পোষ্ট কৰা হৈছে:
26 OCT 2026 4:10PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চৰকাৰী কাৰ্যালয়সমূহত স্বচ্ছতাক প্ৰতিষ্ঠানিক ৰূপ দিয়া আৰু বাকী থকা কাম-কাজসমূহ হ্ৰাস কৰাৰ উদ্দেশ্যে চলি থকা বিশেষ অভিযান ৬-ৰ অগ্ৰগতি পৰ্যালোচনা কৰে। এই পৰ্যালোচনা বৈঠকত ২০২৬ চনৰ ২৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বিষয়ক এদিনীয়াকৈ উৎসৰ্গিত কায়াকল্প কাৰ্যসূচীৰ প্ৰস্তুতিৰো বুজ লোৱা হয়।
কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱৰ সভাপতিত্বত নতুন দিল্লীৰ কৰ্তব্য ভৱন-১-ৰ পৰা আজি এই পৰ্যালোচনা বৈঠকখন ভাৰ্চুৱেলভাৱে অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহ, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান চমুকৈ চিপিএছইউসমূহ, কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি চমুকৈ চিজিএইচএছ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনস্থ অন্যান্য কাৰ্যালয় তথা সংস্থাসমূহৰ মুৰব্বীসকলে এই বৈঠকত অংশগ্ৰহণ কৰে।
স্বাস্থ্য প্ৰতিষ্ঠান আৰু স্বাস্থ্য কেন্দ্ৰসমূহৰ প্ৰতিনিধিসকলৰ সৈতে হোৱা মত-বিনিময়ৰ সময়ত কেন্দ্ৰীয় স্বাস্থ্য সচিবে গুৰুত্ব আৰোপ কৰে যে এই অভিযানে কেৱল প্ৰতীকী কাৰ্যসূচীৰ মাজতে আৱদ্ধ নাথাকি ৰাজহুৱা স্বাস্থ্যসেৱা কেন্দ্ৰসমূহত অনাময়, পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্থান ব্যৱস্থাপনা আৰু সামগ্ৰিক তত্বাৱধানৰ ক্ষেত্ৰত স্পষ্ট উন্নতি সাধন কৰিব লাগিব। তেওঁ উল্লেখ কৰে যে স্বাস্থ্য কেন্দ্ৰসমূহলৈ দৈনিক বহুসংখ্যক লোকৰ সমাগম হয়, য'ত ফলপ্ৰসূ সেৱা প্ৰদানৰ বাবে সঠিক অনাময় ব্যৱস্থা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অপৰিহাৰ্য। তেওঁ কয় যে সেৱাৰ মান উন্নত কৰিবলৈ আৰু ৰোগী তথা দর্শনাৰ্থীসকলৰ সামগ্ৰিক অভিজ্ঞতা উন্নত কৰাৰ বাবে স্বচ্ছতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজনীয়। ২০২৬ চনৰ ২৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া কায়াকল্প কাৰ্যসূচীত আন্তৰিকতাৰে অংশগ্ৰহণ কৰিবলৈ তেওঁ প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰে আৰু গ্ৰহণ কৰা সংস্কাৰমূলক পদক্ষেপসমূহ যাতে দৃশ্যমান তথা পৰীক্ষণযোগ্য হয়, লগতে চৌহদৰ ৰূপ আৰু দর্শনাৰ্থীৰ অভিজ্ঞতাত স্পষ্ট পৰিৱৰ্তন কঢ়িয়াই আনে, সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনায়।
ইয়াৰ উপৰি তেওঁ উল্লেখ কৰে যে চিহ্নিত কৰা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ স্থানসমূহৰ ১০০ শতাংশই পৰিষ্কাৰ কৰা হৈছে, প্ৰায় ১০০ শতাংশ ৰাজহুৱা ওজৰ-আপত্তিৰ আবেদন নিষ্পত্তি কৰা হৈছে আৰু নিলাম তথা অপ্ৰয়োজনীয় সামগ্ৰী আঁতৰোৱা অভিযানৰ জৰিয়তে প্ৰায় ৫০ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে।
অনাময় আৰু স্বাস্থ্যবিধি ব্যৱস্থা, কীট-পতংগ নিয়ন্ত্ৰণ, জৈৱ-চিকিৎসা আৱৰ্জনা ব্যৱস্থাপনা, ই-আৱৰ্জনা নিষ্কাশন আৰু ৰাজহুৱা স্থানসমূহৰ উন্নত ৰক্ষণাবেক্ষণৰ লগতে হ্ৰাস কৰা, পুনৰ ব্যৱহাৰ কৰা আৰু পুনৰাবৰ্তন কৰাৰ নীতিসমূহ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰাটো এই আলোচনাৰ অন্যতম মূল কেন্দ্ৰবিন্দু আছিল। ব্যৱহাৰযোগ্য স্থান সৃষ্টি কৰিবলৈ আৰু সম্ভৱপৰ ক্ষেত্ৰত ৰাজহ সংগ্ৰহৰ বাবে ই-নিলামকে ধৰি পুৰণি তথা অপ্ৰয়োজনীয় নথিপত্ৰ আৰু সামগ্ৰীসমূহ নিষ্কাশন কৰিবলৈ প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰা হৈছিল।
তদুপৰি, অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহক এই অভিযানৰ অংশ হিচাপে গ্ৰহণ কৰা উদ্ভাৱনীমূলক পদক্ষেপসমূহৰ উদাহৰণ ভাগ-বতৰা কৰিবলৈ আহ্বান জনোৱা হৈছিল। ইয়াৰ ভিতৰত পেলাই দিয়া সামগ্ৰীসমূহক গছপুলি ৰখা ষ্টেণ্ড আৰু সামগ্ৰী থোৱা ৰেকৰ দৰে ব্যৱহাৰোপযোগী বস্তুলৈ ৰূপান্তৰ কৰা, অকামিলা আচবাবসমূহ মেৰামতি কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা, মূল্যৱান স্থান খালী কৰিবলৈ চিকিৎসাৰ নথিপত্ৰসমূহ ডিজিটাইজ কৰা, গছপুলি ৰোপণ অভিযানৰ জৰিয়তে সেউজ এলেকা গঢ়ি তোলা আৰু স্বাস্থ্য কেন্দ্ৰসমূহৰ সামগ্ৰিক পৰিৱেশ উন্নত কৰিবলৈ গভীৰ পৰিষ্কাৰকৰণ তথা উদ্যান শস্যৰ পদক্ষেপ গ্ৰহণ কৰা আদি কাৰ্যসূচী অন্তৰ্ভুক্ত আছিল।
বৈঠকত কেইবাটাও প্ৰতিষ্ঠানে ভাগ-বতৰা কৰা আন আন পদক্ষেপসমূহৰ ভিতৰত আছিল কৰ্তৃত্বপ্ৰাপ্ত নিলাম প্লেটফৰ্মৰ জৰিয়তে দীৰ্ঘদিন ধৰি পৰি থকা আৱৰ্জনা নিষ্কাশন কৰা ৷ ইয়াৰ ফলত প্ৰতিষ্ঠানসমূহৰ বাবে ৰাজহ সংগ্ৰহত সহায় হোৱাৰ লগতে নিজৰ চৌহদত অতিৰিক্ত ব্যৱহাৰযোগ্য স্থানৰো সৃষ্টি হৈছে। কিছুমান প্ৰতিষ্ঠানে অভিযোগ নিষ্পত্তি প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ আৰু বাকী থকা কামৰ বোজা হ্ৰাস কৰিবলৈ ডিজিটেল ওজৰ-আপত্তি নিষ্পত্তি মঞ্চ আৰু কিউআৰ কোডযুক্ত মতামত ব্যৱস্থাও আৰম্ভ কৰিছে।
কেন্দ্ৰীয় স্বাস্থ্য সচিবগৰাকীয়ে কয় যে এই অভিযানৰ প্ৰভাৱ দর্শনাৰ্থী আৰু হিতাধিকাৰীসকলৰ পোনপটীয়া মতামতৰ জৰিয়তেও মূল্যায়ন কৰিব লাগিব। তেওঁ সকলো স্বাস্থ্য প্ৰতিষ্ঠানকে নিজৰ পদক্ষেপসমূহ নথিভুক্ত কৰিবলৈ, নিৰ্ধাৰিত ডিজিটেল মঞ্চৰ জৰিয়তে সাফল্যসমূহ ভাগ-বতৰা কৰিবলৈ আৰু বিশেষ অভিযান ৬-য়ে যাতে ৰোগী, পেঞ্চনাৰ, কৰ্মচাৰী আৰু দর্শনাৰ্থীসকলৰ বাবে অধিক পৰিষ্কাৰ, সুলভ আৰু আদৰণিমূলক পৰিৱেশ সৃষ্টি কৰে, সেয়া নিশ্চিত কৰাৰ আহ্বান জনাই বৈঠকৰ সামৰণি মাৰে।
এই পৰ্যালোচনা বৈঠকত সমগ্ৰ দেশৰ ৩৩৬ টা কেন্দ্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে, যাৰ ভিতৰত এইমছ গুৱাহাটী, এইমছ ঋষিকেশ, এইমছ ভুবনেশ্বৰ, নিমহান্স বেংগালুৰু, চিডিএছচিঅ' আহমেদাবাদ, লেডী হাৰ্ডিঞ্জ মেডিকেল কলেজ, চফদৰজং হাস্পতাল আৰু ৰিমছ ইম্ফল অন্যতম।
বিশেষ অভিযান ৬ আৰু কায়াকল্প কাৰ্যসূচীৰ মূল দিশসমূহ:
চৰকাৰী কাৰ্যালয়সমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাসসমূহক প্ৰতিষ্ঠানিক ৰূপ দিয়া আৰু বাকী থকা কাম-কাজসমূহ হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰি ২০২৬ চনৰ ০২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ বিশেষ অভিযান ৬ পৰিচালনা কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চৰকাৰী কাৰ্যালয়সমূহত স্বচ্ছতাক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ উদ্দেশ্যে উৎসৰ্গিত এদিনীয়া পদক্ষেপ হিচাপে ২০২৬ চনৰ ২৭ অক্টোবৰত অনাময় আৰু স্বাস্থ্যবিধিত গুৰুত্ব দি কায়াকল্প কাৰ্যসূচী ৰূপায়ণ কৰিব।




*****
SR/MM