ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

লাইচেনষ্টাইনৰ মহামান্য যুৱৰাজ এলয়ছ আৰু ৰাজকুমাৰী ছফীক আতিথ্য প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

উন্নত উৎপাদন, উদ্ভাৱন আৰু বিত্তীয় সেৱাৰ ক্ষেত্ৰত লিচেনষ্টাইনৰ বিশেষজ্ঞতা আৰু ভাৰতৰ দক্ষ কৰ্মশক্তি, উৎপাদন ক্ষমতা তথা দ্ৰুতগতিত বিকশিত বজাৰক একত্ৰিত কৰি আমি পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্ব গঢ়ি তুলিব পাৰোঁঃ ৰাষ্ট্ৰপতি মুৰ্মু

পোষ্ট কৰা হৈছে: 27 OCT 2026 9:57PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (২৭ অক্টোবৰ, ২০২৬) ৰাষ্ট্ৰপতি ভৱনত লিচেনষ্টাইনৰ বংশানুক্ৰমিক মহামান্য যুৱৰাজ এলয়ছ আৰু ৰাজকুমাৰী ছফীক আদৰণি জনায়। তেওঁলোকৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতিগৰাকীয়ে এক ভোজমেলৰো আয়োজন কৰে।

ভাৰতলৈ অহা বংশানুক্ৰমিক মহামান্য যুৱৰাজ এলয়ছ আৰু তেওঁৰ প্ৰতিনিধি দলটোক আদৰণি জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ সৈতে তেওঁৰ নিয়মীয়া যোগাযোগ আৰু সম্পৰ্কই ভাৰত আৰু লিচেনষ্টাইনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতি তেওঁৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাই প্ৰতিফলিত কৰিছে।

 

ভাৰত আৰু লিচেনষ্টাইনৰ মাজত বাণিজ্য, বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, উদ্ভাৱন, সংস্কৃতি তথা দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি পাই অহাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ অনিশ্চিত ভূ-ৰাজনৈতিক আৰু ভূ-অৰ্থনৈতিক পৰিস্থিতিত দুয়োখন দেশৰ মাজৰ অৰ্থনৈতিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাটো পূৰ্বতকৈও অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ২০২৪ চনত সম্পন্ন হোৱা ভাৰত আৰু ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ মাজৰ বাণিজ্য তথা  অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক অধিক গভীৰ কৰাৰ নতুন পথ মুকলি কৰিছে। তেওঁ লগতে আস্থা প্ৰকাশ কৰে যে অহা ১৫ বছৰত ভাৰতত ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগৰ সুবিধা সৃষ্টি কৰা আৰু ১০ লাখ প্ৰত্যক্ষ কৰ্মসংস্থাপন সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতিয়ে দুয়োখন দেশৰ উমৈহতীয়া অগ্ৰাধিকাৰসমূহৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ বাবে এক শক্তিশালী ভেটি  স্থাপন কৰিব।

 

উন্নত উৎপাদন, বিত্তীয় প্ৰযুক্তি, কৃষি গৱেষণা, বহনক্ষম আন্তঃগাঁথনি, স্বাস্থ্যসেৱা আৰু সামগ্ৰী বিজ্ঞানৰ দৰে ক্ষেত্ৰত লিচেনষ্টাইনৰ বিভিন্ন প্ৰতিষ্ঠানে ভাৰতৰ সৈতে সহযোগিতা সম্প্ৰসাৰণৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰাত ৰাষ্ট্ৰপতি মুৰ্মুৱে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে উদ্যোগ আৰু শিক্ষানুষ্ঠানসমূহৰ মাজত অংশীদাৰিত্বৰ প্ৰসাৰৰ জৰিয়তে দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ যথেষ্ট সম্ভাৱনা আছে।

তেওঁ কয় যে উন্নত উৎপাদন, উদ্ভাৱন আৰু বিত্তীয় সেৱাৰ ক্ষেত্ৰত লিচেনষ্টাইনৰ বিশেষজ্ঞতাৰ সৈতে ভাৰতৰ দক্ষ কৰ্মশক্তি, উৎপাদন ক্ষমতা আৰু দ্ৰুতগতিত বিকশিত বজাৰক একত্ৰিত কৰি দুয়োখন দেশে পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্ব গঢ়ি তুলিবলৈ পাৰিব।

 

দুয়োগৰাকী নেতাই একমত প্ৰকাশ কৰে যে ভাৰত আৰু লিচেনষ্টাইনৰ মাজত ঘনিষ্ঠ সহযোগিতাই দুয়োখন দেশৰ জনসাধাৰণক ব্যাপকভাৱে উপকৃত কৰিব পাৰে। তেওঁলোকে লগতে এই বিষয়ত সহমত ব্যক্ত কৰে যে এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাত অৰিহণা যোগাব।

 

Please click here to see the President's Speech-

 

****

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2329329) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Malayalam