নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশেষ অভিযান ৬-ৰ অধীনত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ দ্বাৰা স্বচ্ছতা অভিযান শক্তিশালীকৰণ আৰু সুশাসনৰ প্ৰচাৰ

পোষ্ট কৰা হৈছে: 26 OCT 2026 5:07PM by PIB Guwahati

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় (এম অ’ পি এছ ডব্লিউ) আৰু ইয়াৰ অধীনৰ সংস্থাসমূহে বিশেষ অভিযান ৬ সক্ৰিয়ভাবে ৰূপায়ণ কৰি চিনাক্ত কৰা লক্ষ্যসমূহত উপনীত হোৱাৰ দিশত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। এই অভিযানে ভাৰত চৰকাৰৰ স্বচ্ছতা, ডিজিটেল ৰূপান্তৰ আৰু সুশাসনৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ই-আৱৰ্জনা আৰু স্ক্রেপৰ নিষ্পত্তি, ফলপ্ৰসূ অভিলেখ ব্যৱস্থাপনা, স্থান অনুকূলকৰণ আৰু দ্ৰুত অভিযোগ নিষ্পত্তি আদি বিষয়সমূহত গুৰুত্ব আৰোপ কৰে।

চলিত অভিযানৰ অংশ হিচাপে ১৭৩টা পৰিষ্কাৰ অভিযান চলোৱা হৈছে, ৩৩,১৯৯ ভৌতিক আৰু ই-ফাইল পৰ্যালোচনা কৰা হৈছে যাৰ ভিতৰত ৯,৮০৮ ফাইল বন্ধ/অপসাৰণ কৰা হৈছে। স্ক্রেপ/ই-আৱৰ্জনা নিষ্পত্তিৰ জৰিয়তে ৯.৭৯ কোটি টকাৰ ৰাজহ আহৰণ কৰা হৈছে আৰু ৮৮.১৭১ বৰ্গফুট স্থান মুকলি কৰা হৈছে, ইয়াৰ জৰিয়তে কাৰ্যালয়ৰ স্থান ব্যৱস্থাপনা আৰু পৰিৱেশ অনুকূল কৰ্মক্ষেত্ৰ তথা পৰিৱেশ উন্নত হৈছে।

বিশেষ অভিযান ৬-ৰ সময়ত গ্ৰহণ কৰা উল্লেখযোগ্য সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহৰ ভিতৰত আছে আদানি প’ৰ্টছ এণ্ড স্পেচিয়েল ইকনমিক জ’ন লিমিটেড (এপিএছইজেড)ৰ সহযোগিতাত কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী প’ৰ্ট (এছএমপিকে)ৰ দ্বাৰা কুমাৰটুলি ঘাটৰ ৰূপান্তৰ। এই পদক্ষেপৰ লক্ষ্য হৈছে ৰাজহুৱা স্থান আৰু সামূহিক কল্যাণৰ পুনৰুজ্জীৱিতকৰণৰ  প্ৰচাৰৰ গুৰুত্ব প্ৰদানেৰে দীৰ্ঘদিনীয়া অৱহেলাৰ ফলত পৰিত্যক্ত অৱস্থাত পৰিণত হোৱা ঘাটটোক  অন্তৰ্ভুক্তিমূলক, পৰিষ্কাৰ আৰু বহনক্ষম ৰাজহুৱা স্থানলৈ ৰূপান্তৰ কৰা।

মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে স্বচ্ছতা সম্পৰ্কীয় কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, কাৰ্যালয় চৌহদ আৰু কাষৰীয়া ঠাইৰ সৌন্দৰ্যবৰ্ধনত প্ৰত্যক্ষ অংশগ্ৰহণেৰে এটা উদাহৰণ স্থাপন কৰিছে। বিষয়া আৰু কৰ্মচাৰীসকলৰ অংশগ্ৰহণে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব, কৰ্মক্ষেত্ৰত অনুশাসন তথা মন্ত্ৰালয় আৰু ইয়াৰ সংস্থাসমূহত স্বচ্ছতা বিষয়টোক প্ৰাতিষ্ঠানিক কৰাত গুৰুত্ব পুনৰ শক্তিশালী কৰিছে।

 

.

.

 

***

MI/Indu/HS


(ৰিলিজ আই ডি : 2328929) অতিথি কক্ষ : 21
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil