পোষ্ট কৰা হৈছে:
27 OCT 2026 2:31PM by PIB Guwahati
কৃষি গৱেষণা আৰু শিক্ষা বিভাগৰ অধীনস্থ আইচিআৰ–মহাত্মা গান্ধী সংহত কৃষি গৱেষণা প্ৰতিষ্ঠান (আইচিআৰ-এমজিআইএফআৰআই), মতিহাৰী, বিহাৰৰ উদ্যোগত, ২০২৬ চনৰ ২৭ অক্টোবৰত পূব চম্পাৰণৰ মেহছি খণ্ডৰ কোঠিয়া হৰিৰাম গাঁৱত খেতি বচোৱা অভিযান ২০২৬ৰ অধীনত কৃষক সজাগতা আৰু ক্ষেত্ৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ কাৰ্যসূচী আয়োজিত হয়।এই কাৰ্যসূচীত সুষম সাৰ প্ৰয়োগ, মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা, পুষ্টিকৰ পদাৰ্থৰ পুনৰ্ব্যৱহাৰ, শস্যৰ বৈচিত্ৰ্য আৰু আম তথা লিচুৰ বাগিচাৰ বহনক্ষম ব্যৱস্থাপনাৰ দিশসমূহৰ সংবৰ্ধনত গুৰুতত্ব আৰোপ কৰা হয়। মুঠ ২৯ জন কৃষক আৰু অংশগ্ৰহণকাৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ফলৰ বাগিচাৰ উৎপাদনশীলতা আৰু সম্পদ-ব্যৱহাৰৰ কাৰ্যক্ষমতা উন্নত কৰাৰ ব্যৱহাৰিক পদ্ধতি সন্দৰ্ভত বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰে।
আইচিএআৰ-এমজিআইএফআৰআইৰ বিজ্ঞানী ড° আমোল কে যাদৱ নেতৃত্বাধীন এই কাৰ্যসূচীত ফল-মূলৰ বাগিচাৰ উৎপাদনশীলতা আৰু দীৰ্ঘম্যাদী মাটিৰ উৰ্বৰতা বজাই ৰখাৰ বাবে মাটি পৰীক্ষাভিত্তিক পুষ্টিকৰ পদাৰ্থ ব্যৱস্থাপনা আৰু সুষম সাৰ প্ৰয়োগৰ গুৰুত্বত আলোকপাত কৰা হয়। তেওঁ ব্যাখ্যা কৰে যে নিৰ্বিচাৰ সাৰ প্ৰয়োগে খেতিৰ খৰচ বৃদ্ধি কৰিব পাৰে তথা পুষ্টিৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিব পাৰে। আনহাতে মাটি-পৰীক্ষাৰ ফলাফল, শস্যৰ প্ৰয়োজনীয়তা আৰু ফলৰ বাগিচাৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি সাৰ ব্যৱহাৰে পুষ্টিৰ ব্যৱহাৰৰ কাৰ্যক্ষমতা উন্নত কৰিব পাৰে আৰু বহনক্ষম উৎপাদনত সহায় কৰিব পাৰে।
এই মত বিনিময় অনুষ্ঠানত কৃষকসকলক পুষ্টিকৰ পদাৰ্থ পুনৰ্ব্যৱহাৰ আৰু শস্যৰ অৱশিষ্ট, সৰি পৰা পাত, খেতিপথাৰৰ গোবৰ আৰু পচন সাৰকে ধৰি স্থানীয়ভাৱে সুলভ জৈৱিক সম্পদৰ ফলপ্ৰসূ ব্যৱহাৰৰ প্ৰতি সজাগ কৰি তোলাৰ প্ৰয়াস কৰা হয়। এই সামগ্ৰীসমূহৰ পুনৰ্ব্যৱহাৰে মাটিৰ জৈৱিক গুণ উন্নত কৰাৰ লগতে মাটিৰ উন্নত গঠন তথা পুষ্টিকৰ পদাৰ্থৰ সুলভতাক সমৰ্থন কৰি বাহ্যিক সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে বুলি ড° যাদৱে ব্যাখ্যা কৰে। বহনক্ষম আম আৰু লিচু খেতিৰ বাবে সুষম খনিজ সাৰ প্ৰয়োগৰ সৈতে জৈৱিক সম্পদৰ সংমিশ্ৰণৰ গুৰুত্বতো আলোকপাত কৰা হয়।
কাৰ্যসূচীত ভূমি ব্যৱহাৰৰ দক্ষতা বৃদ্ধি কৰাৰ লগতে পৰিপূৰক আয়ৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে ফলৰ বাগিচাত আন্তঃশস্য আৰু শস্যৰ বৈচিত্ৰ্যৰ সম্ভাৱনাত আলোকপাত কৰা হয় । কৃষকসকলক ফলৰ বাগিচাৰ বয়স, চালিৰ আৱৰণ, ঋতু অনুসৰি আৰ্দ্ৰতা আৰু শস্যৰ সামঞ্জস্য অনুসৰি উপযুক্ত আন্তঃশস্য, বিশেষকৈ মাহজাতীয় শস্য আৰু অন্যান্য স্থান নিৰ্দিষ্ট শস্যৰ কথা বিবেচনা কৰিবলৈ উৎসাহিত কৰা হয়। এই পদ্ধতিসমূহে পামৰ আয়ৰ বৈচিত্ৰ্য বৃদ্ধি কৰাৰ লগতে সুলভ সম্পদসমূহ অধিক কাৰ্যক্ষমভাৱে ব্যৱহাৰ কৰাত সহায় কৰিব পাৰে।
অংশগ্ৰহণকাৰী কৃষকসকলে সাৰ প্ৰয়োগ, বাগিচাৰ মাটিৰ স্বাস্থ্য, জৈৱিক সম্পদ ব্যৱস্থাপনা আৰু আন্তঃশস্যৰ সম্পৰ্কে তেওঁলোকৰ অভিজ্ঞতা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে। পাৰস্পৰিক আলোচনাই ফল-মূল ভিত্তিক কৃষি ব্যৱস্থাৰ উৎপাদনশীলতা আৰু লাভ উন্নত কৰাৰ বাবে ব্যৱহাৰিক, অৰ্থনৈতিকভাৱে কাৰ্যক্ষম আৰু পৰিৱেশগতভাৱে বহনক্ষম পদ্ধতিৰ বিষয়ে সজাগতা বৃদ্ধি কৰাত সহায় কৰে।
খেতি বচোৱা অভিযান ২০২৬ৰ জৰিয়তে আইচিএআৰ-এমজিআইএফআৰআইয়ে বিজ্ঞানী আৰু কৃষক সম্প্ৰদায়ৰ মাজত প্ৰত্যক্ষ সংযোগৰ জৰিয়তে সুষম সাৰ প্ৰয়োগ, মাটিৰ স্বাস্থ্যৰ উন্নতি, বহনক্ষম উদ্যান শস্য পদ্ধতি আৰু দক্ষ প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাৰ প্ৰসাৰ অব্যাহত ৰাখিছে। এই পদক্ষেপে বিহাৰৰ পূব চম্পাৰণৰ আম আৰু লিচু খেতি কৰা অঞ্চলত কৃষকৰ আত্মনিৰ্ভৰশীলতা শক্তিশালী কৰাৰ লগতে জলবায়ু স্থিতিস্থাপক কৃষি জীৱিকাৰ প্ৰসাৰৰ প্ৰচেষ্টাক শক্তিশালী কৰে।

*****
SS/MS/DD