বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

উদ্ভাৱন আৰু উদ্যোগীকৰণক স্বীকৃতি দিবলৈ ডিপিআইআইটিৰ ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটাৰ ষষ্ঠ সংস্কৰণ মুকলি

২০টা খণ্ড আৰু ৩টা বিশেষ শ্ৰেণীৰ ষ্টাৰ্টআপক স্বীকৃতি দিবলৈ ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা ৬.০, ১২টা নতুন খণ্ডৰ সূচনা

ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা ৬.০ ৰ জৰিয়তে ছাত্ৰ উদ্ভাৱক বঁটাৰ সূচনা, যোগ্য শিতানসমূহৰ বাবে ২৫ লাখ নগদ পুৰস্কাৰ

২০২৬ চনৰ ২৭ অক্টোবৰৰ পৰা ২০ নৱেম্বৰলৈ মুকলি

ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা ৬.০ ৰ বাবে আবেদন

পোষ্ট কৰা হৈছে: 27 OCT 2026 6:47PM by PIB Guwahati

ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে (ডিপিআইআইটি) ষ্টাৰ্টআপ ইণ্ডিয়াৰ পদক্ষেপৰ অধীনত উদ্ভাৱন আৰু উদ্যোগীকৰণক স্বীকৃতি দিয়াৰ লগতে  ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা (এনএছএ ৬.০)ৰ ষষ্ঠ সংস্কৰণ মুকলি কৰিছে।

 

২০২৬ চনত দেশত শক্তিশালী, সৰ্বাংগীণ আৰু উদ্ভাৱনচালিত উদ্যোগীকৰণৰ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ উদ্দেশ্যে ২০১৬ চনৰ জানুৱাৰী মাহত আৰম্ভ কৰা ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপৰ দহ বছৰ সম্পূৰ্ণ হ’ল। ২০১৯ চনৰ সূচনা কালৰে পৰা ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটাই ষ্টাৰ্টআপ ইণ্ডিয়াৰ অধীনত  ধ্বজাবাহী পদক্ষেপ হিচাপে আত্মপ্ৰকাশ কৰি উদ্যোগীকৰণৰ উৎকৰ্ষক স্বীকৃতি দিয়াৰ লগতে খণ্ডসমূহৰ জটিল প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি উদ্ভাৱনীমূলক সমাধান প্ৰদৰ্শনৰ বাবে এখন ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰিছে।

 

ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটাসমূহৰ জৰিয়তে উদ্ভাৱন, ব্যাপক পৰিসৰ, বহনক্ষমতা আৰু আৰ্থ-সামাজিক প্ৰভাৱৰ ক্ষেত্ৰত অসাধাৰণ প্ৰদৰ্শন কৰা ষ্টাৰ্টআপসমূহক স্বীকৃতি দিয়া হয়। পূৰ্বৰ পাঁচটা সংস্কৰণৰ সফলতাৰ ওপৰত ভিত্তি কৰি এন এছ এ ৬.০-এ উদ্ভাৱন-নেতৃত্বাধীন উদ্যোগীকৰণক উৎসাহিত কৰি, সৰ্বাংগীণ অংশগ্ৰহণক লাভান্বিত কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক ষ্টাৰ্টআপসমূহৰ সংবৰ্ধনেৰে ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰিবলৈ বিচাৰে।

 

