পোষ্ট কৰা হৈছে:
26 OCT 2026 6:40PM by PIB Guwahati
কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীয়ে আজি জয়পুৰ খাতিপৰা–টাটানগৰ–ছান্ত্ৰাগাছি এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ কৰে। শ্ৰী বৈষ্ণৱে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰী শ্ৰী দিলীপ ঘোষ,মেয়ৰ শ্ৰী সুনীল কোঠাৰী, সংসদ সদস্য শ্ৰী বিদ্যুৎ বৰণ মাহাতো আৰু সংসদ সদস্য শ্ৰীমতী মঞ্জু শৰ্মাৰ লগতে অন্যান্য জনপ্ৰতিনিধি তথা বিশিষ্ট ব্যক্তিসকল এই কাৰ্যসূচীত উপস্থিত থাকে।
ৰে’ল মন্ত্ৰী শ্ৰী বৈষ্ণৱে কয় যে জয়পুৰক জামছেদপুৰ আৰু কলকাতাৰ সৈতে সংযোগ কৰা নতুন ৰে’ল সেৱাই ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ মাজত ৰে’ল সংযোগ ব্যৱস্থা উন্নত কৰিব। ৰে’ল মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই নতুন সেৱাই ৰাজস্থানত বাস কৰা প্ৰব্ৰজিত শ্ৰমিকসকল, ব্যৱসায়ী সমাজ, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন অঞ্চলৰ মাজত যাতায়াত কৰা অন্যান্য যাত্ৰীসকলক উপকৃত কৰিব।
ঝাৰখণ্ডত ৰে’লৱেৰ উন্নয়নৰ ওপৰত আলোকপাত কৰি শ্ৰী বৈষ্ণৱে কয় যে ৰাজ্যখনৰ বাবে ৰে’ল বাজেটৰ আবণ্টন ₹৪৫০ কোটিৰ পৰা ৭,৫০০ কোটি টকালৈ বৃদ্ধি পাইছে, যি পূৰ্বৰ আবণ্টনৰ তুলনাত প্ৰায় ১৬ গুণ বেছি। তেওঁ উল্লেখ কৰে যে ৰাজ্যখনত প্ৰায় ৭৫,০০০ কোটি টকা মূল্যৰ প্ৰকল্পৰ কাম চলি আছে। তেওঁ লগতে জনায় যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ঝাৰখণ্ডৰ ৫৭ টা ষ্টেচনৰ পুনৰ উন্নয়ন কৰা হৈছে। গোড্ডা, গোবিন্দপুৰ ৰোড, লোহাৰদাগা, মধুপুৰ আৰু মুৰিকে ধৰি কেইবাটাও ষ্টেচনত কাম সম্পন্ন হৈছে।
ৰে’ল মন্ত্ৰীয়ে কয় যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত সমগ্ৰ দেশতে ১,৩০০ৰো অধিক ষ্টেচনৰ উন্নয়নৰ কাম হাতত লোৱা হৈছে আৰু ইয়াৰ পুনৰ উন্নয়নৰো কাম চলি আছে। পশ্চিমবংগৰো ছান্ত্ৰাগাছি, জলপাইগুড়ি ৰোড, জয়চণ্ডী পাহাৰ, হলদিয়া আৰু কামাখ্যাগুৰিকে ধৰি কেইবাটাও ষ্টেচনৰ পুনৰ উন্নয়ন কৰা হৈছে।
শ্ৰী বৈষ্ণৱে কয় যে মধ্যবিত্ত আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই ৰে’ল উন্নয়নৰ কাম হাতত লোৱা হৈছে, যাৰ বাবে ৰে’ল সেৱা হৈছে কম ব্যয়সাপেক্ষ পৰিবহণৰ অন্যতম প্ৰধান মাধ্যম। তেওঁ গুৰুত্ব আৰোপ কৰে যে ষ্টেচনৰ পুনৰ উন্নয়ন আৰু উন্নত সংযোগ ব্যৱস্থাই সকলো আয়ৰ স্তৰৰ যাত্ৰীসকলক উপকৃত কৰিব।
শ্ৰী বৈষ্ণৱে জনায় যে হাওৰা, খড়গপুৰ, চাকুলিয়া আৰু টাটানগৰক সংযোগ কৰা ৰে’ল লাইনটো চাৰিটা লাইনলৈ সম্প্ৰসাৰণৰ কাম চলি আছে। ৰে’ল মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে কলকাতা মেট্ৰ’ৰ বেলেঘাটা-আইটি চেণ্টাৰৰ সৈতে সংযোজিত ৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশটো সম্পূৰ্ণ হৈ উঠিছে আৰু ইয়াত পৰীক্ষামূলক চলাচল আৰম্ভ কৰা হৈছে। তেওঁ কয় যে এই অংশটোৱে গ্ৰীন লাইনৰ সৈতে সংযোগ স্থাপন কৰিব।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনত চলি থকা ৰে’ল আন্তঃগাঁথনি প্ৰকল্পসমূহৰ বাবে কাৰ্যসূচীৰ সময়ত ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
পশ্চিমবংগৰ বাবে বৃদ্ধি পোৱা ৰে’ল বাজেট আবণ্টনৰ কথা উল্লেখ কৰি শ্ৰী অধিকাৰীয়ে কয় যে ২০০৯-২০১৪ বৰ্ষত বাৰ্ষিক গড়ে আবণ্টন আছিল ৪,৩৮০ কোটি টকা , যি ২০২৬-২৭ বৰ্ষৰ বাবে বৃদ্ধি পাই হৈছেগৈ ১৪,২০৫ কোটি টকা। তেওঁ কয় যে এই বৰ্ধিত বিনিয়োগে ৰাজ্যখনত ৰে’ল আন্তঃগাঁথনিৰ বিকাশ আৰু সংযোগ ব্যৱস্থাৰ উন্নতিত সহায় কৰিব।


*****
Dharmendra Tewari/ Dr. Nayan Solanki/ Vanshita Jaiswal/ Vikas Jha/MM