পোষ্ট কৰা হৈছে:
26 OCT 2026 4:22PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় চমুকৈ এমঅ'এইচএফডব্লিউয়ে ৰাজহুৱা প্ৰশাসনত ন্যায়পৰায়ণতা, স্বচ্ছতা, জবাবদিহিতা আৰু নৈতিক আচৰণৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰি আজি নতুন দিল্লীৰ কৰ্তব্য ভৱন-১-ত সততা শপত গ্ৰহণ অনুষ্ঠানেৰে সতৰ্কতা সজাগতা সপ্তাহ ২০২৬ পালন কৰে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যিক মন্ত্ৰী তথা আয়ুষ মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱ আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী অনুপ্ৰিয়া পেটেলৰ উপস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জে পি নাড্ডাই মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক সততাৰ শপত বাক্য পাঠ কৰোৱায়। মন্ত্ৰালয়ৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকলে নিজ নিজ কাৰ্যালয়ৰ পৰা ভাৰ্চুৱেলভাৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
৩১ অক্টোবৰত উদযাপন কৰা চৰ্দাৰ বল্লভভাই পেটেল জয়ন্তীৰ সপ্তাহটোত প্ৰতিবছৰে সতৰ্কতা সজাগতা সপ্তাহ পালন কৰা হয়। এই বছৰ এই কাৰ্যসূচী ২০২৬ চনৰ ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ "সত্যনিষ্ঠা সে সমৃদ্ধি" অৰ্থাৎ সমৃদ্ধিৰ বাবে ন্যায়পৰায়ণতা শীৰ্ষক বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত কৰা হৈছে। এই মূল বিষয়বস্তুৱে সুশাসন আৰু প্ৰতিষ্ঠানসমূহৰ প্ৰতি জনসাধাৰণৰ বিশ্বাসৰ অপৰিহাৰ্য স্তম্ভ হিচাপে সততা, নিষ্ঠা আৰু স্বচ্ছতাৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই মূল বিষয়বস্তুৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সতৰ্কতা শাখাই সতৰ্কতা সজাগতা অভিযান ২০২৬-ৰ অধীনত মন্ত্ৰালয় আৰু ইয়াৰ অধীনস্থ কাৰ্যালয়, প্ৰতিষ্ঠান তথা সংস্থাসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত সতৰ্কতা সজাগতা বৃদ্ধি আৰু নৈতিক আচৰণক প্ৰসাৰিত কৰিবলৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই পদক্ষেপসমূহৰ উদ্দেশ্য হৈছে প্ৰাতিষ্ঠানিক জবাবদিহিতাক শক্তিশালী কৰা আৰু স্বচ্ছতা, দায়িত্বশীলতা তথা নিৰ্ধাৰিত নিয়মসমূহ মানি চলাৰ ভিত্তিত কামৰ পৰিৱেশ গঢ়ি তোলা।
সততাৰ শপত গ্ৰহণে আইনৰ শাসন ৰক্ষা কৰা আৰু নিজৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত সততা তথা স্বচ্ছতাৰ সৰ্বোচ্চ মান বজাই ৰখাৰ বাবে বিষয়া আৰু কৰ্মচাৰীসকলৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰে। ইয়াৰ উপৰি ৰাজহুৱা স্বাৰ্থত কাম কৰা, ব্যক্তিগত আচৰণৰ জৰিয়তে সততা প্ৰদৰ্শন কৰা আৰু দুৰ্নীতিৰ যিকোনো ঘটনা সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰাৰ গুৰুত্বত আলোকপাত কৰা হয়।
এই শপতে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াত চৰকাৰ, নাগৰিক আৰু ব্যক্তিগত খণ্ডৰ সামূহিক দায়িত্বত আলোকপাত কৰে। লগতে ৰাজহুৱা জীৱনৰ সকলো দিশতে নিৰন্তৰ সতৰ্কতা অৱলম্বন কৰা আৰু সততা তথা নিষ্ঠাৰ সৰ্বোচ্চ মাপকাঠী মানি চলাৰ আহ্বান জনায়।
এই অনুপালনে স্বচ্ছ, দায়িত্বশীল আৰু ফলপ্ৰসূ ৰাজহুৱা প্ৰশাসনৰ নীতিসমূহৰ সৈতে সংগতি ৰাখি চৰকাৰী দায়িত্ব পালনৰ ক্ষেত্ৰত নৈতিক আচৰণ আৰু জবাবদিহিতাৰ উচ্চ মান বজাই ৰখাৰ বাবে মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰিছে।



*****
SR/MM