সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

শিল্প সমাগম মেলা ২০২৬-গুৱাহাটী

গুৱাহাটীৰ খানাপাৰাৰ ফাৰ্ম গেটত চলি থকা মেলাত কেইবা হাজাৰ দৰ্শনাৰ্থীয়ে প্ৰত্যক্ষ কৰিলে ভাৰতৰ পৰম্পৰাগত হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীৰ সমৃদ্ধ তথা বৈচিত্ৰ্যপূৰ্ণ ঐতিহ্য

পোষ্ট কৰা হৈছে: 25 OCT 2026 7:03PM by PIB Guwahati

গুৱাহাটীত চলি থকা শিল্প সমাগম মেলাই (এছএছএম) স্থানীয় লোকসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে৷ গুৱাহাটীত কেইবা হাজাৰ দৰ্শনাৰ্থীয়ে ভাৰতৰ পৰম্পৰাগত হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীৰ সমৃদ্ধ তথা বৈচিত্ৰ্যপূৰ্ণ ঐতিহ্য প্ৰত্যক্ষ কৰে।


২১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই মেলাখনে  ৰাজধানী মহানগৰ গুৱাহাটীত একেৰাহে পঞ্চম দিনাও কাষৰীয়া অঞ্চলসমূহৰ দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰিছে।


ইয়াৰ উপৰি, বিভিন্ন ধৰণৰ অনন্য আৰু ৰঙীণ হস্তশিল্প তথা হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিবলৈ দৰ্শনাৰ্থীসকল মেলালৈ ওলাই অহাৰ লগে লগে বিপণীৰ মালিকসকলেও  সন্তোষজনক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই মেলাই গ্ৰাহকসকলক পোনপটীয়াকৈ সামগ্ৰী ক্ৰয় কৰাৰ সুযোগ প্ৰদান কৰিছে, যিয়ে মহিলা তথা আন কাৰিকৰসকলক তেওঁলোকৰ জীৱিকা সুদৃঢ় কৰাত উৎসাহিত কৰিছে।


গুৱাহাটীৰ খানাপাৰাৰ ফাৰ্ম গেটত বৰ্তমান চলি থকা এই ৮ দিনীয়া শিল্প সমাগম মেলা ২০২৬ ৰাইজৰ বাবে পুৱা ১১ বজাৰ পৰা নিশা ৯ বজালৈকে খোলা থাকিব।


২০২৬-২৭ বিত্তীয় বৰ্ষত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত শিল্প সমাগম মেলা শৃংখলাৰ এইখন দ্বিতীয়খন মেলা।


মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে এই মেলাই ভাৰতৰ পৰম্পৰাগত হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীৰ সমৃদ্ধ তথা বৈচিত্ৰ্যপূৰ্ণ ঐতিহ্য প্ৰদৰ্শন কৰিছে। তেওঁ লগতে কয় যে এই মেলাই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহকে ধৰি সমগ্ৰ দেশৰ কাৰিকৰসকলক একত্ৰিত কৰিছে।


বিষয়াজনে কয় যে এই মেলা ২৮ অক্টোবৰ বুধবাৰলৈকে চলি থাকিব।


তেওঁ কয় যে দৰ্শনাৰ্থীসকলে এই শিল্পকৰ্মসমূহ ক্ৰয় কৰিবলৈ আৰু কাৰিকৰসকলক সহায় কৰিবলৈ বিভিন্ন ধৰণৰ পৰম্পৰাগত সামগ্ৰীসমূহ পৰিদৰ্শন কৰিছে।


বিষয়াজনে লগতে জনায় যে দৰ্শনাৰ্থীসকলে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিশিষ্ট শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত পৰম্পৰাগত সংগীত আৰু নৃত্যৰ কাৰ্যসূচীও উপভোগ কৰিছে।


গুৱাহাটীৰ শিল্প সমাগম মেলাত সংগীত আৰু নৃত্যৰ অনুষ্ঠান উপভোগ কৰি থকা দৰ্শনাৰ্থীসকল
বিষয়াজনে জনায় যে ৩১ গৰাকী মহিলা কাৰিকৰকে ধৰি সৰ্বমুঠ ৭৫ জন কাৰিকৰে এই মেলাত অংশগ্ৰহণ কৰিছে আৰু প্ৰায় ৪০ বিধ হস্ততাঁত তথা হস্তশিল্প সামগ্ৰী প্ৰদৰ্শন কৰিছে।


তেওঁ কয় যে এই অনুষ্ঠানে অংশগ্ৰহণকাৰী কাৰিকৰসকলক তেওঁলোকৰ সামগ্ৰীসমূহ দৰ্শনাৰ্থীসকলৰ ওচৰত পোনপটীয়াকৈ প্ৰদৰ্শন আৰু বিক্ৰী কৰিবলৈ, সম্ভাব্য গ্ৰাহকৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবলৈ আৰু বজাৰ সম্প্ৰসাৰণৰ সুযোগসমূহ অন্বেষণ কৰিবলৈ এখন মঞ্চ প্ৰদান কৰিছে।


কাৰিকৰ আৰু গ্ৰাহকৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ সুবিধা কৰি দিয়াৰ জৰিয়তে এই মেলাই অংশগ্ৰহণকাৰী কাৰিকৰসকলৰ বাবে বজাৰৰ উপলব্ধতা সুদৃঢ় কৰা, উদ্যমিতাক উৎসাহিত কৰা আৰু জীৱিকাৰ সুযোগসমূহ উন্নত কৰাৰ লক্ষ্য ৰাখিছে বুলিও তেওঁ লগতে উল্লেখ কৰে।


বিষয়াজনে জনায় যে গুৱাহাটীৰ এই সংস্কৰণত ভাৰতৰ বিভিন্ন প্ৰান্তক প্ৰতিনিধিত্ব কৰা বিভিন্ন ধৰণৰ পৰম্পৰাগত শিল্প আৰু হস্ততাঁত সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে।


তেওঁ কয় যে দেশৰ অন্যান্য প্ৰান্তৰ কাৰিকৰসকলৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কাৰিকৰসকলৰ অংশগ্ৰহণে দৰ্শনাৰ্থীসকলক ভাৰতৰ শিল্প ঐতিহ্য, থলুৱা কাৰুকাৰ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰশংসা কৰাৰ  সুযোগ প্ৰদান কৰিব।


তেওঁ লগতে কয় যে এই অনুষ্ঠানৰ আন এটা উদ্দেশ্য হৈছে পৰম্পৰাগত জ্ঞান আৰু শিল্প প্ৰক্ৰিয়াক সংৰক্ষণ কৰাত অৰিহণা যোগোৱা কাৰিকৰসকলৰ দক্ষতা আৰু সৃষ্টিশীলতাক অধিক উৎসাহিত তথা সমাদৰ কৰা।


বিষয়াজনে পুনৰ উল্লেখ কৰে যে এই মেলাৰ  অন্যতম মূল লক্ষ্য হৈছে ভাৰত-টিউলিপৰ (ট্ৰেডিচনেল আৰ্টিচানছ আপলিফ্টমেণ্ট লাইভলিহুড প্ৰগ্ৰেম) প্ৰচাৰ কৰা, যিটো লক্ষ্যভুক্ত গোটসমূহৰ কাৰিকৰসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহ প্ৰত্যক্ষ বিপণী আৰু ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে বিপণনৰ সুবিধা কৰি দিয়াৰ উদ্দেশ্যে আৰম্ভ কৰা  বিশেষ পদক্ষেপ হিচাপে বিবেচিত হৈছে ৷


বৃহৎ বজাৰ আৰু ডিজিটেল মাধ্যমসমূহৰ ব্যৱহাৰ বৃদ্ধি কৰি এই পদক্ষেপে বজাৰৰ সংযোগ সুদৃঢ় কৰা, গ্ৰাহকৰ পৰিসৰ বৃদ্ধি কৰা আৰু কাৰিকৰসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে অতিৰিক্ত সুযোগ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছে।


তেওঁ লগতে কয় যে কাৰিকৰ আৰু তেওঁলোকৰ সামগ্ৰীসমূহক পৰিৱৰ্তনশীল উপভোক্তা বজাৰৰ সৈতে সংযোগ কৰি ই পৰম্পৰাগত কলা আৰু শিল্পৰ সংৰক্ষণ তথা প্ৰচাৰতো সহায় আগবঢ়ায়।