এন এছ এ ৬.০-ৰ জৰিয়তে ভাৰতৰ বিকশিত ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ, উদীয়মান প্ৰযুক্তি আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰক প্ৰতিফলিত কৰি ২০টা খণ্ডগত শাখা আৰু তিনিটা বিশেষ বঁটা শাখাত উদ্ভাৱন, উদ্যোগীকৰণ আৰু উৎকৃষ্টতাক স্বীকৃতি দিয়াৰ প্ৰয়াস কৰা হৈছে। এই সংস্কৰণত ১২টা নতুন খণ্ডগত শ্ৰেণীৰ পৰিচয় দিয়া হৈছে- জৈৱ উৎপাদন, গ্ৰাহক উদ্যোগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, গ্ৰাম্য অৰ্থনীতি, পৰম্পৰাগত উদ্যোগ আৰু জীৱিকা,শিক্ষা আৰু দক্ষতা, ইলেক্ট্ৰনিক্স, ছেমি কণ্ডাক্টৰ আৰু উন্নত উৎপাদন, ক্ৰীড়া, সুস্বাস্থ্য আৰু ক্ৰীড়া-প্ৰযুক্তি, ভৱিষ্যতৰ গতিশীলতা আৰু অটোমোটিভ, মহাসাগৰ আৰু জল অৰ্থনীতি,মহাকাশ-প্ৰযুক্তি, ড্ৰোন আৰু এৰোস্পেচ, টেলিকম, সংযোগ আৰু ডিজিটেল আন্তঃগাঁথনি তথা ভ্ৰমণ, পৰ্যটন আৰু আতিথ্য।

 

বিশেষ বঁটা শাখা তিনিটা হ’ল বছৰটোৰ মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপ, নৰ্থ-ইষ্ট ষ্টাৰ্টআপ  উৎকৰ্ষ আৰু নতুনকৈ প্ৰৱৰ্তিত ছাত্ৰ উদ্ভাৱক / আকাংক্ষিত উদ্যোগী বঁটা। প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা এই ছাত্ৰ বঁটাৰ লক্ষ্য হৈছে ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো বিদ্যালয় আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত উদ্ভাৱন আৰু উদ্যোগীকৰণৰ সংস্কৃতি গঢ়ি তোলা। ই পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱক আৰু উদ্যোগীক উৎসাহিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটাৰ প্ৰসাৰ বৃদ্ধিৰ দিশত এটা পদক্ষেপ প্ৰতিফলিত কৰে।

 

 

২০টা খণ্ডৰ শাখা আৰু ষ্টাৰ্টআপকেন্দ্ৰিক বিশেষ শিতান দুটাৰ বিজয়ী ষ্টাৰ্টআপসমূহে প্ৰযোজ্য বঁটাৰ নিৰ্দেশনাৰ অধীনত প্ৰতিটো শিতানত ২৫ লাখ টকাৰ নগদ পুৰস্কাৰৰ বাবে যোগ্য হ’ব। ছাত্ৰ উদ্ভাৱক / আকাংক্ষিত উদ্যোগী বঁটাৰ বাবে চাৰিটা উপ-শাখাত মুঠ ২৫ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।

 

আৰ্থিক স্বীকৃতিৰ উপৰি ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটাসমূহৰ জৰিয়তে ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰৰ ভিতৰত মেণ্টৰশ্বিপ, বিনিয়োগকাৰীৰ সংযোগ, বজাৰত প্ৰৱেশ, উদ্যোগৰ অংশীদাৰিত্ব আৰু বৰ্ধিত দৃশ্যমানতাক সুবিধা প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে।

এন এছ এ ৬.০-ৰ লক্ষ্য হৈছে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ উদীয়মান উদ্যোগী পৰিৱেশতন্ত্ৰকে ধৰি সমগ্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ষ্টাৰ্টআপসমূহৰ অংশগ্ৰহণক উৎসাহিত কৰা। ডি পি আই আই টিয়ে কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ, ইনকিউবেটৰ, শৈক্ষিক প্ৰতিষ্ঠান, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান, বিকল্প বিনিয়োগ পুঁজি (এআইএফ), উদ্যোগ সংস্থা আৰু অন্যান্য পৰিৱেশতন্ত্ৰৰ অংশীদাৰসকলক বঁটাৰ অধীনত প্ৰচাৰ, অংশগ্ৰহণ আৰু মূল্যায়নত সহায় কৰিবলৈ নিয়োজিত কৰিব।

 

এন এছ এ ৬.০ৰ বাবে আবেদন ২০২৬ চনৰ ২৭ অক্টোবৰত মুকলি হ’ব আৰু ২০২৬ চনৰ ২০ নৱেম্বৰলৈকে খোলা থাকিব।যোগ্য ষ্টাৰ্টআপ আৰু ছাত্ৰ উদ্ভাৱকসকলক www.startupindia.gov.in ত অফিচিয়েল ষ্টাৰ্টআপ ইণ্ডিয়া পৰ্টেলৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত আবেদন আৰু নিজৰ উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰা হৈছে।

 

ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটাৰ ষষ্ঠ সংস্কৰণৰ জৰিয়তে ডি পি আই আই টিয়ে উদ্যোগীকৰণৰ উৎকৃষ্টতাক স্বীকৃতি দিয়াৰ লগতে পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱকক লালন-পালন কৰাৰ লগতে সৰ্বাংগীণ, উদ্ভাৱনচালিত আৰু  আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক ষ্টাৰ্টআপ পৰিৱেশ ব্যৱস্থা গঢ়ি তোলাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

এন এছ এ ৬.০ৰ অধীনত ২০টা খণ্ডগত বঁটা শাখা হ’ল-

        ১) কৃষি, কৃষি প্ৰযুক্তি আৰু খাদ্য ব্যৱস্থা

  ২) জৈৱ উৎপাদন

 ৩) ডিপটেক এণ্ড ফ্ৰন্টিয়াৰ টেকন'লজিছ

 ৪) জলবায়ু-প্ৰযুক্তি, পৰিষ্কাৰ শক্তি আৰু বহনক্ষমতা

 ৫) গ্ৰাহক উদ্যোগ

 ৬) সৃষ্টিশীল উদ্যোগ, সংবাদ মাধ্যম আৰু ডিজিটেল বিষয়বস্তু (কমলা অৰ্থনীতি)

       ৭) প্ৰতিৰক্ষা আৰু নিৰাপত্তা

      ৮) গ্ৰাম্য অৰ্থনীতি, পৰম্পৰাগত উদ্যোগ আৰু জীৱিকা

৯) শিক্ষা আৰু দক্ষতা

১০) ইলেক্ট্ৰনিক্স, অৰ্ধপৰিবাহী আৰু উন্নত উৎপাদন

১১) বিত্ত প্ৰযুক্তি, বিত্তীয় সেৱা আৰু অন্তৰ্ভুক্তি

১২) খাদ্য-প্ৰযুক্তি, জৈৱ প্ৰযুক্তি আৰু পুষ্টি

১৩) স্বাস্থ্যসেৱা, চিকিৎসা প্ৰযুক্তি আৰু জীৱন বিজ্ঞান

১৪) যোগান শৃংখল আৰু ৰচদ পাতি সৰবৰাহ

১৫) ক্ৰীড়া, সুস্বাস্থ্য আৰু ক্ৰীড়া-প্ৰযুক্তি

১৬) ভৱিষ্যতৰ গতিশীলতা আৰু অটোমোটিভ

১৭) মহাসাগৰ আৰু জল অৰ্থনীতি

১৮)  মহাকাশ-প্ৰযুক্তি, ড্ৰোন আৰু এৰোস্পেচ

১৯) টেলিকম, সংযোগ আৰু ডিজিটেল আন্তঃগাঁথনি

২০) ভ্ৰমণ, পৰ্যটন আৰু আতিথ্য

বিশেষ বঁটাৰ তিনিটা শাখা হ’ল-

 

১) মহিলাৰ নেতৃত্বত ষ্টাৰ্টআপ

২) উত্তৰ-পূব অঞ্চলৰ পৰা ষ্টাৰ্টআপ

৩) ছাত্ৰ উদ্ভাৱক / উচ্চাকাংক্ষী উদ্যোগী

 

***

Abhijith Narayanan/ Ishita Biswas/DD


(ৰিলিজ আই ডি : 2329260) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati