পোষ্ট কৰা হৈছে:
23 OCT 2026 7:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ মহিলাৰ ছিংগলছ SH6 প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে নিত্য শ্ৰে সুমতী শিৱানক অভিনন্দন জনায়।
পূৰ্বৰ সংস্কৰণৰ ব্ৰঞ্জৰ পদকৰ পৰা এইবাৰ ৰূপৰ পদকলৈ কৰা এই অগ্ৰগতি এক সুন্দৰ সফলতা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে তেওঁ এনেদৰেই উজ্জ্বল প্ৰদৰ্শন অব্যাহত ৰাখক আৰু দেশলৈ অধিক গৌৰৱ কঢ়িয়াই আনক।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখে:
"এছিয়ান পেৰা গেমছৰ মহিলাৰ ছিংগলছ SH6 প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে নিত্য শ্ৰী সুমতী শিৱানলৈ অভিনন্দন! পূৰ্বৰ সংস্কৰণত ব্ৰঞ্জৰ পদক জয়ৰ পৰা এইবাৰ ৰূপৰ পদকলৈ কৰা এই অগ্ৰগতি এক সুন্দৰ সফলতা। তেওঁ এনেদৰেই উজ্জ্বল প্ৰদৰ্শন অব্যাহত ৰাখক আৰু দেশলৈ অধিক গৌৰৱ কঢ়িয়াই আনক: প্ৰধানমন্ত্ৰী @narendramodi"
****
MJPS/SS/PRK/DB