প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ইটালীৰ চিভিটাভেকিয়াত উপস্থিত আইএনএছ ত্ৰিশূল

পোষ্ট কৰা হৈছে: 26 OCT 2026 3:56PM by PIB Guwahati

ভূমধ্য সাগৰত চলি থকা নিজৰ কাৰ্যসূচী মোতায়েনৰ অংশ হিচাপে ভাৰতীয় নৌসেনাৰ জাহাজ ত্ৰিশূল ২০২৬ চনৰ ২৫ অক্টোবৰত ইটালীৰ চিভিটাভেকিয়াত উপস্থিত হয়।

বন্দৰত প্ৰৱেশ কৰাৰ পূৰ্বে জাহাজখনে ইটালীৰ নৌসেনাৰ জাহাজ কাৰ্লো মাৰ্গোটিনিৰ সৈতে  পেছেজ এক্সাৰচাইজ চমুকৈ পাছেক্সত অংশগ্ৰহণ কৰে। এই অনুশীলনত সমন্বিত কৌশলগত ড্ৰিল, যোগাযোগ প্ৰক্ৰিয়া, পুনৰ ভৰ্তিৰ পদ্ধতি, ক্ৰছ-ডেক লেণ্ডিং, কৰ্মী স্থানান্তৰ আৰু বৰ্ডিং অভিযানসমূহ অন্তৰ্ভুক্ত আছিল। পাছেক্সে সৰ্বোত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান সুগম কৰি তোলে আৰু দুয়োখন দেশৰ নৌসেনাৰ মাজত কাৰ্যক্ষম সমন্বয় বৃদ্ধি কৰে।

বন্দৰ ভ্ৰমণৰ সময়ছোৱাত পেছাদাৰী মত-বিনিময়, সাংস্কৃতিক ভ্ৰমণ আৰু আদান-প্ৰদানৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে। জাহাজখন দৰ্শনাৰ্থীৰ বাবেও মুকলি থাকিব ৷ ইয়াৰ ফলত দৰ্শনাৰ্থীসকলে ভাৰতীয় নৌসেনাৰ সামুদ্ৰিক ঐতিহ্য আৰু সক্ষমতা প্ৰত্যক্ষ কৰাৰ  সুযোগ লাভ কৰিব।

এই বন্দৰ ভ্ৰমণে ভাৰত আৰু ইটালীৰ মাজৰ স্থায়ী সামুদ্ৰিক অংশীদাৰিত্বক প্ৰতিফলিত কৰাৰ লগতে পেছাদাৰী সম্পৰ্ক আৰু কাৰ্যক্ষম সহযোগিতা বৃদ্ধিৰ দিশত দুয়োখন দেশৰ নৌসেনাৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰে।

 

******


VM/SPS/MM


(ৰিলিজ আই ডি : 2328768) অতিথি কক্ষ : 26
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil