৰিবেশতন্ত্ৰই কোৰিয়াৰ দক্ষতা আৰু ভাৰতীয় উৎপাদন ক্ষমতাক একত্ৰিত কৰাৰ বাবে অপৰিসীম সুযোগ প্ৰদান কৰিছে। এখন আধুনিক সেউজ জাহাজ বহৰৰ বাবে ক্ৰায়োজেনিক টেংকৰ পৰা জাহাজৰ ব্লকলৈকে বিশেষ সামৰ্থ্যৰ প্ৰয়োজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ অধীনত আমি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অংশীদাৰসকলৰ সৈতে ঘৰতে সেই সামৰ্থ্য গঢ়ি তুলিছো আৰু ভাৰতত সেউজ জাহাজ পৰিবহণ ইয়াৰ বাবে অধিক শক্তিশালী হ’ব”।

কোৰিয়া সামুদ্ৰিক সঁজুলি গৱেষণা প্ৰতিষ্ঠানৰ (কোমেৰি) অধ্যক্ষ য়াং ৱন-চাঙৰ সৈতে হোৱা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে সামুদ্ৰিক সঁজুলি নিৰ্মাণ, গৱেষণা আৰু উন্নয়ন, পৰীক্ষা, প্ৰমাণপত্ৰ, সেউজ প্ৰপালছন আৰু স্মাৰ্ট সামুদ্ৰিক প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত আলোচনা কৰে। দুয়ো পক্ষই কোৰিয়াৰ সামুদ্ৰিক সঁজুলি নিৰ্মাতাসকলৰ বাবে ভাৰতীয় কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্ব কৰাৰ সুযোগৰ লগতে কোমেৰি আৰু প্ৰস্তাৱিত ভাৰত জাহাজ প্ৰযুক্তি কেন্দ্ৰৰ (আই এছ টি চি) মাজত প্ৰাতিষ্ঠানিক সহযোগিতাৰ অন্বেষণ কৰে। সোনোৱালে কোমেৰি আৰু কোৰিয়াৰ আগ্ৰহী সঁজুলি নিৰ্মাতাসকলক ভাৰত ভ্ৰমণ কৰাৰ লগতে কাৰিকৰী আৰু ঔদ্যোগিক সহযোগিতাৰ দৃঢ় ক্ষেত্ৰসমূহ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়।

‘আমি ভাৰতীয় জাহাজ প্ৰযুক্তি কেন্দ্ৰক জাহাজৰ আৰ্হি, গৱেষণা, পৰীক্ষা আৰু প্ৰশিক্ষণৰ বাবে এক ৰাষ্ট্ৰীয় মঞ্চ হিচাপে বিকাশ ঘটাই আছো। কোৰিয়াৰ কাৰিকৰী দক্ষতাৰ সৈতে ঘৰতে পৰীক্ষা আৰু প্ৰমাণপত্ৰৰ জৰিয়তে ভাৰতত নিৰ্মিত সামুদ্ৰিক সঁজুলিবোৰক আন্তঃৰাষ্ট্ৰীয় মান পূৰণ কৰাত সহায় কৰাৰ লগতে সেউজ প্ৰপালছন আৰু স্মাৰ্ট শ্বিপ প্ৰযুক্তিৰ বাবে আমাৰ য়াৰ্ডসমূহক প্ৰস্তুত কৰিব’, সোনোৱালে কয়।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধিবৰ্গই এইচ এম এমৰ জ্যেষ্ঠ কাৰ্যবাহী উপাধ্যক্ষ জে ৱাই লীৰ নেতৃত্বত ভাৰতত ইয়াৰ জাহাজসমূহ মুকলি কৰা, ভাৰতীয় নাবিকসকলক নিযুক্তি দিয়া, হংকং সন্মিলন (এইচ কে চি) অনুসৰি ভাৰতীয় জাহাজ-পুনৰ ব্যৱহাৰৰ সুবিধা ব্যৱহাৰ কৰা আৰু বৰ্তমান এইচ এম এমৰ নেটৱৰ্কৰ অধীনত নথকা অতিৰিক্ত ভাৰতীয় বন্দৰসমূহলৈ জাহাজ পৰিবহণ সেৱা সম্প্ৰসাৰণ সন্দৰ্ভত এক ফলপ্ৰসূ আলোচনা কৰে। কোৰিয়া অ’চেন বিজনেছ কৰ্প’ৰেচন (কে অ’ বি চি)ৰ চি ই অ’ অহন বিয়ুং-গিলৰ সৈতে হোৱা আলোচনাৰ সময়ত ভাৰতৰ বৰ্ধিত সামুদ্ৰিক খণ্ডত, বিশেষকৈ বন্দৰ আন্তঃগাঁথনি আৰু জাহাজ পৰিবহণৰ ক্ষেত্ৰত বিনিয়োগ আৰু ব্যৱসায়িক সুযোগসমূহ অন্বেষণ কৰা হয়।

সোনোৱালে কোৰিয়াৰ সামুদ্ৰিক বিত্তীয় প্ৰতিষ্ঠান আৰু ভাৰতীয় অংশীদাৰসকলৰ মাজত অধিক সহযোগিতাৰ বাবে আহ্বান জনায়। ভাৰতে প্ৰায় ৭.৮ বিলিয়ন ডলাৰৰ জাহাজ নিৰ্মাণ সমৰ্থন পেকেজত অনুমোদন জনাইছে, বৃহৎ জাহাজ নিৰ্মাণ ক্লাষ্টাৰৰ উন্নয়ন চলি আছে আৰু আনুমানিক ২৩ বিলিয়ন ডলাৰেৰে ৪০০ৰো অধিক জাহাজৰ নিৰ্মাণ চলি আছে।

 

২০৪৭ চনৰ ভিতৰত জাহাজ নিৰ্মাণ, জাহাজ পৰিবহণ আৰু সামুদ্ৰিক সেৱা খণ্ডত এক গোলকীয় কেন্দ্ৰ হোৱাৰ ভাৰতৰ লক্ষ্যক সহযোগ কৰি এই বৈঠকসমূহে গোলকীয় সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সহযোগিতাৰ নতুন পথ মুকলি কৰে।

  

  

***

MI/Indu/HS


(ৰিলিজ আই ডি : 2329434) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: Urdu , English , हिन्दी , Marathi