পোষ্ট কৰা হৈছে:
24 OCT 2026 8:07PM by PIB Guwahati
ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ উন্নয়ন নিগমৰ (এন আই চি ডি চি) জৰিয়তে আজি বোধগয়াত বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী সম্ৰাট চৌধুৰীৰ দ্বাৰা বিহাৰ ইন্টিগ্ৰেটেড মেনুফেক্সাৰিং চিটি গয়া লিমিটেড (বি আই এম চি জি এল) ৰ আনুষ্ঠানিক মুকলিৰ সৈতে বিহাৰৰ ঔদ্যোগিক উন্নয়নৰ অগ্ৰগতিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই কাৰ্য্যসূচীত ৰাজ্যখনৰ ঔদ্যোগিক সম্ভাৱনা আৰু বিনিয়োগৰ সুযোগসমূহৰ ওপৰত আলোকপাত কৰি বিহাৰ বিজনেছ কানেক্ট ২০২৭ৰ প্ৰাৰম্ভিক শুভাৰম্ভণি অনুষ্ঠান উদ্বোধন কৰা হয়।
এই অনুষ্ঠানৰ এক গুৰুত্বপূৰ্ণ দিশ আছিল আই এম চি গয়াত প্ৰায় ৩০০ একৰ ঔদ্যোগিক ভূমিৰ বাবে সম্ভাৱ্য বিনিয়োগকাৰীসকলৰ সৈতে ১২ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ । এই বুজাবুজি চুক্তিসমূহে প্ৰায় ৪,২০০ কোটি টকাৰ প্ৰস্তাৱিত বিনিয়োগ আৰু ১৬,০৯৫ টা আনুমানিক নিযুক্তিৰ সম্ভাৱনাক প্ৰতিনিধিত্ব কৰে। প্ৰস্তাৱিত বিনিয়োগসমূহ খাদ্য প্ৰক্ৰিয়াকৰণ, যান-বাহনৰ আহিলা, ঔষধি সামগ্ৰী, ফাৰ্মাচিউটিকেলছ আৰু অন্যান্য উৎপাদন কাৰ্যকলাপকে ধৰি বিভিন্ন খণ্ডত বিস্তৃত হৈ আছে।
ইয়াৰ পূৰ্বে, বিহাৰ চৰকাৰে আই এম চি গয়াৰ একাধিক খণ্ডত সম্ভাৱ্য বিনিয়োগকাৰীৰ সৈতে কাৰ্যকৰী কৰা বুজাবুজিৰ চুক্তিসমূহত মুঠ ৩১,৭৫০ কোটি টকাৰ প্ৰস্তাৱিত বিনিয়োগ আৰু ৫২,০৫০ টা আনুমানিক নিযুক্তিৰ সম্ভাৱনাৰে প্ৰায় ২,৫৮৬ একৰ মাটি সামৰি লোৱা হৈছিল।
এই কাৰ্যসূচীত জাপান, থাইলেণ্ড আৰু লাওছৰ দূতাবাসসমূহৰ ৰাষ্ট্ৰদূত আৰু জ্যেষ্ঠ প্ৰতিনিধি, জ্যেষ্ঠ চৰকাৰী বিষয়া, ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ উন্নয়ন নিগমৰ (এন আই চি ডি চি)ৰ প্ৰতিনিধি, উদ্যোগ সংগঠন আৰু সম্ভাৱ্য বিনিয়োগকাৰীসহ প্ৰায় ২৫০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ৫৫ খন দেশৰ বিহাৰ ফাউণ্ডেশ্যন চেপ্টাৰৰ প্ৰতিনিধিসকলেও ভাৰ্চুৱেলভাৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
কাৰ্যসূচীৰ সময়ত, মুখ্যমন্ত্ৰীগৰাকীয়ে বি আই এম চি জি এল-ৰ প্ৰতীক উন্মোচন কৰাৰ লগতে ইয়াৰ চৰকাৰী ৱেবছাইট আৰু বিনিয়োগকাৰীৰ সুবিধা শক্তিশালী কৰা, স্বচ্ছতা উন্নত কৰা আৰু ঔদ্যোগিক আবণ্টন সুচল কৰাৰ উদ্দেশ্যে বিকশিত্ সংহত আবণ্টন পৰ্টেল মুকলি কৰে ।
সমাৱেশত সম্বোধন কৰি মুখ্যমন্ত্ৰী শ্ৰী সম্ৰাট চৌধুৰীয়ে উন্নত আন্তঃগাঁথনি আৰু বিনিয়োগ-অনুকূল পদক্ষেপৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন ত্বৰান্বিত কৰা, বিনিয়োগ আকৰ্ষণ কৰা আৰু নিযুক্তি সৃষ্টি কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে। উপ মুখ্যমন্ত্ৰী শ্ৰী বিজয় কুমাৰ চৌধুৰীয়ে আই এম চি গয়াৰ পৰিকল্পনা আৰু উন্নয়নত এন আই চি ডি চি-ৰ ভূমিকাৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে।
অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জিতন ৰাম মাঝিয়ে কেন্দ্ৰীয় চৰকাৰৰ নিৰন্তৰ সমৰ্থনত বিহাৰত ঔদ্যোগিকৰণক শক্তিশালী কৰাৰ বাবে,বিশেষকৈ উৎপাদন, এমএছএমই আৰু নিযুক্তি সৃষ্টিৰ প্ৰচাৰৰ বাবে চৰকাৰৰ সংকল্পৰ ওপৰত আলোকপাত কৰে, ।
এই কাৰ্যসূচীত উপ মুখ্যমন্ত্ৰী শ্ৰী বিজেন্দ্ৰ প্ৰসাদ যাদৱ, বিহাৰ বিধান সভাৰ অধ্যক্ষ শ্ৰী প্ৰেম কুমাৰ আৰু উদ্যোগ মন্ত্ৰী শ্ৰীমতী শ্ৰেয়সী সিঙৰ লগতে অন্যান্য জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকলেও অংশগ্ৰহণ কৰে।ৰাজ্য চৰকাৰে ঔদ্যোগিক উন্নয়নত সহায় কৰা আৰু বিনিয়োগৰ সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।
বি আই এম চি জি এল হৈছে ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ উন্নয়ন কাৰ্যসূচী (এন আই চি ডি পি) ৰ অংশ হিচাপে অমৃতসৰ-কলকাতা ঔদ্যোগিক কৰিডৰ (এ কে আই চি) ৰ অধীনত বিকশিত কৰা গয়াত সমন্বিত উৎপাদন গোট (আই এম চি) ৰূপায়ণৰ বাবে দায়বদ্ধ বিশেষ উদ্দেশ্যৰ বাহন (এছ পি ভি)। গয়া জিলাৰ ডোভি খণ্ডত ১,৬৭০ একৰত বিস্তৃত এই প্ৰকল্পটোৰ বাবে ভাৰত চৰকাৰে ভূমিৰ ব্যয়কে ধৰি মুঠ ১,৩৩৯ কোটি টকা ব্যয়েৰে ২০২৪ চনৰ ২৮ আগষ্টত অনুমোদন জনাইছিল। ই প্ৰায় ১৬,৫০০ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰাৰ লগতে প্ৰায় ১.১০ লাখ লোকৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
২০২৫ চনৰ ৬ জানুৱাৰীত অন্তৰ্ভুক্ত হোৱা বি আই এম চি জি এল হৈছে বিহাৰ ঔদ্যোগিক ক্ষেত্ৰ উন্নয়ন কৰ্তৃপক্ষ (বি আই এ ডি এ) আৰু ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ উন্নয়ন তথা ৰূপায়ণ ন্যাস (এন আই চি ডি আই টি) ৰ মাজত সমান অংশীদাৰীত্বৰ এক যৌথ উদ্যোগ। সমৰ্পিত ৰূপায়ণকাৰী সংস্থা হিচাপে বি আই এম চি জি এলে সমন্বিত পৰিকল্পনা, আন্তঃগাঁথনি উন্নয়ন, বিধিবদ্ধ অনুমোদন, উপযোগিতা সংযোগ আৰু বিনিয়োগকাৰীৰ সুবিধাৰ জৰিয়তে প্ৰকল্প ৰূপায়ণ ত্বৰান্বিত কৰিব। প্ৰাতিষ্ঠানিক পৰিকাঠামোৱে দ্ৰুত সিদ্ধান্ত গ্ৰহণ, ফলপ্ৰসূ নিৰীক্ষণ আৰু ৰূপায়ণ সম্পৰ্কীয় বিষয়সমূহৰ সময়োপযোগী সমাধানত সহায় কৰিব।
আই এম চি গয়াত আন্তঃগাঁথনি উন্নয়নৰ কাম অব্যাহত থকাৰ লগতে ৰাজ্য চৰকাৰে সমগ্ৰ প্ৰকল্পৰ দখল কৰিছে। ভাৰত চৰকাৰে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ৪১৫ একৰ ভূমিৰ হস্তান্তৰৰ বিপৰীতে ১৩২ কোটি টকাৰ ইকুইটিৰ প্ৰথম কিস্তি মুকলি কৰিছিল। ট্ৰাংক আন্তঃগাঁথনিৰ কামৰ বাবে প্ৰকল্প ব্যৱস্থাপনা আৰু নিৰ্মাণ নিৰীক্ষণ পৰামৰ্শদাতা তথা ই পি চি ঠিকাদাৰক ইতিমধ্যে অন্তৰ্ভূক্ত কৰা হৈছে। ভৌতিক নিৰ্মাণ ইতিমধ্যে আৰম্ভ হৈছে।
আই এম চি গয়াত এক বিশেষ হেলিপেড নিৰ্মাণৰ কামো এক উন্নত পৰ্য্যায়ত আছে। ই বিনিয়োগকাৰী, ব্যৱসায়িক প্ৰতিনিধি আৰু জ্যেষ্ঠ বিষয়াসকলৰ বাবে উপলভ্যতা বৃদ্ধি কৰাৰ লগতে প্ৰকল্প নিৰীক্ষণ আৰু বিনিয়োগ প্ৰোৎসাহন কাৰ্যকলাপৰ সুবিধা প্ৰদান কৰিব।
আভ্যন্তৰীণ পথ, পানী যোগান, নলা-নৰ্দমা আৰু বৰ্জিত পানী শোধন সুবিধা, বিদ্যুৎ বিতৰণ, কঠিন আৱৰ্জনা ব্যৱস্থাপনা আৰু অগ্নি সুৰক্ষা ব্যৱস্থাকে ধৰি সংহত আন্তঃগাঁথনিৰে ঔদ্যোগিক গোটটো বিকশিত কৰা হৈছে। প্ৰায় ৩৯ কিলোমিটাৰ দূৰত্বত গয়া বিমানবন্দৰৰ সৈতে ৰাষ্ট্ৰীয় ঘাইপথ-২২ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-১৯ ৰ ওচৰত ইয়াৰ কৌশলগত অৱস্থানে মুখ্য ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰসমূহলৈ সংযোগ প্ৰদান কৰে। ঔদ্যোগিক পানীৰ প্ৰয়োজনীয়তাৰ মূল্যায়ন আৰু বহনক্ষম ঔদ্যোগিক কাৰ্য্যকলাপসমূহক সমৰ্থন কৰিবলৈ পৰ্যাপ্ত পানী সংৰক্ষণ সুবিধাৰ জৰিয়তে বছৰজুৰি পানীৰ উপলব্ধতা নিশ্চিত কৰাকে ধৰি ওপৰৰ পৰিকল্পনাৰ ক্ষেত্ৰত এন আই চি ডি চি-ৰ ভূমিকাক সূচনাকালত আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা হৈছিল।
আই এম চি গয়াই কৃষিভিত্তিক উদ্যোগ, বস্ত্ৰ আৰু ৰেডিমেড কাপোৰ, আচবাব, হস্তশিল্প আৰু হস্ততাঁত, অভিযান্ত্ৰিক আৰু ফেব্রিকেচনকে ধৰি বিভিন্ন ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব। পৰিকল্পিত আন্তঃগাঁথনিটোৱে বৃহৎ উৎপাদনকাৰী আৰু এম এছ এম ই-ক সহায় কৰিব, স্থানীয় উদ্যোগশীলতাক উৎসাহিত কৰিব আৰু সমগ্ৰ অঞ্চলটোত ঔদ্যোগিক মূল্য শৃংখল শক্তিশালী কৰিব।
বিহাৰ বিজনেছ কানেক্ট ২০২৭-ৰ প্ৰাৰম্ভিক শুভাৰম্ভণি অনুষ্ঠানে বিহাৰৰ বিনিয়োগৰ সম্ভাৱনা প্ৰদৰ্শন কৰাৰ আৰু সম্ভাৱ্য বিনিয়োগকাৰী, উদ্যোগ সংগঠন তথা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰে। বি আই এম চি জি এল-ৰ শুভাৰম্ভণীয়ে আধুনিক, বিনিয়োগৰ বাবে সাজু ঔদ্যোগিক আন্তঃগাঁথনিৰ বিকাশত ভাৰত চৰকাৰ আৰু বিহাৰ চৰকাৰৰ মাজত অংশীদাৰিত্ব শক্তিশালী কৰিছে।
এক সমৰ্পিত প্ৰতিষ্ঠানিক পৰিকাঠামো, অব্যাহত থকা আন্তঃগাঁথনি উন্নয়ন আৰু বহনক্ষম বিনিয়োগকাৰী সম্পৰ্কৰ সৈতে বি আই এম চি জি এলে পূব ভাৰতৰ এক প্ৰধান উৎপাদন স্থল হিচাপে আই এম চি গয়াৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ সাজু হৈ থকাৰ জৰিয়তে বিহাৰৰ ঔদ্যোগিক ৰূপান্তৰ আৰু আত্মনিৰ্ভৰ ভাৰত তথা বিকশিত ভাৰত ২০৪৭ ৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীত অৰিহণা যোগায়।
***
C N Abhijith Narayanan/Shabbir Azad/DD