শিল্প সমাগম মেলা (এছএছএম-২০২৬) হৈছে মন্ত্ৰালয়ৰ  গুৰুত্বপূৰ্ণ পদক্ষেপ, যাৰ লক্ষ্য হৈছে ইয়াৰ তিনিটা ৰাষ্ট্ৰীয় নিগম—নেচনেল চিডিউল্ড কাষ্ট ফাইনেঞ্চ এণ্ড ডেভেলপমেণ্ট কৰ্প’ৰেচন (এনএছএফডিচি), নেচনেল চাফাই কৰ্মচাৰীজ ফাইনেঞ্চ এণ্ড ডেভলপমেণ্ট কৰ্প’ৰেচন (এনএছকেএফডিচি), আৰু নেচনেল বেকৱাৰ্ড ক্লাছেচ ফাইনেঞ্চ এণ্ড ডেভেলপমেণ্ট কৰ্প’ৰেচনৰ (এনবিচিএফডিচি) সৈতে জড়িত কাৰিকৰ তথা হিতাধিকাৰীসকলক বিপণনৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা।


এছএছএম ২০২৬-ৰ প্ৰথমটো সংস্কৰণ কৰ্ণাটকৰ মহীশূৰৰ দশেৰা প্ৰদৰ্শনী পথাৰত অনুষ্ঠিত হৈছিল আৰু ১৯ অক্টোবৰত কেইবাহাজাৰো দৰ্শনাৰ্থীৰ উপস্থিতিত এই ৯ দিনীয়া মেলাখনৰ সামৰণি পৰে।


মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ "সবকা সাথ, সবকা বিকাশ" নীতিৰ আধাৰত এই মেলাই অনুসূচিত জাতি (এছচি), অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি), চাফাই মিত্ৰ আৰু অধিসূচিত-মুক্ত জনজাতিৰ(ডিএনটি) কাৰিকৰসকলৰ অৰ্থনৈতিক সবলীকৰণক আগুৱাই লৈ গৈছে।


এই মেলাই এই সম্প্ৰদায়সমূহৰ লোকসকলক তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ, সামগ্ৰীসমূহৰ বিপণন কৰিবলৈ আৰু বহনক্ষম জীৱিকাৰ সুযোগৰ জৰিয়তে নিজৰ অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা সুদৃঢ় কৰিবলৈ এখন নিৰ্দিষ্ট মঞ্চ প্ৰদান কৰিছে।


পৰম্পৰাগত সামগ্ৰীৰ বিক্ৰীক উৎসাহিত কৰাৰ উপৰি, এই মেলাই মন্ত্ৰালয় আৰু ইয়াৰ তিনিটা ৰাষ্ট্ৰীয় নিগমৰ দ্বাৰা ৰূপায়িত কল্যাণমূলক, আৰ্থিক সাহায্য তথা উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে দৰ্শনাৰ্থী আৰু অংশগ্ৰহণকাৰী সম্প্ৰদায়সমূহৰ মাজত সজাগতাও সৃষ্টি কৰিছে।


এই পদক্ষেপে আৰ্থিক আৰু বিকাশমূলক সহায়ক বজাৰমুখী পদক্ষেপৰ সৈতে সংযোজন কৰিছে, যাৰ ফলত কাৰিকৰসকলে নিজৰ পৰম্পৰাগত দক্ষতা আৰু কাৰুকাৰ্যক লাভজনক জীৱিকাৰ সুযোগলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে বুলি বিষয়াজনে প্ৰকাশ কৰে।


উল্লেখ্য যে শিল্প সমাগম মেলাৰ দৰে পদক্ষেপৰ জৰিয়তে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে উদ্যোগশীলতাক উৎসাহিত কৰি, বজাৰৰ উপলব্ধতা সুচল কৰি আৰু বহনক্ষম জীৱিকাত সহায় আগবঢ়াই আৰ্থিকভাৱে অনগ্ৰসৰ সম্প্ৰদায়সমূহৰ আৰ্থ-সামাজিক সবলীকৰণৰ দিশত নিৰন্তৰ প্ৰয়াস চলাই আহিছে।


মেলাখনে অংশগ্ৰহণকাৰী কাৰিকৰসকলৰ আত্মপ্ৰকাশৰ সুযোগ বৃদ্ধি কৰিছে, তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ বিষয়ে সজাগতা বিস্তাৰ কৰিছে আৰু ভাৰতৰ সমৃদ্ধ হস্ততাঁত তথা হস্তশিল্প পৰম্পৰাৰ সৈতে জনসাধাৰণৰ সংযোগ অধিক সুদৃঢ় কৰি তুলিছে।

 


***
 

PR-184-TAR/KV/GA/RK/MM


(ৰিলিজ আই ডি : 2328292) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil